মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি পকোৱা ফলৰ স্বাস্থ্যৰ ওপৰত পৰা অপকাৰী প্ৰভাৱ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি পকোৱা ফলৰ স্বাস্থ্যৰ ওপৰত পৰা অপকাৰী প্ৰভাৱ :

কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি পকোৱা ফলৰ স্বাস্থ্যৰ ওপৰত পৰা অপকাৰী প্ৰভাৱৰ বিষয়ে লিখা হৈছে ।

 

এতিয়া বজাৰ সুন্দৰকৈ পকা আম, কল, লিচু আৰু অন্য ফলেৰে উভৈনদী হৈ পৰিছে। এনেয়ে গৰমৰ দিন অহাৰ লগে লগে অসমত ভালেসংখ্যক পকা ফল পোৱা যায়। আগৰ দিনত বজাৰত কেৱল প্ৰাকৃতিকভাৱে পকা ফলহে কিনিবলৈ পোৱা গৈছিল।

কিন্তু যোৱা এটামান দশকৰ আগৰে পৰা কৃত্ৰিকভাৱে পকোৱা ফলেৰে বজাৰবোৰ ভৰি থকা হ’ল। কিন্তু যোৱা এটামান দশকৰ আগৰে পৰা কৃত্ৰিমভাৱে পকোৱা ফলেৰে ফলমূলৰ বজাৰবোৰ ভৰি থকা হ’ল আৰু তেনেধৰণৰ সমানকৈ পকা ফলকে আমি গ্ৰাহকবোৰে কিনি আনি নিজৰ ল’ৰা-ছোৱালীক খুৱাঁও বা নিজেও খাওঁ।

কৃত্ৰিমভাৱে ফল পকোৱাৰ একমাত্ৰ উপায় হ’ল কেঁচা বা কুহুমীয়া ফল কাটি বা ছিঙি আনি একোটা বন্ধ কুঠৰীত জমা কৰি কেলচিয়াম কাৰ্বাইড নামৰ এবিধ বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ পৰা ওলোৱা গেছ প্ৰয়োগ কৰি মাত্ৰ এটা ৰাতিৰ ভিতৰতে গোটেই ফলখিনি পকাই পেলোৱা হয় আৰু এই উপায়ে পকোৱা ফল পিছদিনা পুৱাতে ফলমূলৰ দোকান পায়গৈ।

এইবিধ ৰাসায়নিক দ্ৰব্যৰ প্ৰভাৱত কল, আম আদি যিবোৰ ফল পকোৱা হয়, সেইবিলাক ফলৰ ৰং সম্পূৰ্ণ প্ৰাকৃতিক আৰু সমানে পকাৰ দৰে। এনেধৰণৰ পকা ৰং দেখি গ্ৰাহকসকল সহজে আকৰ্ষিত হয় আৰু সেই কাৰ্বাইড গেছেৰে পকোৱা ফলৰ বিষাক্ত প্ৰভাৱৰ কথা ভাবিবলৈ সমূলি অৱকাশেই নেপায়।

কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি কৃত্ৰিমভাৱে পকোৱা ফলৰ অপকাৰী প্ৰভাৱৰ বিষয়ে আপুনি জানেনে? এনে ধৰণেৰে পকোৱা ফল খোৱাৰ আগতে ল’ব লগা সাৱধানতাৰ বিষয়ে আপুনি সজাগ নে? এই বিষয়ে কিছু কথা আমি এই চুটি প্ৰবন্ধটিৰ যোগেদি আলোচনা কৰিবলৈ লৈছো।

ফল পকোৱাটো এটা প্ৰাকৃতিক জীৱতাত্ত্বিক প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰকৃতিয়ে ফলবিলাক খোৱাৰ উপযোগী, পুষ্টিকাৰক আৰু সোৱাদযুক্ত কৰি তোলে। কিন্তু আজিকালি মানুহৰ ইমানেই খোৱাৰ বা ধন ঘটাৰ হেঁপাহ বৃদ্ধি পালে যে প্ৰাকৃতিক উপায়েৰে ফল পকিব বা সময় খৰচ কৰাৰ বাবে অপেক্ষা কৰাৰ আহৰি নাইকিয়া হ’ল।

