মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / খাদ্যও হ’ব পাৰে মূৰৰ বিষৰ কাৰক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্যও হ’ব পাৰে মূৰৰ বিষৰ কাৰক

খাদ্যও হ’ব পাৰে মূৰৰ বিষৰ কাৰক ৰ বিষয়ে লিখা হৈছে ।

আমি সততে ভুগিবলগীয়া হোৱা এটা স্বাস্থ্য বিষয়ক সমস্যা হ’ল মূৰৰ বিষ। জীৱনত কেতিয়াও মূৰৰ বিষত নোভোগা মানুহ এজনো নোলাব নিশ্চয়। মূৰৰ বিষৰ কাৰণ অনেক। এতিয়াও আটাইবোৰ কাৰণ চিনাক্ত হোৱা নাই।

তাৎপৰ্যপূৰ্ণভাৱে, আমি খোৱা আহাৰ আৰু পানীয়ৰ সৈতেও মূৰৰ বিষৰ সম্পৰ্ক আছে। সেইদৰে একেৰাহে বহু সময় একো নোখোৱাকৈ থাকিলেও মূৰৰ বিষ হ’ব পাৰে।

যিদৰে কিছুমান খাদ্য খোৱাৰ ফলত কোনো কোনো মানুহে এলাৰ্জিত ভুগিবলগীয়া হয়, সেইদৰে কেতবোৰ খাদ্য খোৱাৰ ফলতো কিছুমান মানুহ মূৰৰ বিষত আক্ৰান্ত হয়। মানুহ ভেদে মূৰৰ বিষত আক্ৰান্ত হয়।

মানুহ ভিন হয় যদিও এনে কেতবোৰ খাদ্য আছে- যিবোৰ খোৱাৰ ফলত আপেক্ষিকভাৱে অধিকসংখ্যক মানুহ মূৰৰ বিষত আক্ৰান্ত হয়।

এনে কেতবোৰ খাদ্য হ’ল-

  • ডাৰ্ক চকলেট,
  • গাপ দিয়া(aged) চীজ,
  • সংৰক্ষিত মাংস,
  • এলকহল আদিৰ উপৰি কেতবোৰ সংযোজিত দ্ৰব্য(Additive)।

যেনে-

  • এম এছ জি(Monosodium Glutamate),
  • নাইট্ৰাইট(Nitrite) আদি।

মূৰৰ বিষ উদ্ৰেকৰ ক্ষেত্ৰত অত্যন্ত প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰা কেইবিধমান খাদ্যৰ উপাদানৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

এমাইনছ(Amines):

বায়’জেনিক(Biogenic) এমাইনছ নামেৰে পৰিচিত হিষ্টামাইন(Histamine), টাইৰামাইন(Tyramine) আৰু ফেনাইলইথাইল এমাইন(Phenylethylamine) নামৰ যৌগকেইবিধ খাদ্যৰ জৰিয়তে কোনো কোনো লোক মূৰৰ বিষত আক্ৰান্ত হয়।

  • বিলাহী,
  • এভোকাডো,
  • পালেং শাক আদি খাদ্যৰ কিছুমানত হিষ্টামাইন,
  • কিছুমানত টাইৰামাইন আৰু কিছুমানত দুয়োবিধ উপাদানেই অধিক মাত্ৰাত থাকে, কাজেই এনে ধৰণৰ খাদ্য খোৱাৰ ফলত কোনো কোনো লোক মূৰৰ বিষত ভুগিব পাৰে।

সেইদৰে ডাৰ্ক চকলেটত থাকে ফেনাইলইথাইল এমাইন। সাধাৰণতে যিবোৰ খাদ্যত বেক্টেৰিয়াই নিৰ্দিষ্ট এমাইন এচিডৰ বিভংগন ঘটায়, সেইবোৰতে সৰ্বাধিক মাত্ৰাত বায়’জেনিক এমাইনছ থাকে।

খাদ্যৰ কিন্বণ(Fermentation)ৰ সময়ত বা গাপ উঠিলে, পকিলে অথবা নষ্ট হ’বলৈ ধৰিলে এনেদৰে বেক্টেৰিয়াৰ দ্বাৰা এমাইন এচিডৰ বিভংগন ঘটে।

বেক্টেৰিয়াই এমাইন এচিডৰ বিভংগন ঘটোৱা কেতবোৰ খাদ্য হ’ল-

  • এলকহলযুক্ত পানীয়,
  • কিন্বণ কৰা শাক-পাচলি,
  • সংসাধিত মাংস(যেনে- ছালামি),
  • গাপ দিয়া চীজ,
  • ছয়া চ’চ,
  • কিছুমান মাছ(বিশেষকৈ ভালদৰে নৰখা) আদি।

