মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কৃত্ৰিমভাৱে পকোৱা ফলৰ অপকাৰিতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃত্ৰিমভাৱে পকোৱা ফলৰ অপকাৰিতা

কৃত্ৰিমভাৱে পকোৱা ফলৰ অপকাৰিতাৰ বিষয়ে লিখা হৈছে

ফল মানুহৰ স্বাস্থ্যৰ বাবে পৰম উপকাৰী।আমি চিকিৎসকসকলে অভিভাৱকসকলক তেওঁলোকৰ ল’ৰা-ছোৱালীক ছমাহ বয়সৰ পৰা কলেৰে আৰম্ভ কৰি নানা ফল খুৱাবলৈ দিওঁ আৰু বিভিন্ন বয়সৰ ব্যক্তিক প্ৰ্তিদিনে অতি কমেও এবিধ হ’লেও ফল খাবলৈ উপদেশ দিওঁ।বৰ্তমান ফলৰ বতৰ যদিও আজিকালি প্ৰায় গোটেই বছৰে সকলো ফল বজাৰত উপলব্ধ হোৱা দেখা যায়।গছত আম বা লিচু আদি কলি হৈ থাকোতে বজাৰত কৃত্ৰিমভাৱে ৰাসায়নিক পদাৰ্থৰে পকোৱা অৱস্থাত যথেষ্ট উপলব্ধ  হোৱা দেখা যায়।কৃত্ৰিমভাৱে পকোৱা ফল,আম আদিৰে বজাৰ উভৈনদী।প্ৰাকৃতিকভাৱে পকোৱা ফল খালে শৰীৰৰ উপকাৰ হয়,কিন্তু কৃত্ৰিমভাৱে পকোৱা ফল খালে শৰীৰৰ নানা অপকাৰ হ’ব পাৰে।

প্ৰাকৃতিকভাৱে ফল কেনেকৈ পকে

 

ফলৰ গছত প্ৰাকৃতিকভাৱে উপলব্ধ ইথিলিন নামৰ এবিধ হৰমনৰ প্ৰভাৱত ফল প্ৰাকৃতিকভাৱে পকে।এই হৰমনবিধে ফলবোৰ পুৰঠ হ’লে শাহবোৰ ঢিলা কৰি তাত চেনিজাতীয় পদাৰ্থ জমাই মিঠা কৰি সোৱাদযুক্ত কৰি তোলাৰ উপৰি ফলৰ কেঁচা অৱস্থাত বহি:আৱৰণত থকা সেউজীয়া  ক্লোৰ’প্লাষ্টিডৰ বৰণ সলনি কৰি ক্ৰোম’প্লাষ্টিডৰ বৰণ দি দেখাত মনোমোহা কৰি তোলে।

কৃত্ৰিমভাৱে ফল কেনেকৈ পকায়

 

কল,আম,অমিতা আদি কৃত্ৰিমভাৱে পকাবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থবোৰ হ’ল-ইথিলিন,কেলচিয়াম কাৰ্বাইড,কাৰ্বাইড,এছিটিলিন,প্ৰপিলিন,ইথাৰেল আৰু ফছফৰিক এচিড আদি।ব্যৱসায়িক ভিত্তিত ফলৰ খেতি কৰা লোকসকলে গছত নপকিলেও পুৰঠ হোৱা ফল সংগ্ৰহ কৰি ফল পকোৱা গৃহত ইথিলিন ব্যৱহাৰ কৰি ফল পকাব পাৰে।ইয়াক গেছ দি পকোৱা বুলি কোৱা হয়।ইথিলিন  দি পকোৱা ফল খাব পাৰি,কাৰণ ইথিলিন স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নহয়।

ইথিলিনৰ বাদে পুৰঠ নোহোৱা কেঁচা ফল কৃত্ৰিমভাৱে পকাবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।এইবোৰৰ ভিতৰত কেলচিয়াম কাৰ্বাইড নামৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কম মুল্যৰ ৰাসায়নিক দ্ৰব্যবিধকে বৰ্তমান সময়ত ব্যৱসায়ীসকলে বহুলভাৱে প্ৰয়োগ কৰা দেখা যায়।কেলচিয়াম কাৰ্বাইড উদ্যোগসমুহত এছিটিলিন গেছ উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা এবিধ বৰণহীন ৰাসায়নিক পদাৰ্থ।আৰ্দ্ৰ অৱস্থাত পানীৰ অণুৰ সৈতে কেলছিয়াম কাৰ্বাইডে ৰাসায়নিক বিক্ৰিয়া ঘটাই এছিটিলিন গেছ উৎপন্ন কৰে।কেলচিয়াম কাৰ্বাইড+পানী =এছিটিলিন +কেলচিয়াম হাইড্ৰক্সাইড।এই ৰাসায়নিক বিক্ৰিয়াটোত তাপ উৎপন্ন হয়।এনেদৰে উৎপন্ন হোৱা উত্তাপে কেঁচা ফলৰ বাহিৰ ভাগৰ সেউজীয়া ৰ্ং সলাই দেখাত ফলবিধ  পকায় আৰু সাহবোৰ ঢিলা কৰে।কৃত্ৰিমভাৱে গেছে ফলবোৰ পকায় বাবে বহুতে ইয়াক গেছ দি পকোৱা ফল বুলিও কয়।খাদ্য ভেজালকৰণ প্ৰতিৰোধ আইন,১৯৫৪ অনুসৰি যদিও কেঁচা ফল-মুল পকাবলৈ কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে আৰু দোষীক ছমাহ কাৰাদণ্ড আৰু এহেজাৰ টকা জৰিমনা বিহাৰ বিধান আছে,তথাপি সস্তীয়া আৰু অতি কম সময়ৰ ভিতৰতে ফলবোৰ পকে বাবে ফল-মুল পকাবৰ বাবে দুষ্ট চক্ৰই সদায় ইয়াকে ব্যৱহাৰ কৰি আহিছে।মাত্ৰ ২০-৩০ টকাত পোৱা এক কিলোগ্ৰাম কেলচিয়াম কাৰ্বাইডৰে প্ৰায় ১০ টন কল পকাব পাৰি।

