মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কুকুৰে কামোৰা সম্পৰ্কে জানিবলগীয়া কিছু কথা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কুকুৰে কামোৰা সম্পৰ্কে জানিবলগীয়া কিছু কথা :

কুকুৰে কামোৰা সম্পৰ্কে জানিবলগীয়া কিছু কথাৰ বিষয়ে লিখা হৈছে ।

পোহনীয়া জন্তুবোৰৰ ভিতৰত কুকুৰেই হৈছে আটাইতকৈ প্ৰিয়। কুকুৰক প্ৰভুভক্ত, বিশ্বাসী আৰু সামাজিক জন্তু বুলি কোৱা হয়।

সহজতে মানুহৰ সংস্পৰ্শলৈ অহাৰ বাবে বহু লোক কুকুৰৰদ্বাৰা আক্ৰান্ত হয়। জলাতংক ৰোগত ভুগি থকা কুকুৰে কামুৰিলে উপযুক্ত চিকিৎসা অবিহনে মানুহো জলাতংক ৰোগত আক্ৰান্ত হ’ব পাৰে।

জলাতংক আকস্মিকভাৱে হোৱা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ এটা ভাইৰাছজনিত সোঁচৰা ৰোগ। এই ৰোগবিধ লিছা ভাইৰাছ নামৰ এটা ভাইৰাছৰদ্বাৰা হয় আৰু মানুহৰ লগতে মাংসহাৰী, উষ্ণৰক্তি প্ৰাণী, যেনে-

  • কুকুৰ,
  • মেকুৰী,
  • শিয়াল,
  • হায়েনা আদিৰ দেহত হোৱা দেখা যায়।

মানুহৰ দেহত এই ৰোগৰ বীজাণুৰ মূল কাৰণ হৈছে কুকুৰ। এশগৰাকী ৰোগীৰ ভিতৰত ৯৭ গৰাকীৰে জলাতংক ৰোগ এই ৰোগত আক্ৰান্ত কুকুৰে কামোৰা বা চেলেকাৰ ফলত হয়।

জলাতংক ৰোগৰ প্ৰতিৰক্ষাৰ বাবে ভাল চিকিৎসা আছে। কিন্তু এবাৰ এই ৰোগ হ’লে আৰু ৰক্ষা নাই। পৃথিৱীত এতিয়ালৈকে মাত্ৰ তিনিগৰাকী জলাতংক ৰোগীহে মৃত্যুমুখৰপৰা বাচিছে।

মূলতঃ জন্তুৰ দেহত হোৱা এনেকুৱা ৰোগক যুন’টিক ৰোগ বুলি কোৱা হয়। কেইখনমান দেশক বাদে, পৃথিৱীৰ সকলো দেশতে কম-বেছি পৰিমাণে জলাতংক ৰোগ দেখা পোৱা যায়।

ভাৰতবৰ্ষত লাক্ষাদ্বীপ আৰু আন্দামান আৰু নিকোবৰ দ্বীপৰ বাহিৰে সকলো ৰাজ্যতে এই ৰোগ দেখা যায়।

সঠিক হিচাপ নাই যদিও আমাৰ দেশত বছৰি প্ৰায় ১৭৫ লাখ লোকক জলাতংক ৰোগত আক্ৰান্ত কুকুৰে কামোৰে আৰু ইয়াৰে প্ৰায় ২০ হেজাৰ লোকে এই ৰোগত মৃত্যুবৰণ কৰে।

জলাতংক ৰোগ সকলো বয়সৰ লোকৰে হ’ব পাৰে। কিন্তু সাধাৰণতে ১৫ বছৰৰ তলৰ আৰু পুৰুষৰ দেহত এই ৰোগ বেছিকৈ হোৱা দেখা যায়।

সৰ্বসাধাৰণ মানুহতকৈ পশু চিকিৎসালয়ৰ কৰ্মচাৰী, কুকুৰ ৰখীয়া, চিকাৰী, প্ৰকৃতিপ্ৰেমী আদি জলাতংক ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বেছি।

