মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ক্ষুদ্ৰান্তৰ টেমুনা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক্ষুদ্ৰান্তৰ টেমুনা:

ক্ষুদ্ৰান্তৰ টেমুনাৰ বিষয়ে লিখা হৈছে

 

ক্ষুদ্ৰান্তৰ ভিতৰত টেমুনা তুলনামূলকভাৱে কমকৈ হয়। ইয়াৰ বেছিভাগ অনিষ্টকাৰী টেমুনা নহয়। কেন্সাৰ জাতীয় টেমুনা কাচিৎহে হোৱা দেখা যায়। অৱশ্যে ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ ঢাকনিখনৰ পৰা ওলোৱা পলীপ(Polyp) কেতিয়াবা কিছুমান বিশেষ ৰোগৰ লগত হোৱা দেখা যায়।

অনিষ্টকাৰী টেমুনা:

 

১)লিওমায়োমা(Leomyoma): ক্ষুদ্ৰান্তৰ কোমল পেশীসমূহৰ পৰা উদ্ভৱ হোৱা এই টেমুনা সাধাৰণতে ক্ষুদ্ৰান্তৰ ফুটাৰ ভিতৰলৈ ওলাই থাকে। ইয়াৰ ওপৰ ভাগত কেতিয়াবা ঘা হৈ তাৰ পৰা ৰক্তক্ষৰণ হ’ব পাৰে। এনেকৈ বহুদিন অলপ অলপকৈ ৰক্তক্ষৰণ হোৱা ৰোগীয়ে ৰক্তহীনতাত ভোগে। সেয়েহে, ৰোগীয়ে কেৱল ৰক্তহীনতা আৰু দুৰ্বলতা অনুভৱ কৰি চিকিৎসকৰ কাষ চাপিব পাৰে। এই ৰোগ নিৰ্ণয় কৰাও যথেষ্ট কঠিন। সাধাৰণ এক্সৰে বা আল্ট্ৰাছ’নোগ্ৰাফিত ই ধৰা নপৰিবও পাৰে। এণ্ডোস্কোপিক আল্ট্ৰাছ’নোগ্ৰাফি কৰি এই টেমুনাৰ অৱস্থিতি ধৰিব পাৰি। ৰোগ নিৰ্ণয় হ’লে ইয়াক অস্ত্ৰোপচাৰ কৰি কাটি উলিয়াই দিব লাগে।

২)এডিনোমা(Adenoma): এইবিধ টেমুনা ক্ষুদ্ৰান্ত্ৰৰ গ্ৰন্থিকোষৰ পৰা উদ্ভৱ হয়। ই ডাঙৰ হ’লে ক্ষুদ্ৰান্ত্ৰৰ ফুটা বন্ধ কৰি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। ই যেতিয়া ডিউডেনামৰ পিত্তবাহী নলীৰ মুখত উদ্ভৱ হয়, পিত্তৰস নি:সৰণ বন্ধ কৰি জণ্ডিচ কৰিব পাৰে। কেতিয়াবা এই টেমুনা কেন্সাৰলৈও পৰিৱৰ্তিত হ’ব পাৰে। ইয়াৰ চিকিৎসা হ’ল অস্ত্ৰোপচাৰৰ দ্বাৰা টেমুনা কাটি উলিয়াই দিয়া।

৩)লাইপোমা(Lipoma): চৰ্বিৰ পৰা উৎপত্তি হোৱা হালধীয়া ৰঙৰ এই টেমুনা অন্ত্ৰৰ বেৰত ধেনুভিৰীয়াকৈ ওলাই থাকে। ই সাধাৰণতে একো অনিষ্ট নকৰে আৰু খুব বেছি ডাঙৰ নহ’লে ইয়াৰ কোনো চিকিৎসাৰ প্ৰয়োজন নহয়।