কেলচিয়াম কাৰ্বাইডে কৰা শৰীৰৰ ক্ষতি

 

কেলচিয়াম কাৰ্বইড দি পকোৱা ফলত ই ৰৈ যায় আৰু এইবোৰ ফলৰ সৈতে খালে ই আমাৰ শৰীৰত প্ৰৱেশ কৰি নানা ৰোগ সৃষ্টি কৰে।কেলচিয়াম কাৰ্বাইড এক নীৰৱ ঘাতক।ই  মুখৰ ঘাঁ,গেষ্ট্ৰাইটিছ,পাকস্থলীৰ সমস্যা,ডায়েৰীয়া ,মুৰৰ বিষ,মুৰ ঘুৰোৱা ,মতিভ্ৰম,দৃষ্টিশক্তি হ্ৰাস,বুদ্ধি হ্ৰাস,নানা এলাৰ্জীৰ সমস্যা আৰু চালৰ ৰোগ কৰে।তদুপৰি হৃৎপিণ্ড ,বৃক্ক আৰু হাঁওফাঁওৰ সমস্যা সৃষ্টি কৰে।

প্ৰাকৃতিকভাৱে আৰু কৃত্ৰিমভাৱে পকোৱা ফলৰ পাৰ্থক্য

 

প্ৰশ্ন হ’ল-প্ৰাকৃতিকভাৱে পকা ফল আৰু এনেদৰে কৃত্ৰিমভাৱে পকোৱা ফল আমি কেনেকৈ চিনাক্ত কৰিম?প্ৰাকৃতিকভাৱে পকা ফলৰ ৰ্ং ফলবিধৰ বাকলিৰ সকলোতে সমান নহয় আৰু ফলবিধ ভিতৰৰ পৰা বাহিৰলৈ পকি আহে,কিন্তু কৃত্ৰিমভাৱে পকোৱা ফলৰ ৰ্ং ফলবিধৰ বাকলিৰ সকলোতে সমান,দুই-তিনি দিন পিছত ক’লা দাগ দেখা যায় আৰু ফলবিধ বাহিৰৰ পৰা ভিতৰলৈ পকে।কৃত্ৰিমভাৱে অবতৰত ৰাসায়নিক পদাৰ্থৰে পকোৱা ফল মুলবোৰ বাহিৰত পকা যেন লাগে যদিও ই ভিতৰত টান,কেঁচা থাকে।এনেবোৰ ফল খাবলৈ মুঠেও সোৱাদযুক্ত নহয়।কিন্তু প্ৰাকৃতিকভাৱে পকা ফল খাবলৈ যথেষ্ট সুস্বাদু।পুৰঠ পকা ফল পানীত দিলে ডুবে,কিন্তু পুৰঠ নোহোৱা,অকালতে কৃত্ৰিমভাৱে পকোৱা ফল পানীত ভাহি উঠে।

আমি কি কৰা উচিত

 

সাধাৰণতে কৃত্ৰিমভাৱে ফল পকাবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থবোৰ ফল-মুল আদিৰ গাত লাগি থাকে।সেয়েহে স্বাস্থ্য আৰু পৰিপুষ্টি বিভাগে আপেল,আম আদি খালে ভালদৰে ধুই,শুকাই বাকলি আৰু ভিতৰৰ গুটিবোৰ গুচাইহে খাব দিছে।কিন্তু এই কৃত্ৰিম ৰাসায়নিক দ্ৰব্যবোৰৰ কিছু অংশ বাকলিবোৰত থকা ক্ষুদ্ৰ ছিদ্ৰবোৰেৰে ফলবোৰৰ সাহৰ ভিতৰলৈও সোমায় আৰু বাকলি গুচাই খালেও ই আমাৰ শৰীৰত প্ৰৱেশ কৰি স্বাস্থ্যৰ ক্ষতি কৰে।আমি আতায়ে জানো যে আম আহাৰ মাকত পকে।কিন্তু চ’ত –ব’হাগত বজাৰত যেতিয়া পকা আম উপলব্ধ হয়,তেতিয়া নিশ্চয়কৈ জনা উচিত যে ই কৃত্ৰিমভাৱে পকোৱা ফল।ইয়াক খালে শৰীৰৰ ক্ষতি হ’বই।যিহেতু অবতৰত পকোৱা ফল খালে আমাৰ স্বাস্থ্যৰ ক্ষতি হোৱাৰ আশ্ংকা অধিক,সেয়েহে এনেদৰে অবতৰৰ পকোৱা ফল-মুলবোৰ যিমান পাৰি খোৱা পৰিত্যাগ কৰি সদায় বতৰত উপলব্ভ সতেজ ফলহে খাব লাগে।

লেখক:ডা: ধৰ্মকান্ত কুম্ভকাৰ (দৈনিক অসম)

 

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top