অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক্ষমা :

ক্ষমাৰ বিষয়ে লিখা হৈছে ।

জীৱন যাপন কলাৰ এক অন্যতম উপাদান -

ছাত্ৰাৱস্থাত পুথিভঁৰাল আদিৰ বেৰত একো-একোটা বাক্যৰ উপদেশ অবক্য কিছুমান পঢ়িবলৈ পাইছিলোঁ। কিন্তু সেইবোৰৰ তেতিয়া পঢ়িছিলোহে, অথবা গিলি থৈছিলোঁ, সেই উপদেশ-বাক্যবোৰক যেন গুৰুত্ব দিয়া নাছিলোঁ। তাৰ অন্তৰ্নিহিত সুদুৰপ্ৰসাৰী প্ৰভাৱ যেন অনুধাৱন কৰিব পৰা নাছিলোঁ। অথচ সেই উপদেশ-বাক্যসমুহৰ আছে কল্পনা কৰিব নোৱাৰা অগভীৰ শক্তি। তেনে এটা উপদেশ-বাক্য হ’ল- ক্ষমা পৰম ধৰ্ম। এই বাক্যৰ আছে অনন্ত শক্তি। যুগে যুগে সেই শক্তি অম্লান। এই বাক্যশাৰীৰ প্ৰভাৱ আজিও একেদৰে আছে। অনাগত দিনতো থাকিব।

এনেধৰণৰ বাক্য আমি ওপৰে ওপৰে পঢ়োঁ। আৱশ্যকবোধে কেতিয়াবা ক’ৰবাত ভাষণ আদি দিয়াৰ সময়ত উপদেশ হিচাপে ব্যৱহাৰ কৰোঁ। কিন্তু নিজৰ জীৱনত তাক প্ৰয়োগ কৰাৰ পৰা আমি সজ্ঞানে অথবা অজ্ঞানে বিৰত থাকোঁ। আমি দৈনন্দিন জীৱনত আন বহুতো কিবা-কিবি কৰিব পাৰোঁ। কিন্তু ক্ষমা কৰি দিবলৈ আমি যেন অপাৰগ, অসমৰ্থ। আমাৰ জেদী মনোভাব অথবা ইগ’ৱেই হয়তো আমাৰ অসমৰ্থতাৰ মুল কাৰণ। আমাৰ ভিতৰত ক্ৰিয়াশীল হৈ থকা ঋণাত্মক আৱেগবোৰেই আমাক তেনে কৰাৰ পৰা বিৰত ৰাখে। বহু সময়ত আমি ব্যক্তি বিশেষৰ লগত হোৱা সাধাৰণ দ্বন্দ, সংঘাত অথবা ভুল বুজাবুজিকে মনৰ গহনত জেদ হিচাপে পুহি ৰাখোঁ। আমাৰ অহংকাৰী মনোভাবে আমাক বিনয়শীল হ’বলৈ নিশিকায়। আমাৰ ভুলৰ বাবে ক্ষমা বিচৰাতো দুৰৈৰ কথা, আমি আনে কৰা সামান্যতম ভুল এটাকো ক্ষমা কৰি দিব নোৱাৰোঁ। এনেদৰে আমি আমাৰ অন্তৰত জেদ, বীজৰ বিষাণু বছৰৰ পিছত বছৰ সক্ৰিয় হৈ ৰ’বলৈ দিওঁ।

আমি নুবুজো অথবা ভাবি নাচাওঁ যে সেই বিষাণুৱে আমাৰ শৰীৰ মনক কিমান বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিব পাৰে। আমাক আঘাত কৰা ব্যক্তিৰ বিৰুদ্ধে আমি পুহি ৰখা ঘৃণা আৰু ক্ৰোধ আমি পীড়িত হোৱা নানাবিধ মনোদৈহিক ৰোগৰ উৎস বুলি ইতিমধ্যে শৰীৰ-বিজ্ঞানীসকলে প্ৰমাণ কৰি দেখুৱাইছে।

