অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক্ৰম’থেৰাপী :

ক্ৰম’থেৰাপীৰ বিষয়ে লিখা হৈছে ।

 

বেদ শাস্ত্ৰবোৰত সুৰ্যক যথেষ্ট গুৰুত্ব দিয়া হয়। সুৰ্য প্ৰণাম এক অপৰিহাৰ্য অভ্যাস। কিন্তু এই সুৰ্য সাত ৰঙৰ সমষ্টি। যেনে-বেঙুনীয়া, নীলা, সেউজীয়া, হালধীয়া , কমলা, ৰঙা। এই ৰংকেইটাৰ ভিতৰত প্ৰথম তিনিটাই আমাৰ শৰীৰটো ঠাণ্ডা কৰি তোলে। ই এণ্টিচেপ্টিকৰো কাম কৰে। শেষৰ তিনিটা ৰঙে আমাৰ শৰীৰত উত্তাপ বৃদ্ধি কৰে। সেউজীয়া ৰংটোৱে সকলো ৰঙৰ সমতা ৰক্ষা কৰে। আমেৰিকাৰ চিকিৎসক এডউইন ডি বাবিটোৱে গবেষণাৰ দ্বাৰা প্ৰমাণ কৰিছে যে সকলো ধৰণৰ বেমাৰী, আনকি বহু পুৰণি ৰোগত ভুগি থকা আৰু দুৰাৰোগ্য অসুখত ভুগি থকা বেমাৰীৰ বাবেও ক্ৰম’থেৰাপীয়ে বহুত উপকাৰ সাধন কৰে।

ৰঙৰ চিকিৎসা (ক্ৰম’থেৰাপী কৰাৰ নিয়ম)-

সুৰ্য উদয় হোৱাৰ ৯০ মিনিটৰ ভিতৰত আৰু সুৰ্য অস্ত যোৱাৰ ৬০ মিনিটৰ পুৰ্বে অসুখ হোৱা অংশত ব্যৱহাৰ কৰিব লাগে। পোহৰখিনি অসুখ হোৱা ঠাইত পৰাৰ ব্যৱস্থা কৰিব লাগে।

ৰঙচুৱা বালবৰ ব্যৱহাৰ কৰিব লাগে। বালববিলাক ৬০ ৰ পৰা ১০০ ৱাটছৰ হ’ব লাগে। পোহৰ দিওঁতে ১৮ বা ২০ ইঞ্চিৰ আঁতৰ হ’ব লাগে। এফেক্টেড অংশত পোহৰ বা তাপ দিওঁতে ৫ মিনিটৰ পৰা ১০ মিনিট দিব লাগে। ক্ৰম’থেৰাপী সকলো বেমাৰ-আজাৰত ব্যৱহাৰ কৰি সহজে আৰোগ্য লাভ কৰিব পাৰি। ৰাতি বিছনাত শোৱাৰ আগেয়ে ৰঙা, নীলা, হালধীয়া, সেউজীয়া, কমলা ৰঙৰ (যিকোনো এটাৰ) ডিম লাইট (১৫ ৱাটছৰ) সদায় ব্যৱহাৰ কৰিলে শৰীৰত বল-শক্তি বাঢ়ে। শোৱা কোঠাত ১৫ ৱাটছ ডীম লাইট শোৱাৰ কালছোৱাত ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ উন্নতি হয়। ৰঙৰ ভিতৰত বগা, নীলা, হালধীয়া উত্তম।

বিভিন্ন ৰোগত ভিন্ন ৰঙৰ ব্যৱহাৰ -

বেঙুনীয়া ৰং: হাড়, হাড়ৰ মজ্জা, টিউমাৰ, চকু ছানি পৰা, অন্ধতা, তপা হোৱা আদি অসুখত এই ৰং ব্যৱহাৰ কৰিলে ৰোগ আৰোগ্য হয়। ইণ্ডিগো- চকু, নাক, গলৰ সমস্যা, ফেচিয়েল পেৰেলাইছিছ বা মুখ বেঁকা হোৱা, হাপানী, যক্ষ্মা, বদহজমী, স্নায়ু দুৰ্বলতা, অসুখত এই ৰং ব্যৱহাৰ কৰিলে উপৰোল্লিখিত অসুখবোৰ আৰোগ্য হয়।

নীলা: হুপিং কাহ, ডিঙিৰ বিভিন্ন অসুখত, জ্বৰ, কাহ, টাইফয়েড, বৰ আই, মুখৰ ঘা, কলেৰা, মগজুত হোৱা টিউমাৰ , ডেংগু, টোপনি নহা, মানসিক হতাশা, পোৰা, ৰক্তস্ৰাৱ ইত্যাদি অসুখত নীলা ৰঙৰ প্ৰভাৱ অতি বেছি। ডা: এডুইন ডি বাবিটোৱে নীলা ৰঙক পৃথিৱী আটাইতকৈ উত্তম এণ্টিচেপটিক বুলি অভিহিত কৰিছিল। সেই কাৰণে নীলা আকাশ পৃথিৱীৰ সকলো মানুহৰ বাবে অতি উপকাৰী আৰু মনোমোহা বুলি কোৱা হয়। Blue colour is the world’s best anticeptic and that is way the cloudless blue sky during the day has great beneficial for the people of the world”.

সেউজীয়া: হৃদযন্ত্ৰৰ অসুখ, উচ্চ আৰু নিম্ন ৰক্তচাপ, ছালৰ বেমাৰ, কৰ্কট ৰোগ, ইনফ্লুৱেঞ্জা, চিফিলিচ, চকুৰ বিষ ইত্যাদি অসুখত এই ৰ্ং ব্যৱহাৰ কৰিলে উত্তম ফল পোৱা যায়।

হালধীয়া: বদহজম, পেটৰ সকলো ধৰণৰ অসুখ, খাপৰিবঢ়া যকৃতৰ অসুখ, বহুমুত্ৰ বা ডায়বেটিছ ৰোগত এই ৰং ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

কমলা: বহুদিনীয়া হাপানী ৰোগ, ব্ৰ্ংকাইটিছ, ভৰিৰ আঙুলিৰ বিষ, ফুলা, বৃক্ক ৰোগ, মানসিক অৱসাদ, আৱৰীয় বা এপিলেক্সী আদি অসুখত আৰোগ্য হয়।

ৰঙা: ৰক্তহীনতা বা এনিমিয়া ছৰ্দি, পেৰেলাইছিছ , আঁঠুৰ বিষ, বাতবিষ, যক্ষ্মা আদিত এই ৰঙৰ ব্যৱহাৰে ভাল ফল দিয়ে।

লেখক: উপেন দত্ত (দেওবৰীয়া সম্ভাৰ)

 

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top