মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কেন্‌ছাৰৰ নতুন চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেন্‌ছাৰৰ নতুন চিকিৎসা

কেন্‌ছাৰৰ নতুন চিকিৎসা লিখা হৈছে

 

কেন্‌ছাৰ কোষ ধ্বংস কৰাৰ ক্ষেত্ৰত ভাৰতীয় গৱেষকৰ দলে এক অভিনৱ ক্ষুদ্র অণুৰ আৰ্হি সংশ্লেষণ কৰিছে। এই অণুৱে স্বাভাৱিক কোষৰ ওপৰত বিৰূপ প্ৰভাৱ নেপেলোৱাকৈ কেন্‌ছাৰ কোষ ধ্বংস কৰিব পাৰে। অণুবিধৰ নাম ৰখা হৈছে 'ডিছাৰিব’ (Disarib)। ই কেন্‌ছাৰ কোষে প্রস্তুত কৰা ‘BCL-2” প্ৰ’টিনৰ সৈতে সংযোজিত হয়। দেখা গৈছে যে কেন্‌ছাৰ কোষত মাত্ৰাধিক পৰিমাণে এই প্ৰ’টিন উৎপন্ন হয়। স্বাভাৱিক কোষত এই প্ৰ’টিনৰ তেনেই সামান্য। সেইবাবে ডিছাৰিবে স্বাভাৱিক কোষ এৰি কেন্‌ছাৰ কোষৰ সৈতে সংযোজিত হয়। এটা কোষৰ ভিতৰত সন্তুলিত মাত্ৰাৰ দুবিধ প্ৰ’টিন থাকে। এবিধে কোষৰ মৃত্যু প্রক্রিয়া নিয়ন্ত্রণ কৰে। আনবিধে কোষৰ মৃত্যু প্রক্রিয়া নিস্ক্রিয় কৰে। প্রটিন দুবিধ হ’ল “BAX” আৰু “BAK"।

বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্রতিষ্ঠানৰ জৈৱ ৰসায়ন বিভাগৰ সতীশ ৰাঘবনৰ নেতৃত্বত এদল বিজ্ঞানীয়ে প্রদর্শন কৰে যে ডিছাৰিবে ‘BCL-2” আৰু কোষৰ মৃত্যুৰ সৈতে জড়িত ‘BAK' প্ৰ'টিনৰ ক্রিয়া ব্যাহত কৰি কেন্‌ছাৰ কোষ ধ্বংস কৰে।

ডিছাৰিব হ’ল আঠ বছৰীয়া সহযোগিতামূলক গৱেষণাৰ ফচল। ২৪ জন গৱেষকৰ আঠটা দলে বিভিন্ন গৱেষণাগাৰত নিৰৱচ্ছিন্ন গৱেষণা কৰিছিল। কেন্‌ছাৰ কোষ ধ্বংসকাৰী আন এবিধ অণু হ’ল ‘BCL-2” অৱদমনকাৰী ‘ABT 199”। এই অণু আমেৰিকাৰ খাদ্য আৰু ঔষধি প্রশাসন (FDA)ৰ দ্বাৰা অনুমোদিত। এইবিধ অণুৰ কেতবোৰ পাৰ্শ্বক্রিয়া আছে, যিবোৰ ডিছাৰিবৰ ক্ষেত্ৰত পৰিলক্ষিত নহয়। অৱশ্যে সকলোবোৰ কেন্‌ছাৰৰ ক্ষেত্ৰত ডিছাৰিব ফলপ্রসূ নহয়। কেতবোৰ কেন্‌ছাৰ কোষে সামান্য মাত্রা ‘BCL-2” উৎপাদন কৰে। উদাহৰণস্বৰূপে স্তন কেন্‌ছাৰ, সঞ্চিত মায়েলয়ড লিউকেমিয়া আৰু জৰায়ুমুখৰ কেন্‌ছাৰ।

ভাৰতীয় বিজ্ঞান প্রতিষ্ঠানৰ জৈৱ ৰসায়ন বিভাগৰ সুপ্রিয় ৱৰ্টকৰ মতে প্রায়বোৰ কেন্‌ছাৰৰ ক্ষেত্ৰত ডিছাৰিব ব্যৱহাৰ কৰি সুফল পোৱা গৈছে। তেওঁ কৈছে, বিভিন্ন জন্তুৰ শৰীৰত এইবিধ অণুৰ পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। লগতে মানৱদেহৰ কেন্‌ছাৰ কোষৰ ওপৰতো যথেষ্ট পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। দেখা গৈছে যে প্ৰতিটো ক্ষেত্ৰত ডিছাৰিবৰ কার্যকাৰিতা প্রতিষ্ঠিত হৈছে। কেন্‌ছাৰ কোষৰ মৃত্যু হৈছে আৰু টেমুনাৰ (Tumour) আকাৰ হ্ৰাস হৈছে। এই কথাও প্রতিষ্ঠিত হৈছে যে ‘ABT 199”- ৰ তুলনাত ডিছাৰিবৰ বিষক্রিয়া (Toxicity)ৰ মাত্রা নিচেই কম মাত্ৰাৰ।

সাংশ্লেষিক কোমল ৰেটিনা

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে এবিধ সাংশ্লেষিক কোমল ৰেটিনা প্রস্তুত কৰি উলিয়াইছে। এই ৰেটিনা প্রায় প্রাকৃতিক ৰেটিনা সদৃশ। আশা কৰা হৈছে, এই ৰেটিনা সংৰোপণ কৰি মানুহৰ চকুৰ ধ্বংসপ্রাপ্ত ৰেটিনাৰ ফলপ্রসূ চিকিৎসা কৰিব পৰা যাব। অদ্যৱধি কঠিন দ্রব্য ব্যৱহাৰ কৰি কৃত্রিম ৰেটিনা প্রস্তুত কৰা হৈছিল। কিন্তু ই প্রাকৃতিক ৰেটনাৰ নিচিনা কোমল নহয় বাবে অৱশেষত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল। আনকি চকুত খাৰিবন্ধনো (Scarring) হৈছিল | সম্প্রতি প্রস্তুত কৰা ৰেটিনাখন কোমল আৰু জলভিত্তিক। গতিকে প্রাকৃতিক ৰেটিনাসদৃশ ই কোনো বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি নকৰে।

ৰেটিনাখন চকুৰ পিছফালে থাকে। তাত কেতবোৰ বিশেষ প্ৰ’টিন কোষ থাকে। এই প্ৰ'টিনে পোহৰক বিদ্যুৎ সংকেতলৈ ৰূপান্তৰিত কৰে আৰু স্নায়ুৰ জৰিয়তে মগজুলৈ প্ৰেৰণ কৰে। এই সংকেত মগজুৱে বিশ্লেষণ কৰি এখন ছবিৰ সৃষ্টি কৰে। এইদৰেই আমি দেখো। ৰেটিনা ধ্বংসপ্রাপ্ত হ’লে আমাৰ দৃষ্টিশক্তি বিকল হয়।

সাংশ্লেষিক নতুন ৰেটিনাখন কোমল পানীৰ টোপাল (Hydrogel) আৰু জৈৱিক কোষ আৱৰণী প্ৰ’টিন ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। এই ৰেটিনাৰ বিশেষ কোনো বিৰূপ প্রতিক্রিয়া নাই।

লিখক: ডা: জীৱন দত্ত বৰুৱা, দৈনিক জনমভূমি।

 

 

3.13793103448
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top