মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ক্লান্তি বা অৱসাদ কেনেকৈ দূৰ কৰিব?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক্লান্তি বা অৱসাদ কেনেকৈ দূৰ কৰিব?

ক্লান্তি বা অৱসাদ কেনেকৈ দূৰ কৰিব?

পৰাতন ক্লান্তি হৈছে এবিধ শাৰীৰিক বা মানসিক বধিত অস্বস্তিকৰ অৱস্থা অথবা কৰ্মক্ষমতাৰ অভাৱ। সাধাৰণতে বহুদিন ধৰি অতিশয় পৰিশ্ৰম কৰাৰ ফলত অথবা শৰীৰক সঠিক মাত্ৰাত পুষ্টি যোগান ধৰিব নোৱাৰিলে এই ৰোগ হোৱা দেখা যায়। পিছে যি কাৰণতেই নহওক কিয় নিৰন্তৰ বা দীৰ্ঘদিনীয়া ক্লান্তিজনক ৰোগবিধক আপুনি অতি সহজেই আঁতৰাব পাৰে। তাৰ বাবে তলত উল্লেখ কৰা অতি সহজ-সৰল উপায়সমূহ আপুনি অৱলম্বন কৰিব লাগিব।

মন-মস্তিস্ক আৰু শৰীৰক সতেজ কৰি ৰাখক

পূৱে ধলফাটি দিয়াৰ লগে লগে শোৱা পাটি ত্যাগ কৰক আৰু খোজ কাঢ়িবলৈ ওলাই যাওক। নিতৌ ৩০ ৰ পৰা ৪৫ মিনিট ধৰি খোজ কাঢ়ক। এই খোজ কঢ়া কাৰ্য্যই শৰীৰৰ ক্ষয়ীমান শক্তিক উভতাই দিয়ে আৰু শৰীৰৰূপী ইঞ্জিনটোক জাগ্ৰত কৰে। এইকণ শাৰীৰিক ব্যায়ামেই হৈছে মানসিক আৰু শাৰীৰিক শক্তি প্ৰদানৰ প্ৰধান উৎস। দিনটোত যদি শৰীৰ নামৰ মন্ত্ৰটো আকৌ লেহেম হ’বলৈ ধৰে তেন্তে সন্ধিয়াৰ ফালে আকৌ ১০-১৫ মিনিট সময় ধৰি খোজ কাঢ়ক।

দিনটোৰ কাম সোনকালে আৰম্ভ কৰক

পুৱা শোৱা পাটি সোনকালে এৰাৰ অভ্যাস কৰক যাতে পুৱা ভাগৰ কাম কাজখিনি কৰিবলৈ পৰ্য্যাপ্ত সময় পায়। দিনৰ দিনটোত আপুনি যি কামেই নকৰক কিয় সময়ৰ নাটনিত পৰি প্ৰচুৰ চাপত কৰিবলৈ নল’ব। প্ৰত্যেক কামৰ বাবে আছুতীয়াকৈ সময় ৰাখিব। যেনে ধৰক ঘৰৰ পৰা অফিচলৈ যাওঁতে সময় লাগে ১০ মিনিট। আপুনি ১৫ মিনিট সময় হাতত ৰাখি যাত্ৰা কৰক। ৫ মিনিট ট্ৰেফিক জামৰ বাবে। এনেকৈ কাম কৰিবলৈ লোৱাৰ পাছতো যদি সময়ৰ নাটনিত পৰে তেন্তে আকৌ এবাৰ দিনটোত কৰিবলগীয়া কৰ্ম-আঁচনিখনত চকু ফুৰাওক। পৰ্য্যাপ্ত পৰিমাণে শুধৰাওক। অত্যাধিক হুৰ মুৰণিয়ে যথেষ্ট শক্তি আৰু কাৰ্য্যদক্ষতা নষ্ট কৰে। গতিকে কোনো কামতে হুৰ মূৰ নলগাব।

