মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / খাদ্যও হ’ব বাবে মৃত্যুৰ কাৰণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্যও হ’ব বাবে মৃত্যুৰ কাৰণ :

খাদ্যও হ’ব বাবে মৃত্যুৰ কাৰণ, সেই বিষয়ে লিখা হৈছে ।

খাদ্যও হ’ব বাবে মৃত্যুৰ কাৰণ: এই সমূহ একেলগে কেতিয়াও নাখাব:

কথিত আছে যে সঠিক সময়ত সঠিক মাত্ৰাত আৰু সঠিক ভাৱে খাদ্য খোৱা লোক আজীৱন নিৰোগী আৰু স্বাস্থ্যবান হৈ থাকে।

বিভিন্ন ধৰণৰ খাদ্যৰ পৰা আমাৰ শৰীৰে শৰীৰত প্ৰয়োজনীয় ভিন্ন ভিন্ন ভিটামিন লাভ কৰে। প্ৰতিবিধ খোৱা বস্তুৱে আমাৰ শৰীত ইয়াৰ প্ৰকৃতি অনুসৰি প্ৰভাৱবিস্তাৰ কৰে।

এনেকুৱাও কিছুমান খাদ্য আছে যিবোৰ একেলগে খালে আমাৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলাই শৰীৰত বহু ক্ষতি সাধন কৰিব পাৰে।

আৰু কিছুমান এনেকুৱাও খাদ্যবস্তু আছে যিবোৰ একেলগে মিলাই যদি খোৱা হয় আমাৰ শৰীৰত কোনোদিনেই ভাল নোহোৱা দূৰাৰোগ্য ৰোগ উৎপন্ন কৰিব পাৰে। আয়ুৰ বেদত এনে খাদ্যক বিৰুদ্ধ আহাৰ বুলি কোৱা হয়।

চাহৰ সৈতে বিস্কুত বা ব্ৰেড খোৱা, গাখীৰৰ সৈতে কল খোৱা, চালাডত বিলাহী আৰু টিয়হ একেলগে খোৱা আদি আমি দৈনন্দিন খোৱা আহাৰো বিৰুদ্ধ গুনসম্পন্ন আহাৰৰ তালিকাতে পৰে। কিন্তু আমি গমেই নাপাও যে আমাৰ শৰীৰত হোৱা একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ সমস্যাবোৰ যেনেঃ-

  • চুলিসৰা,
  • চালৰ সমস্যা,
  • দিনভৰ এলাহ আৰু ভাগৰ লগা বা পেট বায়া হোৱা আদি বহু বেমাৰ আজি কালি বেছিকৈ বিৰুদ্ধ আহাৰ গ্ৰহণ কৰাৰ ফলতেই উৎপন্ন হ’ব ধৰিছে।

আজি আমি এনেকুৱা কিছুমান বস্তুৰ বিষয়ে আলোচনা কৰিম যিবোৰ একেলগে ভূলতো খাব নালাগে। আজি কালি হোটেল ৰেষ্টুৰেণ্টৰ পৰা আদি পৰি বিয়া, সবাহ লৈকে সকলোতেই বিৰুদ্ধ আহাৰৰ সমাহাৰ দেখিবলৈ পোৱা যায়। কাৰণ খাদ্য সোমগ্ৰীক অত্যাধিক সুস্বাদু বনাবৰ কাৰণে হোটেল ৰেষ্টুৰেণ্টত এনেবোৰ খাদ্য দৈনন্দিন প্ৰস্তুত কৰি থকা দেখা গৈছে।

কিন্তু বহুসময়ত এই বিষয়ে অজ্ঞ হোৱাৰ বাবে বহু ব্যক্তিয়ে দৈনিক নিজেই সেৱন কৰি থাকে। আপোনি জানি আচৰিত হ’ব যে আমাৰ শৰীৰৰ পুষ্টিৰ বাবে প্ৰয়োজনীয়-

