মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ক্ষীণকায়সকলে কেনেকৈ শৰীৰৰ ওজন বঢ়াব ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক্ষীণকায়সকলে কেনেকৈ শৰীৰৰ ওজন বঢ়াব ?

আজিৰ স্বাস্থ্যকথাত আলোচনা কৰিব ওলাইছোঁ ক্ষীণ মানুহে কিদৰে নিজৰ শৰীৰৰ ওজন বৃদ্ধি কৰিব পাৰিব ৷

চমু বিৱৰণি

আজিৰ স্বাস্থ্যকথাত আলোচনা কৰিব ওলাইছোঁ ক্ষীণ মানুহে কিদৰে নিজৰ শৰীৰৰ ওজন বৃদ্ধি কৰিব পাৰিব ৷ সচৰাচৰ দেখা যায় কিছুমান ক্ষীণ মানুহে যথেষ্ট সৰহ পৰিমাণত সকলো ধৰণৰ খাদ্য খায়, তথাপিও তেওঁলোকৰ শৰীৰৰ আকৃতি সলনি নহয় আৰু তেওঁলোকে মেদবহুলতা (Obesity) আৰু ডায়েবেটিজত নোভোগে ৷ এনেলোক বহুতৰ বাবে ঈৰ্ষাৰ পাত্ৰ ৷ কিন্তু তেনেলোকৰ কিছু সংখ্যকে হীনমনস্কতাত ভোগে ৷ চিকিৎসকসকলৰ বাবে মেদবহুললোকৰ ওজন কমোৱাটো আৰু ক্ষীণকায়সকলৰ ওজন বঢ়োৱাটো দুয়োটাই একোটা কঠিন কাৰ্য ৷ ৰোগীৰ নিজৰ উদ্যম, আগ্ৰহ আৰু সহযোগ অবিহনে কোনো এটা লক্ষ্যতেই চিকিৎসক উপনীত হব নোৱাৰে ৷ তদুপৰি সঠিক আঁচনি নহলে জধেমধে এসোপামান খালেই শৰীৰৰ ওজন নাবাঢ়াহে৷ কথাখিনি তলৰ আলোচনা পঢ়িলেই পৰিস্কাৰ হব৷


পোনতে জানি লোৱা ভাল হব ক্ষীণ কোন আৰু শকত কোন ৷ ইয়াৰ বাবে বডি মাছ ইনডেস্কৰ (Body Mass Indexৰ) সহায় লব লাগিব ৷ আজিৰপৰা দুশ বছৰ আগতে বেলজিয়ামৰ এজন পৰিসংখ্যাবিদ এডল্ফ ক্ব্যোতেলেটে মানুহৰ শৰীৰৰ স্থূলতা জুখিবলৈ এটি সূত্ৰ আবিস্কাৰ কৰিছিল ৷ অন্ত:ৰাষ্ট্ৰীয় মান্যতা পোৱা এই সূত্ৰমতে শৰীৰৰ ওজনক (কিলোগ্ৰামত) শৰীৰৰ উচ্চতাৰে (স্কোৱাৰ মিটাৰত) ভাগ কৰি পোৱা ফলাফলক বডিমাছ ইনডেস্ক ( চমুকৈ B.M.I ) বোলে ৷ স্বাভাবিক বি,এম,আই হ’ল – ১৮.৫ - ২৪.৯ ৷ ১৮.৫ ৰ তল হলে শৰীৰৰ ওজন হবলগীয়াতকৈ কম বুজায় ৷ ২৪.৯ৰ বেচি হ’লে ওজন স্বাভাবিকতকৈ বেচি ৷ ৩০ৰ ওপৰ হলে স্থুলাকায় Obese আখ্যা দিয়া যায় ৷ থুলমূলকৈ সাধাৰণতে এজন ব্যক্তিৰ বি এম আই ২৫ হোৱাটো বাঞ্চনীয় ৷ বি এম আই ১৮ৰ তল হলে তেওঁক ক্ষীণ বা Underweight বোলা হয় আৰু ইয়াৰ বিপৰীতে বি এম আই ৩০ৰ অধিক হলে তেওঁক স্থুলকায় বা Obese বোলা হয় ৷