তাৎপৰ্যপূৰ্ণ কথা হ’ল মানৱ দেহৰ অন্ত্ৰত থকা কেতবোৰ উৎসেচকে বায়’জেনিক এমাইনছৰ বিভংগন ঘটাব পাৰে আৰু সেয়েহে অধিকাংশ মানুহেই অধিক মাত্ৰাত বায়’জেনিক এমাইনছ খাব পাৰে।

কিন্তু কিছুসংখ্যক মানুহৰ ক্ষেত্ৰত উল্লিখিত উৎসেচকবোৰৰ সক্ৰিয়তা কম হয় আৰু সেয়েহে তেনে লোকে বায়োজেনিক এমাইনযুক্ত খাদ্য খালে, মূৰৰ বিষত আক্ৰান্ত হ’ব পাৰে।

উদাহৰণস্বৰূপে, মাইগ্ৰেণত ভোগা কিছু সংখ্যক লোকৰ শৰীৰত হিষ্টামাইনৰ বিভংগন ঘটোৱা ডায়ামাইন অক্সিডেজ(Diamine Oxidase) নামৰ উৎসেচকবিধৰ সক্ৰিয়তা যথেষ্ট কম হোৱা দেখা যায়।

এলকহলযুক্ত পানীয়:

এলকহল এক প্ৰকাৰৰ ভেছ’ডাইলেটৰ(Vasodilator), অৰ্থাৎ যি ৰক্তবাহী নলী প্ৰসাৰিত কৰে। এলকহলৰ প্ৰভাৱত মস্তিষ্কৰ ৰক্তবাহী নলীবোৰ প্ৰসাৰিত হয় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত সেই নলীবোৰেৰে সংযোজিত স্নায়ু আঁহৰ কুণ্ডলীবোৰৰো সম্পসাৰণ ঘটে।

তাৰ ফলস্বৰূপে স্নায়ু আঁহবোৰ সক্ৰিয় হৈ উঠি প্ৰদাহ সৃষ্টিকাৰী জৈৱ-ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰে তথা বিষৰ উদ্ৰেক ঘটায়।

এলকহল নিজে মূৰৰ বিষৰ কাৰক হোৱাৰ উপৰি কিন্বণৰ জৰিয়তে প্ৰস্তুত কৰা বহুতো এলকহল জাতীয় পানীয়ত হিষ্টামাইন আৰু টাইৰামাইন থকাৰ ফলত এইবোৰ মূৰৰ বিষৰ অতি শক্তিশালী কাৰক হৈ পৰে।

  • হুইস্কী,
  • বীয়েৰ,
  • ৱাইন আদি হ’ল এনে কেতবোৰ পানীয়ৰ উদাহৰণ।

হোৱাইট ৱাইনতকৈ ৰেড ৱাইনত বহু বেছি পৰিমাণে থকা ফেনিলিক ফ্লেভ’নয়ডছে(যেনে- টেনিন) মূৰৰ বিষৰ উদ্ৰেক ঘটাব পাৰে। আকৌ হিষ্টামাইনো হোৱাইট ৱাইনতকৈ ৰেড ৱাইনত দুশ গুণ বেছিকৈ থাকে।

কেফেইন:

কেফেইন হ’ল একপ্ৰকাৰৰ ভেছ’কনষ্ট্ৰিক্টৰ(Vasoconstrictor), অৰ্থাৎ ই ৰক্তবাহী নলীবোৰ বেছিকৈ প্ৰসাৰিত হ’বলৈ নিদিয়ে। যিসকল লোকৰ ক্ষেত্ৰত কেফেইনযুক্ত পানীয় খোৱাটো অভ্যাসত পৰিণত হয়, তেওঁলোকে এটা দিন বা দীঘলীয়া সময় ধৰি তেনে পানীয় নোখোৱাকৈ থাকিলে মস্তিষ্কৰ ৰক্তবাহী নলীবোৰ প্ৰসাৰিত(Vasodilator) হ’বলৈ ধৰে আৰু তাৰ ফলত মূৰৰ বিষ হয়।

নিয়মিতভাৱে অধিক মাত্ৰাত কেফেইনযুক্ত পানীয় খোৱা লোকসকলে তেনে পানীয় নোখোৱাকৈ থকাৰ ফলত উদ্ৰেক ঘটা মূৰৰ বিষ(Caffeine-withdrawal headaches) ত আক্ৰান্ত হোৱাৰ আশংকা বেছি থাকে যদিও প্ৰতি দিনে আনকি ১০০ মিলিগ্ৰাম কেফেইনযুক্ত আক্ৰান্ত হ’ব পাৰে, অথাৎ দৈনিক একাপকৈ কফি বা দুকাপকৈ চাহ খোৱা লোকো এনে পানীয় নোখোৱাকৈ থকাৰ ফলত মূৰৰ বিষত আক্ৰান্ত হ’ব পাৰে।