  • বাদাম,
  • কল,
  • তৰমুজ,
  • পালেং,
  • দৈ আদিও আমাৰ বাবে প্ৰাণ ঘাটি হ’ব পাৰে যদি এইবোৰ খোবাৰ পাছত ইয়াৰ বিৰুধ গুণ সম্পন্ন আহাৰ খোৱা হয়।

যদি সকলো প্ৰকাৰৰ চেষ্টা কৰাৰ পাছতো আপোনাৰ ওজন কম কৰিব পৰা নাই, বা সকলো পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাৰ পাছতো যদি আপোনাৰ উজন বৃদ্ধি হোৱা নাই, যদি কিবা প্ৰকাৰৰ বেমাৰ আপুনি দীৰ্ঘদিন ধৰি ভূগি আছে আৰু উপশম পাবলৈ সক্ষম হোৱা নাই তেনেহলে হয়তো হ’ব পাৰে আপোনি দৈনন্দিন খোৱা খাদ্য ভূল ভাৱে, ভূল সময়ত গ্ৰহণ কৰি আছে।

  • এচিডিটি,
  • গেছ,
  • বদহজম,
  • চুলি সৰা,
  • চালৰ এলাৰ্জি,
  • ক’লা দাগ বা বগা দাগ হোৱা।
  • চৰাইচিচ,
  • একজিমা,
  • খৰ।
  • চৰ্দি,
  • কাঁহ,
  • মূৰৰ বিষ আৰু
  • অস্থি সন্ধিৰ বিষ হোৱাৰ লগে লগে,
  • ডিঙিৰ ঘাঁ,
  • হাওঁফাওঁ আৰু
  • কিডনিৰ দূৰ্বলতা,
  • কুষ্ঠকাঠিন্য,
  • ডাইবেটিছ লগতে হৃদপিণ্ড আৰু শৰীৰৰ বিভিন্ন অংগৰ সৈতে সম্পৰ্কিত বহু প্ৰকাৰৰ গুৰুতৰ ৰোগ কেৱল বিৰুধ আহাৰ গ্ৰহণ কৰাৰ বাবেই হ’ব পাৰে।

আহক আমি জানো কি কি আহাৰ বিৰুদ্ধ গুণ সম্পন্ন আহাৰৰ শ্ৰেণীত পৰে আৰু কোনসমূহ বস্তু একেলগে খোৱাৰ বাবে বনোৱা নহয়।

প্ৰথমে হ’ল গাখীৰৰ পৰা উৎপাদিত খাদ্য -

গাখীৰ এক প্ৰকাৰৰ এনিমেল প্ৰটিন। অৰ্থাৎ গাখীৰ আমি জন্তুৰ পৰা পাওঁ। এনে ধৰনৰ জন্তুৰ পৰা পোৱা খাদ্য যেনে-

  • কণী,
  • গাখীৰ,
  • মাছ আৰু
  • মাংস খোৱাৰ সময়ত আমি অধিক সাবধান হ’ব লাগে।

কিয়নো এইবোৰ এনেকুৱা খাদ্য যিবোৰ পৰিপুষ্টি সমৃদ্ধ কিন্তু ইয়াৰ সংমৃশ্ৰণ বহু কম বস্তুৰ লগত কৰিব পৰা যায়। গাখীৰ কেতিয়াও পিয়াজ, নিমখ, বা নিমখীয়া বস্তু, টেঙা ফল যেনে-

  • নেমু,
  • কমলা,
  • এনাৰখ,
  • মূলা,
  • কঠাঁল,
  • মাছ,
  • বেঙেনা আদি খাদ্য খোৱাৰ আগত বা পাছত অথবা লগত খাব নালাগে।

কেতিয়াবা দেখা যায় কোনো কোনোৱে সুস্বাস্থ্যৰ বাবে কল আৰু গাখীৰ একেলগে খোৱাৰ বাবে পৰামৰ্শ দিয়ে। কিন্তু এই দুইবিধ যেতিয়া একে লগে খোৱা হয় তেতিয়া এবিধে অন্যবিধক হজম হোৱাত বাধা দিয়ে।

