মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কেইটামান ৰোগৰ ঘৰুৱা দিহা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেইটামান ৰোগৰ ঘৰুৱা দিহা

কেইটামান ৰোগৰ ঘৰুৱা দিহাৰ বিষয়ে লিখা হৈছে

মুখৰ ৰোগ, চেহেৰাৰ সৌন্দর্য

 

যেতিয়া মুখমণ্ডলত বলিৰেখাৰ দাগ পৰে আৰু শালমইনা ওলাই মুখমণ্ডলৰ মসৃণতা নাইকিয়া কৰে, তেতিয়া মহিলাসকলৰ সৌন্দৰ্য অটুট ৰখাৰ প্রয়োজনীয়তা আহি পৰে। ইয়াৰ বাবে দেশীয় উপায় হ’ল, ডেৰশগ্রাম গাজৰ, এশ গ্রাম বিলাহী আৰু বীট পঞ্চাছ গ্রাম বটি লৈ ৰস উলিয়াই একেৰাহে কমেও বিছ দিনলৈ সেৱন কৰক। ইয়াৰ ফলত চেহেৰাৰ পৰা বলিৰেখা, শালমইনাৰ দাগ নাইকিয়া হৈ মুখখন সুন্দৰ আৰু সতেজ হৈ পৰিব। এই ৰস খাই পেট ফুলিলে সেৱন কৰিব নালাগে।

মুখৰ দাগ

 

  • মচুৰ দাইল আৰু তৰুবুজ সমান পৰিমাণে লৈ গৰু-গাখীৰত পিচি লওক। ইয়াক মুখত সানিলে সকলো ধৰণৰ দাগ নাইকিয়া হ’ব।
  • বাদামৰ শাহ গাখীৰত দি মুখত সানিলে দাগ নাইকিয়া কৰিব আৰু উজ্জ্বলতা বৃদ্ধি পাব।

খৰ

  • ৰাতিপুৱা শুই উঠি আপোনাৰ মুখৰ লেলাউটি হাতেৰে খৰডোখৰত ঘঁহি দিয়ক। ইয়াৰ ফলত খৰ দুই দিনতেই ভাল হৈ যাব। ই অতি ফলপ্ৰসূ আৰু বিনামূলীয় ঔষধ।
  • তুলসীৰ পাত পিচি সানিলে খৰ নাইকিয়া হ’ব।

বাৰে বাৰে পেচাব হোৱা

 

  • ক’লা তিল দুশ গ্রাম খুন্দি ২৫০ গ্রাম গুড়ৰ সৈতে বিছ বিছ গ্রামৰ লাড়ু বনাই ৰাতিপুৱা গধূলি এবাৰকৈ খাওক। শিশুসকলক কেৱল এটা লাডু দিয়ক। এয়া বাৰে বাৰে পেচাব হোৱা প্রতিৰোধ কৰিবলৈ এক সুন্দৰ ঔষধ৷

পেচাবত তেজ যোৱা

 

  • এটা সৰু কেৰেলা পচিছ মিঃলিঃ পানীত মোহাৰি দিনে এবাৰকৈ খাওক। পাঁচ দিন এইদৰে খাওক । গৰম বস্তু, মচলা আদি নাখাব।

পেচাব ভালদৰে নোহোৱা

 

  • কলমৌৰ বটি লোৱা গুড়ি তিনি গ্রাম, গাখীৰ ২৫০ মিঃলিঃ, পানী এক লিটাৰ লৈ খাবলৈ দিয়ক । সকলোখিনি মিহলি কৰি দৈনিক দুবাৰ খাবলৈ দিয়ক। পেচাব খোলোচা হ’ব। এয়া সকলো বতৰৰ বাবে।

বিছনাত পেচাব হোৱা

 

  • চাৰি-পাঁচ বছৰীয়া শিশুৱে বিছনাত পেচাব কৰিলে প্ৰতিদিনে দুটা কিচমিচ ৰাতি খাবলৈ দিয়ক। শিশুটিয়ে বিছনাত পেচাব নকৰিব। দৈ, লচ্চি, ভাত খাব নালাগে। যদি এটাকৈ চুহৰা প্রতিদিনে খাবলৈ দিয়া হয়, তেতিয়া এশ শতাংশ আৰাম পোৱা যাব, ইয়াক কোনো সন্দেহ নাই।

কিডনিত পাথৰ হ’লে

 

  • অমিতা ছয় গ্রাম লৈ ভালদৰে পিচি লওক, পিছত ইয়াক পঞ্চাছ মিঃলিঃ, পানীত গুলি চেকি লওক। সেই ৰস ৰোগীজনক খাবলৈ দিয়ক। পাথৰ ভাগি প্ৰস্ৰাৱৰ লগত ওলাই যাব।
  • বিছ গ্রাম মাটিমাহ, আঢ়ৈশ মিঃলিঃ, পানীত উতলাওক। যেতিয়া এক চতুর্থাংশ পানী থাকিব, তেতিয়া চেকি লৈ ৰোগীক খুৱাই দিয়ক। ৰাতিপুৱা-গধূলি দুবাৰকৈ দিয়ক। পাথৰ গলি মুত্ৰনলীয়েদি ওলাই যাব। বিছদিন খাবলৈ দিয়ক।

সাপে খুঁটিলে

 

  • সাপে খুঁটিলে তৎকালীনভাৱে চিকিৎসা কৰা প্রয়োজন, যদি সময়ত চিকিৎসা কৰিব পৰা নাযায়, তেন্তে নিম্ন উল্লেখিত উপায়বোৰ অৱলম্বন কৰা প্রয়োজন।
  • বিছ গ্রাম পিয়াঁজৰ ৰস, বিছ গ্রাম সৰিয়হৰ তেল লৈ দহ মিঃলিঃৰ এটাকৈ পালি প্রতি পোন্ধৰ মিনিটৰ মূৰে মূৰে দিয়ক। চাৰি-পাঁচবাৰ এইদৰে দিলে সাপৰ বিষ বমিৰ মাধ্যমত ওলাই যাব।
  • সাপে খোঁটা ঠাইৰ ওপৰত কাপোৰেৰে টানকৈ বান্ধি দিয়ক। যেতিয়া খোঁটা দাগেদি তেজ ওলাব, তেতিয়া খুন্দি গুড়ি কৰা পটাচিয়াম পাৰমাংগানেট লগাই দিয়ক। তিনি-চাৰিবাৰ সনাৰ পিছত যেতিয়া ঠাইডোখৰৰ ৰং স্বাভাৱিক হৈ পৰিব, তেতিয়া জানিব যে বিষ ওলাই গৈছে। দুই-চাৰি দিনলৈ জালুক মিহলি কৰি ঘিউৰ সৈতে খোঁটা ঠাইডোখৰত প্ৰলেপ প্ৰয়োগ কৰক।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

3.05405405405
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top