প্ৰত্যেকটো দিনৰ বাবে সুস্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰক

দিনটোত আপোনাৰ কৰিবলগীয়া কামসমূহ কি কি, তাৰ ভিতৰত মুখ্য কাম কোনকেইটা, সেইকেইটা কাম আপুনি কেনেকৈ সমাধা কৰিব ইত্যাদি আপুনি খৰচী মাৰি পুৱাই ঠিৰাং কৰি লওক। এইখিনি কাম কৰিবৰ নিমিত্তে নিতৌ পাঁচ মিনিট সময় পুৱা সোনকালে শোৱা পাটি এৰাৰ অভ্যাস কৰিব। ইয়াৰ বাবে পাঁচ মিনিট অতিৰিক্তকৈ খৰচ হ’ব যদিও দিনটোৰ কামখিনি কৰি আঁতৰাবলৈ যথেষ্ট আৰামদায়ক হ’ব। কাৰণ পুৱাই নিৰ্ধাৰণ কৰি লোৱা লক্ষ্যৰ বাবে কোনো ধৰণৰ খোকোজা নলগাকৈ আৰু মনলৈ সংকোচ ভাব ননাকৈ কামখিনি সমাধা কৰিব পাৰিব। দিনটোত যিখিনি কাম কৰিম বুলি লক্ষ্য স্থিৰ কৰি লৈছিল। সেইখিনি যদি সম্পূৰ্ণ নহয় বা ভবা মতে কামবোৰ সমাধান নহয় তেন্তে দুপৰীয়া বা আবেলি মানে পুনৰ নিৰীক্ষণ কৰি চাওক আৰু পুনৰ লক্ষ্য নিৰ্ধাৰণ কৰক। তথাপি যদি কাম সমাধা নহয় তেন্তে আপুনি নিজেই বুজিব তাৰ কাৰণ কি। আপুনি কৰা বা কৰিবলগীয়া কামৰ বাবে অন্যই নিৰ্দেশ দিব পৰাৰ সুযোগেই নিদিব। আপুনি সকলোকে সমানে সন্তুষ্ট কৰিব নোৱাৰিব পাৰে। সেইবাবে মূল কথাটো মনত ৰাখিব, কৰ্মদাতা মালিক হৈছে আপোনাৰ কামৰ গৰাকী যিয়ে আপোনাৰ সময়ৰ মূল্য দিয়ে।

সাধুতাই হৈছে উত্তম উপায়

আপুনি যদি কৰ্মঠ আৰু কৰ্মী হয় তেন্তে আপোনাৰ ওচৰলৈ কাম আহিবই। সকলো কামেই আপুনি গ্ৰহণ নকৰিব। কিমানখিনি কাম কৰিলে আপোনাৰ কঁকাল নাভাঙে, কোনকেইটা কাম আপুনি সহজে কৰিব পাৰে আৰু কেনে কামত দক্ষ সেয়া আপুনিহে ভালদৰে জানে। আৰু সেই মৰ্মেহেৰ কামবোৰ হাতত ল’ব। আপুনি যদি বিনম্ৰ আৰু কৰ্তব্যপৰায়ণ হয় তেন্তে সৰহ সংখ্যকলোকেই আপোনাক সহজেই বুজি পাব আৰু আপোনাক সেই গুণানুযায়ী আদৰ সন্মানো কৰিব। কেতিয়া কাক না, নহ’ব ক’ব লাগে সেয়া আপুনি ভালদৰে বুজিব লাগিব। একে সময়তে আপুনি যদি বহুত কাম হাতত লয় তেন্তে সেয়াই আপোনাৰ মূৰৰ বিষৰ কাৰণ হৈ পৰিব। কামৰ হেঁচাই আপোনাক ভাৰাক্ৰান্ত কৰি ৰাখিব।