মানুহ কেনেকৈ আকান্ত হয় -

জলাতংক ৰোগ লিছা ভাইৰাছ নামৰ এটা ভাইৰাছৰ সংক্ৰমণৰ ফলত হয় আৰু ভাইৰাছবিধ এই ৰোগত আক্ৰান্ত কুকুৰ আৰু মেকুৰীৰ লেলাৱটিৰদ্বাৰা মানুহৰ দেহলৈ বিয়পে।

ৰোগৰ লক্ষণ দেখা দিয়াৰ প্ৰায় তিনি-চাৰি দিন কেতিয়াবা ছদিনমান আগৰপৰা জন্তুটোৰ লেলাউটিত এই ভাইৰাছ পোৱা যায় আৰু মৃত্যুপৰ্যন্ত ঘটে।

এনে অৱস্থাত কামুৰিলে, আঁচুৰিলে বা তেনেকুৱা কুকুৰৰ লেলাউটি যদি কটা ঘাঁ বা মুখৰ ভিতৰত শ্লেস্মা আৱৰণৰ সংস্পৰ্শলৈ আহে, তেন্তে মানুহৰো জলাতংক ৰোগ হোৱাৰ আশংকা থাকে।

জলাতংক ৰোগ হোৱা জন্তুৰ ৰান্ধি খোৱা মাংস বা উতলাই খোৱা গাখীৰৰপৰা এই ৰোগ হোৱাৰ সম্ভাৱনা নাই।

জলাতংক ৰোগ হোৱা জন্তু এটাই কামুৰিলে সাধাৰণতে একৰপৰা তিনি মাহৰ ভিতৰত এই ৰোগে দেখা দিয়ে।

কিন্তু কেতিয়াবা সাদিনৰ ভিতৰতো ৰোগৰ লক্ষণ দেখা দিব পাৰে বা কেইবাবছৰ লাগিব পাৰে। ৰোগৰ লক্ষণ দেখা দিয়াৰ সময়ৰ তাৰতম্য কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।

যেনে-

  • কামুৰিছে,
  • চেলেকিছে নে আঁচুৰিছে,
  • আঘাত কিমান গুৰুতৰ,
  • কি জন্তুৱে কামুৰিছে,
  • কাপোৰ বা জোতাৰ ওপৰেৰে কামুৰিছে নেকি,
  • কাপোৰৰ পিছত গ্ৰহণ কৰা প্ৰাথমিক চিকিৎসা ইত্যাদি।

আঘাত যদি-

  • মূখ,
  • মূৰ,
  • ডিঙি বা হাতত হয়, গুৰুতৰ আঘাত আৰু জলাতংক ৰোগত আক্ৰান্ত বনৰীয়া জন্তুৱে কামুৰিলে তুলনামূলকভাৱে সোনকালে এই ৰোগৰ লক্ষণ দেখা দিয়ে।

ৰোগৰ লক্ষণ:

ৰোগ আৰম্ভ হোৱাৰ আগেয়ে সাধাৰণ ভাইৰেল জ্বৰৰ নিচিনা-

  • মূৰৰ বিষ,
  • গাৰ বিষ,
  • গা দুৰ্বল,
  • ডিঙিৰ সুৰ-সুৰণিৰ লগতে ৰোগীয়ে সামান্য জ্বৰ অনুভৱ কৰে।

এই অৱস্থাটো তিনি-চাৰি দিনমান থাকে। প্ৰায় ৮০ শতাংশ ৰোগীয়ে কুকুৰে কামোৰা ঠাইখিনিত বিষ বা জিনজিননি অনুভৱ কৰে। তাৰ পিছত গোটেই শৰীৰৰ স্নায়ুবোৰ উত্তেজিত হৈ পৰে।

ৰোগীয়ে-

  • শব্দ,
  • পোহৰ,
  • ঠাণ্ডা বতাহ বা পানী সঘ্য কৰিব নোৱৰা হয়।

শৰীৰৰপৰা প্ৰচুৰ পৰিমাণে-

  • ঘাম,
  • লেলাৱতি আৰু
  • চকু পানী ওলাবলৈ ধৰে।
  • ৰোগী খিংখিঙীয়া,
  • খঙাল আৰু
  • ভয়াতুৰ হয়।