৪)হিমাঞ্জিওমা(Haemangioma): ৰক্তবাহী নলীবোৰ ডাঙৰ আৰু বহল হৈ একগোট হৈ এই টেমুনাৰ সৃষ্টি কৰে। ই ক্ষুদ্ৰান্ত্ৰৰ পৰা পাকস্থলীৰ বেৰত বেছিকৈ হোৱা দেখা যায়। এই টেমুনাৰ পৰা কেতিয়াবা ৰক্তক্ষৰণ হৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰায়েই অলপ অলপকৈ ৰক্তক্ষৰণ হৈ ৰোগীক ৰক্তহীনতাত ভোগায়। ইয়াক এণ্ডোস্ক’পিৰ দ্বাৰা প্ৰত্যেক্ষ কৰিব পাৰি। টেমুনা সৰু হ’লে এণ্ডোস্ক’পিৰে যন্ত্ৰ সুমুৱাই পুৰি দিব পাৰি। সেইটো সম্ভৱ নহ’লে অস্ত্ৰোপচাৰৰ দ্বাৰা অন্ত্ৰৰে সৈতে ইয়াক কাটি উলিয়াই দিব পাৰি।

ক্ষুদ্ৰান্তৰ কেন্সাৰ:

 

১)এডিনোকাৰ্চিনোমা(Adeno Carcinoma): এই ৰোগ ক্ষুদ্ৰান্ত্ৰত সাধাৰণতে অতি কম লোকৰহে হয়। এডিনোমা নামৰ অনিষ্টকাৰী নোহোৱা টেমুনা পৰিৱৰ্তিত হৈ এডিনোকাৰ্চিনোমা হ’ব পাৰে। তেতিয়া ই অতি ক্ষীপ্ৰতাৰে ডাঙৰ হয়। এই টেমুনাৰ পৰা ৰক্তক্ষৰণো হ’ব পাৰে আৰু কেতিয়াবা ক্ষুদ্ৰান্ত্ৰত প্ৰতিবন্ধকতাৰো সৃষ্টি কৰিব পাৰে। ই বেছিদিন থাকিলে শৰীৰৰ আন আন অংগলৈও বিয়পিব পাৰে। বেৰিয়াম মিল এক্সৰে’ৰ দ্বাৰা আৰু এণ্ডোস্ক’পিৰ দ্বাৰা ইয়াক নিৰ্ণয় কৰিব পাৰি। অস্ত্ৰোপচাৰৰ দ্বাৰা এই টেমুনাসহ ক্ষুদ্ৰান্ত্ৰৰ এক বুজন অংশ উলিয়াই দিব পাৰিলে এই ৰোগ নিৰাময় কৰিব পাৰি। অস্ত্ৰোপচাৰৰ পিছত কেন্সাৰ বিধ্বংসী দৰব আৰু ‘কোবাল্ট থেৰাপি’ দিব পাৰি। ইয়াৰ উপৰি ক্ষুদ্ৰান্ত্ৰত লসীকা গ্ৰন্থিৰ টেমুনা’লিমফোমা(Lymphoma) আৰু কোমল পেশীসমূহৰ পৰা উৎপত্তি হোৱা ‘লিয়োমায়ো চাৰ্কোমা(Leomyo Sarcoma) নামৰ কেন্সাৰো হ’ব পাৰে।

বৃহদান্ত্ৰ আৰু মহাভাণ্ডাৰৰ কেন্সাৰ ৰোগ(Colo Rectal Cancer):

 

বিশ্বত প্ৰতি বছৰে দহ লাখতকৈও অধিক লোকে বৃহদান্ত্ৰ আৰু মলভাণ্ডাৰৰ কেন্সাৰ ৰোগত ভোগে। এই ৰোগ উন্নয়নশীল দেশবোৰতকৈ উন্নত দেশবোৰত বেছিকৈ হোৱা দেখা যায়। সমগ্ৰ বিশ্বত ১৯৯০ চনত ৪,৯০,০০০ লোক এই ৰোগত মৃত্যু হোৱাৰ বিপৰীতে ২০১০ চনত ৭,১৫,০০০ লোক এই ৰোগত মৃত্যু মুখত পৰে। মানুহৰ শৰীৰত হোৱা কেন্সাৰবোৰৰ ভিতৰত শতকৰা দহ ভাগেই হ’ল বৃহদান্ত্ৰৰ কেন্সাৰ।

বৃহদান্ত্ৰ আৰু মলভাণ্ডাৰৰ গঠন আৰু অংশসমূহ:

 