আমি নিজৰ ভুল অথবা দোষটো দেখা নাপাওঁ। আনৰ ভুল কিম্বা দোষ দেখোঁতেই জীৱনৰ বহু মুল্যৱান সময় ব্যয় কৰোঁ। আনক সমালোচনা কৰি সময় নষ্ট কৰাৰ পৰিৱৰ্তে আমি যদি নিজক বিশ্লেষণ কৰাৰ বাবে কেইটামান মুহুৰ্ত ব্যয় কৰিব পাৰিলোহেতেঁন। আনক কৰা সমালোচনাই আমাৰ দেহ-মনৰ ক্ষতি কৰা তেনেই স্বাভাৱিক। কিন্তু তাৰ বিপৰীতে আত্মবিশ্লেষণ কিম্বা আত্মমুল্যায়নে আমাক নিজৰ প্ৰতি সজাগ-সচেতন হোৱাত সুযোগ দিয়ে। আত্মমুল্যায়নৰ ফলস্বৰুপে আমি আমাৰ দোষ-ক্ৰটিবোৰ দেখাৰ উপৰি আৱেগ-অনুভুতিবোৰ বুজিবলৈ সমৰ্থ হ’ব পাৰো। নিজৰ প্ৰতি সজাগ হ’ব পাৰিলেহে দোষ-ক্ৰটিবোৰ সংশোধন কৰা সহজ হৈ পৰে।

আমি যে কেৱল অইনৰ প্ৰতি ক্ষমাশীল হ’ব লাগে এনে নহয়, নিজৰ প্ৰতিও বহু সময়ত ক্ষমাশীল হ’বলগীয়া হয়। নিজৰ প্ৰতিও আমি বহু সময়ত ক্ষমাশীল নহওঁ। জানি বা বা নাজানি, কেতিয়াবা কৰি পেলোৱা এটা সামান্য ভুলৰ বাবেও আমি নিজক ক্ষমা কৰি নিদিওঁ। সেই ভুল বা দোষৰ গ্লানি জীৱনটো কঢ়িয়াই লৈ ফুৰি জীৱন কৰি তোলো অত্যধিক বোজাময়, ক্লান্ত আৰু গধুৰ। সেই ভুল বা দোষৰ গ্লানিৰে আমি আমাৰ চেতন অথবা অচেতন মন অনাহক কৰি তোলো ভাৰাক্ৰান্ত। নিজক ক্ষমা কৰি দিবলৈকো যেন আমাৰ মানসিক বলৰ অভাৱ। জেদ আৰি অহংকাৰৰ মানসিকতাৰ কঠোৰ হাতোৰাই যেন আমাক বন্দী কৰি ৰাখে।

অত্যন্ত পৰিতাপৰ কথা যে আমাৰ এই ভোগবাদী সমাজ-ব্যৱস্থাত ক্ষমাৰ প্ৰভাৱ সন্দৰ্ভত আলাপ-আলোচনা, চিন্তা-চৰ্চাৰ পৰিৱেশ একেবাৰেই নাই। এই সমাজ-ব্যৱস্থাই আমাক নিৰ্দয়ী, অহংকাৰী আৰু স্বাৰ্থান্ধ হ’বলৈহে যেন আগুৱাই লৈ যায়। দিনে দিনে আমি নতুন নতুন জ্ঞান আহৰণ কৰি উন্নতিৰ জখলাত ওপৰলৈ গৈ আছো সঁচা, কিন্তু আমি বিসৰ্জন দিব লাগিছো সুখ-শান্তি আনন্দত জীয়াই থকাৰ স্বাভাৱিক আহিলাসমুহ।

আমাৰ শৰীৰৰ কোষসমুহৰ হেনো প্ৰতি এঘাৰ মাহৰ মুৰে মুৰে পৰিৱৰ্তন হয়। তেনে অৱস্থাত আমি কিহৰ ভিত্তিত এজন ব্যক্তিবিশেষৰ প্ৰতি দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিচত বছৰ জেদ, অহংকাৰ বা প্ৰতিশোধৰ ভাবনা মনত পুহি ৰাখি নিজক বেমাৰী সাজো? এই জেদ, অহংকাৰ, প্ৰতিশোধৰ ভাৱনাই আমাক নিশ্চয়কৈ কৰি তোলে ক্ৰোধী। ক্ৰোধৰ ভাবনাই জন্ম দিয়ে শাৰীৰিক, মানসিক ক্ৰিয়াৰ বিশৃংখলতা । এই বিশৃংখলতা সৃষ্টি হোৱাৰ লগে লগে শৰীৰৰ ক্ৰিয়া-কলাপসমুহত অস্বাভাৱিকতাই গা কৰি উঠে। ফলত আৰ্থ্ৰাইটিছৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ ৰোগলৈকে, বিভিন্ন ৰোগে শৰীৰক কাবু কৰি তোলে। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো নানা অস্বাভাৱিকতাই গা কৰি উঠে। ফলস্বৰুপে পেটৰ বিভিন্ন ৰোগ, বহুমুত্ৰ,ৰক্ত সঞ্চালন আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া সম্বন্ধীয় নানা ৰোগে শৰীৰ-মনক অৱশ কৰি তোলে। এনেধৰণৰ অসুখী, বেমাৰী লোকসকলৰ মাজত দুশ্চিন্তা, অনিদ্ৰা, শোক, দুখ, ঘৃণা, অৱহেলা, আত্মগ্লানিৰ ভাবনা সৰৱ হৈ থাকে। এনেবিলাক কাৰকৰ উপৰি সেইসকল হয় প্ৰতাৰিত, লাঞ্জিত অথবা শাৰীৰিক অথবা মানসিকভাৱে আঘাতপ্ৰাপ্ত। এনেদৰে আঘাতপ্ৰাপ্তসকল ক্ৰোধৰ জ্বালাত দহি-পুৰি মৰে। এই অসহনীয় জ্বালাৰ পোৰণিয়ে অৱচেতন মনত সততে খুন্দিয়াই থকাৰ ফলস্বৰুপে অৱচেতনক দকৈ ঘা হয়। সেই ঘা শুকাই যোৱা এনেয়ে সম্ভৱ নহয়।

