মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কৰ্কট ৰোগীৰ বাবে ৰামধেনু বা নানাৰঙী আহাৰৰ উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৰ্কট ৰোগীৰ বাবে ৰামধেনু বা নানাৰঙী আহাৰৰ উপকাৰিতা :

কৰ্কট ৰোগীৰ বাবে ৰামধেনু বা নানাৰঙী আহাৰৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

প্ৰধানকৈ কি কাৰণে মানুহৰ কৰ্কট ৰোগ হয়,ইয়াৰ সঠিক সমিধান আজিও চিকিৎসা বিজ্ঞানে দিব পৰা নাই।বিশেষজ্ঞসকলৰ মতে ভিন ভিন পৰিৱেশৰ বিভিন্ন কাৰকে কৰ্কট ৰোগত অৰিহণা যোগায়।গৱেষণাৰ দ্বাৰা এই কথা প্ৰমাণিত হৈছে যে আমাৰ আহাৰৰ লগত কিছুমান কৰ্কটৰ সম্বন্ধ আছে।অ-সুষম বা ক্ৰটি পুৰ্ণ আহাৰত কৰ্কট সৃষ্টি কৰিব পৰা কাৰ্চিনোজেন নামৰ এবিধ বিষাক্ত পদাৰ্থ থাকে।এনে আহাৰে মানুহৰ কৰ্কটৰ সম্ভাৱনা বঢ়ায়।আনহাতে,ভাল আহাৰত এণ্টিঅক্সিডেণ্টছ আৰু আন আন ৰাসায়নিক পদাৰ্থ থাকে।এনে আহাৰে মানুহক সুৰক্ষা দি কৰ্কট ৰোগৰ সম্ভাৱনা কম কৰে।আঁহজাতীয় আহাৰ,চৰ্বি আৰু তেল,মদ বা সুৰা,ভিটামিন ,ফল-মুল,শাক-পাচলি ইত্যাদি হ’ল তেনে কিছুমান আহাৰ।

আমি খোৱা ফলমুল,ঘেহুঁ,শাক-পাচলি,গোমধান আদি আঁহজাতীয় খাদ্যৰ কোনো কোনো অংশ হজম নোহোৱাকৈয়ে আমাৰ পাচক প্ৰণালীৰ মাজেৰে ওলাই যায়।ফলত ইয়াত থকা আঁহে শৌচ খোলোচা হোৱাত সহায় কৰে আৰু বেয়া পদাৰ্থ ওলাই যোৱাত সহায় কৰে।তদুপৰি শৰীৰত ক্ষতি কৰাৰ আগেয়ে কৰ্কত সৃষ্টি কৰিব পৰা বিসাক্ত পদাৰ্থ তৰল কৰি পাকস্থলীৰ তন্ত্ৰ পৰিষ্কাৰ কৰে।গড় হিচাপত প্ৰতিদিনে গ্ৰহণ কৰা ২৭ গ্ৰাম আঁহজাতীয় খাদ্যই কৰ্কট সৃষ্টি কৰিব পৰা পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়ে আৰু ২৫ শতাংশই মলাশয়ৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা দুৰ কৰে।ধান,গোমধান,ঘেঁহু আদিৰ পৰা তৈয়াৰী খাদ্য,খহটা ৰুটী,মটৰ,ফলমুল,সেউজীয়া শাক-পাচলি ইত্যাদি হ’ল তেনে আঁহজাতীয় খাদ্যৰ অন্তৰ্ভুক্ত।আমাৰ পৰম্পৰাগত ভাৰতীয় খাদ্যত প্ৰচুৰ পৰিমাণে আঁহ থাকে।আনহাতে,মচলাযুক্ত,নিমজ,সংৰক্ষিত,আমিষ আহাৰত আঁহৰ পৰিমাণ কম থাকে।ফলত এনে আহাৰো শৰীৰত কৰ্কটৰ সম্ভাৱনা বৃদ্ধি কৰে।

গৱেষণাৰদ্বাৰা এই কথাও প্ৰমাণিত হৈছে যে জীৱ-জন্তুৰ চৰ্বিয়ে অগ্ন্যাশয়,মলাশয় আৰু স্তন কৰ্কটৰ সম্ভাৱনা বঢ়ায়।সেয়েহে ৰন্ধা- বঢ়াত অলিভ অইল তেল,চয়াবিনৰ তেল,মাছৰ তেল,শস্যৰ বীজৰ পৰা তৈয়াৰী তেলৰ ব্যৱহাৰে শৰীৰ সুৰক্ষিত কৰিব পাৰে।সেয়েহে Saturated ৰ পৰিৱৰ্তে উক্ত তেলসমুহ ব্যৱহাৰ কৰিব পাৰিলে ভাল।

প্ৰতিদিনে এগিলাচ বা তাতোকৈ কম পৰিমাণে ৰঙচুৱা সুৰা বা মদ গ্ৰহণে হৃদযন্ত্ৰৰ সুস্থতা বঢ়াব পাৰে,গৱেষণাৰদ্বাৰা এইটো প্ৰমাণ কৰা হৈছে।পিছে অতিমাত্ৰা এই পানীয় গ্ৰহণে হজম প্ৰণালীৰ কৰ্কটৰ সম্ভাৱনা বঢ়ায়।তুলনামুলকভাৱে পাতলকৈ বা নোখোৱাসকলতকৈ দিনে ১০০ গ্ৰাম সুৰা গ্ৰহণ কৰাসকলৰ ৪ ৰ পৰা ৬ গুণ পৰ্যন্ত উক্ত কৰ্কটৰ সম্ভাৱনা বঢ়ায়।আনহাতে,ধঁপাত আৰু মদ দুয়োবিধেই মুখৰ কৰ্কটৰ বাবে কাৰ্চিনোজেনৰ বাহক।সেয়ে অতিপাত ধুম্ৰপায়ী আৰু সুৰা সেৱনকাৰী এনে কৰ্কট  হোৱাৰ উচ্চতৰ আশংকা থাকে।