দুই বিধৰে হজম হোৱাৰ সময় বেলেগ বেলেগ হয়। আৰু এই দুইবিধ খাদ্য একেলগে বহুদিন ধৰি গ্ৰহণ কৰাৰ ফলত আমাৰ পেটত হজম কৰা প্ৰক্ৰিয়া সলনি হ’বলৈ ধৰে। যাৰ বাবে ৰাতিৰ ভাগত ভালদৰে টোপনি নহা সমস্যা হ’বলৈ ধৰে।

পিয়াজ, কঁঠাল আৰু টেঙা ফল গাখীৰৰ শত্ৰু বুলি গণ্য কৰা হয়। পিয়াজ আৰু গাখীৰ যদি আমাৰ পেটত একেলগে পৰে তাৰ পৰা বহু প্ৰকাৰৰ চালৰ বেমাৰ যেনে-

  • চৰাইচিচ,
  • একজিমা,
  • খৰ আৰু
  • বগা বা ক’লা দাগ পৰিব পাৰে।

যদি গাখীৰ খোৱাৰ আগত বা পাছত যিকোনো টেঙা ফলৰ ৰখ খোৱা হয় তাৰ পৰা গেছ, পেটৰ সংক্ৰমণ, পেটৰ বিষ আৰু পাতল পায়খানাও হ’ব পাৰে।

আনাৰসত বমেলিন নামৰ এনজাইম থাকে, ই গাখীৰৰ সৈতে সংমিশ্ৰণ ঘটিলে আমাৰ দেহত বিৰূপ প্ৰভাব পেলাব পাৰে।

ই আমি গ্ৰহন কৰা যিকোনো খাদ্যৰ পৰা শৰীৰত যোগান পোৱা পোষণ ক্ৰিয়াক কমযোৰী কৰিব পাৰে।

ইয়াৰ বাহিৰেও-

  • দৈ’ৰ লগত কল,
  • বিলাহী,
  • মাছ,
  • মাংস আদি কেতিয়াও খাব নালাগে।

দৈৰ লগত সৰ্ব্বসাধাৰণতে যিকোনো ফলৰ মিল নহয়।

দৈৰ লগত ফল খালে আমাৰ শৰীৰত কফৰ মাত্ৰা বৃদ্ধি হয়। কফ আমাৰ হাওঁফাওঁ বা শৰীৰত ধমনীত জমা হৈ বাধাৰ সৃষ্টি কৰিব পাৰে।

আয়ুবেদৰ মতে ৰাতিৰ সময়ত দৈ কেতিয়াও খাব নালাগে। কাৰণ ৰাতি দৈ খালে আমাৰ খাদ্য হজমন হোৱা প্ৰক্ৰিয়া লেহেমীয়া হৈ যায়। যাৰ বাবে পেটৰ সমস্যা অত্যাধিক বৃদ্ধিৱ হ’ব পাৰে।

ইয়াৰ উপৰিও আজিকালি বিয়েৰ, কল্ডড্ৰিংচ, চ’ডা, মদ আদিৰ লগত নিমখীয়া বস্তু যেনে মমফুলি আদি খোৱাটো একেবাৰে নিয়মত পৰিণত হৈছে।

পানী আৰু চাহৰ পাছতেই বিয়েৰ আটাইটকৈ বেছিকৈ সেৱন কৰা বস্তুৰ ভিতৰত ৩ নম্বৰত পৰে।

আৰু অধিকাংশ মানুহেই জানে যে বিয়েৰ, মদ আৰু কল্ডড্ৰিংচ আদি সেৱন কৰিলে আমাৰ শৰীৰৰ পানী শুকায় যায় আৰু আমাৰ শৰীৰৰ ডিহাইড্ৰেচন হৈ যায়।

সেইয়ে ইয়াৰ লগত নিমখ বা নিমখিয়া বস্তু খালে আমাৰ শৰীৰত চডিয়ামৰ মাত্ৰা দূগুণ বৃদ্ধি হয়।

আৰু বদ্ধিত চডিয়ামে আমাৰ শৰীৰত জমা থকা পানীক দ্ৰুতগতিত শুকোৱাবলৈ ধৰে। শৰীৰত পানী কম হোৱাৰ কাৰণে-

