মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কৃত্ৰিম বানপানীত ল’বলগীয়া সাৱধানতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃত্ৰিম বানপানীত ল’বলগীয়া সাৱধানতা :

কৃত্ৰিম বানপানীত ল’বলগীয়া সাৱধানতাৰ বিষয়ে লিখা হৈছে ।

 

ৰোগ প্ৰতিৰোধ: কৃত্ৰিম বানপানী হ’লে এই বানপানীৰ পানীত সৰহ সময় খোজ কাঢ়ি থাকিব নালাগে। এই পানীত বহু সময় ধৰি ডুব গৈ থকা বাবে হোৱা ছালৰ অনিষ্ট আৰু অন্যান্য বানপানীজনিত ৰোগৰ চৰ্ম উপসৰ্গ হ’ব পাৰে। অনবৰতে পানী গচকি থাকিলে, পানীৰ তলত বহুসময় একেৰাহে ডুব গৈ থকা ছালবোৰৰ অনিষ্ট হৈ ডুবাওন চৰ্মৰোগ হ’ব পাৰে। তদুপৰি আঘাতপ্ৰাপ্ত হৈ ছাল কাটিলে অথবা ঘা হ’লে, যাৰ সংক্ৰমণ হৈ চেলুলাইটিছ অথবা টিটেনাছ ৰোগো হ’ব পাৰে। কটা ঘা থাকিলে কৃত্ৰিম বানপানীৰ পানী লগাব নালাগে। জোকৰ কামোৰ আৰু শামুক আদিয়েও নানাবিধ চৰ্মৰোগ কৰিব পাৰে। কৃত্ৰিম বানৰ পানীৰ দ্বাৰা হোৱা ক্ৰনিক ইৰিটেচনত আঙুলিৰ ফাঁকবোৰ কোমল হয় আৰু কেতিয়াবা ছেকেণ্ডাৰী বেক্টেৰিয়েল সংক্ৰমণ হৈ ঘাপৰ্যন্ত হ’ব পাৰে। তিতা আৰু সেমেকা কাপোৰ পিন্ধিব নালাগে। এইবোৰে ছালৰ ফাংগেল ৰোগ কৰিব পাৰে। আনহাতে কৃত্ৰিম বানপানীৰ সময়ত বহু লোকে আঁঠুৱা আদি ব্যৱহাৰ নকৰা বাবে মহৰ কামোৰ খায়। পিচত এওঁলোকে ডেংগি, মেলেৰিয়া আদি ৰোগত আক্ৰান্ত হোৱা দেখা যায়। সেয়েহে শোওঁতে আঁঠুৱা তৰিহে শুব লাগে।

শাৰীৰিক আঘাত প্ৰতিৰোধ -

কৃত্ৰিম বানপানীৰ সময়ত পানীৰ তলত নেদেখাকৈ থকা বস্তুৰ পৰা শাৰীৰিক আৰু ছালৰ আঘাত হ’ব পাৰে। সেয়েহে খালী ভৰিৰে কৃত্ৰিম বানৰ পানীত খোজ কাঢ়িব নালাগে। জোতা বা চেণ্ডেল ব্যৱহাৰ কৰিব লাগে। আঘাত পালে Clostridium Tetani   নামৰ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হৈ টিটেনাছ হ’ব পাৰে। বাসস্থানত থকা এন্দুৰ বাহিৰ ওলাই কামুৰি নানা ৰোগ কৰিব পাৰে। কৃত্ৰিম বানৰ পানীৰ ওপৰেৰে খোজ কাঢ়ি নাথাকি পৰাপক্ষত ঘৰতে সোমাই থাকিব লাগে।

দুৰ্ঘটনা প্ৰতিৰোধ -

গুৱাহাটীৰ কৃত্ৰিম বানপানীত প্ৰায়ে দুৰ্ঘটনা হোৱা দেখা যায়। বিশেষকৈ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি। পানীত পৰি থকা বা উন্মুক্ত বিদ্যুতৰ তাঁৰ চুব নালাগে। এনে উন্মুক্ত তাঁৰ দেখিলে কৰ্তৃপক্ষক জনাব লাগে। যোৱা বছৰো গুৱাহাটীত কেইবাগৰাকী লোক কৃত্ৰিম বানৰ সময়ত বিদ্যুতত লাগি মৃত্যুবৰণ কৰিব লগা হৈছিল। কৃত্ৰিম বানপানী হ’লে বাসস্থানত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিব লাগে। তদুপৰি অনেক সময়ত পানীৰ ওপৰেৰে খোজ কাঢ়ি গৈ থাকোতে ফুটপাথৰ উন্মুক্ত মেনহ’ল বা ড্ৰেইন আদি নেদেখি তাত পৰি মানুহৰ জখম হোৱাৰ উপৰি পংগু হোৱা দেখা যায়। কেতিয়াবা মৃত্যুপৰ্যন্ত হোৱাও দেখা যায়। এনে নহ’বলৈ সাৱধানতা অৱলম্বন কৰিব লাগে। বহু সময়ত ৰিক্সা বা গাড়ীত পানীৰ মাজেৰে গৈ থাকোতে বাগৰি পৰি দুৰ্ঘটনা হোৱা দেখা যায়। যিমান দুৰ সম্ভৱ কৃত্ৰিম বানপানী হ’লে ওলাই নগৈ ঘৰতে সোমাই থকাই ভাল।