সেয়ে ফলবিলাক ভালদৰে পূৰঠ হৈ গছতে পকিবলৈ দিয়াৰ সলনি অপৈণত অৱস্থাতে গছৰ পৰা পাৰি আনি অসাধু ব্যৱসায়ী বা দালালে কৃত্ৰিম উপায়েৰে কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি পকোৱাৰ বেছি সোনকালে আৰু সমানে পকে। এনেদৰে কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি পকোৱা ফলৰ ভিতৰত আছে-

*আম,

*কল,

*অমিতা,

*চাপোতা বা চিকু,

*খেজুৰ আৰু

*বিলাহী।

এই ফলবিলাক এই প্ৰক্ৰিয়াৰে স্বাভাৱিক বৰণ ধৰি খাব পৰা হৈ সমানে পকে ঠিকেই কিন্তু এই ফলবিলাক খালে মানুহৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি পকোৱা ফলৰ পৰা হ’ব পৰা স্বাস্থ্যৰ সমস্যা আৰু সেইবিলাক বিপদৰ পৰা ৰক্ষা পোৱাৰ বা ল’বলগা সাৱধানতাৰ বিষয়ে আমাৰ পঢ়ুৱৈ সমাজক সজাগ কৰাৰ উদ্দেশ্যে এই প্ৰবন্ধটি আগবঢ়োৱা হৈছে।

প্ৰাকৃতিকভাৱে পকা ফল:

ফলবোৰ প্ৰাকৃতিকভাৱে পকিলে বেছি সুস্বাদু আৰু সুগন্ধিযুক্ত হৈ পৰে আৰু সকলোৱে খাবলৈ মন যোৱাকৈ লোভনীয় হৈ পৰে। ফল এটা পকাৰ লগে লগে কোমল হৈ পৰে আৰু সোৱাদযুক্ত হয়। ইয়াৰ তিতা, কেহা বা টেঙা গুণ হ্ৰাস পায়, ফলটোৰ উপৰিভাগৰ লগতে ভিতৰৰ শাহটোৰ বৰণো লোভনীয় হৈ পৰে। অৱশ্যে বতৰৰ ফলবিলাক ছিঙি অনাৰ পিছতহে পকিবলৈ আৰম্ভ কৰে। এনে কিছুমান ফল হ’ল-

*আম,

*আপেল,

*কল,

*তৰমুজ,

*খুবানী(এপ্ৰিকট) আৰু

*অমিতা আদি।

সকলো বতৰতে হোৱা ফলবিলাক অৱশ্যে গছতে পকে আৰু সেয়ে এনেবিলাক ফলৰ সংৰক্ষণ কাল যথেষ্ট চুটি হয়। কাৰণ সেইবিলাক ফল কেৱল পকাৰ পিছতহে চপোৱা হয়। এনেধৰণৰ ফলৰ ভিতৰত আছে-

*আঙুৰ,

*সুমথিৰা,

*জাতীয় টেঙা ফল,

*ষ্ট্ৰবেৰি আৰু

*নুনি আদি ফল।

ফল এটা পকাৰ প্ৰক্ৰিয়াত ইয়াৰ এনজাইমৰ ভাঙোন আৰু পৰিচেকাৰাইড(শৰ্কৰা) নামৰ উপাদানবিলাকৰ হাইড্ৰ’লাইচিছ হয়। হাইড্ৰলাইচিছ প্ৰক্ৰিয়াত ‘ষ্টাৰ্চ’(শৰ্কৰা) ভাঙি গৈ ক্ষুদ্ৰ আকাৰৰ ফ্ৰুক্টে’জ গ্লু’কজ আৰু চুক্ৰ’জ আদিলৈ ৰূপান্তৰিত হয়।

ফল পকোৱা কাৰকবোৰ:

ফল পকোৱাত ব্যৱহাৰ কৰা দ্ৰব্যবোৰে আধা পকা অৱস্থাতে ছিঙি অনা ফলবোৰ পকোৱা প্ৰক্ৰিয়া খৰতকীয়া কৰে। এই ৰাসায়নিক দ্ৰব্যবোৰে ইথাইলিন গেছ নিৰ্গত কৰে আৰু এইবিধ গেছ সচৰাচৰ ব্যৱহাৰ্য এবিধ কাৰক। কলৰ ঠোকবোৰ পূৰঠ হোৱাৰ পিছত টান আৰু কেঁচা সেউজীয়া হৈ থাকোতেই চপাই আনি দূৰ-দূৰণিলৈ সৰবৰাহ কৰা হয়। লক্ষ্যস্থানত উপনীত হোৱাৰ পিছত কলবিলাক পকাৰ বাবেই ইথাইলিন গেছ প্ৰয়োগ কৰা হয়।