ৰোগৰ কাৰণ: অন্য যিকোনো কেন্সাৰৰ নিচিনাকৈ বৃহদান্ত্ৰৰ কেন্সাৰৰ কাৰণো জনা নেযায়। অৱশ্যে কিছুমান বিপদজনক কাৰক চিনাক্ত কৰা হৈছে-

বিপদজনক কাৰকসমূহ:

 

  • অন্ত্ৰৰ সংক্ৰমণশীল ৰোগ যেনে- আলচাৰেটিভ কলাইটিচ আৰু ক্ৰোণচ ডিজিজ হোৱা লোকৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি। যিমানে এই ৰোগ দীঘলীয়া হয়, সিমানেই বিপদ বাঢ়ি যায়। শতকাৰ দুই ভাগ বৃহদান্ত্ৰৰ কেন্সাৰ অন্ত্ৰৰ সংক্ৰমণশালী ৰোগৰ বাবে হয়। ক্ৰোণচ ডিজিজত দহ বছৰত শতকৰা ২ ভাগ, বিছ বছৰত শতকৰা ৮ ভাগ আৰু ত্ৰিছ বছৰত শতকৰা ১৮ ভাগৰ কেন্সাৰ হ’ব পাৰে। আনহাতে ত্ৰিছ বছৰ বা তাতোকৈ বেছিদিন আলচাৰেটিভ কলাইটিচত কেন্সাৰৰ হোৱাৰ সম্ভাৱনা থাকে।
  • বংশগত কাৰক: শতকৰা বিছ ভাগ বৃহদান্ত্ৰৰ কেন্সাৰ ৰোগীৰ কোনো নিকটাত্মীয়ৰ এনে ৰোগ হোৱাৰ সম্ভাৱনা দেখা যায়। একেটা পৰিয়ালত বংশগতভাৱে বিস্তাৰিত হোৱা ‘এডিনোমেটাচ পলিপোচিচ’(Adenomatous Polyposis)নামৰ ৰোগৰ ভোগা শতকৰা আশী ভাগ লোকেই শেষত বৃহদান্ত্ৰৰ কেন্সাৰত ভোগা দেখা যায়।
  • মদ্যপান আৰু ধূমপান কৰা লোকৰ এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি।
  • শকত আৰু শৰীৰ চৰ্চা নকৰা লোকৰো এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি।
  • বেছি চৰ্বি আৰু ছাগলীৰ মাংস আৰু অন্য ৰেড মিট খোৱা লোকৰ এই ৰোগৰ সম্ভাৱনা বাঢ়ি যায়।

ৰোগৰ ধৰণ:

বৃহদান্ত্ৰ আৰু মলভাণ্ডাৰৰ কেন্সাৰ সাধাৰণতে অন্ত্ৰৰ ভিতৰৰ আৱৰণত থকা গ্ৰন্থীকোষৰ পৰা উদ্ভৱ হয় আৰু ইয়াক ‘এডিনোকাৰ্চিনোমা’ বোলা হয়। সংখ্যাগত বিশ্লেষণৰ দ্বাৰা গম পোৱা গৈছে যে বেছিভাগ সোঁফালে হোৱা কেন্সাৰ(চিকাম আৰু এচেণ্ডিং ক’লনত হোৱা) বৃহদান্ত্ৰৰ বেৰৰ ফালে বাঢ়ে বাবে ই ভিতৰ ফুটাতো বন্ধ নকৰে। কিন্তু বাওঁফালে হোৱা কেন্সাৰ(ডিচেণ্ডিং আৰু চিগমইদ ক’লনত হোৱা) প্ৰায়েই বৃহদান্ত্ৰৰ ভিতৰলৈ বাঢ়ে আৰু ফুটা বন্ধ কৰি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।

বৃহদান্ত্ৰৰ কেন্সাৰো অন্য কেন্সাৰৰ দৰে অতি সোনকালে উদ্ভৱ হোৱা ঠাইৰ পৰা প্ৰথমে বৃহদান্ত্ৰৰ বেৰৰ ফালে বাঢ়ি গৈ বাহিৰলৈ ওলাই যায়। পিছত ওচৰৰ লসীকা গ্ৰন্থি আৰু লাহে লাহে দূৰৈৰ লসীকা গ্ৰন্থিলৈ বিয়পে। আনহাতে কিছুমান কেন্সাৰ কোষ তেজবাহী নলীত সোমাই যকৃত, হাওঁফাওঁ, মগজু, হাড় আদিলৈও বিয়পিব পাৰে।