বিশুদ্ধ খোৱাপানীৰ নাটনি -

কৃত্ৰিম বানপানীৰ সময়ত প্ৰায়ে বিশুদ্ধ খোৱাপানীৰ নাটনি হোৱা দেখা যায়। এনে সময়ত ৰাজহুৱা খোৱাপানী যোগান ব্যৱস্থা বিকল হৈ পৰে। বাসস্থানত থকা কুঁৱা আৰু গ্ৰাউণ্ড ফ্ল’ৰত থকা পানীৰ টেংক আদিত কৃত্ৰিম বানপানীৰ দুষিত পানী মিহলি হৈ খোৱাৰ অনুপযুক্ত কৰি তোলে। বাসস্থানত পানী তোলাৰ বাবে মটৰ থাকিলেও কৃত্ৰিম বানপানীৰ বাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱা বাবে পানী উঠাব নোৱৰা হৈ পৰে। ঘৰৰ পৰা ওলাই যাব নোৱৰা বাবে বিশুদ্ধ খোৱাপানী কিনি আনিবও নোৱৰা হৈ পৰে। ফলত কৃত্ৰিম বানপানীৰ সময়ত বিশুদ্ধ খোৱাপানীৰ নাটনি প্ৰকট হৈ পৰে। কিছুমানৰ আকৌ বাসস্থানৰ পাইখানাও পানীত মিহলি হোৱা দেখা যায়। চাৰিওফালে কেৱল পানী আৰু পানী। কিন্তু পিয়াহত খাবলৈ এটুপি বিশুদ্ধ নিৰাপদ পানীৰ অভাৱ। কিছুমানে উপায় নাপাই কৃত্ৰিম বানপানীৰ দুষিত পানী মিহলি হোৱা পানীকে খাই দিয়ে। এনেদৰে দুষিত বীজাণুযুক্ত পানী খোৱাৰ ফলত মানুহৰ নান জলজনিত সোঁচৰা ৰোগৰ (যেনে- টাইফয়েদ, ডায়েৰিয়া, ডিচেণ্ট্ৰী, কলেৰা, লেপ্টোস্পাইৰোছিছ, জণ্ডিচ, হেপাটাইটিছ ‘এ’ ইত্যাদি) সৃষ্টি হয়। লেপ্টোস্পাই নামৰ বেক্টেৰিয়া থকা এন্দুৰৰ প্ৰস্ৰাৱ মিহলি পানী খালে জ্বৰ আৰু ছালত ক’লা চকলা চকল দাগ হোৱা লেপ্টোস্পাইৰেছিছ নামৰ এবিধ ৰোগ হোৱা দেখা যায়। এনেবোৰ নহ’বৰ বাবে বাৰিষাৰ দিনত ঘৰত সৰহকৈ বিশুদ্ধ খোৱাপানী ৰাখিব লাগে। এনে সময়ত সম্ভৱ হ’লে মানুহবোৰে বটলত পোৱা বিশুদ্ধ নিৰাপদ পানী খাব লাগে। সাধাৰণতে চৰকাৰৰ তৰফৰ পৰা এই সময়ত বিশুদ্ধ নিৰাপদ খোৱাপানীৰ বটল যোগান ধৰা উচিত। উপায় নাপাই কৃত্ৰিম বানপানীৰ মিহলি পানী খাবলগীয়া হ’লে ফিল্টাৰ কৰি অথবা উতলাই ঠাণ্ডা কৰি খাব লাগে। পানী উতলালে জলজনিত ৰোগ সৃষ্টি কৰিব পৰা এশ শতাংশ বীজাণুৱে ধ্বংস হয়। এনে ব্যৱস্থাৰে কৰা পানী খালে জলজনিত ৰোগবোৰ হোৱাৰ আংশকা নোহোৱা হৈ পৰে। কৃত্ৰিম বানপানী শেষ হোৱাৰ লগে লগে এই পানী মিহলি হোৱা টেংক চাফা কৰিব লাগে আৰু কুঁৱা আদিও চাফা কৰি পটাছ, চুণ আৰু ফিটকিৰি আদি দি ল’ব লাগে। অন্যথা এনে নকৰি তাৰে পানী খালে কৃত্ৰিম বানপানী যোৱাৰ পিচতো নানা জলজনিত ৰোগ হ’ব পাৰে।