ইথাইলিন গেছ ৰাসায়নিক দ্ৰব্যৰ পৰা ঘটকীয় উৎপাদন কৰি এই গেছৰ পৰিমাণ প্ৰয়োজন অনুসৰি নিয়ন্ত্ৰণ কৰিবলৈ ইথাইলিন সংবেদক যন্ত্ৰ ব্যৱহাৰ কৰা হয়। অৱশ্যে কেলচিয়াম কাৰ্বাইড নামৰ ৰাসায়নিক দ্ৰব্যবিধ আটাইতকৈ বেছি মাত্ৰাত কৃত্ৰিমভাৱে ফল পকোৱাত সহায় কৰে।

কৃত্ৰিমভাৱে পকোৱা ফল -

অসংপৃক্ত হাইড্ৰ’কাৰ্বন ইথাইলিন আৰু এচিটাইলিনে ফল পকোৱা কাৰ্য তৰান্বিত কৰে আৰু ফলবিলাকৰ বাকলিৰ ওপৰত এক প্ৰসাধনীয় বৰণ দিয়ে। ইয়াৰ ফলত ফলবোৰ দেখাত প্ৰাকৃতিকভাৱে পকা যেন দেখায়।

অৱশ্যে এনেদৰে পকোৱা ফলবোৰৰ অন্তৰ্নিহিত গুণবোৰ, যেনে- স্বাদ, গোন্ধ, স্পৰ্শ আৰু দেখাত ভালেখিনি অৱনতি ঘটে। সাধাৰণতে খেতি বা বাগিচাৰ পৰা চপাই অনা ফলবোৰ অশিক্ষিত কৰ্মীয়ে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি কৃত্ৰিমভাৱে পকাবলৈ লয়।

তেওঁলোকে পকাবলৈ অনা ফলবোৰ কিমান পূৰঠ হৈছে আৰু সংগৃহীত ফলবোৰ পকাবলৈ প্ৰকৃততে কিমান পৰিমাণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে, সেই বিষয়বোৰ নিশ্চিত কৰিব নোৱাৰে আৰু সেই কাৰণে ফলবোৰ প্ৰয়োজন মতে পকাৰ বৰণ ধৰাবলৈ প্ৰয়োজন হোৱাতকৈ বেছি মাত্ৰাত তেনে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে।

ফল পকাবৰ বাবে ব্যৱহাৰ কৰা কেলচিয়াম কাৰ্বাইড -

আটাইতকৈ বেছি ব্যৱহৃত হোৱাব ফল পকোৱা দ্ৰব্যৰ ভিতৰত কেলচিয়াম কাৰ্বাইড অন্যতম। এইবিধ দ্ৰব্যক ব্যৱহাৰ কৰোঁতাই ‘মছলা’ বুলিও কয়। ই এবিধ ৰাসায়নিক যৌগ আৰু ইয়াক ঔদ্যোগিক মাত্ৰাত বাণিজ্যিক ভিত্তিত ইলেকট্ৰিক চুলাত চূণ আৰু ক’কৰ মিশ্ৰণ গৰম কৰি প্ৰস্তুত কৰা হয়।

এইবিধ যৌগৰ পৰা এচিটাইলিন গেছ উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইবিধ দ্ৰব্যৰ কেইবাটাও প্ৰযুক্তিগত শ্ৰেণীত বজাৰত কিনিবলৈ পোৱা যায়। এইবিলাকত ৮০-৮৫ শতাংশ কেলচিয়াম কাৰ্বাইড থাকে।

এইবিলাক মাটীয়া ৰঙৰ চপৰা বা টুকুৰা মাটীয়া ৰঙৰ চপৰা বা টুকুৰা হিচাপে বজাৰত পোৱা যায়। ইয়াত যথেষ্ট পৰিমাণ আদ্ৰৰ্তা থাকে আৰু প্ৰযুক্তিগত শ্ৰেণীৰ কেলচিয়াম কাৰ্বাইডৰ পৰা নহৰুৰ দৰে গোন্ধ ওলায়। পানীত জুবুৰিয়াই ৰাখিলে কেলচিয়াম কাৰ্বাইডে এচিটাইলিন গেছ এৰি দিয়া আৰু এই গেছেই ফলবোৰ পকায়। এইবিধ গেছে ফলৰ ওপৰত ইথাইলিন গেছৰ দৰেই কাম কৰে।

