মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ক্ষীন লোক শকত হোৱাৰ সহজ উপায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক্ষীন লোক শকত হোৱাৰ সহজ উপায় :

ক্ষীন লোক শকত হোৱাৰ সহজ উপায়ৰ বিষয়ে লিখা হৈছে ।

 

অতি শকত হোৱাতো দৈনন্দিন জীৱন যাপনত যেনেকৈ অসুবিধা অনুভৱ কৰা যায় এজন ক্ষীনকায় দুৰ্বল লোকৰ বাবেও একেই চিন্তাৰ বিষয় ।
শৰীৰ ক্ষীনকায় হোৱাৰ বিভিন্ন কাৰন থাকিব পাৰে ,যেনে :- ৰোগজনীত কাৰনত বা দেহত প্ৰয়োজনীয় পৌষ্টিক উপাদানৰ অভাৱত , শাক পাচলি বা যথোচিত সুষম আহাৰৰ অভাৱ, অভোক ,অৰুচি বা ভোজন অনিহা , ভোজনত (স্বভাৱজনীত)অধিক বাচ-বিচাৰ, অনিয়মিত আহাৰ গ্ৰহন , পাচন শক্তিৰ দুৰ্বলতা , অধিক ঔষধ সেৱন ,অধিক চাহ , নিচাদ্ৰব্য সেৱন , অত্যধিক বা অনিয়মিত পৰিশ্ৰম ,বিশৃংখল জীৱন শৈলী ,শৰীৰ চৰ্চাৰ প্ৰতি অমনোযোগিতা নাইবা সকলো থিকে থকাৰ পিচতো বংশগত genetic কাৰনতো হব পাৰে । লগতে বিভিন্ন কাৰনত আহিব পৰা চিন্তা ভাৱনা, মানসিক চাপ আদিও শাৰীৰিক দুৰ্বলতা বা দেহ ক্ষীন হোৱাৰ কাৰন হব পাৰে ।
ভাৰতীয় লোকক ক্ষীন বা শকত বুলি গন্য কৰা ওজন- দেশ বা অঞ্চল ভেদে মানুহৰ দৈৰ্ঘ্য আৰু ওজনৰ তাৰতম্য থাকে ।
এজন প্ৰাপ্তবয়ষ্ক লোকৰ Body Mass lndex (BMI) দৈৰ্ঘ আৰু ওজনৰ একক যেনে:-
BMI >upto18.5 =less than45kg= under weight ক্ষীন দেহ
BMI>18.5 to25( 45 to62kg):--Normal- স্বাভাৱিক দেহ
BMI>25to30(62to75kg) :-over weight শকত দেহ
BMI>above 30 (above75kg)-obesity
অতি শকত -
সমুদায় ভাৰতীয় প্ৰাপ্ত বয়ষ্কলোকৰ ওজনৰ হাৰ =53kg.(137lbs)
যাহওক ক্ষীন ব্যক্তি শকত হবলৈ
তলত কিছু সহজ উপায় বৰ্ননা কৰা হল -
১) ৰোগৰ কাৰনত ক্ষীনালে -
সোনকালে আৰোগ্য লাভৰ বাবে চিকিৎসা কৰা তথা চিকিৎসকৰ পৰামৰ্শানুযায়ী বলশক্তিকাৰক আহাৰ পথ্যাদি খোৱাতো নিত্যান্ত কৰ্তব্য ।
