মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কেইবিধমান চৰ্বি কমোৱা খাদ্যসামগ্ৰী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেইবিধমান চৰ্বি কমোৱা খাদ্যসামগ্ৰী

কেইবিধমান চৰ্বি কমোৱা খাদ্যসামগ্ৰীৰ বিষয়ে লিখা হৈছে ।

সমগ্ৰ বিশ্বতে স্বাস্থ্যৰ প্ৰতি সজাগ লোকসকলে মেদবহুলতা বা শকত হোৱাৰ পৰা হাত সাৰিবলৈ অনেক উপায় অৱলম্বন কৰিবলৈ ধৰিছে । কাৰণ এটা সুন্দৰ শৰীৰ ফেশ্বনৰ প্ৰতীক হোৱাৰ উপৰিও সঠিক বা ক্ষীণকায় দেহত শকত দেহতকৈ বেমাৰ-আজাৰ কম হয় । সেয়ে সঠিক খাদ্য অভ্যাস তথা কিছু নিৰ্বাচিত ব্যায়ামৰ দ্বাৰা আমাৰ শাৰীৰিক গঠন সঠিক ৰুপত ৰাখিবলৈ যত্ন কৰিব লাগে । ইয়াৰোপৰি আমি জানিব লাগিব কোনসমূহ খাদ্যৰ দ্বাৰা বা শাক-পাচলি বা ফলমূলে আমাৰ দেহত চৰ্বি হোৱাত বাধা প্ৰদানত সহায়ক হয় ।

সাধাৰণতে শৰীৰত চৰ্বি নহ’বলৈ আমাৰ আহাৰ সন্তুলিত হোৱা প্ৰয়োজনত তথা কিছু শাৰীৰিক শ্ৰমৰ অত্যন্ত দৰকাৰী । সাধাৰণতে শৰীৰত মেদ জমা হোৱাত বাধা প্ৰদান কৰা কেইবিধমান সামগ্ৰী হ’ল-

  • আপেল চাইডাৰ ভিনেগাৰ- আহাৰ গ্ৰহণ কৰাৰ আগতে এক টেবুল চামুচ আপেল চাইডাৰ সৈতে অকণমান পানী মিহলাই তাত অলপ নেমু চেপিব । সোৱাদ অনুযায়ী শুকান জলকীয়াৰ গুড়ি অলপো দিব পাৰে ।
  • আহাৰ খোৱাৰ পিছত এচামুচ চফ খাওক ।
  • পাচলিৰ ভিতৰত ভেণ্ডিত থাকে অনেক ফেট বাৰ্ণিং উপাদান ।
  • ৰাতিপুৱা চাহ খোৱাৰ আগতেই কেঁচা হালধি বটি অলপ পানী মিহলাই খাব পাৰে ।
  • আমলখিৰ ৰসেও চৰ্বি জমা হোৱাত বাধা প্ৰদান কৰে ।
  • ভাত খোৱাৰ আগতে ৫ বা ৬ ফুট নহৰু কেঁচাকৈ চোবাই খাওক ।
  • আন ৰিফাইন তেলতকৈ নাৰিকল তেলত শাক-পাচলি আদি ৰান্ধিব পাৰে ।
  • ডালচেনিত অনেক গুণ আছে, তাৰে ভিতৰত চৰ্বি কমোৱাতো সহায়ক । ফিকা চাহ (গাখীৰ নোহোৱা) ত চেনি কমাই ডালচেনিৰ গুড়ি দিয়ক বা দৈ আদিতো দি খাব পাৰে ।
  • তেঁতেলীৰ চৰ্বত বা তৰকাৰী আদিত তেঁতেলী দি খাব পাৰে ।
  • পানীলাউৰ ৰস চৰ্বি কমোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক ।
  • বিলাহী, তিয়ঁহ, বন্ধা কবি আদিত যথেষ্ট পানী থাকে । নেমু চেপি আহাৰ গ্ৰহণৰ আগতেই খাব লাগে ।
  • ব্ৰ’কলি, মূলা, কমলা, জালুক, কিৱি ফল, পদিনা আদিয়ে চৰ্বি হোৱাত বাধা প্ৰদান কৰে ।

বাঢ়ি অহা পেট কমাবলৈ :-

গ্ৰীণ টি :-

সাধাৰণ চাহৰ ঠাইত গ্ৰীণ টি গ্ৰহণৰ অভ্যাসৰ প্ৰয়োজন । একেলেথাৰিয়ে তিনিমাহ ধৰি গ্ৰহণ কৰি থকাৰ পিছতহে ইয়াৰ ফলাফল গম পোৱা যায় । দিনত তিনিবাৰমান খাবলৈ যত্ন কৰিব লাগে । গ্ৰীণ টিয়ে মেটাবলিক ৰেট সঠিক কৰাৰ উপৰিও বাৰে বাৰে খাবলৈ মন নোযোৱা কৰে । তাৰোপৰি এণ্টি অক্সিডেণ্ট প্ৰচুৰ পৰিমাণে পোৱা যায় ।

কণী :-

কণীৰ বগা অংশত প্ৰ’টিন পোৱা যায় । হালধীয়া অংশত থাকে কাৰ্ব’হাইড্ৰেট । যি শৰীৰত মেটাবলিজিম বঢ়োৱাত সহায়ক হৈ কেল’ৰি বাৰ্ণ কৰে । আনহাতে কম পৰিমাণে কেল’ৰি নথকা নহয় । ৰাতিপুৱা আহাৰত এটা কণী গ্ৰহণ কৰিলে দিনটোত সোনকালে আন খাদ্য খাবলৈ মন নাযায় ।

ব্ৰক’লি :-

আজিকালি অসমত যথেষ্ট ব্ৰ’কলিৰ খেতি কৰা হয় । খাবলৈ সোৱাদযুক্ত এই পাচলিয়ে শৰীৰত চৰ্বি জমা হোৱাত বাধা প্ৰদান কৰে ।

বন্ধাকবি :-

যথেষ্ট এণ্টি অক্সিডেণ্ট আৰু ভিটামিন ‘চি’ পোৱা যায়, যি ভাতৰ সলনি সৰহ পৰিমাণে খাব পাৰিলে ভাল ।

ব্ৰাউন ৰাইচ :-

কম কেল’ৰিযুক্ত । আঁহ পোৱা যায় ।

ইয়াৰোপৰি পেট কমোৱাৰ ক্ষেত্ৰত আদাও যথেষ্ট উপযোগী । একাপ পানীত এক ইঞ্চি আদা থেঁতেলিয়াই উতলাই তাত দহফুটা নেমুৰস দি সেইখিনি দিনটোত দুবাৰ খাই শেষ কৰক ।

উৎস :- নন্দিনী

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top