কিছুমান ৰোগীৰ ক্ষেত্ৰত অৱশ্যে খঙাল ব্যৱহাৰটো দেখা নাযায়। মৃত্যুৰ ভয় আৰু উদাসীনতাই ৰোগীক আগুৰি ধৰে। লাহে লাহে ৰোগ বাঢ়ি গৈ থাকে আৰু ৰোগীয়ে পনীয়া বস্তু খাব নোৱৰা হয়।

এনেকুৱা হয়গৈ যে পানী দেখিলে বা শব্দ শুনিলেও ৰোগী আতংকিত হৈ পৰে। পানীৰ প্ৰতি থকা অত্যধিক ভয় অকল মানুহৰ দেহত হোৱা জলাতংক ৰোগীৰ ক্ষেত্ৰতহে দেখা যায়, জন্তুবোৰৰ ক্ষেত্ৰত নহয়।

কেতিয়াবা ৰোগী মূৰ্চ্ছা যাব পাৰে। লাহে লাহে ৰোগীয়ে লৰচৰ কৰিব নোৱৰা হয় আৰু ক’মালৈ গুচি যায়।

জলাতংক ৰোগৰ ফলপ্ৰসূ চিকিৎসা নাই আৰু দুই-তিনি দিন অসুখত ভোগাৰ পিছত ৰোগীয়ে মৃত্যুবৰণ কৰে। কেতিয়াবা আকৌ ৰোগী পাঁচ-ছদিনলৈকে বাছি থকা দেখা যায়।

কি কৰিব লাগে -

জলাতংক ৰোগত ভোগা ৰোগীৰ-

  • লেলাৱটি,
  • বমি,
  • চকুপানী,
  • প্ৰস্ৰাৱ আদিত ৰোগৰ বীজাণু থাকে।

এই বীজাণু পৰিচৰ্যাকাৰীৰ শৰীৰলৈও বিয়পিব পাৰে। সেয়েহে তেওঁলোকে সংক্ৰমণৰপৰা ৰক্ষা পাবলৈ মুখত মাস্ক, হাতত গ্লোভছ, চকুত চছমা পিন্ধিব লাগে।

কটা ঘাঁ আদি থকা ব্যক্তিয়ে পৰিচৰ্যাৰ দায়িত্ব নোলোৱাই ভাল। অৱশ্যে মানুহে কামোৰাৰ ফলত আন এজন মানুহৰ দেহত জলাতংক ৰোগ হোৱাৰ উদাহৰণ এতিয়ালৈকে নাই। কিন্তু সতৰ্কতামূলক ব্যৱস্থা হিচাপে ভেকচিন লোৱাটো ভাল।

কুকুৰে কামুৰিলে কি কৰিব -

কুকুৰে কামোৰা এটা জৰুৰীকালীন অৱস্থা। কামোৰাৰ লগে লগে যিমান সোনকালে পাৰি আঘাত পোৱা ঠাইডোখৰত প্ৰথমে পানী মাৰি দিব লাগে। তাৰ পিছত চাবোন পানীৰে ১৫ মিনিটমান সময় ভালকৈ ধুই দিব লাগে।

চাবোন নাথাকিলে অকল পানীৰেই ধুই লাগে। টেপ বা দমকলৰ তলত বা তেনে ধৰণৰ বোৱঁতী পানীৰ তলত ধুব পাৰিলে ভাল।

এনেকৈ ধুই দিলে জলাতংক ৰোগৰ ভাইৰাছ বহু পৰিমাণে আঁতৰি যায়। তাৰ পিছত ৰৈ যোৱা বাকী ভাইৰাছবোৰ ধ্বংস কৰিবলৈ টিনচাৰ বা প’ভিডন আয়োডিন(সকলোবোৰ ঔষধৰ দোকানতে পোৱা যায়) দিব লাগে।

