মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কৰ’নেৰী ধমনীৰ ৰোগ প্ৰতিৰোধত যোগাভ্যাস :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৰ’নেৰী ধমনীৰ ৰোগ প্ৰতিৰোধত যোগাভ্যাস :

কৰ’নেৰী ধমনীৰ ৰোগ প্ৰতিৰোধত যোগাভ্যাসৰ বিষয়ে লিখা হৈছে ।

 

শৰীৰৰ অন্যান্য কোষৰ দৰে হৃৎপিণ্ডৰ কোষবিলাককো যথেষ্ট পৰিমাণৰ অক্সিজেন,গ্লুক’জ আদি সকলো পদাৰ্থৰ আৱশ্যক হয়।এইবোৰ কিন্তু হৃৎপিণ্ডই ইয়াৰ কোঠালিৰ মাজেৰে চলা তেজৰ পৰা আহৰণ কৰিব নোৱাৰে।হৃৎপিণ্ডই সমগ্ৰ দেহৰ কৰ্মশক্তিৰ বাবে অম্লজানযুক্ত ৰক্তৰ যোগান ধৰে,অথচ নিজৰ স্বাভাৱিক কাম-কাজৰ বাবে আৱশ্যকীয় অম্লজানৰ যোগান ধৰে ক’ৰনেৰী ধমনীয়ে।এই কৰ’নেৰী ধমনীয়ে হৃৎপিণ্ডৰ মাংসপেশীক শোধিত তেজৰ যোগান ধৰে-হৃৎপিণ্ডৰ মহাধমনীৰ আৰম্ভণিতে উৎপত্তি হোৱা সোঁ আৰু বাঁও দুডাল কৰ’নেৰী ধমনীৰ যোগেদি।এই কৰ’নেৰী (নাড়ী)ধমনী সোঁ আৰু বাঁও কৰ’নেৰী (নাড়ী)হিচাবে দুটা ভাগত বিভক্ত হয়।পাছত এই দুডালৰ পৰা অসংখ্য সৰু সৰু ধমনীৰ সৃষ্টি হয় আৰু এই সৰু সৰু ধমনীবিলাকে জালিৰ দৰে হৃৎপিণ্ডৰ মাংসপেশীবোৰক মেৰিয়াই থাকে।

মহাধমনীৰ পৰা এই কৰ’নেৰী ধমনীয়েদি অম্লজানযুক্ত শুদ্ধ তেজ আহি হৃৎপিণ্ডৰ মাংসপেশী,কোষত অম্লজান যোগান ধৰে আৰু শক্তি প্ৰদান কৰে।সেয়ে হৃৎপিণ্ডই নিজৰ স্বাভাৱিক কাম-কাজ কৰিবলৈ অফুৰন্ত শক্তি আহৰণ কৰে।প্ৰতি মিনিটত প্ৰায় ২২৫ মিলিলিটাৰ ৰক্ত এই ধমনী দুডালৰ মাজেৰে হৃৎপিণ্ডৰ মাংসপেশীলৈ সঞ্চালিত হয়।কিন্তু কোনো কাৰণত এই ধমনীৰ ভিতৰৰ বেৰ সংকুচিত হৈ তেজৰ প্ৰবাহ যদি ৰুদ্ধ হৈ পৰে,তেন্তে হৃদযন্ত্ৰৰ মাংসপেশীয়ে পৰ্যাপ্ত পৰিমাণে শোধিত তেজৰ যোগান নাপায় বা প্ৰয়োজনতকৈ কমকৈ পায়।