সেয়েহে মূৰৰ বিষ বা মাইগ্ৰেণত ভোগাৰ প্ৰৱণতা থকা লোকসকলে নিয়মিতভাৱে কেফেইনযুক্ত পানীয় খাব লাগে, কিন্তু তেওঁলোকে প্ৰতিদিনে খোৱা কেফেইনযুক্ত পানীয়ৰ মাত্ৰা সীমিত বা মধ্যমীয়া হ’ব লাগে(উদাহৰণস্বৰূপে, প্ৰতিদিন একাপ বা দুকাপ কফি) আৰু তেনে পানীয় খোৱাৰ নিৰ্দিষ্ট সময় থাকিব লাগে।

গ্লুটেন(Gluten):

গ্লুটেন হ’ল ঘেঁহু, ৰাই বা যৱ ধান(Barley)ত থকা একপ্ৰকাৰৰ প্ৰোটিন। জিনীয় কাৰণত, কোনো লোক গ্লুটেনযুক্ত খাদ্য খোৱাৰ ফলত মূৰৰ বিষকে ধৰি কেতবোৰ শাৰীৰিক সমস্যাত আক্ৰান্ত হয়।

প্ৰতি পাঁচজন মানুহৰ এজন গ্লুটেন অসহিষ্ণুতাজনিত মূৰৰ বিষত আক্ৰান্ত হয় বুলি ধাৰণা কৰা হয়। এনে লোকে গ্লুটেনযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিলে মূৰৰ বিষত আক্ৰান্ত হোৱাৰ পৰাও বহুলাংশে হাত সাৰি থাকিব পাৰে।

‘নন-বেলিয়েক গ্লুটেন ছেনছিটিভিটি’(Non-celiaegluten sensitivity) আৰু ঘেঁহুৰ প্ৰতি এলাৰ্জি থকা লোকসকলো সততে মূৰৰ বিষত আক্ৰান্ত হয়।

কিছু ব্যৱস্থা গ্ৰহণৰ জৰিয়তে এজন লোকে তেওঁক মূৰৰ বিষত ভোগোৱাৰ ক্ষেত্ৰত কিবা খাদ্যই অৰিহণা যোগায় নেকি, সেয়া জানিব পাৰে। তলত এই বিষয়ে উল্লেখ কৰা হ’ল-

আহাৰ/লক্ষণ ডায়েৰী:

আমি খোৱা খাদ্য আৰু পানীয়ৰ বিৱৰণ, সেইবোৰৰ উৎপাদন, পৰিশোধন বা সংসাধন কৰা প্ৰতিষ্ঠানৰ নাম, খোৱাৰ সময় আৰু পৰিমাণ আদি তথ্য পাৰিসাংখ্যিক ৰূপত যুগুতাই উলিয়াই সংৰক্ষণ কৰা উচিত।

কিবা খাদ্যই আমাক মূৰৰ বিষত আক্ৰান্ত কৰিলে, উল্লিখিত পদ্ধতি অৱলম্বনৰ জৰিয়তে সেয়া চিনাক্ত কৰাটো সহজসাধ্য হৈ পৰিব।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মূৰৰ বিষৰ কাৰক খাদ্য বা পানীয় এবিধ খোৱাৰ লগে লগে মূৰৰ বিষ নহৈ, খোৱাৰ কেইবাঘন্টা পিছত বা পিছদিনাও হ’ব পাৰে।

বাছনিকৃত আহাৰ কৰ্তন:

কিবা খাদ্যই মূৰৰ বিষৰ উদ্ৰেক ঘটোৱা বুলি সন্দেহ হ’লে, কিছুদিন(যিমান দূৰ সম্ভৱ চাৰি সপ্তাহ) সেইবিধ খাদ্য নোখোৱাকৈ থাকিব লাগে। তাৰ পিছত সেইবিধ খাদ্য পুনৰ খাবলৈ আৰম্ভ কৰিব লাগে।

তেজৰ পৰীক্ষা:

কোনো কোনো চিকিৎসকে ব্যক্তি বিশেষৰ মূৰৰ বিষৰ কাৰক খাদ্য। চিনাক্তকৰণৰ বাবে তেজৰ কেতবোৰ পৰীক্ষা(যেনে- IgG, এন্টিবডি পৰীক্ষা) কৰায়। অৱশ্যে এনে পৰীক্ষাক লৈ বিতৰ্ক আছে আৰু সেয়েহে এই ক্ষেএত অধিক গৱেষণাৰ প্ৰয়োজন।

যিহেতু বিভিন্ন কাৰণত মূৰৰ বিষ হয়। সেয়েহে মূৰৰ বিষত ভোগাৰ কাৰণ চিনাক্তকৰণৰ বাবে চিকিৎসকৰ ওচৰ চপা উচিত। তদুপৰি ফাৰ্মাচীৰ পৰা মূৰৰ বিষ উপশমকাৰী ঔষধ কিনি আনি খোৱাতকৈ চিকিৎসকৰ তত্ত্বাৱধানত যথোচিত চিকিৎসাগ্ৰহণ কৰাহে যুগুত।

লেখক: অমল ভাগৱতী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top