স্পষ্টকৈ অগ্ৰাধিকাৰ ব্যক্ত কৰক

এক বিশেষ সময়ত এটা বিশেষ কামহে হাতত ল’ব। মোৰ বহুত কৰিবলগীয়া কাম আছে।  ক’ৰ পৰা কেনেকৈ আৰম্ভ কৰোঁ? কামবোৰ কেনেকৈ সমাধা কৰোঁ? বহু সময়ত এনেবোৰ অনাহুত দুচিন্তাৰ বাবেও আমি ক্লান্তিবোধ কৰিবলগীয়া হয়। কাৰণ আমি একে সময়ত অলেখ কাম হাতত লওঁ আৰু ভালকৈ এটাও সমাধান কৰিব নোৱাৰোঁ। ইয়াৰ পৰা হাত সৰাৰ উপায় কিন্তু অতি সৰল। আপুনি কৰিবলগীয়া কামবোৰৰ এখন তালিকা কৰক। তাৰ পৰা প্ৰাধান্য দিবলগীয়া কামবিধ বাছি উলিয়াওক আৰু সেই কামটো সম্পন্ন কৰিবলৈ উঠি-পৰি লাগক। তাৰ পাছত পুনৰ প্ৰাধান্য চাই কাম সম্পন্ন কৰক। তেনেকৈ কাম কৰিবলৈ ল’লে মস্তিস্কৰ একাগ্ৰতা অটুত থাকিব আৰু ভালকৈ কামটো পৰিপূৰ্ণ কৰিবলৈ মনতো সন্তোষ লাগিব।

গভীৰ নিশ্বাস লওক

আমাৰ ঋষি মুনিসকলে হাজাৰ হাজাৰ বছৰ ধৰি এই কৌশল প্ৰয়োগ কৰি আহিছে। ভাগৰ আৰু ক্লান্তি দূৰ কৰিবলৈ গভীৰ নিশ্বাস অতিকৈ লাভদায়ক। এনে গভীৰ নিশ্বাস লোৱাৰ প্ৰণালীও অতি সৰল। প্ৰথমতে মুখ আৰু নাকেৰে হাঁওফাঁওলৈ সুমুৱাই লোৱা বায়ুখিনি উলিয়াই দিয়ক। এতিয়া আপুনি মনতে ১ ৰ পৰা ১২ লৈ গণনা কৰি যাওক। গণনা আৰম্ভ কৰাৰ লগে লগে কেৱল নাকেৰে অতি ধীৰে ধীৰে বায়ু সুমুৱাই লওক। গণনা কৰি ১২ পোৱাৰ লগে লগে শ্বাস ল’বলৈ এৰক। তাৰ পৰিৱৰ্তে পুনৰ ১ ৰ পৰা ৬ লৈ গণনা কৰক আৰু এইখিনি সময়ত শ্বাস নল’বও, এৰিও নিদিব। তাৰ পাছত পুনৰ ১ ৰ পৰা ৬ লৈ গণনা কৰি যাওক আৰু লগে লগে শ্বাসৰ বায়ু বাহিৰলৈ উলিয়াই দিয়ক। এই প্ৰক্ৰিয়াটো এটা বৈঠকতে তিনিবাৰকৈ আৰু দিনটোৰ ভিতৰত যদি চাৰিবাৰলৈ কৰিব পাৰে তেন্তে ইয়াৰ পৰা আপুনি যথেষ্ট উপকাৰ পাব বুলি নিশ্চিত থাকক। এই সৰল আৰু তেনেই সাধাৰণ অনুশীলনটোৱে আপোনাক প্ৰাণৱন্ত সজীৱ আৰু সৰল কৰি ৰাখিব।

শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰক

বয়স অনুপাতে শৰীৰৰ ওজন কিমান হোৱা উচিত সেয়া নিৰ্ণয় কৰি লওক। ওজনৰ ঊৰ্ধসীমা কেতিয়াও অতিক্ৰম কৰিব নিদিব। কাৰণ অতিৰিক্ত প্ৰতি কিলোগ্ৰাম ওজনৰ নিমিত্তে আপুনি অতিৰিক্তকৈ ক্লান্তিৰ ভৰ সহিবলগীয়া হ’ব। গতিকে শৰীৰৰ ওজন নাবাঢ়োতেই তাক নিয়ন্ত্ৰণত ৰাখক।

