অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেৰাটিন চিকিৎসা :

কেৰাটিন চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

কেৰাটিনৰ চিকিৎসা এক স্থায়ী হেয়াৰ স্মুথনিং পদ্ধতি, যি চুলিৰ ওপৰ অংশৰ কিউটিকেল কোমল কৰে। প্ৰদুষণ, সাঁতোৰ, শক্তিশালী ছেম্পুৰ ৰাসায়নিক দ্ৰব্য আদিয়ে চুলিৰ অপকাৰ কৰে। আমাৰ চুলি কেৰাটিনৰ দ্বাৰা প্ৰস্তুত হয়। ই একপ্ৰকাৰ প্ৰ’টিন। ই আমাৰ ছাল, চুলি আৰু নখ প্ৰস্তুত হয়। যদি কেৰাটিনৰ স্তৰ নষ্ট হয়, তেতিয়া চুলি ৰুক্ষ, নিষ্প্ৰাণ, পাতল হয়। কেৰাটিন স্তৰ নষ্ট হ’লে তেতিয়া চুলি ৰুক্ষ, নিষ্প্ৰাণ, পাতল হয়। কেৰাটিন নষ্ট হ’লে আন কোনো ষ্টাইলিছ পৰিচৰ্যাই কাম নকৰে। আৰু চুলি সৰাৰ সমস্যা বৃদ্ধি পায়।

কেৰাটিন চিকিৎসা লাভ -

*চুলি কেঁকোৰা হওক বা ৰং কৰা হওক বা কৃত্ৰিমভাৱে ষ্ট্ৰেইট কৰা হওক, সকলোৱে এই চিকিৎসা কৰিব পাৰে।

*সাধাৰণতে চুলিৰ ওপৰত চলোৱা যিকোনো পৰীক্ষাৰ পাছত চুলি বেয়া হয়। কিন্তু কেৰাটিনৰ চিকিৎসাই চুলি বেয়া নকৰে। যেতিয়া এই চিকিৎসাৰ প্ৰভাৱ কম হয়, তেতিয়া চুলি পুৰ্বৰ দৰে হৈ পৰে।

*এই চিকিৎসা কৰাৰ পাচত চুলিৰ ষ্টাইল কৰাটো সহজ হৈ পৰে। ষ্টাইলৰ কাৰণে অত্যধিক সামগ্ৰী ব্যৱহাৰৰ প্ৰয়োজন নাই।

গুৰুত্বপুৰ্ণ কথা -

*এই চিকিৎসা কৰাৰ পাছত চুলি ২ দিনলৈ খুলি ৰাখিব আৰু ৰ’দৰ পৰা বচাই ৰাখিব। চুলি যাতে সেমেকা নহয়। চুলি সেমেকা হ’লে জমা হৈ থকা প্ৰটিন ওলাই যায়।

*এমাহৰ পাছত কেৰাটিন স্পা ল’লে কেৰাটিনৰ প্ৰভাৱ দীৰ্ঘ সময়ৰ বাবে থাকে।

*চিকিৎসাৰ পাছত চুলিত কৃত্ৰিম কেৰাটিন লগাব। সংবেদনশীল ছালৰ মহিলাই ছাল আৰু চকুত এলাৰ্জীৰ সৃষ্টি কৰে।

*যদি চুলিত ৰং কৰে, তেন্তে চিকিৎসাৰ পুৰ্বে ৰং কৰিব।

*গৰ্ভৱতী মহিলাই চুলিত কোনোধৰণৰ চিকিৎসা নকৰাই ভাল। কিছুমান সামগ্ৰীত হানিকাৰক ফৰ্মালডিহাইড থাকে।

উৎস: দেওবৰীয়া সুকন্যা

3.11764705882
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top