মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কেনছাৰ, কিডনি ৰোগ-বিৰোধী যুঁজ কৰোঁ আহক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেনছাৰ, কিডনি ৰোগ-বিৰোধী যুঁজ কৰোঁ আহক :

কেনছাৰ, কিডনি ৰোগ-বিৰোধীৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ অসমীয়া মানুহক ঔষধ আৰু আন কোম্পানীয়ে গিনিপিগৰ দৰে ব্যৱহাৰ কৰাত দুৰাৰোগ্য কেনছাৰ আৰু কিডনি বিকলৰ দৰে ৰোগ বৃদ্ধি হ’বলৈ ধৰিছে। আৰু আমাৰ পিছৰ প্ৰজন্মৰ কফিনত শেষ গঁজালটোহে মাৰিবলৈ বাকী আছে। ইংৰাজসকল অহাৰ পাছত অসমতো পশ্চিমীয়া চিকিৎসা পদ্ধতি প্ৰচলন হ’ল। আমি পাৰ্শ্বক্ৰিয়াবিহীন সকলো চিকিৎসা আদৰি লোৱা পক্ষপাতি, কিন্তু পাৰ্শ্বক্ৰিয়া থকা ঔষধ খোৱা পক্ষপাতী নহয়। ইয়াৰ পৰা ৰক্ষা পাবলৈ আমি সকলোৱে সচেতন হ’বৰ হ’ল।

কেনছাৰ আৰু কিডনি ৰোগৰপৰা ৰক্ষা পাবলৈ কেইটামান পৰামৰ্শ আগবঢ়োৱা হ’ল -

১) কিডনিৰ ফেইলাৰ বা বিকল আৰু দুৰাৰোগ্য কেনছাৰ ৰোগৰ কাৰক গেষ্ট্ৰিকৰ ঔষধ পেণ্ট’প্ৰাজল , ৰবিপ্ৰাজল টেবলেট আৰু কেপচুল সম্পুৰ্ণভাৱে বৰ্জন কৰক। এই ঔষধৰ পৰা ৩৩% কিডনি বিকল আৰু দুই তৃতীয়াংশৰ পাকস্থলী কেনছাৰ হোৱাৰ সম্ভাৱনা আছে।

২) কিছুমান চিকিৎসকে জধেমধে লিখা থাইৰক্সিন হৰম’ন ঔষধ দুবছৰতকৈ অধিক সময় খালে মহিলাৰ স্তন আৰু জৰায়ুত টিউমাৰ হোৱাৰ সম্ভাৱনা থাকে আৰু পিছলৈ কেনছাৰলৈ ৰুপায়িত হয়। তদুপৰি গৰ্ভাশয়ত চিষ্ট হোৱাৰ পৰিপেক্ষিতত বিবাহিত মহিলাই গৰ্ভধাৰণ ক্ষমতা চিৰদিনৰ বাবে হেৰুৱাব লগা হয়।

৩) নিমেছুলাইড ঔষধ খোৱাৰ বাবে অসমত ভালেমান লোক কিডনি ৰোগত আক্ৰান্ত হোৱা দেখা পোৱা গৈছে। নিমেছুলাইডৰ লগতে একেলগে পেৰাচিটামল আৰু ক্ল’ৰাজক্সাজন থকা ঔষধ আৰু অধিক ক্ষতিকাৰক যদিও অসমৰ বজাৰত এই ঔষধ এতিয়ও উভৈনদী। এই ঔষধ জধেমধে নাখাব।

৪) অসমত কেইবছৰমানৰ পৰা হঠাতে বৃদ্ধি পাইছে কেনছাৰ আৰু কিডনি বিকলৰ ৰোগী। ইয়াৰ বাবে একাংশ ধনলোভী চিকিৎসক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দায়ী। কেইবছৰমান আগেয়ে নিমেছুলাইড নামৰ ঔষধবিধ জ্বৰ আৰু বিষনাশক হিচাপে প্ৰয়োগ কৰাত অসমৰ বহু মানুহৰ কিডনি বিকল্প হৈছে। এতিয়া গেষ্ট্ৰাইটিছৰ ঔষধে অ মৰ মানুহক দেশৰ ভিতৰতে সৰ্বাধিক কিডনি বিকল আৰু কেনছাৰ ৰোগী কৰিব।

৫) আমাৰ কিছুমান লোকে অজ্ঞাতবশত: ঘৰৰ কণী, গাখীৰ, কল আদি বিক্ৰী কৰি টনিকৰ বটল কিনি আনি ৰোগীক খুৱায় বল-শক্তি পাবৰ বাবে। এনে মনসিকতা পৰিহাৰ কৰি এই ভাল বস্তু ৰোগীক খুৱাওক। পানীত দ্ৰৱনীয় ভিটামিন বেছিকৈ খালে অতিৰিক্ত ভিটামিন পেছাবৰ লগত নিৰ্গত হয় বাবে শৰীৰত ক্ষতি নকৰে। কিন্তু মিনাৰেল বা খনিজ পদাৰ্থ থকা টনিক বেছি খালে এই পদাৰ্থ শৰীৰৰ কোষত সঞ্চিত হোৱাৰ ফলত যকৃত আৰু কিডনিৰ ক্ষতি কৰে।