অৱশ্যে এনেদৰে উৎপাদন কৰা এচিটাইলিন গেছত আৰ্চেনিক আৰু ফচফৰাচ হাইড্ৰাইডৰ কণিকা মিহলি হৈ থাকে আৰু এইবিলাকক গেছৰ অশুদ্ধি বা অপদ্ৰব্য বুলি ধৰা হয়।

এই অশুদ্ধি দ্ৰব্যৰ ক্ষুদ্ৰ কণিকাবিলাকেই মানুহৰ শৰীৰত বিষাক্ত প্ৰতিক্ৰিয়া কৰাৰ বাবে দায়ী। কেলচিয়াম কাৰ্বাইড প্ৰধানকৈ শৰীৰৰ ছাল ক্ষয় কৰিব পৰা অতি ভয়াৱহ ৰাসায়নিক দ্ৰব্য।

আৰ্চেনিক ফচফৰাছৰ বিষাক্ত প্ৰতিক্ৰিয়াৰ প্ৰাৰম্ভিক লক্ষণবিলাকৰ ভিতৰত -

১)ডায়েৰিয়া(লগত তেজ যাবও পাৰে বা নেযাবও পাৰে),

২)বমি,

৩)পিয়াহ লগা,

৪)দুৰ্বলতা,

৫)পেট আৰু বুকুত জ্বলা-পোৰা কৰা,

৬)খাদ্য গিলাত অসুবিধা পোৱা,

৭)ছাল আৰু চকুৰ খচখপনি বা পোৰণি অনুভৱ কৰা,

৮)ডিঙিত খচলহচনি অনুভৱ কৰা,

৯)কাহ,

১০)উশাহ চুটি হোৱা আৰু

১১)ছালত ঘা হোৱা।

কেলচিয়াম কাৰ্বাইড দি পকোৱা ফল খালে পেটৰ অসুখ হ’ব পাৰে। ফল খোৱাৰ পিছত পাকস্থলীত সৃষ্টি হোৱা খাৰুৱা দ্ৰব্যই পাকস্থলীৰ শ্মেষ্মা আৱৰণ ক্ষয় নিয়ায় আৰু তাৰ ফলত পাচন প্ৰক্ৰিয়া ব্যাহত হ’ব পাৰে।

এইবিধ বিষাক্ত গেছ ব্যৱহাৰ কৰি পকোৱা ফল সেৱনৰ পৰিণতিত স্নায়ুতন্ত্ৰৰ বিকাৰো আৰম্ভ হ’ব পাৰে আৰু দীঘলীয়া সময়ৰ বাবে শৰীৰৰ তেজ আৰু কোষকলালৈ অক্সিজেনৰ যোগান কম হ’ব পাৰে।

ফলত মূৰৰ বিষ, মূৰ ঘূৰণি, মানসিক অস্থিৰতা, মানসিক দ্বিধাগ্ৰস্ততা, স্মৃতিশক্তি হ্ৰাস, মাত্ৰাধিক তৰল দ্ৰব্য জমা হোৱাৰ ফলত মগজু ফুলি উঠা(Cerebral Oedema), টোপনি নোহোৱা আৰু অচেতন হৈ পৰা আদি লক্ষণে দেখা দিব পাৰে।

কেলচিয়াম কাৰ্বাইডৰ কেন্সাৰ সৃষ্টি কৰিব পৰা দোষো আছে।

প্ৰাকৃতিকভাৱে পকা ফল কেনেকৈ চিনি পাব:

*গছত পকা বা ছিঙি অনাৰ পিছত নিজে নিজে পকা ফলৰ বৰণ চকুত লগা হয়। কিন্তু গোটেই থোৱা সকলো ফল একেলগতে সমানে নপকে।

*প্ৰতিটো ফলৰ ওজন ভাল হয়।

*ফলৰ স্বাভাৱিক সুগন্ধ অটুট থাকে।

*ফলৰ গঠন স্বাভাৱিক হয়।

*সোৱাদ-মিঠা আৰু সন্তোষজনক হয়।

*সাঁচি থ’লে কেইবাদিনলৈকে ৰাখিব নোৱাৰি। দুই তিনিদিনৰ পিছতে ফলটোৰ বাকলিৰ ওপৰত ক’লা সৰু সৰু দাগ পৰে।

ল’বলগা সাৱধানতা:

*সবাতোকৈ ভাল সাৱধানতা হ’ল- কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি পকোৱা বুলি জানিলে তেনে ফল নিকিনিব।

*তেনেদৰে পকোৱা ফল কেতিয়াবা আনিব লগা হ’লেও, খোৱাৰ আগতে সেই ফলবোৰ একেৰাহে কিছু সময় বৈ থকা পানীৰে ভালদৰে ধুব, যাতে বাকলিত লাগি থকা ৰাসায়নিক কণিকাবোৰ পৰিষ্কাৰ হৈ যায়।

*আম আৰু আপেলৰ দৰে ফলবোৰ গোটাকৈ ভালদৰে ধুই লৈ গোটে গোটে কামুৰি খোৱাতকৈ আগতে চকল চকলকৈ কাটি লওক।

*যেতিয়া দূৰ সম্ভৱ হয়, খোৱাৰ আগতে ফলবিলাকৰ বাকলি গুচাই লওক।

কেলচিয়াম কাৰ্বাইড কল আৰু অন্যান্য ফল পকাবলৈ ব্যৱহাৰ কৰাটো কিমান বিপজ্জনক?

কেলচিয়াম কাৰ্বাইডৰ যিহেতু বিষাক্ত আৰ্চেনিক আৰু ফচফৰাচৰ কণিকা থাকে, সেয়ে এইবিধ ৰাসায়নিক যৌগ মানুহৰ শৰীৰৰ কাৰণে অতি বিপজ্জনক। পৃথিৱীৰ বহুতো দেশত এইবিধ দ্ৰব্য নিষিদ্ধ কৰা হৈছে যদিও ভাৰত, বাংলাদেশ, নেপাল, পাকিস্তান আৰু অন্যান্য ভালেমান দেশত এইবিধ দ্ৰব্য মুকলিকৈ বিক্ৰী হয় আৰু ব্যৱহাৰো মুকলিকৈ হৈ আছে।

সেয়ে ভাৰতীয় লোকসকলে এইবিধ দ্ৰব্য ব্যৱহাৰ কৰি পকোৱা ফল খাই থকাৰ কাৰণেই হ্ৰস্বকালীন স্বাস্থ্য সমস্যাত ভোগাৰ ব্যাপক অংশকাৰ মাজত থাকিব লগা হৈছে।

কেলচিয়াম কাৰ্বাইডেৰে(CaC2) কম পৰিমাণে ইথাইলিন গেছ সহজ পদ্ধতিৰে উৎপাদন কৰিব পাৰি আৰু গেছ ব্যৱহাৰ কৰি কল, আম অমিতা, প্লাম আদি ফল পকাব পাৰি। কেলচিয়াম কাৰ্বাইডৰ পৰা নিৰ্গত হোৱা ইথাইলিন গেছৰ গাঢ়তা ৩৩ শতাংশতকৈ বেছি হ’লেহে মানুহৰ স্বাস্থ্যৰ বাবে বিপজ্জনক হয়গৈ।

এই পৰিমাণৰ গাঢ়তা যুক্ত ইথাইলিন গেছ প্ৰকৃত কামত ব্যৱহাৰ নহয়। কিন্তু ইয়াৰ লগত মিহলি হৈ থকা অপদ্ৰব্য আৰ্চেনিক আৰু ফচফৰাচ হাইড্ৰাইড মানুহৰ স্বাস্থ্যৰ বাবে অতি বিপজ্জনক।

বিষক্ৰিয়াৰ প্ৰাৰম্ভিক লক্ষণ -

আৰ্চেনিক আৰু ফচফৰাচৰ বিষক্ৰিয়াৰ প্ৰাৰম্ভিক লক্ষণবিলাক হৈছে-

*বমি,

*ডায়েৰিয়া(তেজ সহ বা তেজ অবিহনে) বুকু আৰু পাকস্থলীৰ পোৰণি,

*পিয়াহ ল’গা,

*দুৰ্বলতা,

*খাদ্য,

*খাদ্যবস্তু গিলাত অসুবিধা পোৱা,

*চকু আৰু ছালত অস্বস্তি বা পোৰণি,

*মুখৰ ভিতৰত বা নাকত জ্বলা-পোৰা কৰা বা খচখচাই থকা ইত্যাদি।

এইবিলাকৰ উপৰি ডিঙি খচখচাই থকা, কাহ আৰু উশাহ লওঁতে হো হো শব্দ হৈ থকা আৰু উশাহ চুটি হোৱা আদি লক্ষণ গেছৰ সংস্পৰ্শলৈ অহাৰ লগে লগে দেখা দিব পাৰে। দীৰ্ঘসময় ধৰি এই গেছৰ সংস্পৰ্শত থাকিলে হাওঁফাওঁত তৰল দ্ৰব্য জমা হ’ব পাৰে।