কৰ’নেৰী ধমনীৰ বেৰখন এনেয়ে পাতল।কলেষ্টেৰল আদি চৰ্বিজাতীয় পদাৰ্থ ধমনীৰ বেৰৰ ভিতৰফালে জমা হোৱাৰ কাৰণে বেৰখন ডাঠ,টান হৈ পৰে।তেতিয়া ধমনীৰ নলীৰ বিন্ধাটো সৰু হৈ আহে আৰু তেতিয়াই এই সৰু ৰন্ধ্ৰইদি স্বাভাৱিক ধৰণেৰে তেজ বৈ আহিব নোৱাৰে বাবেই হৃৎপিণ্ডৰ মাংসপেশীবোৰে নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন নাপায়।অক্সিজেনৰ অভাৱত মাংসপেশীবোৰে স্বাভাৱিক কাম-কাজবিলাক চলোৱাত বাধা পায়।তেতিয়া ব্যক্তিজনে দৌৰা,চাইকেল চলোৱা,ছিৰি বগোৱা আদি কাম কৰিব নোৱাৰা হয়।সেইটোকে কৰ’নেৰী ধমনীৰ ৰোগ বুলি কোৱা হয়।এই ৰোগত আক্ৰান্ত ব্যক্তিজনে যদি দৌৰা,চাইকেল চলোৱা,ছিৰি বগোৱা,বেগাই খোজ কঢ়া আদি কৰিব লগা হয়,তেতিয়া হৎপিণ্ডৰ মাংসপেশীয়ে এইবিলাক কাম কৰাৰ বাবে প্ৰয়োজনীয় অক্সিজেন ধমনীৰ সৰু সৰু ৰন্ধ্ৰৰ মাজেৰে নোপোৱা হয়।ঠিক এই অৱস্থাতে বুকুৰ সোঁমাজত একপ্ৰকাৰ ‘বিষ’অনুভৱ হয়।এইটোৱে হ’ল ‘এনজাইনা’বিষ।

*এই ৰোগৰ লক্ষণ

মানসিক চাপৰ ফলতো কৰ’নেৰী ধমনীৰ ৰোগ হ’ব পাৰে।অতি উচ্চাকাংক্ষী,অধৈৰ্য,চঞ্চল,অসহিষ্ণু,সামান্য কথাতে খং উঠা আদি ব্যক্তিৰ মাজতো কৰ’নেৰী ধমনীৰ ৰোগৰ সম্ভাৱনা বেছি।উচ্চ ৰক্তচাপেও এই ৰোগ হোৱাত সহায় কৰে।ডায়েবেটিছ আৰু গাউট ৰোগীৰ কৰ’নেৰী ৰোগ হয়।বহুমুত্ৰ ৰোগত ভোগাসকলৰ ক্ষেত্ৰত ধমনীবিলাক সোনকালে ডাঠ,টান হৈ পৰে।ফলত ধমনীৰ ৰোগ হ’বলৈ ধৰে।অত্যধিক সুৰাপান আৰু ধুমপান কৰা লোকৰ কৰ’নেৰী ধমনীৰ ৰোগ হ’ব পাৰে।অত্যধিক মানসিক দুশ্চিন্তা,অনিয়মিত আহাৰ গ্ৰহণ,অত্যধিক পৰিশ্ৰম বা পৰিশ্ৰমবিহীনতা,মেদবহুলতা,সঠিক ব্যায়ামৰ অভাৱ আদিও এই ৰোগৰ কাৰণ হ’ব পাৰে।কোৱা বাহুল্য যে অজি বিজ্ঞানৰ অভিনৱ অগ্ৰগতিৰ ফলত মানুহৰ শাৰীৰিক শ্ৰমৰ পৰিমাণ একেবাৰে হ্ৰাস পাইছে,কিছুমান ঘৰুৱা সা-সৰঞ্জামৰ ব্যৱহাৰে মানুহৰ শাৰীৰিক শ্ৰম একেবাৰে নাইকিয়া কৰিছে।গাড়ীখন বা দুচকীয়া যানখন নিনিয়াকৈ সামান্য দুৰত্বলৈকো মানুহে খোজকাঢ়ি যাব নোৱাৰা হ’ল।এনেধৰণৰ শ্ৰমবিমুখতাই মানুহৰ শৰীৰলৈ কঢ়িয়াই আনিছে এই ধৰণৰ হৃদৰোগ।