সুখ, সুস্বাস্থ্য, প্ৰাচুৰ্য আৰু মধুৰ সম্পৰ্ক গঢ়ি তুলিবলৈ যোৱাৰ বাটত একেটাই মাথোঁ সোণালী উপায়, আৰু সেয়া হ’ল ক্ষমা। মনৰ এক অৱস্থাত সেই ক্ষমাশীল মনোভাব আয়ত্ত কৰিব পৰা যায়। অতীতৰ অস্বস্তিকৰ পৰিৱেশক মনৰ মাজত পুহি নাৰাখি, বৰ্তমানক আঁকোৱালি লৈ মনৰ ভিতৰৰ কলুষ-কালিমা আঁতৰাই সহজ মানসিকতাৰে দেহ-মন শিথিল কৰি নিজৰ ভিতৰত এক ক্ষমাৰ মনোভাব ৰচনা কৰিব পাৰিলে, ক্ষমা কৰি দিয়াটো উজু কাম হয়। জীৱনত হেনো কিছুমান কথা পাহৰি যাব লাগে, কিছুমান কথা পাহৰণিৰ গৰ্ভত কবৰ দিব লাগে আৰু কিছুমান কথাহে মনত ৰাখিব লাগে। তেতিয়াহে হেনো জীৱনটো সহনীয় হয়। দৰাচলতে অইনক ক্ষমা কৰি দিয়া মানে নিজক ক্ষমা কৰা। ক্ষমা হ’ল প্ৰকৃতিৰ সুষম গতিৰ সৈতে নিজকে মিহলাই দিয়া। সেয়েহে কোৱা হয় ক্ষমা স্বৰ্গীয়।

মানসিক স্বাস্থ্যৰ উৎকৰ্ষৰ বাবে আৰু উজ্জ্বল চেহেৰাৰ বাবে ক্ষমা অপৰিহাৰ্য। সুস্বাস্থ্য, সুখ আৰু শান্তিৰ বাবে ক্ষমা লাগিবই। ক্ষমাৰ আৱশ্যকীয় উপাদান হ’ল ক্ষমা কৰি দিয়াৰ ইচ্ছাশক্তি। ক্ষমা কৰি দিয়াৰ ইচ্ছাৰ লগত ভালপোৱা ভাব গঢ় লৈ উঠে। ভালপোৱাৰ অৰ্থ কিছু গভীৰ। অইনক ভালপোৱা মানে সুখ, সুস্বাস্থ্য, শান্তি, আনন্দৰ লগতে সকলোখিনি জীৱনৰ আশীৰ্বাদ কামনা কৰা। সেই কামনা অন্তৰৰ কামনা হ’ব লাগিব। ক্ষমা কৰি দিয়াৰ মানসিকতাত ব্যক্তিৰ ব্যক্তিত্বৰ বহল ৰুপ পৰিস্ফুট হোৱা যেন লাগিলেও , প্ৰকৃতাৰ্থত সেয়া স্বাৰ্থপৰতাহে। সেই স্বাৰ্থপৰতা জীৱনৰ বাবে অতীব প্ৰয়োজনীয়। কিয়নো, অইনৰ ক্ষেত্ৰত নিষ্ঠাৰে আমি যি কামনা কৰোঁ, সেয়া আমালৈ ঘুৰি আহে।

লেখক: হীৰেন্দ্ৰ কুমাৰ শৰ্মা (জি এনআৰচি স্বাস্থ্য)

2.96
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top