২। পুষ্টিকৰ আহাৰ :-সৰুতে আমি ভাত খোৱাৰ সময়ত সেমেনা সেমেনি কৰিলে জেষ্ঠসকলে কৈছিল:- "হাবাৰে জাবাৰে খা ; তেতিয়াহে স্বাস্থ্য হব ।" অৰ্থাত তিতাই কেহাই শাকে শুকুতাই মাহঁতে যি ৰান্ধি দিয়ে তাকেই খাবলৈ কৈছিল । বহুতো লোকৰ ইটো নাখাও সিটো নাখাওকৈ বাচ বিচাৰ কৰি খোৱা অভ্যাস । এনে লোক সচৰাচৰ ৰুগীয়া আৰু দুৰ্বল হোৱা দেখা যায় । সেয়ে অকল ৰুচিলৈ নেচাই তিতা মিঠা, টেঙা কেহা , সকলো আহাৰ খোৱাতো বাঞ্চনীয় । আমাৰ সহজলব্ধ দ্ৰব্যগুনযুক্ত শাক পাচলি ফল গাখীৰ দৈ আদিবোৰত দেহৰ উপযোগী সকলোবোৰ পুষ্টিগুনযুক্ত উপাদান থাকে যিবোৰে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰে ।
ক্ষীনকায় লোকে নিৰোগী আৰু স্বাস্থ্যৱান হবলৈ যথেস্থ পৰিমানে প্ৰটিন,ভিটামিন, কেলচিয়াম ,আইৰন, মেগনেচিয়াম,ফচফৰাচ,কাৰ্বোহাইড্ৰেট আৰু কেলৰিযুক্ত সেউজীয়া শাক পাচলি বিভিন্ন প্ৰকাৰৰ ফল মাছ মাংস কনী গাখীৰ আদি খোৱাতো যুগুত ।
৩। শুকান ফল যেনে কিচকিচ, কাজু, বেদনা,শুকান নাৰিকল, পেস্তা আদিৰ লগতে থলুৱা বতৰৰ ফল আম ,কঠাল,মধুৰি,আমলখি, শিলিখা, লেটেকু ,পনিয়ল,আনাৰস আদি সকলো ধৰনৰ ফলাহাৰে দেহৰ তেজ ,মাংস ,পেশী ,ধমনী সমুহ সৱল কৰে ।
৪। পাচন শক্তি মজবুত কৰক :- ক্ষীনকায় বহুতো লোকৰ পাচন শক্তি দুৰ্বল । যাৰ ফলত খোৱা ব্স্তু সঠিক ভাৱে হজম নহয় আৰু সেইবোৰে পেটৰ কৌষ্ঠ কাঠিন্য,গেচ ,পিত্ত আদি নানা ৰোগ মাতে । সেয়ে সহজে হজম হোৱা লঘুপাক আহাৰ খাব ।
৫। পৰ্যাপ্ত মাত্ৰাত পানী খাব:- দেহযন্ত্ৰ সথিকভাৱে পৰিচালিত হবলৈ নিয়মিত দিনটোত কমেও ৩বা ৪লিটাৰ পানী খোৱা উচিত । পানীয়ে দেহৰ সকলো তন্ত্ৰসমুহক সৱল কৰাৰ লগতে দেহৰ অলাগতিয়াল পদাৰ্থ তথা ৰোগ বীজানু বাহিৰলৈ উলিওৱাত সহায়ক হয় । কোলড্ৰিংক বা অধিক ঠান্ডা পানীতকৈ কুহুমীয়া গৰমপানী খোৱাটো অধিক ফলপ্ৰদ । ৰাতিপুৱা খালিপেটে২-৩গিলাচ কু:গৰম পানী খোৱাতো নিত্য অভ্যাস কৰিব ।যিকোনো আহাৰ বা ফল খোৱাৰ সময়ত পানী নাম মাত্ৰ খাই এঘন্টা পিচত সৰহকৈ খাব । পেটৰ নানা ৰোগ আৰোগ্য হৈ পাচন শক্তি মজবুত হয়। ভোক আৰু খোৱাৰ ৰুচি বাঢ়ে সহজে হজম হয় ।
৬। প্ৰধান আহাৰ বা লঘু আহাৰ :-