  • ভয় ভাৱ,
  • চক্ৰৰ অহা,
  • পেট বেয়া হোৱা আৰু খাদ্য বিষক্ৰিয়া হোৱা সম্ভাৱনা থাকে।

লগতে একেৰাহে এনে কাম কৰিলে পেটৰ ছৰ্বি বাঢ়ি পেট ডাঙৰ হ’বলৈ ধৰে। ইয়াৰ উপৰিও ঘিঁ এনে এবিধ বস্তু যি বিধ ব্যৱহাৰ কৰাৰ সময়ত সাৱধানতা অৱলম্ববন কৰিবলগা হয়। ঘিঁ কেতিয়াও কপাৰ বা টামৰ বাছনত নাৰাখিব।

কিয়নো ঘিঁ টামৰ বাছনৰ লগত মিলিলে বহু বেয়া ধৰণে নষ্ট হৈ যায়। আৰু আমাৰ স্বাস্থ্যৰ কাৰণে হানি কাৰক হৈ যায়।

চালাদৰ সৈতে খোৱা কিছুমান বস্তু যদি একে লগে মিলোৱা হয় তেনেহলে ইও বহু ক্ষতিকাৰক হৈ যায়। উদাহৰণ স্বৰুপে টিয়ঁহ আৰু বিলাহী।

এই দুইবিধ চালাদত খোৱা সাধাৰণ বস্তু সেইয়ে আমাৰ ঘৰৰ পৰা আৰম্ভ কৰি হোটেললৈকে আৰু বিয়া আদি উৎসৱ পাৱনতো এই দুইবিধ চালাদ ৰুপে দৈনন্দিন ব্যৱহাৰ কৰা দেখা যায়।

এক গৱেষণাৰ তথ্য অনুসৰি বিলাহী আৰু টিয়হত থকা উপাদান ইটো ইটোৰ সৈতে বিৰুদ্ধ গুণ সম্পন্ন। আৰু ইয়াৰ পৰিপাক হোৱাৰ সময় বেলেগ বেলেগ হয়।

যাৰ বাবে আমাৰ পৰিপাক যন্ত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। গতিকে যদি এই দুইবিধ বস্তু একে লগে খোৱা হয় ইয়াৰ পৰা দেহত পাব লগা পোষণতো পোৱা নহয় কিন্তু ইয়াৰ বিপৰীতে পেট গধূৰ হোৱা আৰু পেট ফুলাৰ সম্ভাৱনা বহু বেছি বৃদ্ধি হয়।

সেয়ে বিলাহী আৰু টিঁয়হ একেলগে নাখাব। বহুব্যক্তিয়ে খানা খোৱাৰ পাছত চালাদ খায়। কিন্তু ই একেবাৰে অনুচিত কাৰ্য।

কাৰণ চালাদ ঠাণ্ডা হোৱাৰ বাবে খাদ্যৰ সৈতে খোৱাতোহে উপযুক্ত হয়। খাদ্য খোৱাৰ পাছত চালাদ খালে খাদ্য হজম হোৱাৰ প্ৰক্ৰিয়া লেহেমীয়া হৈ যায়। যাৰ বাবে গেছ আৰু এচিডিটি হ’ব পাৰে।

যদি আপোনি গাজৰৰ চালাদ খায় ইয়াৰ সৈতে নেমু নাখাব। কাৰণ গাজৰৰ সৈতে নেমূৰ ৰস মিহলাই খালে হাৰ্টবান বা প্ৰস্ৰাবৰ সমস্যা হোৱাৰ সম্ভাৱনা সৃষ্টি হয়।

চালাদত যদি মূলা থাকে তেলেহলে ইয়াক খোৱাৰ পাছত গাখীৰ বা কল কেতিয়াও নাখাব।

গাখীৰৰ উপৰিও মৌ এনে এবিধ দ্ৰব্য যাক আমি জন্তুৰ পৰা পাওঁ। মৌৰ সেৱন ঘি, মূলা, আঙুৰৰ লগত নকৰিব। আৰু ইয়াক কেতিয়াও ভজা-পোৰা বা মচলাযুক্ত খাদ্যৰ লগত সংমিশ্ৰণ নকৰিব।

