মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / খং নিয়ন্ত্ৰণত ৰখা খাদ্যবোৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খং নিয়ন্ত্ৰণত ৰখা খাদ্যবোৰ :

খং নিয়ন্ত্ৰণত ৰখা খাদ্যবোৰৰ বিষয়ে লিখা হৈছে ।

 

বহু লোকৰ খুব সহজে খং উঠে। খঙত কোৱা কিছুমান কথাই তেওঁলোকক কেতিয়াবা বিপদতো পেলোৱা দেখা যায়। গৱেষণাত দেখা যায় যেন, কিছুমান খাদ্যই আমাৰ মনকো নিয়ন্ত্ৰণ ৰাখে। এইবোৰ খাদ্য আমাৰ মনৰ লগত সম্পৰ্কিত। কিছুমান খাদ্যই আকৌ হৰমন নিয়ন্ত্ৰণৰ মাধ্যমেৰে আমাৰ নাৰ্ভবোৰ উত্তেজিত কৰি তোলে। একেদৰে এনে কিছু খাদ্য আছে, যিয়ে আমাৰ মনক শান্ত কৰি ৰাখে। কণীয়ে আমাৰ মনক প্ৰভাৱিত কৰে। ইয়াত থকা প্ৰ’টিন, ভিটামিন বি, ডি আদিয়ো আমাৰ খং নিয়ন্ত্ৰণ কৰি ৰাখে। প্ৰতিদিনে খাদ্য তালিকাত এটা বা দুটাকৈ কণী ৰাখিবলৈ যত্ন কৰা উচিত। কলত থকা প্ৰচুৰ পৰিমাণৰ ভিটামিন বি তথা পটেছিয়ামে আমাৰ নাৰ্ভক শান্ত কৰি ৰাখে। নিয়মিত কল খালে আমাৰ নাৰ্ভ বহুখিনি শান্ত হৈ থাকে। কাৰ্বহাইড্ৰেট আৰু ভিটামিন বি সমৃদ্ধ খাদ্য আলু। ই ৰক্তচাপ কমাই আমাৰ মানসিক চাপো নিয়ন্ত্ৰণত ৰাখে। খং কমোৱাৰ বাবে আপেলতকৈ উত্তম আহাৰ আন একো নাই বুলিয়েই ক’ব পাৰি। খুব খং উঠি থাকিলে এটা আপেল খাই চাবচোন কেনেকৈ মনটো হঠাৎ শান্ত হৈ পৰে, নিজে অনুভৱ কৰিব পাৰিব।

উৎস: সাদিন

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top