মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ক্ষীণকায় লোক মাত্ৰ দহ দিনতে শকত-আৱত হওক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক্ষীণকায় লোক মাত্ৰ দহ দিনতে শকত-আৱত হওক

ক্ষীণকায় লোক মাত্ৰ দহ দিনতে শকত-আৱত হোৱাৰ বিষয়ে লিখা হৈছে

 

সাধাৰণতে মানুহে শৰীৰৰ বৰ্ধিত ওজন কমাবলৈ যথেষ্ট চেষ্টা কৰে যদিও স্বাভাৱিকভাৱে খোৱা-বোৱা কৰি থাকিলে শৰীৰৰ ওজন নকমে-

 

ওজন কমাবৰ কাৰণে মানুহে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰে।কিন্তু ইয়াৰ বিপৰীতে ক্ষীণকায় পুৰুষ অথবা মহিলা বা যুৱক-যুৱতীয়ে নিজৰ ক্ষীণ দেহাটোৰ বাবে সমাজত হীনমন্যতাৰ চিকাৰ হোৱা দেখা যায় আৰু দেহটোৰ ওজন কেনেকৈ বঢ়াব পাৰি,তাৰ চিন্তানে ব্যস্ত হৈ থাকে।ক্ষীণ দেহৰ লোকসকলে বেছিকৈ চিন্তা কৰি থাকি লাভ নাই।তলত দিয়া দিহাকেইটা মানি চলিলে মাত্ৰ দহ দিনৰ ভিতৰতে শৰীৰৰ ওজন বৃদ্ধি কৰিব পাৰিব।

উপায়বিলাক

 

*পৰাপক্ষত উদ্বেগ আৰু দুশ্চিন্তাৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰক।মনটো উদ্বেগ-চিন্তাৰ পৰা আঁতৰত ৰাখিবলৈ দৈনিক যোগাসন আৰু ধ্যান-প্ৰাণায়াম আদি কৰক।

*ভাল টোপনিও ওজন বৃদ্ধিৰ অন্যতম কাৰক।প্ৰতিদিনে সৰ্বাধিক আঠ ঘণ্টা ভালদৰে শোৱক।দৈনিক আঠ ঘণ্টা ভাল টোপনিত কটাবলৈ শৰীৰটো যিকোনো ৰোগ বা বিষ যন্ত্ৰণাৰ পৰাও মুক্ত কৰি ৰাখিব লাগিব আৰু দিনটোত চাৰি-পাঁচ ঘণ্টা শাৰীৰিক শ্ৰম বা ব্যায়াম আদিও কৰিব লাগিব।

*শৰীৰৰ ওজন বৃদ্ধি কৰিবৰ বাবে আপোনাৰ খাদ্যাভ্যাসো কিছু পৰিমাণে সলনি কৰিব লাগিব।নিয়মীয়া খাদ্যৰ উপৰি কিছু  মাত্ৰাত অতিৰিক্ত পৰিমাণে চৰ্বিযুক্ত খাদ্যও খাব লাগিব।দৈনিক এশ বা দুশ গ্ৰাম মাত্ৰাত কাজু বাদাম খাই থাকিলে আপুনি অতি সোনকালে শকত হৈ পৰিব।

*তেলজাতীয় খাদ্য বা তেলযুক্ত শুকান ফল বা বাদামেও ক্ষীণ দেহ শকত কৰাত সহায় কৰে।আখৰোট এনে এবিধ বাদাম জাতীয় ফল। এইবিধ ফলত যথেষ্ট পৰিমাণে তেল বা চৰ্বি আৰু প্ৰোটিন থাকে।সেয়ে নিয়মীয়াকৈ এটা আখৰোট ফল খাই থাকিলে শৰীৰৰ ওজন বৃদ্ধি পাব।

*ক্ষীণ দেহ এটা শকত কৰি তুলিবৰ কাৰণে কলৰ বিশেষ অৱদান আছে।পকা কলত শৰ্কৰা,ফ্ৰুক্ট’জ আৰু যথেষ্ট মাত্ৰাত মিনাৰেল থাকে।সেয়ে ক্ষীণ দেহৰ ব্যক্তিয়ে দিনে ৬ টা কৈ মধ্যমীয়া আকাৰৰ কল খাওক।ইয়াত থকা উপকাৰী উপাদানবিলাকে শৰীৰটো শকত কৰি তোলাত শীঘ্ৰে সহায় কৰিব।

*দৈনন্দিন খাদ্যাভ্যাস স্বাভাৱিকভাৱে ৰাখি নিয়মীয়াকৈ শ্ৰম-ব্যায়াম আদি কৰি থাকিব।লগতে অশ্বগন্ধাৰ চুৰ্ণ প্ৰতিদিনে ৰাতি এগিলাচ গাখীৰত তিয়াই থৈ পুৱা সেই গাখীৰ সামান্য গৰম কৰি খাই থাকিব।এই মিশ্ৰণ নিয়মীয়াকৈ খাই থাকিলে মাংসপেশী বৃদ্ধি হয় আৰু পাচনক্ৰিয়াও শক্তিশালী হয়।

*আদা খাই থাকিলে শৰীৰৰ পাচন তন্ত্ৰ শক্তিশালী হৈ থাকে।সেয়ে পুৱাৰ জলপান খাই উঠাৰ পিছত অতি কমেও তিনি-চাৰি চামুচ সতেজ আদাৰ ৰস খাওক।এই অভ্যাসে আপোনাৰ পাচনতন্ত্ৰ ৰোগমুক্ত কৰিব আৰু পাচন প্ৰক্ৰিয়াও স্বাভাৱিক হ’ব।পেট খোলোচা হৈ থাকিলে আপোনাৰ খাদ্যৰ পৰিমাণ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপুনি শকত হৈ পৰিব।

*আগদিনা ৰাতি এশগ্ৰাম চীনাবাদাম এবাতি পানীত তিয়াই থওক।পুৱা শুই উঠিয়েই বাদামকেইটা ভালদৰে ধুই লৈ ওপৰৰ বাকলিখন গুচাই ভালদৰে চোবাই খাই থাকক।বাদাম খাই উঠি আধা লিটাৰ বিশুদ্ধ গৰুৰ গাখীৰ সামান্য গৰম কৰি খাওক।

এইবিলাক দিহা আন্তৰিকতাৰে মানি চলিলে মাত্ৰ দহ দিনৰ ভিতৰতে আপোনাৰ শৰীৰটো শকত হ’বলৈ আৰম্ভ কৰাটো চকুত পৰা হ’ব।

উৎস:স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.26923076923
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top