৬) কেনছাৰ ৰোগ সৃষ্টিকাৰক পশ্চিমৰ ৰাজ্যৰ চাউল, ঘেঁহু আদি বৰ্জন কৰক। সেউজ বিপ্লৱৰ নামত পঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আদি ৰাজ্যত অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা হয়। এই ৰাসায়নিক সাৰ আৰু কীটনাশক ৫%-৭% শস্যত সঞ্চিত হয়। তাৰ উপৰি চাউল, ঘেঁহু ইত্যাদি খাদ্যশস্য নপচিবলৈ আৰু পোকে নাখাবলৈ ডি ডি টি, মালাথিয়ান, ফুৰাডন আদি কৰি স্বাস্থ্য ক্ষতিকাৰক বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলাই দিয়া হয়। চাউলতকৈও বেছি ক্ষতিকাৰক ৰঙা চাকি আটা। মনত ৰাখিব চাউল ধলে কম পৰিমাণে হ’লেও বিষাক্ত পদাৰ্থ আঁতৰ হয়। কিন্তু আটা ধুই খাব নোৱাৰি আৰু আটা বনোৱাৰ আগতেও ঘেঁহু ধুই পৰিষ্কাৰ নকৰে। সেয়েহে সৰু ল’ৰা-ছোৱালী, বৃদ্ধ আৰু ডায়েবেটিছ ৰোগীৰ বাবে ৰঙা চাকি আটা খোৱাটো বেছি বিপজ্জনক। উল্লেখযোগ্য যে আমি খাদ্যৰ নামত এই বৰবিহ খোৱাৰ বিপৰীতে আমেৰিকা অসমৰ পৰা সাধাৰণ চাউলতকৈ প্ৰায় তিনি গুণ পুষ্টিকৰ ৰঙা বাওঁ আৰু বৰা চাউল ক্ৰয় কৰি খাইছে। সেউজ বিপ্লৱৰ নামত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰাৰ ফলত পঞ্জাবত ভু-তলৰ পানী, বিশেষকৈ ভাটিন্দা জিলাৰ পানী সম্পুৰ্ণ বিষাক্ত হৈ পৰিছে। এনে কাৰণতে পঞ্জাবত ব্যাপক হাৰত কেনছাৰ ৰোগ বৃদ্ধি পাইছে বুলি জনইব পৰা হৈছে। পশ্চিমীয়া ৰাজ্যৰ এই বিষাক্ত খাদ্য আমি কণ কণ শিশু আৰু ছাত্ৰ-ছাত্ৰীক খুৱাইছোঁ, দুখীয়াক খুৱাইছোঁ, ৰোগীক খুৱাইছোঁ, সুস্থসকলেও খাই ধন্য মানিছোঁ। তিনি টকীয়া চাউল খাই আমি কিমান দিন জীয়াই থাকিম?

৭) পথৰ কাষত পৰি থকা গেলি-পচিব ধৰা মৃতদেহতকৈও দুষিত আৰু বিষাক্ত চালানী মাছ বৰ্জন কৰক। চালানী মাছ নাখালে মানুহ নমৰে। মানুহৰ বিষ্ঠা, মৰা জীৱ-জন্তু, নাড়ী আদি খুৱাই ডাঙৰ কৰা চালানী পাছত ফিটা পেলু থাকে। মতৃদেহ সংৰক্ষণ কাৰণে ব্যৱহাৰ কৰা বিষাক্ত ফৰ্মেলিন সানি, অসমীয়াক দুৰাৰোগ্য কেনছাৰ আৰু কিডনি ফেইলাৰ ৰোগত আক্ৰান্ত কৰিব বিচৰা চালানী মাছ সম্পুৰ্ণৰুপে বৰ্জন কৰক। এই চালানী মাছৰে অন্নপ্ৰাসন, শ্ৰাদ্ধৰ ভোজ, আলহীক আপ্যায়ন, বিয়া-সবাহ আৰু অন্যান্য উৎসৱ-পাৰ্বণত খুওৱাৰ মানসিকতা দুৰ কৰক। নিজেও নাখাব আৰু আনকো খাবলৈ মানা কৰক। প্ৰয়োজন সাপেক্ষে আলুপিটিকা ভাত খাওক, নিৰোগী হৈ থাকিব পাৰিব।

৮) কাৰ্বাইড দি পকোৱা কল বৰ্জন কৰিলে কল বেপাৰীয়ে কলত কাৰ্বাইড দিয়া বন্ধ কৰিবলৈ বাধ্য হ’ব।

৯) প্লাষ্টিকৰ বাচন-বৰ্তন ব্যৱহাৰ নকৰিব। ননষ্টিক  টাৱা, কেৰাহী ব্যৱহাৰ নকৰিব। সাতাম পুৰুষে ব্যৱহাৰ কৰি অহা লোহাৰ কেৰাহী, কাঁহৰ বাচন ব্যৱহাৰ কৰক।