লগতে ইয়াক কেতিয়াও গৰম কৰি নাখাব। কাৰণ গৰম কৰাৰ পাছত ই আমাৰ স্বাস্থ্যৰ বাবে হানিকাৰক হ’ব পাৰে।

কথিত আছে যে নিৰামিষ খোৱা মানুহৰ তুলনাত মাংস খোৱা মানুহৰ বেছি বেমাৰ হয়। কিন্তু মাংস আদি খোৱাৰ পৰাই বেমৰ উৎপন্ন নহয় কিন্তু যদি ইয়াক বিৰুদ্ধ গুণ সম্পন্ন বস্তুৰ লগত অসময়ত খোৱা হয় তেতিয়াহে ইয়াৰ পৰা বেমাৰ উৎপন্ন হয়।

  • মাছ,
  • মাংস আৰু
  • কণীৰ লগত গাখীৰ,
  • দৈ,
  • চিজ,
  • অংকুৰিত খাদ্য,
  • আলু আদি খাদ নালাগে।

আৰু তিলৰ তেলৰ লগত কেতিয়াও মাংস বনাব নালাগে। সকলো নিৰামিষ ভূজি মানুহেই আলু আৰু মৈদাৰে বনোৱা খাদ্য খোৱাটো প্ৰচণ্ড কৰে।

হোটেল সমূহত সহজ লভ্য বিভিন্ন প্ৰকাৰৰ ৰুতি, পৰথা আৰ ৰেষ্টুৰেণ্ট সমূহত পোৱা বাৰ্গাৰ আদি অতি সহজলভ্য হৈ পৰিছে।

এই সমূহ খোৱাদযুক্ত হলেওঁ কিন্তু মৈদাৰ লগত আলুৰ সংমৃশ্ৰণ ঘটালে আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক হৈ পৰে।

কিয়নো আলু আৰু মৈদাৰ ষ্টাৰচৰ মাত্ৰা অত্যাধিক থাকে। ষ্টাৰচক পৰিপাক কৰিবৰ বাবে আমাৰ পাকস্থলিক এলকালিক অৰ্থাৎ সাৰৰ প্ৰয়োজন হয়।

অন্যহাতে মাংস হজম কৰিবৰ বাবে এচিডিক অৰ্থাৎ অম্লতাৰ প্ৰয়োজন হয়। দুইবিধ একেলগে খালে ইয়াত থকা প্ৰটিন আমাৰ শৰীৰে গ্ৰহণ কৰিব নোৱাৰাৰ লগতে শৰীৰ মেদবহুলতা এচিডিটি, চুগাৰ আৰু কলেষ্টৰেলৰ মাত্ৰা আমাৰ শৰীৰত দ্ৰুতগতিত বাঢ়িবলৈ ধৰে। যাৰ ফলত ডায়েবেটিছ আৰু হাৰ্টৰ সমস্যা বৃদ্ধি হ’বলৈ ধৰে।

যেতিয়া আপোনি খাদ্য খায় খাদ্যৰ লগত ঠাণ্ডা বস্তু যেনে- কল্ডডিংচ, আইচক্ৰিম অথবা বহু বেছি গৰম বস্তু যেনে-চাহ বা কফি কেতিয়াও নাখাব।

কাৰণ এনে কৰিলে খাদ্যৰ পৰা পাব লগা পোষণ শতম হোৱাৰ লগতে খাদ্যও খঠিক ভাৱে হজম হ’ব নোৱাৰে।

চাহ আৰু কফিৰ দৰে গৰম খাদ্য খোৱাৰ পাছত ঠাণ্ডা পানী, টেঙা আৰু পানী যুক্ত ফল খাব নালাগে। এনে কৰিলে ডিঙিৰ সংক্ৰমণ, চৰ্দি কাহ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

লেখক: ডাঃ হৰিকান্ত দাস

ফোন নং: 9954340102

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top