কৃত্ৰিমভাৱে পকোৱা আম খালে পেটৰ অসুখ হ’ব পাৰে, কাৰণ এই গেছত থকা খাৰুৱা উপাদানে পাকস্থলীৰ শেষ্মা আৱৰণ ক্ষয় নিয়াব পাৰে আৰু পাকস্থলীৰ কাম-কাজত ব্যাঘাত জন্মাব পাৰে। বেছি দিনলৈ এই গেছৰ সংস্পৰ্শত থাকিলে সংস্পৰ্শত থাকিলে চকু দুটাও স্থায়ীভাৱে নষ্ট হৈ যাব পাৰে আৰু ছালৰো ক্ষতিসাধন হৈ ঘা হ’ব পাৰে।

কেলচিয়াম কাৰ্বাইড(CaC2) উৎপাদন কৰা ইথাইলিন গেছ প্ৰায় এচিটাইলিন গেছৰ সৈতে একে। এইবিধ গেছে স্নায়ুতন্ত্ৰৰ যোগানৰ পৰিমাণ হ্ৰাস পাব পাৰে। শেহতীয়াকৈ কাৰ্বাইড বিষক্ৰিয়াৰ ফলত-

*মূৰৰ বিষ,

*মূৰ ঘূৰণি,

*মানসিক অৱস্থাৰ সলনি হোৱা,

*টোপনি নোহোৱা,

*মানসিক বিভ্ৰান্তি,

*স্মৃতিশক্তি হ্ৰাস,

*মগজুৰ ভিতৰভাগ ফুলি উঠা আৰু অচেতন হৈ পৰা আদি লক্ষণো দেখা পোৱা গৈছে।

এনেধৰণৰ ফল খালে কোনো লোকৰে এলাৰ্জি নহ’ব পাৰে, কিন্তু কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি পেলোৱা ফল খালে কিছু লোকৰ এলাৰ্জিয়ে দেখা দিব পাৰে।

কেলচিয়াম কাৰ্বাইড এবিধ কেন্সাৰ সৃষ্টিকাৰক দ্ৰব্য বুলি সকলো সচেতন লোকেই জানে। কিন্তু এইবিধ দ্ৰব্য ভাৰতত নিষিদ্ধ ঘোষণা কৰা আছে যদিও অসাধু ব্যৱসায়ীসকলে ফল পকাবৰ বাবে অবাধে ব্যৱহাৰ কৰি আছে।

ইয়াৰ প্ৰকান কাৰণ হ’ল- ফলবোৰ পকাবলৈ কম সময়ৰ প্ৰয়োজন হয়। স্বাভাৱিকভাৱে পকিবলৈ দিলে বেছি সময়, এসপ্তাহ পৰ্যন্ত লাগিব পাৰে।

কেলচিয়াম কাৰ্বাইড এবিধ কেন্সাৰ সৃষ্টিকাৰক দ্ৰব্য বুলি সকলো সচেতন লোকেই জানে। কিন্তু এইবিধ দ্ৰব্য ভাৰতত নিষিদ্ধ ঘোষণা পকাবৰ বাবে অসাধু ব্যৱসায়ীসকলে ফল পকাবৰ বাবে অবাধে ব্যৱহাৰ কৰি আছে। ইয়াৰ প্ৰধান কাৰণ হ’ল- ফলবোৰ পকাবলৈ কম সময়ৰ প্ৰয়োজন হয়। স্বাভাৱিকভাৱে পকিবলৈ দিলে বেছি সময়, এসপ্তাহ পৰ্যন্ত লাগিব পাৰে।

কেলচিয়াম কাৰ্বাইড মানুহৰ শৰীৰৰ সংস্পৰ্শলৈ আহিলে মানুহৰ ছালত এলাৰ্জি হ’ব পাৰে। ৰঙা চকলা উঠিব পাৰে আৰু পিছলৈ গৈ এইবিলাক ছালৰ কেন্সাৰৰোগলৈ ৰূপান্তৰিত হ’ব পাৰে। বজাৰত বিক্ৰী কৰা বেছিভাগ ফলেই যিহেতু এনে ধৰণৰ গেছ প্ৰয়োগ কৰি কৃত্ৰিম ভাবেই পকোৱা হয়, সেয়ে কিনি অনাৰ পিছত সকলো ফলেই ভালদৰে ধুই পাৰিলে বাকলি গুচাইহে খাব লাগে।