১০) ফাষ্টফুড বিশেষকৈ মম, শীতল পানীয়, পেকেজিং খাদ্য বৰ্জন কৰক। শীতল পানীয় বা ক’লড ড্ৰিংকছত থকা বি ভি অ’ কেনছাৰ ৰোগৰ কাৰক। ইয়াৰ পৰিৱৰ্তে তেঁতেলি, ভেমকল, নেমু চৰ্বত, ডাবৰ পানী খাই সুস্বাস্থ্য অটুট ৰাখক।

১১) ধঁপাত সেৱন বন্ধ কৰক। ধঁপাত খোৱাৰ কাৰণে চকুত চানি পৰা, গৰ্ভস্থ সন্তানৰ ওজন হ্ৰাস, নপুংশতা, হৃদৰোগ, ওঁঠ, মুখগহ্বৰ, হাঁওফাঁও, জৰায়ু, পেটৰ কেনছাৰ হয়। নৱপ্ৰজন্মক গুটখা নাখাবলৈ উপদেশ দিয়ক।

১২) ৰিফাইন তেলৰ পৰিৱৰ্তে সৰিয়হ বা তিলতেল খাওক।

১৩) অত্যধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা শাক-পাচলি, ফল-মুল বৰ্জন কৰক। কেইবাঘণ্টা নিমখ পানীত ডুবাই ৰাখি খালে বিষাক্ত পদাৰ্থ কিছু কমে।

১৪) আমাৰ পৰম্পৰাগত সাতাম পুৰুষীয়া খাদ্য খাওক।

১৫) অপ্ৰিয় সত্য, অসমৰ একাংশ চিকিৎসকে ৰোগীক কমিছনৰ ধান্দাত জধেমধে সঘনাই এক্স-ৰে, আল্ট্ৰা ছন’গ্ৰাফি, এম আৰ আই, চি টি স্কেন কৰিবলৈ বাধ্য কৰায়। এইবিলাক বেছি কৰিলেও ৰেডিয়েছনৰ কাৰণে কেনছাৰ হ’ব পাৰে। কিন্তু প্ৰয়োজন সাপেক্ষে কৰিলে কমকৈ ক্ষতি কৰে বাবে বিশেষ চিন্তনীয় নহয়।

১৬) আটাইতকৈ গুৰুত্বপুৰ্ণ বিষয় হৈছে, অনাৱশ্যকভাৱে বেছিকৈ ঔষধ প্ৰেছক্ৰাইব কৰা আৰু বেছিকৈ লেবৰেটৰীত পৰীক্ষা কৰিবলৈ বাধ্য কৰিব বিচৰা চিকিৎসকক সম্পুৰ্ণ বৰ্জন কৰক। এইধৰণৰ চিকিৎসকে আপোনাৰ লগতে আন দহজনৰো শাৰীৰিক, মানসিক আৰু আৰ্থিক ক্ষতিসাধন কৰে। মোৰ ওচৰলৈ অহা বেছিভাগ পুৰণি ৰোগীয়ে অনা ৰিপ’ৰ্ট চাই কেতিয়াবা হতভম্ব হৈ পৰোঁ, কিছুমান ৰোগীৰ ইতিমধ্যে কৰা ৮০%-৯০% পৰ্যন্ত পৰীক্ষা ৰোগীজনৰ বেমাৰৰ লগত কোনো সম্পৰ্ক নাই বা অনাৱশ্যক।

অপ্ৰিয় সত্য যে ঔষধ কোম্পানীৰ মেডিকেলৰ ৰিপ্ৰেজেণ্টটিভসকলৰ নিৰ্দেশ মানি কমিছনৰ লোভত একান্ত বাধ্য ছাত্ৰৰ দৰে কিছুমান চিকিৎসকে স্বাস্থ্য হানিকাৰক ঔষধ লিখাৰ ফলত অসমীয়াৰ মাজত দিনক দিনে বৃদ্ধি পাইছে কিডনি ফেইলাৰ, কেনছাৰ আদিৰ দৰে দুৰাৰোগ্য ব্যাধি। লগে লগে এই ৰোগ নিৰাময়ৰ নামত গঢ়ি উঠিছে অন্য এক ব্যক্তিগত খণ্ডৰ ভটিয়নী উদ্যোগ ডায়েলাইছিছ আৰু কেনছাৰ হস্পিটেল। সামান্য ক্ৰিয়েটিনিন বাঢ়িলেও আৰম্ভ কৰি দিয়ে ডায়েলাইছিছ, কিন্তু অসমত ডায়েলাইছি কৰা কিমানজন ৰোগী ভাল হৈছে? বৰ্ং ডায়েলাইছিছ কৰাৰ পাছত সেই ৰোগীৰ মৃত্যুৰ সময় চমু চাপি আহে।

আমাৰ ফকৰা যোজনা আছে –

‘বাছি খাবা জাগি শুবা’। সদায় ভাবি-চিন্তি খাব, বয়বস্তু কিনিব আৰু চিকিৎসা কৰিব।

লেখক: ডা: মনোজ কুমাৰ শইকীয়া (দৈনিক জনমভুমি)

 

 

3.06896551724
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top