কৰ্কটৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদানত ভিটামিনৰ এক গুৰুত্বপুৰ্ণ ভুমিকা আছে।বিটা কেৰোটিন হৈছে ‘ক’ভিটামিনৰ উৎস।ই ছাৰভাইকেল আৰু মুখৰ কৰ্কটৰ সম্ভাৱনা কম কৰে।নিয়মীয়াকৈ হালধীয়া আৰু কমলা ৰঙৰ শাক-পাচলি খালে আগেয়ে ধুমপান কৰাসকলৰ ক্ষেত্ৰত হাওঁফাওঁৰ কৰ্কটৰ সম্ভাৱনা কমি যায়।‘খ’ভিটামিনে খাদ্যনলী,অগ্ন্যাশয় আৰু ছাৰ্ভাইকেল কৰ্কটৰ পৰা মানুহক সুৰক্ষিত কৰিব পাৰে।ক্ৰ্ম’জমৰ ক্ষতি,মেৰামতি কৰি আৰু দেহৰ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ‘খ’ ভিটামিনে মানৱ দেহক সুৰক্ষা প্ৰদান কৰিব পাৰে।ভিটামিন ‘ক’, ‘খ’, ‘গ’ ই কোষবোৰক দুৰ্বল কৰি সহজে কৰ্কটজাতীয় পৰিৱৰ্তন সাধিব পৰা মুক্ত ৰেডিকেলবোৰক কৌশলেৰে আবদ্ধ কৰি এণ্টি অক্সিডেণ্টছ ৰুপে কাম কৰে।

কিছুমান নিৰ্দিষ্ট উদ্ভিদৰ পৰা উৎপন্ন হোৱা খাদ্যত ফটো কেমিকেলছ থাকে,এই পুষ্টিসাধক দ্ৰব্যবিধ ইমানেই শক্তিশালী যে ই সুস্থ কোষবোৰক কৰ্কটলৈ ৰুপান্তৰিত হোৱাৰ পৰা বচাই ৰাখিব পাৰে।ইহঁতে  কোষবোৰক অবিষাক্ত কৰে আৰু প্ৰতিৰোধ প্ৰক্ৰিয়াক অধিক সক্ৰিয় কৰি তোলে।ইহঁতৰ বেক্টেৰিয়া আৰু ভাইৰাছক বাধা দিব পৰা গুণ আছে।এই সকলোবোৰেই দেহত এটা স্বাস্থ্যৱান পৰিৱেশ বৰ্তাই ৰাখে আৰু কৰ্কটৰ সম্ভাৱনা কম কৰে।গৱেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে যে প্ৰতিদিনে গ্ৰহণ কৰা ৮০-১০০ গ্ৰাম ফলমুল আৰু শাক-পাচলিয়ে ২০ শতাংশ মুখৰ কৰ্কট আৰু ৩০ শতাংশ পাকস্থলীৰ কৰ্কটৰ সম্ভাৱনা কম কৰে।

ব্যৱসায়িকভাৱে উৎপন্ন কৰা ফলমুল আৰু শাক-পাচলিত কীটনাশক দ্ৰব্য বা আন উপাদান প্ৰয়োগ কৰা হয় বাবে তাত কাৰ্চিনোজেনৰ উপস্থিতি তাকে বাবেই বজাৰৰ পৰা আন ফলমুল,শাক-পাচলি ভালদৰে ধুইহে খোৱা উচিত,নহ’লে জৈৱিক পদ্ধতিৰে উৎপন্ন কৰা সামগ্ৰী ব্যৱহাৰ কৰা ভাল।

ফলমুল আৰু শাক-পাচলি ভিটামিনৰ এক শক্তিশালী উৎস।সেয়েহে বিভিন্ন ৰঙৰ শাক-পাচলি আৰু ফলমুল যেনে সেউজীয়া (পালেং শাক,নাচপতি,ভেণ্ডি),হালধীয়া ৰঙৰ (ৰঙা লাউ,আম),ৰঙা (বীট,ষ্ট্ৰ’বেৰী ,তৰমুজ),কমলা ৰঙৰ (গাজৰ,কমলা টেঙা),বেঙুনীয়া ৰঙৰ (প্লাম,পনিয়ল ইত্যাদি খাব পাৰিলে শৰীৰৰ বাবে অতি উপকাৰী।এনে নানাৰঙী আহাৰক ৰামধেনু আহাৰ বুলি কোৱা হয়।সু –স্বাস্থ্য বৰ্তাই ৰখাৰ ক্ষেত্ৰত এনে আহাৰে শৰীৰে প্ৰয়োজনীয় খনিজ দ্ৰব্য আৰু ভিটামিন লাভ কৰাটো নিশ্চিত কৰে।

লেখিকা: কুঞ্জলতা মেধি (নিয়মীয়া বাৰ্তা)

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top