*নিয়মিত যোগাভ্যাসৰ প্ৰয়োজন

গতিকে দেখা গ’ল যে শাৰীৰিক শ্ৰমবিমুখতাৰ উপৰি অন্যান্য বিভিন্ন কাৰণতো এই কৰ’নেৰী ধমনীৰ দৰে হৃদৰোগ হ’ব পাৰে।এই ৰোগৰ পৰা ৰক্ষা পাবলৈ বা নিৰাময় কৰিবলৈ উপৰিউক্ত কাৰণসমুহৰ প্ৰতি সাৱধান হোৱাৰ উপৰি হৃৎপিণ্ডৰ মাংসপেশী তথা মাংসপেশী তথা ধমনীসমুহক সুস্থ-সবল,সক্ৰিয় কৰি ৰাখিব নোৱাৰিলে আমাৰ হৃৎপিণ্ডই নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন নাপায় আৰু শৰীৰত কাৰ্য পৰিচালনা কৰিব নোৱাৰা হয়।গতিকে হৃৎপিণ্ডৰ মাংসপেশী আৰু ইয়াৰ ধমনীসমুহক সক্ৰিয় কৰাৰ বাবে নিয়মিত যোগাভ্যাস কৰা নিতান্তই প্ৰয়োজন।হৃৎপিণ্ডত হোৱা এই ৰোগসমুহ প্ৰতিৰোধ কৰাত যোগাভ্যাসৰ প্ৰভাৱ সুদুৰপ্ৰসাৰী।নিয়মিত যোগাভ্যাসে আমাৰ দেহত কলেষ্টেৰলৰ পৰিমাণ নিম্নগামী কৰে আৰু কৰ’নেৰী ধমনীৰ ৰোগ প্ৰতিৰোধ কৰে।

মানসিক চাপৰ পৰা মুক্ত হ’ব পৰাৰ উপায় হ’ল নিয়মিত ধ্যান-অভ্যাস কৰা।মনক শান্ত কৰাত যথেষ্ট অৰিহণা আছে ধ্যানৰ।ধ্যানৰ অভ্যাসে মানসিক দুশ্চিন্তাৰ পৰা আঁতৰাই ৰাখিব পাৰে।নিয়মিত আসন অভ্যাসৰ দ্বাৰ দেহত তেজৰ সঞ্চালন ঠিকে থাকে আৰু শৰীৰৰ মাংসপেশীৰ লগতে হৃৎপিণ্ডই স্বাভাৱিক গতিত কাম কৰিব পাৰে।শৰীৰৰ কোষবিলাকে অধিক অক্সিজেন পাই সক্ৰিয় –সতেজ হৈ উঠে।প্ৰাণায়াম অভ্যাসৰ জৰিয়তে বিশুদ্ধ বায়ু সেৱন কৰি প্ৰচুৰ পৰিমাণে হাওঁফাওঁলৈ অক্সিজেন আহৰণ কৰিব পাৰিলে সেই অক্সিজেনৰ দ্বাৰাই হৃৎপিণ্ড সবল হৈ উঠে।আমাৰ শৰীৰত উৎপাদিত অপ্ৰয়োজনীয়তা কাৰ্বন-ডাই-অক্সাইড,দুষিত দ্ৰব্য ()দেহৰ পৰা বাহিৰ কৰি দিয়াৰ একমাত্ৰ উপায় এই প্ৰাণায়ামতে আছে।কপালভাতি প্ৰাণায়ামটো ঠিক এইধৰণৰ।প্ৰাণায়ামটোক নিষ্কাশন পদ্ধতি বুলিও কোৱা হয়।বিভিন্ন প্ৰক্ৰিয়া আছে প্ৰাণায়ামৰ।এই প্ৰাণায়ামসমুহ অভ্যাস কৰিলে হৃৎপিণ্ডৰ ধমনীবিলাকত নিয়মিত তেজ চলাচল হৈ শৰীৰটোত স্বাভাৱিক তেজৰ যোগান ধৰিব পাৰে হৃৎপিণ্ডই।প্ৰাণায়ামৰ অভ্যাসৰ ফলত শৰীৰটো কাৰ্বনযুক্ত বিষৰ পৰা মুক্ত হৈ হৃৎপিণ্ডৰ জৰিয়তে অক্সিজেনৰ সৰবৰাহ পায়,তেজ সতেজ হৈ শৰীৰৰ আভ্যন্তৰীণ স্নায়ুগ্ৰন্থিসমুহ সুস্থ-সবল হৈ উঠে।

