মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কীটনাশকৰ কুপ্ৰভাৱ আৰু বিপৰ্যস্ত জনস্বাস্থ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কীটনাশকৰ কুপ্ৰভাৱ আৰু বিপৰ্যস্ত জনস্বাস্থ্য

 

আজি কৃষিৰ ক্ষেত্ৰত যথোপযুক্ত জৈৱিক সাৰৰ বিপৰীতে মাত্ৰাধিক ৰাসায়নিক সাৰ আৰু বিষাক্ত কীটনাশক দ্ৰব্যৰ বহুল প্ৰয়োগে আমাৰ পৰিৱেশ প্ৰদুষিত কৰাই নহয়,জনস্বাস্থ্যৰ প্ৰতিও এক গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিছে।বৰ্তমান আমাৰ দেশত কৃত্ৰিম সাৰ আৰু বিষাক্ত কীটনাশক দ্ৰব্যৰ অপৰিমিত প্ৰয়োগে আশানুৰুপভাৱে উৎপাদন বৃদ্ধি কৰি সেউজ বিপ্লৱ সফল কৰি তুলিলেও ই মানুহক নীৰৱ ঘাতক হিচাপে ‘শ্ল’পয়জনিং’ ৰ গৰাহলৈ ঠেলি পঠিওৱা পৰিলক্ষিত হৈছে।কিয়নো বৰ্তমানে কৃষি কাৰ্যত প্ৰয়োগ হোৱা কীটনাশক দ্ৰব্যবোৰে অতিশয় বিষাক্ত আৰু মাৰাত্মক প্ৰকৃতিৰ।এইবোৰ খেতিত নিয়ম মতে প্ৰয়োগ হ’লেও উৎপাদিত শস্যবোৰত ইয়াৰ বিষক্ৰিয়া বহু দিনলৈ অৰ্থাৎ কীটনাশক ঔষধভেদে এসপ্তাহৰ পৰা দুমাহ পৰ্যন্ত থাকিব পাৰে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।সেয়ে আমি কৃষিজাত বিভিন্ন শাক-পাচলি আৰু ফলমুল অতি সচেতন হৈ ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে।নহ’লে আমি এইবোৰৰ সুদুৰ প্ৰসাৰী কুপ্ৰভাৱৰ পৰা নিজকে নিলগাই ৰাখিব নোৱাৰাটো খাটাং।ফলস্বৰুপে আমি নানা ধৰণৰ ৰোগ-ব্যাধিৰ চিকাৰ হৈ জীৱনত বহু নিকাৰ ভুঞ্জিব লগীয়া হ’ব পাৰে।

আজি বহুলভাৱে প্ৰয়োগ হোৱা কীটনাশক দ্ৰব্যবোৰৰ মাৰাত্মক কুপ্ৰভাৱ ব ভয়াবহতালৈ চাই বিশ্বৰ উন্নত দেশবোৰে এনে ঔষধ নিষিদ্ধ কৰিলেও আমাৰ দৰে উন্নয়নশীল দেশবোৰত কিন্তু এইবোৰ অবাধে চলি আছে আৰু জনস্বাস্থ্যৰ যথেষ্ট ক্ষতি সাধন হৈছে।

সেয়ে আমি নিজস্বভাৱে অতি সজাগ আৰু সচেতন হৈ ভালদৰে ধোৱা-পখলা কৰি বিভিন্ন শাক-পাচলি আৰু ফলমুলবোৰত নিহিত হৈ থকা কীটনাশক পদাৰ্থৰ অৱশিষ্ট উপাদানবোৰ আঁতৰ কৰাত বহু পৰিমাণে সক্ষম হ’ব পাৰো।বজাৰৰ পৰা অনা বিভিন্ন পাচলিবোৰ কিছুসময় নিমখ-পানীত তিয়াই ৰাখি তাৰ পিছত এইবোৰ ভালদৰে ধুই-পখালি ব্যৱহাৰ কৰিলে ইয়াৰ দুৰ্গুণ বহু পৰিমাণে দুৰীভুত কৰিব পাৰো।আনহাতে বজাৰৰ পৰা অনা ফুলকবি,বেঙেনা আদি গৰম পানীত তিয়াই ৰাখি ভালদৰে ধুই-পখালি বা সম্ভৱ ক্ষেত্ৰত পাচলি ভেদে কিছু উতলাই পানীখিনি পেলাই দি পুনৰ ভালদৰে ধুই ব্যৱহাৰ কৰিলেও ইয়াৰ অপকাৰী বা ক্ষতিকাৰক গুণ বহুলাংশে দুৰীভুত হয় বুলি খাদ্য বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।কেঁচাই কেঁচাই প্ৰস্তুত কৰা মুলা,বিলাহী,গাজৰ,তিয়ঁহ,বীট,চালগোম আদিৰ চালাড পাৰ্যমানে কমকৈ ব্যৱহাৰ কৰিব লাগে আৰু ব্যৱহাৰ কৰিব লগা হ’লেও উতলা পানীত ভালদৰে ধুই ডাঠকৈ বাকলি গুচাব লাগে।

বজৰুৱা বিভিন্ন পাচলিতকৈ ঘৰুৱাভাৱে উৎপাদন কৰা থলুৱা পাচলি যথাসম্ভৱ খাব লাগে।কাচকল,কেঁচা অমিতা,কেঁচা জাহাজী কল,ৰঙালাউ,জাতিলাউ,কচু,চজিনা,কঠাল,কঠালৰ গুটি,কোমোৰা আদি বিভিন্ন পাচলি অগ্ৰাধিকাৰৰ ভিত্তিত বাছনি কৰিব লাগে।কিয়নো এইবোৰত কীটনাশকৰ ব্যৱহাৰ প্ৰায়েই নহয়।শাক-পাতৰ ক্ষেত্ৰতো আমি ঢেঁকীয়া,ভেদাইলতা,নৰসিংহ,মানিমুনিহ্মছন্দৰী,পদিনা,ব্ৰাহ্মী আদি নিৰ্বাচন কৰিব লাগে,যিবোৰ পুষ্টিকৰ হোৱাৰ উপৰিও ঔষধি গুণ সম্পন্ন আৰু কীটনাশকৰ কবলৰ পৰা একেবাৰে মুক্ত।‘আহাৰেই পোহৰ’বুলি অসমীয়াত এষাৰ কথা আছে।আচলতে পৰিশোধিত খাদ্যইহে আমাৰ পুষ্টি আৰু তুষ্টি সাধন কৰি দেহ-মন পোহৰাই তুলিব পাৰে।

লেখক:ভুৱনেশ্বৰ ডেকা (স্বাস্থ আৰু দীৰ্ঘজীৱন)

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top