মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / খাদ্য সংৰক্ষণ আৰু সংৰক্ষণৰ পদ্ধতিসমুহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্য সংৰক্ষণ আৰু সংৰক্ষণৰ পদ্ধতিসমুহ

খাদ্য সংৰক্ষণ আৰু সংৰক্ষণৰ পদ্ধতিসমুহ লিখা হৈছে

 

খাদ্য সংৰক্ষণৰ অৰ্থ হৈছে আমি খোৱা খাদ্যসমুহ নষ্টকাৰী বীজাণুৱে ধ্বংস নকৰাকৈ সুৰক্ষিত কৰি থকা।বছৰৰ সকলো ঋতুতে সকলো ফল-মুল,শাক-পাচলি,দানাদাৰ শস্য পোৱা নাযায়।সংৰক্ষণৰ দ্বাৰা বছৰৰ সকলো সময়তে সকলো ঠাইতে বিচৰা বস্তু অসময়তো পোৱাটো সম্ভৱ হয়।

সংৰক্ষণৰ প্ৰধান উদ্দেশ্য হ’ল বতৰৰ ফল-মুল,শাক-পাচলি পৰিপুৰ্ণতা প্ৰাপ্ত হ’লে তাৰ সোৱাদ আৰু পুষ্টিকাৰক গুণ নষ্ট নোহোৱাকৈ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰি আবতৰত এইবোৰ খাদ্যৰ যোগান ধৰা।উপযুক্ত সময়ত সংৰক্ষণ নকৰিলে সেইবোৰ খাদ্য পচি খোৱাৰ অনুপযোগী হয়।উপযুক্ত সময়ত সংৰক্ষণ কৰিলে খাদ্য নষ্টকাৰী বীজাণুৱে ইয়াক আক্ৰমণ কৰিব নোৱাৰে।

আমি খোৱা খাদ্যসমুহ যেনে-ফল-মুল,শাক-পাচলি আদি বিভিন্ন পদ্ধতি প্ৰয়োগ কৰি সংৰক্ষণ কৰিব পাৰি।

পদ্ধতিসমুহ হ’ল-

 

১/শীতল ভাণ্ডাৰত খাদ্যবস্তু থৈ

২/বৰফত ৰাখি

৩/ৰিফ্ৰিজেৰেচন কৰি

৪/উত্তাপ প্ৰদানৰ দ্বাৰা

৫/পানীমুক্ত কৰি

৬/ৰাসায়নিক পদ্ধতিৰে

৭/বিকিৰণৰ দ্বাৰা।

শীতল ভাণ্ডাৰত ৰখা খাদ্যবস্তু হ’ল ফল-মুল,শাক-পাচলি আদি।এনেবোৰ খাদ্য উপযুক্ত আৰ্দ্ৰতাত ৰাখি বহুত দিনলৈ পুষ্টিকাৰক গুণ নষ্ট নোহোৱাকৈ খোৱাৰ উপযোগী কৰি ৰাখিব পাৰি।ডাঙৰ ডাঙৰ ব্যৱসায়ীয়ে এই পদ্ধতিত খাদ্যবস্তু সংৰক্ষণ কৰি বতৰৰ বস্তু বতৰৰ বস্তু অবতৰত গ্ৰাহকক যোগান ধৰে।আম,ভেণ্ডি,ফুলকবি,আলু,শাক-পাচলি আদি শীতল ভাণ্ডাৰত ৰাখিব পৰা খাদ্যবস্তু।

বৰফত গোট মৰা পদ্ধতিত খাদ্যবস্তু সংৰক্ষণ কৰিলে খাদ্যবস্তু জঠৰ হৈ পৰে,ফলত নষ্টকাৰী বীজাণুৱে ইয়াক আক্ৰমণ কৰিব নোৱাৰে।কিন্ত বৰফত থোৱাৰ আগতে ফল-মুল ,শাক-পাচলিখিনি ভালকৈ ধুই এনজাইম নষ্ট কৰি ল’ব লাগে।পুৰঠ বস্তুহে বৰফত ৰাখি সংৰক্ষণ কৰা ভাল।বৰফৰ মাজৰ পৰা খাদ্যবস্তু উলিয়াই আনি পুনৰ বৰফত থ’ব নালাগে।বৰফত সংৰক্ষণ কৰা খাদ্যবস্তু হ’ল-মটৰমাহ,গাজৰ,মাছ আদি।