*আহাৰ

আহাৰৰ লগত এই ৰোগৰ ওতপ্ৰোত সম্বন্ধ আছে।কৰ’নেৰী (নাড়ী)ধমনীৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰা খাদ্যবস্তুৰ বিশেষ প্ৰভাৱ লক্ষ্য কৰিবলগীয়া।কৰ’নেৰী (নাড়ী)ধমনীৰ ৰোগত ভোগা ৰোগীৰ ক্ষেত্ৰত অধ্যয়ন কৰি দেখা গৈছে যে এইসকল ৰোগীৰ আহাৰত কাৰ্বোহাইড্ৰেট বা শাক-পাচলিজাত খাদ্যৰ পৰিমাণ কম থাকে।আনহাতে তেওঁলোকৰ আহাৰত অত্যধিক পৰিমাণৰ চৰ্বিযুক্ত খাদ্য,অত্যধিক কলেষ্টেৰল জাতীয় খাদ্য থাকে।আমি খোৱা আহাৰৰ বিভিন্ন খাদ্যৰ উপাদানসমুহ এনেধৰণৰ হোৱা উচিত-যাতে ই শৰীৰত কৰ্মশক্তি প্ৰদান কৰে।কলেষ্টেৰলযুক্ত আহাৰ বৰ্জন কৰা উচিত।অনাৱশ্যক আৰু ক্ষতিকাৰক খাদ্যবস্তুৰ সলনি হিতকাৰী খাদ্যবস্তু আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাত গুৰুত্ব প্ৰদান কৰা উচিত।তাৰ বাবে প্ৰয়োজন হ’লে খাদ্যৰ ওপৰত শিক্ষা আৰু জ্ঞান আহৰণ কৰক।সকলো ধৰণৰ শাক-পাচলি,ভিটামিন-চি থকা ফল যেনে-সুমথিৰা,নেমু,অমিতা,মধুৰিআম ইত্যাদি খাব পাৰে।পচলা,কলডিল খাব পাৰে।ধুমপান,সুৰাপান সম্পুৰ্ণভাৱে বৰ্জন কৰা উচিত।মদ,চিগাৰেট বৰ্তমান হৃদৰোগৰ মুল কাৰণ হিচাবে চিহ্নিত হৈছে।

আটাইতকৈ প্ৰয়োজনীয় কথা হ’ল-এই ৰোগত সঠিক জিৰণি লোৱা।দেহটোক জিৰণি দিয়াৰ বাবে সময় উলিয়াই ল’ব লাগে।জিৰণি লোৱা সুন্দৰ ক্ৰিয়া হ’ল ‘শৱাসন’।শৱাসনৰ দ্বাৰা আমাৰ গোটেই শৰীৰটোৰ সুন্দৰ বিশ্ৰাম হয় আৰু তেজ চলাচল স্বাভাৱিকভাৱে চলে।শৱাসনৰ দ্বাৰা নিয়মিত ৰুপত বিশ্ৰামৰ চেষ্টা কৰি শৰীৰ শিথিল আৰু মনটোক শান্ত কৰি পুৰ্ণ বিশ্ৰাম ল’ব পাৰি।পুৰ্ণ বিশ্ৰাম মানে শৰীৰটোক সম্পুৰ্ণভাৱে চাপমুক্ত কৰাটোকে বুজোৱা হৈছে।এই শৱাসনটো হৃৎপিণ্ডৰ যিকোনো ৰোগতে অভ্যাস কৰাটো প্ৰয়োজন।তলত কৰ’নেৰী ধমনীৰ ৰোগত কৰিব পৰা কেইটামান আসন-প্ৰাণায়ামৰ নাম দিয়া হ’ল।অভিজ্ঞ যোগ প্ৰশিক্ষকৰ তত্ত্বাৱধানত শিকি ল’ব পাৰিব।

লেখক:বসন্ত মজুমদাৰ (জি এনআৰচি স্বাস্থ্য)

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top