আজিকালি বজাৰত ওজন আৰু উচ্চতা জোখা মেচিনৰ লগত বি এম আই ফলাফল জনোৱা মেচিনো উপলব্দ্ধ হৈছে৷

ক্ষীণাকায় হোৱাৰ সম্ভাব্য কাৰণসমূহ :


- কমকৈ খাদ্য লোৱাৰ অভ্যাস
- দুবাৰৰ খোৱাৰ মাজত দীঘলীয়া ব্যৱধান
- খাদ্যৰ বাচনিত বেমেজালি
- শাৰীৰিক অতিশ্ৰম - খাদ্যৰ পৰিমাণ নবঢ়ালে প্ৰয়োজনতকৈ কেলৰি কমকৈ পোৱা
- দীঘলীয়া অসুস্থতাৰ ফলত বদহজম
- কৰ্কটৰোগ,যক্ষ্মাৰোগ, হাইপাৰ-থাইৰইডিজম, ডায়েবেটিজ
- এনৰেক্সিয়া নাৰ্ভোচা, বুলিমিয়া নাৰ্ভোচা জাতীয় মানসিক ৰোগ

এজন ব্যক্তিৰ শৰীৰৰ ওজন বঢ়াবলৈ সুখাদ্য, নিয়মীয়া ব্যায়াম, প্ৰয়োজনীয় বিশ্ৰাম-টোপনি, মানসিক প্ৰশান্তি আৰু নিয়মীয়া শ্বাস-প্ৰশ্বাসৰ আৱশ্যক হয় ৷ তলত বহলাই আলোচনা কৰিম ৷

এজন প্ৰাপ্ত বয়স্ক নিয়মীয়া স্বাস্থ্যৰ লোকক ২৪ ঘন্টা কাৰ্য্যক্ষম হৈ থাকিবলৈ পুৰুষক ২১০০ কেলৰি আৰু মহিলাক ১৯০০ কেলৰি দৈনিক শক্তিৰ প্ৰয়োজন ৷ ব্যক্তিজনৰ কাম বা শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি কম বা বেচি কেলৰিৰ শৰীৰক প্ৰয়োজন হয় ৷ নিজৰ বি এম আই,বয়স আৰু দৈনন্দিনৰ সক্ৰিয়তাৰ লগত সামঞ্জস্য ৰাখি দৈনিক কিমান কেলৰিৰ প্ৰয়োজন হব তাক সহজে ভাৰতীয়সকলে নেটত এই লিংকৰ সহায়ত ওলিয়াব পাৰে : http://www.medindia.net/…/daily-calorie-counter-indian-food… এই কেলৰি আহে আমাৰ খাদ্যৰ পৰা ৷

খাদ্যৰ মূল তত্ব তিনি বিধ এই ধৰণেৰে আয়ত্ব কৰাটো বাঞ্চনীয় :

৪৫% - ৬৫% কেলৰি কাৰ্বহাইড্ৰেটৰ পৰা,

২০% - ৩০% কেলৰি ফেট বা চৰ্বিৰ পৰা,

১০% - ৩৫% প্ৰটিনৰ পৰা ৷

আকৌ প্ৰতি এক গ্ৰাম কাৰ্বহাইড্ৰেটৰ পৰা আহে ৪ কেলৰি শক্তি, প্ৰতি এক গ্ৰাম চৰ্বিৰ পৰা আহে ৯ কেলৰি শক্তি, প্ৰতি এক গ্ৰাম প্ৰটিনৰ পৰা আহে ৪ কেলৰি শক্তি ৷
সপ্তাহত আধা কেজি শৰীৰৰ ওজন বঢ়াবলৈ দৈনিক কমেও ১০০০ কেলৰি অতিৰিক্ত খাদ্য গ্ৰহণ কৰাৰ প্ৰয়োজন ৷ ইয়াৰ বাবে খাদ্যাভাস সলনি কৰাৰ প্ৰয়োজন আহি পৰিব ৷ দিনটোত ২৷৩ বাৰৰ পৰিবৰ্তে ৫৷৬বাৰ খাব লাগিব ৷ প্ৰতি ৩ঘন্টাৰ মূৰত আমাৰ উদৰ খালি হয় গতিকে দিনটোত ৫৷৬বাৰ খোৱাটো সম্ভৱপৰ ৷ ইয়াৰ বাবে শৰীৰক ৩টা মূল খাদ্যৰ মাজত ২৷৩টা সৰু খাদ্যৰ যোগান ধৰিব লাগিব ৷

কি কি বাচনি কৰিব খাদ্যৰ তালিকাত ?