খাদ্যৰ নাটনি -

কৃত্ৰিম বানপানীৰ বাবে যাতায়াত ব্যৱস্থা আৰু বাসস্থানৰ পৰা ওলোৱা সোমোৱাত ব্যাঘাত জন্মে। মানুহে ঘৰৰ পৰা ওলাব নোৱৰা হৈ একপ্ৰকাৰ গৃহবন্দীৰ দৰে থাকিবলগীয়া হৈ পৰে। সেয়েহে ঘৰৰ পৰা ওলাই গৈ খাদ্যবস্তু ক্ৰয় কৰি আনিব নোৱৰা হৈ পৰে। অনেক সময়ত খাদ্যৰ অভাৱত কৃত্ৰিম বানপানীৰ সময়ত মানুহে বহু দিন লঘোনে থাকিব লগা হয়। শিশু, বৃদ্ধ আৰু বেমাৰী লোকে এনেদৰে লঘোনো থাকিব লগা হ’লে শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰে। ডায়েবেটিছ ৰোগীয়ে এনে অৱস্থাত , সময় অনুযায়ী খাদ্য খাব নাপালে হাইপ’গ্লাইছেমিয়া হৈ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে। গৰ্ভৱতী মহিলাৰো খাদ্যৰ অভাৱ হ’লে পৰিস্থিতি বেয়া হ’ব পাৰে। অনেক ব্যক্তিৰ লঘোনৰ ফলত গেষ্ট্ৰাইটিছ হোৱা মুৰ ঘুৰণি হোৱা আৰু মুৰ্ছা যোৱা অৱস্থাও হয়। এনে পৰিস্থিতিৰ সৃষ্টি নহ’বৰ বাবে বাৰিষাৰ দিনকেইটাত সদায় তিনি- চাৰি দিন চলিব পৰাকৈ ঘৰত খাদ্যবস্তু মজুত ৰাখিব লাগে। কেতিয়া বৰষুণ আহি কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে কোনেও ক’ব নোৱাৰে। সহজতে নষ্ট নোহোৱা শুকান চিৰা, মুৰি, বিস্কুট, শুকান ফল আদি বাৰিষাৰ দিনত ঘৰত যথেষ্ট পৰিমাণে মজুত ৰাখিব লাগে। এইবোৰ ঘৰত প্ৰচুৰ পৰিমাণে মজুত থাকিলে কৃত্ৰিম বানপানী হ’লেও খাদ্যৰ নাটনি নহয় আৰু খাদ্যৰ নাটনিৰ বাবে হ’ব পৰা অবাঞ্চনীয় পৰিস্থিতিৰ পৰা মানুহে হাত সাৰি থাকিব পাৰে।

সাৱধানতা -

১) কৃত্ৰিম বানপানীত পৰিলেও লঘোনে থাকিব নালাগে। কিবাকৈ হ’লেও খোৱাৰ ব্যৱস্থা কৰিব লাগে। দুষিত পানী কোনো কাৰণতে খাব নালাগে। লাগিলে উতলাই ঠাণ্ডা কৰি খাব লাগে।

২) কৃত্ৰিম বানৰ পানী আঁতৰি গ’লেই পানীৰ টেংক, কুঁৱা আদি পৰিষ্কাৰ কৰিব লাগে। সেমেকা কাপোৰ পিন্ধা, সেমেকা বিছনাত শোৱা ত্যাগ কৰিব লাগে।

৩) অনবৰতে পানী গচকি থাকিব নালাগে। গচকিলেও শুদা ভৰিৰে নগচকি চেণ্ডেল বা জোতা পিন্ধি ল’ব লাগে। কটা ঘা থাকিলে কৃত্ৰিম বানপানীৰ পানী খাব নালাগে।

৪) উন্মুক্ত বিদ্যুৎ তাঁৰ চুব নালাগে আৰু এনে দেখিলে কৰ্তৃপক্ষক জনাব লাগে। পানীৰ ওপৰেৰে খোজ কাঢ়ি নাথাকি পৰাপক্ষত ঘৰতে সোমাই থাকিব লাগ।

৫) মহৰ কামোৰ খাব নালাগে। বাসস্থানত বিদ্যুৎ সংযোগ কাটি দিব লাগে।

লেখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ (দেওবৰীয়া সম্ভাৰ)

 

 

3.125
আশ্ৰাফুল আলম Jul 15, 2018 08:12 PM

Thats right. This is good bcoz some people didn't know what to do before flood or after flood.

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top