এনে ধৰণৰ বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ হ’ব লাগে। তেনে ব্যৱস্থা ল’লেহে কেন্সাৰ ৰোগৰ দৰে মাৰাত্মক ৰোগবিলাকৰ আশংকা নাইকিয়া হ’ব।

কেলচিয়াম কাৰ্বাইডৰ টুকুৰা পানীত জুবুৰিয়াই থ’লে এচিটাইলিন গেছ নিৰ্গত হয় আৰু সেইবোৰ পিছলৈ পানী মিহলি চূণলৈ ৰূপান্তৰিত হয়। এচিটাইলিন গেছ প্ৰাকৃতিক উদ্ভিদ হৰমোন ইথাইলিনৰ সৈতে প্ৰায় একে। এইবিধ হৰমোনে প্ৰাকৃতিকভাৱে ফলবোৰ পকায়।

সেয়ে ফল পকাবৰ বাবে এচিটাইলিন মাত্ৰাতহে প্ৰয়োজন হয়। সেয়ে কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰ কম মাত্ৰাত কৰিলে ফলবিলাকে বিষাক্ত গেছ শুহি লোৱাৰ অৱকাশ নাথাকে। অৱশ্যে বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে- এইখিনিতে এটা গুৰুত্বপূৰ্ণ বিষয় জড়িত হৈ আছে। বিষয়টো হ’ল- বাণিজ্যিক বা ঔদ্যোগিক ফাৰ্মত ব্যৱহাৰ যোগ্য কেলচিয়াম কাৰ্বাইডৰ গুণগত মানদণ্ড।

বাণিজ্যিক ভিত্তিত কেলচিয়াম কাৰ্বাইড প্ৰস্তুতকৰ্তা উদ্যোগবিলাকৰ সকলোৱে এই দ্ৰব্যবিধৰ গুণগত মানদণ্ড উন্নত কৰি ৰখাৰ ক্ষেত্ৰতো বৰকৈ মনোযোগ নিদিব পাৰে আৰু তাৰ ফলত তেওঁলোকে উৎপাদন কৰা কেলচিয়াম কাৰ্বাইডৰ কৰা কেলচিয়াম কাৰ্বাইডৰ লগত সীহ আৰু আৰ্চেনিক আদি গধুৰ ধাতুৰ যৌগ মিহলি হৈ উৎপাদিত কেলচিয়াম কাৰ্বাইড দূষিত হয় আৰু পানীত সহযোগত এচিটাইলিনৰ লগতে বিষাক্ত গেছ ‘ফছাজিন’(Phosgene) নিৰ্গত হয় আৰু এই গেছ পকিবলৈ দিয়া ফলে শুহি ল’ব পাৰে। তেনে ধৰণৰ ফল খালে মানুহৰ শৰীৰলৈ এই ফল সেৱনৰ ফলত মানুহৰ শৰীৰৰ কাৰণে এইটোৱেই আটাইতকৈ বিপজ্জনক কথা।

এনেধৰণৰ দ্ৰব্য ব্যৱহাৰ কৰি পকোৱা ফলৰ বৰণ প্ৰাকৃতিকভাৱে পকা ফলতকৈ বেছি উন্নত আৰু আকৰ্ষণীয় হয়, ইয়াৰ সোৱাদ আৰু সুগন্ধি কিছু পৰিমাণে কম হয়। বিশেষভাৱে ছিঙি অনা ফলবিলাক পূৰঠ হৈছে নে নাই, সেই কথাৰ প্ৰতি লক্ষ্য নকৰাকৈ আনি পকাবলৈ গেছ প্ৰয়োগ কৰা হয়, তেতিয়া ফলবিলাকৰ সোৱাদ আৰু গন্ধৰ তাৰতম্য ঘটে। তাৰোপৰি পূৰঠ নোহোৱা অৱস্থাতে ছিঙি অনা ফলবোৰত পকাবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যৰ পৰিমাণো পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা ৰাসায়নিকতকৈ যথেষ্ট বেছি দিন লগা হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top