ঘৰুৱাভাৱে কৰিব পৰা এইখিনি প্ৰাথমিক চিকিৎসাৰ পিছত ৰোগীক চিকিৎসকক দেখুৱাব লাগে জলাতংক ৰোগ প্ৰতিৰোধী ভেকচিন আৰু আন চিকিৎসাৰ বাবে।

বহুতে জৰা-ফুকা, বন দৰৱ আদি বিভিন্ন ধৰণৰ চিকিৎসাৰ সহায় লয় যদিও তেনেকুৱা চিকিৎসাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।

প্ৰতিৰোধী ভেকচিন -

কুকুৰে কামোৰ বুলিলে এতিয়াও বহুতৰ মনত নাভিৰ চাৰিওফালে ১৪ টা বেজীৰ ভয় বিৰাজ কৰে। কিন্তু এতিয়া আৰু সেই দিন নাই।

  • কুকুৰে কামুৰিলে,
  • আঁচুৰিলে বা কটা-ছিঙা ঠাইত চেলেকিলে বা শ্লেস্মা আৱৰণত লেলাৱতি লাগিলে, জলাতংক ৰোগ প্ৰতিৰোধী ভেকচিন লোৱাটো জৰুৰী।

আঘাতপ্ৰাপ্ত ঠাইৰপৰা তেজ ওলোৱা-নোলোৱাৰ কথা নাই। যিহেতু জলাতংক ৰোগ এশ শতাংশই ঘাতক, গতিকে এই ৰোগ প্ৰতিৰোধী ভেকচিন দিব নোৱৰা কোনো অৱস্থা নাই।

প্ৰাপ্তবয়স্ক লোকৰ লগতে শিশু, বৃদ্ধ, আন ৰোগত আক্ৰান্ত ব্যক্তি আৰু গৰ্ভৱতী মহিলাকো এই ৰোগৰ ভেকচিন দিব পাৰি।

গৰ্ভস্থ সন্তানৰ ওপৰত জলাতংক ৰোগ প্ৰতিৰোধী ভেকচিনৰ কোনো বেয়া প্ৰভাৱ নপৰে। বৰ্তমান প্ৰচলিত ভেকচিনৰ ভয় কৰিবলগীয়া কোনো বিশেষ পাৰ্শ্বক্ৰিয়া নাই।

ৰাষ্ট্ৰীয় নিৰ্দেশনাৱলী, ২০১৫ অনুসৰি কুকুৰ বা মেকুৰীয়ে কামুৰিলে ৰোগীয়ে জলতাংক ৰোগ প্ৰতিৰোধী ভেকচিনৰ পাঁচটা বেজী দিয়া হয়।

চিকিৎসকে প্ৰয়োজন অনুসৰি কেতিয়াবা নব্বৈ দিনৰ দিনা ষষ্ঠ বেজীটোও দিব পাৰে। অৱশ্যে কুকুৰ বা মেকুৰীটো যদি পোহনীয়া হয় আৰু সুস্থ থাকে, তেন্তে দহ দিন পৰ্যবেক্ষণ কৰিব লাগে।

যদি সুস্থ থাকে তেন্তে দহ দিনৰ পিছৰ বেজীকেইটা দিয়াৰ প্ৰয়োজন নহয়।

পশু চিকিৎসলয়ৰ কৰ্মচাৰী, কুকুৰ ৰখীয়া, চিকাৰী, প্ৰকৃতিপেমী আদি যিহেতু জলাতংক ৰোগত আক্ৰান্ত হোৱা জন্তুৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনা বেছি, গতিকে জন্তুৱে নাকামুৰিলেও এই ৰোগ প্ৰতিৰোধী ভেকচিনৰ তিনিটা বেজী লৈ থোৱাটো যুগুত।

পোহনীয়া কুকুৰ আক্ৰান্ত হ’লে কেনেকৈ জানিব -

জলাতংক ৰোগ অকল বনৰীয়া জন্তু বা গৰাকীবিহীনভাৱে ঘূৰি ফুৰা কুকুৰ বা মেকুৰীৰে হ’ব বুলি কথা নাই। পোহনীয়া কুকুৰো এই ৰোগত আক্ৰান্ত হ’ব পাৰে।