বেচিকৈ খাওক :- বিভিন্ন কাৰনত বহুতৰে খোৱালোৱাত অনিয়ম বা সময়সুচী নাথাকে , স্বাস্থৱান হবলৈ কমকৈ হলেও বাৰে বাৰে পুষ্টিকৰ আহাৰ খাওক । কৰ্মস্থলীত সময়মতে লঘু আহাৰৰ ব্যৱস্থা কৰিব । খোৱা বোৱাত ৰুচি বঢ়াবলৈ চেষ্টা কৰক । আৱশ্যক হলে নিজৰ পচন্দমতে নিজে ৰান্ধিব। কল ,গাখীৰ ঘি ,মৌ,গুড়,দৈ অঙ্কুৰিত কেচা বুত বা মুগ আদিৰ লগতে আমিষভোজী হলে সময়ে সময়ে মাছ মাংস কনী আদি স্বাস্থ্যবৰ্ধক আহাৰ নিয়মিত খাওক ।
৭। নিয়মিত শ্ৰম কৰক:-
বহুতো ক্ষীন বা শাৰীৰিক ভাৱে দুৰ্বল লোকে নিয়মিত শ্ৰম কৰিব নোখোজে । কৰ্তব্যৰ খাতিৰত কিছুমানে হয়তো অধিক শ্ৰম কৰিবলগা হয় । সেয়ে ওপৰত লিখামতে অকল খালেই নহব । ৰাতিপুৱা সোনকালে উঠা আৰু মুকলিত খোজ কঢ়া , ব্যায়াম কৰা বা দুয়োবেলা ফুৰা চকাৰ লগতে গা মালিচ , সহজ যোগাসন নিয়মিত স্নান , বিশ্ৰাম -৬/৭ঘন্টা টোপনি যোৱাও নিত্যান্ত প্ৰয়োজন । ঘৰে বাহিৰে কৰা সকলো কাম নিৰ্ধাৰিত সময়ত কৰক ।
৮। মানসিক অশান্তি:- দৰকাৰি বা অদৰকাৰি বিভিন্ন চিন্তা ভাৱনাত মনটো ভাৰাক্ৰান্ত কৰি নাৰাখিব । ফুৰ্তিমনে থকাৰ যত্ন কৰক । যথাসম্ভৱ সৰুবৰ বিভিন্ন কামত মন ব্যস্ত ৰাখক । সৎ সঙ্গ , আধ্যত্মিক ভাৱত নাইবা ভাল লগা কামত মন ব্যস্ত ৰাখক । যোগাসন প্ৰাণায়াম আদি নিয়মিত কৰক ।
অভ্যাস এৰক:-
১।অধিক চাহ,কফি,নিচাদ্ৰব্য ,অধিক যৌনক্ৰিয়া পৰিহাৰ কৰক ।
২। টোপনি ক্ষতি নকৰি সথিক সময়ত শুব ।
৩। ফাষ্ট ফুড, বজাৰৰ যিকোনো আহাৰ , কোল্ড দ্ৰিংক , বাহি ভোজন, গুৰুপাক ,বদহজমী , বিৰুদ্ধ ,অপৰিস্কাৰ,অখাদ্য অহাৰ আদি নাখাব ।
৪। একেলগে অধিক শ্ৰম , ব্যায়াম , কঠোৰ ব্ৰত উপৱাস আদি নকৰিব , বা উপবাসত থাকিলে পানী লঘু আহাৰ বা ফল খাব
৫। চিকিৎসকৰ বাহিৰে বিজ্ঞাপনত বা বজাৰত পোৱা যিকোনো স্বাস্থ্যবৰ্ধক দৰৱ নাখাব । (সেইবোৰে পিচত ক্ষতি কৰিব পাৰে)
আয়ুৰ্বেদিক দৰৱ:---শ্যৱনপ্ৰাস, অশ্বগন্ধা, যষ্ঠিমধু, শতমুল বা শতাবৰি ,ত্ৰিফলা চুৰ, অৰ্জু্ন চুৰ্ণ আদি খাব পাৰে ।(পাৰ্শ্বক্ৰিয়াবিহীন)
অন্যান্য ৰোগত অৱশ্যক বোধে চিকিৎসকৰ সুপৰামৰ্শ লব ।

লেখক – যতীন দাস

3.58333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top