সুখাদ্যত প্ৰটিন,কাৰ্বোহাইড্ৰেট আৰু ফেটৰ সঠিক বাচনিৰ প্ৰয়োজন ৷ আমিষভোজীৰ প্ৰটিন মাংস আৰু মাছত অহাৰ পৰিবৰ্তে নিৰামিষভোজীৰ প্ৰটিন চোয়াবিন আৰু দাইলৰ পৰা আহে ৷ কাৰ্বোহাইড্ৰেট আলু আৰু ভাতৰ পৰা ঘাইকৈ আহে ৷ ভাত উখোৱা চাউলৰ হলে বেচি ফাইবাৰ পোৱা যাব ৷ ফেটৰ ভিতৰত চেচুৰেটেড ফেট আৰু ট্ৰান্সফেট (যেনে ডালডা) বাদ দিব ৷ চোডা আৰু কফি বাদ দিব ৷ জাংক ফুডো অখাদ্যৰ তালিকাত পৰে ৷ কাৰণ ইয়াৰ দ্বাৰা শৰীৰৰ মেদবহুলতাহে আহিব ৷ একে কাৰণতে ৰেডিমেড বা প্ৰচেচড ফুডৰ লোভ পৰিত্যাগ কৰিব ৷

এতিয়া কিছুমান খাদ্যৰ বিশ্লেষণ চাওক :


কল -

এটা কলত ১০৫ গ্ৰাম কেলৰি থাকে৷কলে খোৱাৰ লগে লগে তৎক্ষাণিকভাবে শক্তিৰ যোগান ধৰে৷ সুষম খাদ্যৰ তালিকাত দৈনিক এটা কল অপৰিহাৰ্য৷
কণী -

ইয়াত প্ৰটিন, ভিটামিন -এ, ডি, ই ,বি ১২, লৌহ পদাৰ্থ, জিংক, কেলচিয়াম আৰু ভাল কলেষ্টৰ'ল থাকে৷ কণীত থকা ল্যুটিন চকুৰ বাবে উপকাৰী৷ কণী হাঁড়,কাৰ্টিলেজ,ছাল,চুলি,হৰমোন আদিৰ বাবে লাগতিয়াল৷ কণীত থকা এমাইনো এচিড মাংসপেশীৰ বাবে উপকাৰী ৷ ১০০গ্ৰাম কণীৰ পৰা ১৩গ্ৰাম প্ৰটিন শৰীৰে আয়্ত্ত কৰে৷
চোয়াবিন -

১০০গ্ৰাম চোয়াবিনৰ পৰা ৩৬গ্ৰাম প্ৰটিন শৰীৰে আয়্ত্ত কৰে৷
চিকেন -

১০০গ্ৰাম মূৰ্গীৰ মাংসৰ পৰা ২৫গ্ৰাম প্ৰটিন শৰীৰে আয়্ত্ত কৰে৷
বাটাৰ -

১০০গ্ৰাম মাখনত ৮১গ্ৰাম ফেট থাকে৷ সতৰ্ক হব যাতে অত্যাধিক মাখন খাই হৃদৰোগত আক্ৰান্ত হবলগীয়া নহয়৷
অ'টচ (Oats ) -

১০০গ্ৰাম অ'টচত ১৭গ্ৰাম প্ৰটিন আৰু কিছু পৰিমাণে লৌহ পদাৰ্থ থাকে৷
টুনা মাছ -

স্বাস্থ্যৰ বাবে উপকাৰী ফেটি এচিচযুক্ত৷
পাষ্টা -

কাৰ্বহাইড্ৰেটৰ এক ভাল উৎস৷ যথেষ্ট কেলৰিযুক্ত৷ লগত সেউজীয়া শাক-পাচলি মিহলাই ইয়াক অধিক পুষ্টিকৰ কৰি লব পাৰে৷
চীজ -