আপোনাৰ মৰমৰ পোহনীয়া কুকুৰটোৱে যদি অস্বাভাৱিক আচৰণ কৰিবলৈ লৈছে, তেন্তে জলাতংক ৰোগত আক্ৰান্ত হোৱাৰ আশংকা নাই বুলি কোৱা টান।

জলাতংক ৰোগত আক্ৰান্ত কুকুৰ প্ৰথম অৱস্থাত কুকুৰটো খুব সতৰ্ক হৈ পৰে। লাহে লাহে চঞ্চল হৈ উঠে আৰু কাল্পনিক বস্তু কিছুমান কামুৰিবলৈ চেষ্টা কৰে।

ইয়াৰ দুই-তিনি দিন পিছত কুকুৰটো হিংস্ৰ হৈ উঠে নাইবা চুপ-চাপ হৈ যায়। হিংস্ৰ অৱস্থাত কুকুৰটোৱে কোনো কাৰণ নোহোৱাকৈ দৌৰি ফুৰে আৰু মানুহ, গৰু, ছোৱালী, কুকুৰ, মেকুৰী- সকলোকে কামুৰিবলৈ খেদি ফুৰে বা কামোৰে।

মুখৰপৰা লেলাৱটি বৈ পৰে আৰু কুকুৰটো লাহে লাহে অসাৰ হৈ পৰে আৰু মৃত্যুমুখত পৰে। আনবিধ জলাতংক ৰোগত আক্ৰান্ত হ’লে কুকুৰটো চুপা-চাপ হয়, কুচি-মুচি শুই থাকে আৰু খাব নোৱাৰা হয়।

একপ্ৰকাৰ ৰোগত আক্ৰান্ত কুকুৰে খেদি আহি নাকামোৰে কিন্তু খাদ্য খুৱাবলৈ চেষ্টা কৰিলে কামুৰিব পাৰে। জলাতংক ৰোগত আক্ৰান্ত কুকুৰ তিনিৰপৰা পাঁচ দিনৰ ভিতৰত মৃত্যুমুখত পৰে।

বহুতে পোহনীয়া কুকুৰক জলাতংক ৰোগ প্ৰতিৰোধী ভেকচিন দিয়ে, সেইটো ভাল কথা। কিন্তু ভেকচিন দিয়া কুকুৰে কামুৰিলেও ওপৰত উল্লেখ কৰাৰ দৰে ভেকচিন ল’ব লাগে।

ভাৰতৰ বাহিৰৰ কিছুমান দেশত বাদুলিয়েও জলাতংক ৰোগৰ বীজাণু বিয়পায়। কিন্তু আমাৰ দেশত এইটো প্ৰমাণিত হোৱা নাই।

ৰাষ্ট্ৰীয় নিৰ্দেশনাৱলী, ২০১৫ অনুসৰি সেয়েহে বাদুলিৰদ্বাৰা আক্ৰান্ত হ’লে ভেকচিন লোৱাৰ প্ৰয়োজন নাই।

তেনেদৰে ঘৰচীয়া এন্দুৰ, নিগনি বা শহা পহুৱে কামুৰিলেও ভেকচিন ল’ব নালাগে। কিন্তু বনৰীয়া জীৱ-জন্তুৱে কামুৰিলে পাঁচটা বেজী লোৱাটো বাধ্যতামূলক।

পৃথিৱীৰ বহুতো উন্নত দেশে উপযুক্ত ব্যৱস্থাৰে জলাতংক ৰোগ নাইকিয়া কৰিব পাৰিছে। এই ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে আমাৰ দেশত দ্বাদশ পঞ্চ বাৰ্ষিক পৰিকল্পনাত ৰাষ্ট্ৰীয় জলাতংক ৰোগ প্ৰতিৰোধ আঁচনি গ্ৰহণ কৰিছে।

লেখক: ডাঃ প্ৰদীপ কুমাৰ শৰ্মা(দৈনিক অসম)

3.75
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top