প্ৰথম স্তৰ: যেতিয়া টেমুনা বৃহদান্ত্ৰৰ ভিতৰৰ আৱৰণতে আৱদ্ধ থাকে।

দ্বিতীয় স্তৰ: যেতিয়া টেমুনা বৃহদান্ত্ৰৰ বেৰৰ পেশীলৈ বিস্তাৰিত হয়।

তৃতীয় স্তৰ: যেতিয়া টেমুনা বৃহদান্ত্ৰৰ বেৰৰ বাহিৰলৈ গৈ ওচৰৰ লসিকা গ্ৰন্থিত সোমায়।

চতুৰ্থ স্তৰ: যেতিয়া টেমুনাৰ কোষ তেজবাহী নলীৰে গৈ দূৰৈৰ অংগ যেনে- যকৃত, হাড় আদিত সোমায়গৈ।

বৃহদান্ত্ৰৰ কেন্সাৰৰ বিভিন্ন স্তৰ:

ৰোগৰ লক্ষণ: এই ৰোগ সাধাৰণতে বয়সীয়াল লোকৰে হয়। পুৰুষৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনা বেছি যদিও মহিলাসকলো প্ৰায় সমানে আক্ৰান্ত হয়।

  • শৌচ কৰা ধৰণৰ পৰিৱৰ্তন ইয়াৰ প্ৰথম লক্ষণ হ’ব পাৰে। যদি ইতিমধ্যে কোষ্ঠকাঠিন্য থকা লোকৰ শৌচ আৰু বেছি কঠিন হ’বলৈ ধৰে, ই এই ৰোগৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে। কিছুমানৰ আকৌ শৌচ ওলাই আহোতে শৌচৰ লডাটো আগতকৈ ঠেক হৈ ওলাই আহিব পাৰে। মলভাণ্ডাৰত কেন্সাৰ হ’লে শৌচ কৰো কৰো লাগি থাকে, কিন্তু নহয়। মুঠতে সদায় স্বাভাৱিকভাৱে হৈ থকা শৌচৰ ধৰণৰ পৰিৱৰ্তন হোৱাটো এই ৰোগৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে।
  • ৰক্তক্ষৰণ: শৌচৰ লগত বা এনেয়ে তেজ ওলাব পাৰে। যদি কেন্সাৰ চিগমইদ ক’লন বা মলভাণ্ডাৰত হয়, তেজ সাধাৰণতে উজ্জ্বল ৰঙৰ হয়, যদি টেমুনা চিকাম, এচেণ্ডিং বা ট্ৰেন্সভাৰ্চ ক’লনত হয়, তেজ গাঢ় ৰঙা হ’ব পাৰে। কেতিয়াবা গাঢ় ৰঙা তেজ মিহলি পনীয়া শৌচ দিনত কেইবাবাৰো আৰু বহুদিনলৈ হৈ থাকিব পাৰে।
  • ৰক্তহীনতা: বহুতে আকৌ অলপ অলপকৈ ৰক্তক্ষৰণ হোৱাৰ ফলত ৰক্তহীনতাৰ বাবে চিকিৎসকৰ ওচৰ চাপিব পাৰে।
  • কিছুমান ৰোগীয়ে ভোক নলগা, ওজন কম হোৱা আদি লক্ষণ ওপৰত উল্লেখ কৰা লক্ষণসমূহৰ লগত অথবা অকলে লৈ আহিব পাৰে।

ৰোগ নিৰ্ণয়:

খুব ভালকৈ ৰোগীৰ ৰোগৰ লক্ষণ বুলি অভিজ্ঞ চিকিৎসকে পেট আৰু গুহ্যদ্বাৰেদি আঙুলি সুমুৱাই পৰীক্ষা কৰি মলভাণ্ডাৰৰ কেন্সাৰ ৰোগ নিৰ্ণয় কৰিব পাৰে। আঙুলিৰে ঢুকি নোপোৱা অংশত হোৱা ৰোগৰ বাবে তলত উল্লেখ কৰা পৰীক্ষাসমূহ কৰাটো বাঞ্ছনীয়।