প্ৰটিন, ফেট, কেলচিয়ামৰ সমাহাৰ৷
খোৱা তেল -

সৰ্বোত্তম হ'ল অলিভ অইল৷

দৈ- উপযোগী খাদ্য৷

পি নাট বাটাৰ -উপযোগী খাদ্য৷

গাখীৰ-

প্ৰটিন আৰু কেলৰিৰ বাবে প্ৰয়োজনীয়৷ ১০০গ্ৰাম গাখীৰত ৩-৫গ্ৰাম প্ৰটিন থাকে অৰ্থাৎ দুগিলাচ গাখীৰৰ পৰা ১৪গ্ৰাম প্ৰটিন আহিব৷

নুডুলচ হ'ল কেলৰি আৰু কাৰ্বহাইড্ৰেটযুক্ত৷ইয়াক সেউজীয়া শাক-পাচলি মিহলাই ইয়াক অধিক পুষ্টিকৰ কৰি ললে ভাল৷

ড্ৰাই ফ্ৰুটচে কেলৰি যোগান ধৰে৷
ফলমূল আৰু সেউজীয়া শাক-

পাচলি হ'ল ভিটামিন, ট্ৰেচএলিমেন্ট,কেলচিয়াম, লৌহপদাৰ্থ আৰু এন্টি অস্কিডেন্টৰ স্ৰোত৷ এইবিলাকত ডায়েটেৰী ফাইবাৰো প্ৰচুৰ থাকে৷ দিনটোত তাজা ফলৰ ৰস প্ৰচুৰ খাই দেহ-মন ডিহাইড্ৰেচনমুক্ত আৰু সতেজ কৰি ৰাখিব লাগে৷

ইয়াৰ লগতে যোগ দিওঁ -মই মোৰ কেইবাজনো ৰোগীক নিয়মীয়াকৈ এইকেইটা খাদ্যৰ পৰামৰ্শ দি উপকৃত হোৱা দেখি আহিছোঁ :

এমুঠি বুট বা কাবুলি চানা লগতে সমপৰিমানৰ বাদাম পানীত ৰাতিটো ভিজাই থৈ পুৱা এটা বয়ল কণী, এটা জাহাজী বা মালভোগ কল আৰু এগিলাচ গাখীৰৰ সৈতে এমাহলৈ খাব লাগে৷

* খাদ্যাভাস সম্বন্ধে কবলগীয়া লাগতিয়াল কথা এয়েযে কোনো এটা সাজ নোখোৱাকৈ থাকিব নালাগে৷ ক্ষীণকায়লোকে লঘোগ দিব নালাগে৷ মূল খাদ্যৰ কমেও আধা ঘন্টা আগত বা পিছত পানী বা আন জুলীয়া্ দ্ৰব্য লব লাগে৷ মূলখাদ্যৰ মাজত পানী খালে হজম কমকৈ হব পাৰে, লগতে খাদ্যৰ পৰিমানো কমি যাব পাৰে৷ সতৰ্ক হব যাতে অতি বেচি পৰিমানৰ খাদ্য খাই হাগনি বা বমিত নোভোগে৷
শৰীৰৰ মাংসপেশীসমূহৰ শ্ৰীবৃদ্ধি বঢ়োৱাৰ লগতে তাক সুগঢ়ি, আটিল আৰু অধিক সক্ৰিয় কৰি তুলিবলৈ সুষম,পুষ্টিকৰ খাদ্যৰ ওপৰিও নিয়মীয়া ব্যায়াম বা কছৰতৰ প্ৰয়োজন৷ সকলোৱে বুল-ৱৰ্কাৰ বা আন যন্ত্ৰৰ সহায় লবৰ প্ৰয়োজন নাই৷খুব বেচি এযোৰ ডামবেল ব্যৱহাৰ কৰিব পাৰে৷ নহলে সাতোঁৰা, চাইকেল চলোৱা বা নানা ধৰণৰ শাৰীৰিক অনুশীলন যেনে উঠক-বৈঠক, ফ্ৰি-হেণ্ড কছৰৎ,যোগাসন, ৱেট লিফ্টিং আদি কৰিও মাংসপেশীক বাঢ়িবলৈ উদ্যম যোগাব পাৰে৷

এটি অতি লাগতিয়াল সতৰ্কবাণী :