উত্তাপ প্ৰদান কৰি খাদ্যবস্তু সংৰক্ষণ কৰিব পাৰি-

 

উত্তাপ পালে খাদ্যবস্তুত থকা বীজাণু ধ্বংস হয়।গাখীৰ,মাখন,বাহী আঞ্জা-ভাত আদি গৰম কৰিলে ইয়াৰ বীজাণু ধ্বংস হয়।

ৰিফ্ৰিজেৰেচনৰ দ্বাৰা খাদ্য-সামগ্ৰী সংৰক্ষণ কৰিলে পুষ্টিকাৰক গুণ নষ্ট নোহোৱাকৈ খাদ্যবস্তু কিছুদিনলৈ ভালে থাকে।আজিকালি প্ৰতিঘৰ মানুহতে ৰিফ্ৰিজেৰেটৰ আছে।ৰিফ্ৰিজেৰেটৰত খাদ্যবস্তু সংৰক্ষণ কৰোতে খাদ্যবস্তু সতেজ কৰি ৰাখিবলৈ হ’লে পলিথিনৰ মোনাত ভৰাই ৰিফ্ৰিজেৰেটৰত থ’ব লাগে।এই পদ্ধতিত সংৰক্ষণ কৰা খাদ্যসমুহ হ’ল-মাছ,মাংস,গাখীৰ,দৈ,ছানা আদি।

খাদ্যবস্তুৰ ৰ’দত শুকাই পানীমুক্ত কৰিও সংৰক্ষণ কৰিব পাৰি।খাদ্য-সামগ্ৰীত পানী নাথাকিলে বীজাণু জীয়াই থাকিব নোৱাৰে।খাদ্য-সামগ্ৰী শুকাই পানীমুক্ত কৰি লোৱাৰ কাৰণে খাদ্যবস্তুৰ ওজন কমে আৰু সংৰক্ষণ কৰিবলৈ সুবিধা হয়।এনেধৰণৰ সংৰক্ষিত খাদ্য বস্তু হ’ল-নেমুটেঙা,আমলখি,শাক-পাচলি,গাজৰ,কিচমিচ,পাপৰ,ফুলকবি,মাছ আদি।বিভিন্ন ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰিও খাদ্যবস্তু সংৰক্ষণ কৰা হয়।খাদ্য সংৰক্ষণৰ কাৰণে কেলচিয়াম,পটাছিয়াম,মেটাবাই ছালফেট আদি ৰাসায়নিক ঔষধ প্ৰয়োগ কৰা হয়।নিমখ,চেনি,তেল,এচিড আৰু মমৰ ব্যৱহাৰ কৰিও খাদ্যবস্তু সংৰক্ষণ কৰা হয়।

ৰাসায়নিক পদ্ধতিত সংৰক্ষণ কৰা খাদ্য-সামগ্ৰী হ’ল-নানাবিধ দাইল আৰু শাক-পাচলি।নেমুটেঙা,আমলখি,আম,বিলাহীৰ চচ আদিত নিমখ আৰু চেনি প্ৰয়োগ কৰি সংৰক্ষণ কৰা হয়।তেল আৰু মমৰ ব্যৱহাৰ কৰি নেমুটেঙা ,আপেল সংৰক্ষণ কৰিব পাৰি।বিভিন্ন ফল-মুল,চৰবত,জাম,জেলী মোৰাব্বা আদিৰ সহায়তো খাদ্যবস্তু সংৰক্ষণ কৰা হয়।এচিড প্ৰয়োগ কৰিও শাক-পাচলি আদি সংৰক্ষণ কৰা হয়।

পশ্চিমীয়া দেশসমুহত বিকিৰণ পদ্ধতিৰে খাদ্যবস্তু সংগ্ৰহ কৰে।কিছুমান খাদ্যদ্ৰব্য সংৰক্ষণ কৰোতে গামা ৰশ্মি আৰু আলট্ৰাভায়’লেট ৰশ্মিও ব্যৱহাৰ কৰে।বিকিৰণৰ দ্বাৰা সংৰক্ষণ কৰা খাদ্য সামগ্ৰী হ’ল-ছানা,মাংস,পাউৰুটী,কেকজাতীয় খাদ্য আদি।

লেখিকা:ৰেণু বৰা (জি এনআৰচি )

 

 

3.22222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top