  • ক’লনোস্ক’পি: ইয়াৰ দ্বাৰা বৃহদান্ত্ৰৰ সকলো অংশৰে ৰোগ নিৰ্ণয় কৰিব পাৰি। কেৱল মলভাণ্ডাৰৰ ওপৰ অংশত বা তাৰ এটুকুৰা কাটি আনি পৰীক্ষাগাৰত পৰীক্ষা কৰিলে টেমুনাৰ আচল স্বৰূপ ধৰা পৰে। এই পদ্ধতিকে ‘বায়োন্সি’ কৰা বোলা হয়। চিকিৎসা আৰম্ভ কৰাৰ আগতে বায়োন্সি কৰি ৰোগৰ প্ৰকৃত স্বৰূপ জানি লোৱা অতি আৱশ্যক।
  • ক’লনোস্ক’পিৰ সুবিধা নাথাকিলে গুহ্যদ্বাৰেদি বেৰিয়াম সুমুৱাই দি এক্সৰে ল’লেও টেমুনাৰ উপস্থিতি ধৰিব পাৰি।
  • আল্ট্ৰাছ’নোগ্ৰাফি কৰিও টেমুনাৰ স্থিতি আৰু ধৰণ ধৰিব পাৰি।
  • চি.টি. স্কেন: এই পৰীক্ষাৰ দ্বাৰা টেমুনাৰ স্থিতি, ধৰণ আদি ধৰাৰ উপৰিও ইয়াৰ বিস্তৃতি আৰু অন্য অংগলৈ পিয়পিছে নেকি, তাৰো উমান পাব পাৰি।

প্ৰতিৰোধ:

বৃহদান্ত্ৰৰ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰিনে? যিহেতু কিছুমান আহাৰ আৰু জীৱনশৈলীৰ লগত এইবিধ কেন্সাৰৰ সম্বন্ধ আছে, এইবোৰৰ যথাযথ পৰিৱৰ্তনে কিছু হ’লেও কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰি।

আহাৰ:

যথেষ্ট পৰিমাণে শাক-পাচলি আৰু ফল মূল খোৱা ভাল। ছাগলীৰ মাংস বা অইন সকলো ধৰণৰ ৰেডমিট খোৱা উচিত নহয়।

ব্যায়াম:

নিয়মিত শৰীৰ চৰ্চাই এই ৰোগ প্ৰতিৰোধ কৰাত অৰিহনা যোগাব পাৰে।

স্ক্ৰীনিং বা নিয়মীয়া পৰীক্ষাৰ দ্বাৰা কেন্সাৰত ভোগাৰ সম্ভাৱনা থকা ব্যক্তিক আৰম্ভণিতে এই ৰোগ নিৰ্ণয় কৰি ফলপ্ৰসূ চিকিৎসাৰ ব্যৱস্থা কৰা সম্ভৱ। উদাহৰণস্বৰূপে পৰিয়ালত বংশগতভাৱে বিস্তাৰিত হোৱা ‘এডিনোমেটাচ পলিপোচিচ’ ৰোগত ভোগা ৰোগীক প্ৰতি পাঁচ বছৰৰ মূৰত ক’লনস্ক’পি কৰি থাকিলে কেন্সাৰলৈ পৰিৱৰ্তিত হোৱা ৰোগ অতি সোনকালে ধৰিব পাৰি। ইয়াৰ দ্বাৰা শতকৰা ৬০ ভাগ ৰোগীৰ মৃত্যুৰ হাৰ কমাব পাৰি। আন এটা সহজ পৰীক্ষা হ’ল শৌচত চকুৰে ধৰিব নোৱাৰা ৰক্তক্ষৰণৰ বাবে নিয়মীয়া পৰীক্ষা কৰা। কমকৈ ৰক্তক্ষৰণ হোৱা কেন্সাৰৰ টেমুনা সোনকালে ধৰিবলৈ ই অতি ফলপ্ৰসূ উপায়।

চিকিৎসা:

অস্ত্ৰোপচাৰ: বৃহদান্ত্ৰ আৰু মলভাণ্ডাৰৰ কেন্সাৰ ৰোগ একমাত্ৰ ফলপ্ৰসূ চিকিৎসা হ’ল অস্ত্ৰোপচাৰ কৰি টেমুনাৰ লগতে বৃহদান্ত্ৰৰ কিছু টেমুনাবিহীন অংশ কাটি উলিয়াই দিয়া। সাধাৰণতে অন্ত্ৰৰ এক বুজন অংশ কাটি দিয়াৰ পিছত কটা মূৰ দুটা চিলাই কৰি জোৰা লগাই দিয়া হয়। মলভাণ্ডাৰৰ কেন্সাৰ ৰোগত আগতে টেমুনাৰ লগত মলভাণ্ডাৰৰ এক বুজন অংশ কাটি দিয়াৰ পিছত কটা মূৰ দুটা জোৰা লগাবলৈ অসুবিধা হোৱা বাবে ওপৰৰ কটা মূৰতো পেটৰ বেৰৰ মাজেৰে বাহিৰলৈ উলিয়াই ৰখা হৈছিল। ইয়াকে ‘ক’লোষ্টমী’(Colostomy) বোলা হয়। ৰোগীয়ে আজীৱন সেই ক’লোষ্টমীৰে শৌচ কৰিবলগীয়া হৈছিল। পিছে আজিকালি উন্নত অস্ত্ৰোপচাৰ পদ্ধতি আৰু সঁজুলি আৱিষ্কাৰ হোৱা বাবে মলভাণ্ডাৰৰ একেবাৰে তলত হোৱা কেন্সাৰ কাটি পেলোৱাৰ পিছতো মূৰ দুটা ষ্টেপলাৰ নামৰ সঁজুলিৰে সহজে জোৰা লগাব পৰা হৈছে। ফলত ক’লোষ্টমী কৰিবলগীয়া ৰোগীৰ সংখ্যা কমি গৈছে।

কেৱল বৃহদান্ত্ৰৰ ভিতৰতে সীমাবদ্ধ থকা টেমুনা এনে ধৰণে কাটি উলিয়াই দিলে ভাল পোৱা যায় যদিও, কেতিয়াবা লসীকা গ্ৰন্থিসমূহ আক্ৰান্ত হ’লেও বা যকৃতত টেমুনা থাকিলেও সেইবোৰৰে সৈতে সকলো আক্ৰান্ত অংশ কাটি উলিয়াই পেলাব পৰা যায়।

আনহাতে চতুৰ্থ স্তৰৰ কেন্সাৰ ৰোগীৰো কেতিয়াবা অন্ত্ৰৰ প্ৰতিবন্ধকতা আঁতৰাবলৈ উপশমী অস্ত্ৰোপচাৰ(Palliative Surgery) কৰিবলগীয়া হয়।

কেন্সাৰ বিধ্বংসী দৰব(Chemotherapy): কিছুমান ৰোগীক অস্ত্ৰোপচাৰৰ পিছত ৰৈ যাব পৰা কেন্সাৰ কোষসমূহ সমুলঞ্চে ধ্বংস কৰিবলৈ এনে দৰব ব্যৱহাৰ কৰা হয়। আন কিছুমান ৰোগী, যিসকলৰ ৰোগ ইতিমধ্যে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে, তেওঁলোককো কেন্সাৰ বিধ্বংসী দৰব দিয়া হয়।

কোবাল্ট থেৰাপি: বৃহদান্ত্ৰৰ অন্য অংশত হোৱা কেন্সাৰত কোবাল্ট থেৰাপিৰ বিশেষ ফল নাই যদিও মলভাণ্ডাৰত হোৱা কেন্সাৰত অস্ত্ৰোপচাৰৰ আগতে টেমুনাৰ আকাৰ সৰু কৰি ল’বলৈ আৰু অস্ত্ৰোপচাৰৰ পিছত অৱশিষ্ট কেন্সাৰ কোষ নিৰ্মূল কৰিবলৈ ইয়াৰ ব্যৱহাৰ কৰা হয়।

উৎস:স্বাস্থ্য।

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top