মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ক্ষতিগ্ৰস্ত ছালৰ পৰিচৰ্যা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক্ষতিগ্ৰস্ত ছালৰ পৰিচৰ্যা :

ক্ষতিগ্ৰস্ত ছালৰ পৰিচৰ্যাৰ বিষয়ে লিখা হৈছে ।

১) আমাৰ দেশত সূৰ্যৰ ৰশ্মি প্ৰখৰভাৱে পৰাৰ পলত আমাৰ ছানবাৰ্নৰ সমস্যাই দেখা দিয়ে । ছানবাৰ্ন নহ’বৰ বাবে ছানস্ক্ৰীনৰ ব্যৱহাৰ অতিকৈ প্ৰয়োজন । কিন্তু কিছু লোকেহে ইয়াক ব্যৱহাৰ কৰে । বহুতে ইয়াৰ ব্যৱহাৰ অপৰিহাৰ্য বুলি নাভাবে । তাৰ সলনি নিজৰ মুখখন বগা হোৱাৰ কথা বেছি ভাবি মুখত যিকোনো ক্ৰীম লগাই মুখখন ক’লা কৰে আৰু পখৰাও কৰে ।

২) কেতিয়াবা আমি আমাৰ ছালখন শুকান নে তেলেতীয়া নজনাকৈ যিকোনো ক্ৰীম বা প্ৰসাধন ব্যৱহাৰ কৰি আমাৰ ছালখন ক্ষতি কৰি পেলাওঁ, তৈলাক্ত ছালত বিভিন্ন ধৰণৰ ক্ৰীম, তেল ব্যৱহাৰ কৰি ছালত শালমইনা, ফলিবিউলাইটিছ’ চেবৰীয়া আদি ছালৰ সমস্যাই দেখা দিব পাৰে ।

৩) কেতিয়াবা দেখা যায় যে কিশোৰ-কিশোৰীসকলৰ মাজত ছাল সুন্দৰ কৰি ৰাখিবলৈ মুখত কিছুমান ষ্টেৰয়ড’জাতীয় মলম ব্যৱহাৰ কৰে । এনে মলম বহুত দিন ধৰি ব্যৱহাৰ কৰি থাকিলে এটা সময়ত মুখৰ ছালখনত বলিৰেখা পৰে ।

৪) কেতিয়াবা কিছুমান লোকে ডায়েটিং কৰিবলৈ যাওঁতে সঠিক আৰু স্পষ্ট ধাৰণাৰ অভাৱত কিছুমান ভিটামিনৰ অভাৱত ভুগিবলৈ ধৰে । কেতিয়াবা ভিটামিন বা প্ৰ’টিন, মিনাৰেল আদিৰ অভাৱ ঘটি ছাল নষ্ট হ’ব পাৰে ।

৫) বৰ্তমান যুগত মহিলা, গাভৰু, পুৰুষসকলেও কৰ্মব্যস্ততাৰ বাবে জিৰণি ল’বলৈকো সময় নাপায় । যাৰ ফলত ছাল-চুলি ৰুক্ষ-অনুজ্জ্বল হৈ পৰা দেখা যায় । বেছিভাগ মহিলাই সৌন্দৰ্য চৰ্চাৰ নামত আধা ঘণ্টা জিৰণি ল’বলৈও সময় নাই । দিনটোৰ এঘণ্টাৰ বিশ্ৰামেই শৰীৰক এটা প্ৰাঞ্জল ৰুপ দিব পাৰে ।

৬) মানসিক দুশ্চিন্তাও মানুহৰ সৌন্দৰ্য হৰণৰ এটা প্ৰধান কাৰণ । সম্প্ৰতি মুক্তমনে থাকিব পৰা মহিলাৰ সংখ্যা খুবেই কম । নানা সমস্যাৰে আগুৰি থকা নিজৰ ঘৰ, কৰ্মস্থলীৰ দুশ্চিন্তাই লগ নেৰা মহিলাৰ মুখখন সদায় শেতা পৰি থাকে ।

৭) আমি সাধাৰণতে ঘৰুৱাভাৱে বনোৱা পেকসমূহ ব্যৱহাৰ কৰোতে সদায় সাৱধান হোৱা উচিত । কিয়নো ঘৰুৱাভাৱে বনোৱা পেক বা জেতুকা আদিত সোনকালে বেক্টেৰিয়া, ফাংগাছ আদি লাগে । বাহিৰা পেক মুখত লগাব নালাগে । লগালে কেতিয়াবা মুখত খজুৱতি হৈ ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে ।

৮) প্ৰতিগৰাকী মহিলাই নিজকে সজাই ৰাখিবলৈ ভাল পায় । কিন্তু সদায় এটা কথা মনত ৰাখিব যে সৌন্দৰ্যৰ নামত এসোপামান প্ৰসাধন তৰপে তৰপে লগোৱাটো উচিত নহয় । বছৰৰ পিচত বছৰ ধৰি এনেদৰে মেকআপ কৰি থাকিলে মুখৰ ছালখন এটা সময়ত বেয়া হৈ পৰে । তাৰ লগে লগে ছালখনৰ উপযুক্ত পৰিচৰ্যা কৰা উচিত ।

লেখিকা :- বৰ্ণালী ভট্টাচাৰ্য

উৎস :- দেওবৰীয়া সম্ভাৰ

মুখৰ ছাল সুন্দৰ কৰি ৰাখিবলৈ কেইটামান ঘৰুৱা উপায় -

১) নিশা শোৱাৰ আগতে সদায় অলপ কপাহ লৈ মুখখন ভাল কোম্পানীৰ গোলাপ জল দি চাফা কৰিব ।

২) মুখত নাইটক্ৰীম ব্যৱহাৰ কৰিব ।

৩) যিসকলৰ মুখখন শুকান, তেনে লোকে এৰ’মা ভিটামিন ই ক্ৰীম ব্যৱহাৰ কৰিব ।

৩) মাহেকত পাৰিলে ১৫ দিনৰ মূৰত ভাল বিশেষজ্ঞৰ হতুৱাই ছালৰ প্ৰকাৰ অনুসৰি ফেচিয়েল কৰাব ।

৪) যিসকলৰ মুখখন খুব বেছি পৰিমাণে স্পৰ্শকাতৰ হয়, তেওঁলোকে এৰ’মা ছেনিছিটিভ অইল দুই টোপাল নিশা শোৱাৰ আগতে মুখত সানি থ’ব ।এটা কথা মনত ৰাখিব যে খুব জোৰে জোৰে মালিচ নকৰিব ।

৫) এইবোৰ উপৰি খোৱা-বোৱাত পাৰিলে মছলাযুক্ত আহাৰ বাদ দিব ।

৬) ফলৰ ৰস পাৰিলে সদায় খাব । বজাৰৰ নহয়, ঘৰতে বনাই ফল-মূলৰ ৰস খাব । খালী পেটত পাৰিলে কেঁচা হালধীৰ ৰস মৌ এচামুচৰ লগত মিহলাই খাব । দেখিব আপোনাৰ ছালখন সুন্দৰ হৈ পৰিছে ।

উৎস :- দেওবৰীয়া সম্ভাৰ

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top