সঠিক সময়ত খাওক

খোৱা লোৱাত অনিয়মীয়া নকৰিব। সদায় সঠিক সময়ত খাব। ভোক লগা মাত্ৰকে খাব-সিফালে সময়ৰ যিমানেই নাটনি নহওক কিয়। আপুনি যদি দীৰ্ঘসময় ধৰি নোখোৱাকৈ বা উপবাসে থাকে তেন্তে তেজত থকা চেনিৰ পৰিমাণ হ্ৰাস পাব। ফলত আপোনাৰ শাৰিৰীক শক্তিও সেই অনুপাতে কমি যাব।

খাদ্য বস্তু ভালকৈ চাওক

কৰিবলগীয়া কামৰ হেঁচা যদি বাঢ়ে তেন্তে আপুনি লঘু আহাৰ খাব। মনত ৰাখিব লঘু আহাৰ হ’লেও সেয়া পুষ্টিমান বিশিষ্ট আৰু সুষম খাদ্য হোৱা উচিত। আহাৰৰ লগতে প্ৰচুৰ পৰিমাণে সতেজ ফল-মূল, চালাড, কেঁচা পাচলি আদি খোৱাৰ অভ্যাস কৰিব। পিজা, আলুৰ টিক্কি, চামুছা চাওমিন আদি জাংক আৰু ফাষ্ট ফুড বেছিকৈ খালে পাকস্থলীলৈ তেজ বেছি মাত্ৰাত পৰিবাহিত হ’ব ধৰে। ফলত মস্তিস্কলৈ পৰিবাহী তেজৰ পৰিমাণ কমি যায়। যাৰ পৰিণামত ক্লান্তি অনুভৱ হয়। সেইবাবে কামৰ সময়ত এনে খাদ্যবোৰো পৰিহাৰ কৰিব লাগে।

টোপনিয়ে টনিকৰ কাম কৰে

নিতৌ নিশা ৬ ৰ পৰা ৮ ঘন্টালৈকে টোপনি মাৰিব। বহু নিশালৈকে সাৰে থকা আৰু উপযুক্ত টোপনিৰ অভাৱ অথবা পৰ্য্যাপ্ত পৰিমাণে টোপনি নমৰা কাৰ্য্যই স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে। সেই বুলি প্ৰয়োজনতকৈ অধিক সময় ধৰি টোপনি মৰাও বেয়া। প্ৰয়োজনকৈ বেছি সময় টোপনি মাৰিলে দিনটোৰ বেছিভাগ সময়ে মূৰটো গধুৰ গধুৰ যেন লাগিব, গোটেই দিনটো তন্দ্ৰাত ডুবি থাকিব লাগিব। দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত পোন্ধৰ মিনিটমান বিছনাত বাগৰ দিব পাৰে বা জিৰণি লোৱা ধৰণেৰে টোপনি মাৰিব পাৰে। এই তাৎক্ষণিক জিৰণিয়ে মন আৰু শৰীৰ সতেজ ৰখাত অত্যাশ্চৰ্য ফল প্ৰদৰ্শন কৰিব।

সদায় ধনাত্মক দিশটোহে চিন্তা কৰিব

সাকাৰত্মক বা ধনাত্মক চিন্তা চৰ্চা সম্পৰ্কে সম্প্ৰতি বজাৰত অলেখ মূল্যৱান গ্ৰন্থ পোৱা যায়। তেনে কেতবোৰ কিতাপ আপুনি পঢ়িবলৈ লওক। সেই অধ্যয়নৰ পৰাই শক্তিৰ বিশাল সাগৰখনৰ সম্ভেদ আপুনি নিশ্চয় পাব। আপোনাৰ মানসিক শক্তিৰ ভাণ্ডাৰ কিমান বিশাল সেয়া বুজিব পাৰিব আৰু অসম্ভৱকো সম্ভৱ কৰি তুলিবলৈ সাহস পাব। তাৰ পাছত দেখিব আপুনি ভবাৰ দৰে কামবোৰ আপোন আপুনি নিজগতিত হ’ব ধৰিছে।