বজাৰত নানাবিধ এনাবলিক ষ্টেৰইডৰ বেজী বা খোৱা পিল উপলবদ্ধ৷ ডুৰবলিন,ডেকাডুৰাবলিন এনে নাম বহুতৰ জ্ঞাত৷ চিকিৎসকে এই এনাবলিক ষ্টেৰইড হৰমোন বিভিন্ন অসুখত ভোগা ৰোগীৰ ক্ষেত্ৰত প্ৰয়োজনসাপেক্ষে ব্যৱহাৰ কৰে৷ কিন্তু কিছুমানে অৰ্ধজ্ঞানী ফাৰ্মাচীত কাম কৰা লোকৰ পৰামৰ্শত বা নিজৰ স্থুল বুদ্ধিৰে শকত, দেখনিয়াৰ হবলৈ বুলি এনে ঔষধৰ প্ৰয়োগ কৰে৷

এইবিলাকৰ হব পৰা অপকাৰিতা হ'ল -

পুৰুষৰ শুক্ৰানু হ্ৰাস, টেষ্টিজ সৰু হোৱা, বক্ষ বাঢ়ি যোৱা (Gynaecomastia) আদি৷ মহিলাৰ চুলি সৰা,কন্ঠস্বৰ পুৰুষৰ দৰে হোৱা, বক্ষ শুকাই যোৱা, ক্লাইটৰিচ বাঢ়ি অহা ইত্যাদি৷ ইয়াৰ ওপৰি পুৰুষ-মহিলা উভয়ৰে লিভাৰ ৰোগ,ৰক্তচাপ,চৰ্বিজনিত ৰোগ,কেঞ্চাৰ আদি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷

মোখনিত কেইটিমান খুটিনাটি কথা :


শৰীৰক কমেও ৮ঘন্টা ভাল নিদ্ৰাৰ প্ৰয়োজন তেহে স্বাস্থ্যৰ উন্নতি সম্ভৱপৰ হব৷দেৰ ৰাত্ৰিলৈকে উজাগৰে থাকি টোপনি খতি কৰা বাদ দিব৷ বলপূৰ্বক লোকচান হোৱাৰ ভয়ত নিজৰ খাব পৰাৰ পৰিমানতকৈ বেচি খাই শৰীৰৰ বিপদ নচপাব৷ গাড়ীতে বহি লাঞ্চ বা ডিনাৰ খোৱাৰ অভ্যাস থাকিলে তাক পৰিহাৰ কৰক৷ টিভি চাই খাদ্য খোৱাসকলে টিভিতকৈ নিজৰ খাদ্যৰ প্ৰতি অধিক মনোযোগ দিয়ক৷খোৱা খাদ্য ভালদৰে চোবাইহে গিলিব যাতে সহজে হজম হয়৷ পদীনা, নৰসিংহ পাতৰ চাটনি এইবিলাক হ'ল ৰুচিবৰ্দ্ধক (Appetizer)৷ দৈনিক খাদ্যত একঘেয়ামি নথকাটো বাঞ্চনীয়৷ অতি ক্ষিপ্ৰ ওজন বৃদ্ধি বিচাৰিব নালাগে৷ মাহত ৪৷৫ কেজি বঢ়াটোৱেই গ্ৰহণযোগ্য৷ টি ভি আৰু বাতৰিকাকতৰ ৰঙীন বিজ্ঞাপনত ভোল গৈ শক্তিবৰ্দ্ধক দৰবৰ অৰ্ডাৰ দিয়াৰ চিন্তা পৰিহাৰ কৰক৷ চিকিৎসকৰ হতুৱাই নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাই স্বাস্থ্যৰক্ষাৰ এই কিটিপসমূহ মানি চলক৷

এতিয়ালৈ ইমানেই৷ পাঠক জিজ্ঞাসা অনুসৰি আগলৈয়ো আৰু দুই চাৰিটা কথা সংযোজন কৰা হব পাৰে৷ লিখনিটোৰ বাবে সাহিত্যৰ এই সংখ্যাৰ সম্পাদকৰ ওপৰিও আৰু কেইবাজনো বন্ধুৰ ইনবস্ক মেছেজ পাইছিলোঁ৷ সকলোকে আন্তৰিক ধন্যবাদ৷

লেখক: ডা০ ভূপেন শইকীয়া

3.13333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top