সংগীতেৰে মনক ঝংকৃত কৰক

আপোনাৰ মনে বিচৰা ভাল সংগীত মাজে সময়ে শুনিবলৈ নাপাহৰিব। কাৰণ সংগীতেও মানসিক আৰু শাৰিৰীক দুখ ভাগৰ তথা ক্লান্তি পাতলাব পাৰে। সেইবাবে সময় সুবিধা পালেই সংগীত উপভোগ কৰক আৰু মনটোক পাতল তথা প্ৰাণ প্ৰাচুৰ্য্যৰে উজ্জীৱিত কৰি তোলক।

প্ৰচুৰ পৰিমাণে পানী খাওক

পানী হৈছে শক্তিদায়ক। সেইবাবে নিতৌ-প্ৰচুৰ পৰিমাণে পানী খাব। সময় সুবিধা পালে পানীৰে খেলিবও। পানী পূৰ্ণ বাথ-টাবত বহি ক্লান্তি দূৰ কৰিবলৈ প্ৰয়াস কৰক। সাঁতুৰিব যদি জানে তেন্তে মাজে মাজে নৈ বা পুখুৰীত সাঁতুৰক। সন্তৰণ এবিধ উৎকৃষ্ট মানৰ অনুশীলন।

পাৰে মানে হাঁহক

হাঁহি হৈছে মহৌষধ। সুবিধা পালেই হাঁহক আৰু আনকো হঁহুৱাওক। ভালকৈ হাঁহিব পৰাজনৰ শৰীৰ আৰু মন সকলো দিশৰ পৰা মুক্ত হৈ থাকে।

পৰিৱৰ্তিত সময়ৰ সৈতে খোজ মিলাওক

জীৱনটো যেতিয়া এক নিৰ্দিষ্ট নীৰস গতিত চলিব ধৰে য’ত কোনো নতুনত্ব বা উত্তেজনাই নাই তেতিয়াই ক্লান্তিয়ে আগুৰি ধৰে। সেয়ে জীৱনটোত সদায় নতুনত্বৰ সন্ধান চলাওক। পৰিৱৰ্তিত পৰিৱেশৰ সৈতে তাল মিলাই খোজ দিবলৈ শিকক। দেখিব সকলোফালে পোহৰেৰে মুখৰিত হৈ পৰিছে।

আনন্দ আৰু সন্তুষ্টিদায়ক কাম কৰক

যি কৰিলে মনে আনন্দ আৰু সন্তুষ্টি পায় তাকে কৰক। বন্ধুৰ ঘৰলৈ যাওক, কিতাপ পঢ়ক, পিকনিক খাব বা থিয়েটাৰ চাব যাওক, মুঠতে মনটোক ভাল লগাবলৈকো কিছু সময় খৰচ কৰক।

ছুটী বা বন্ধৰ আনন্দ লওক

গোটেই বছৰ বা মাহটো কামেই কৰিবনে? ওঁহো, সময় সুবিধা অনুযায়ী ছুটি বা বন্ধৰ দিনবোৰত দূৰ ভ্ৰমণ কৰিবলৈয়ো অভ্যাস কৰক। ভ্ৰমণৰ পৰাও শাৰীৰিক আৰু মানসিক দিশত যথেষ্ট উপকাৰ পোৱা যায়।

চিকিৎসকৰ পৰামৰ্শ ল’ব

আপুনি যদি নিয়মীয়াকৈ কোনো ধৰণৰ ঔষধ সেৱন কৰি আছে তেন্তে সেই ঔষধ নিৰন্তৰ ক্লান্তিবোধৰ বাবে দায়ী হয় নে নহয় সেয়া বুজি লওক। এন্টিহিষ্টামিনছ, এন্টিছাইকোটিকছ ছেভাটিভছ, ট্ৰাংকুইলাইজাৰ এনালজেকিছ আদিৰ দৰে ঔষধবোৰ বিভিন্ন ধৰণৰ লক্ষণ উৎপন্ন কৰিব পাৰে। সেয়ে দীৰ্ঘদিন ধৰি এনে ঔষধবোৰ সেৱন কৰিবলগীয়া হ’লে চিকিৎসকৰ পৰামৰ্শ বাঞ্চনীয়।

লিখক: ডা: ৰফিক আলী।

3.02083333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top