অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্যৰ বিষক্ৰিয়া :

খাদ্যৰ বিষক্ৰিয়াৰ বিষয়ে লিখা হৈছে ।

 

খাদ্যৰ বিষক্ৰিয়া-ই এনে এক সমস্যা,যাৰ চিকাৰ প্ৰতিজন মানুহেই হ’বলগীয়া হয়।বিশেষকৈ গৰমৰ দিনকেইটাতে এই সমস্যাটো বেছি,কিয়নো গৰম আৰু উত্তাপৰ হেতু সিজোৱা খাদ্য যদি ঠিকমতে ৰখা নহয়,সেই খাদ্যত অতি কম সময়ৰ ভিতৰতে বেক্টেৰিয়া উৎপন্ন হয়।খাদ্যৰ বিষক্ৰিয়া যিকোনো সময়ত যিকোনো বয়সত, অৰ্থাৎ শিশু,যুৱক,বৃদ্ধ-বৃদ্ধা সকলোৰে হ’ব পাৰে।প্ৰায় মানুহেই ধাৰণা কৰে যে কেৱল বাহিৰত যিকোনো খাদ্য খোৱাৰ ফলতে খাদ্যৰ বিষক্ৰিয়া হয়।আচলতে এয়া ভুল।ই ঘৰত খোৱা খাদ্যৰ বাবেও হ’ব পাৰে।

খাদ্যৰ বিষক্ৰিয়া কি কাৰণত হয়?ইয়াৰ প্ৰধান লক্ষণসমুহনো কি কি আৰু ইয়াৰ চিকিৎসা কেনেদদৰে সম্ভৱহ্ল কোনবোৰ দিশত সাৱধান হ’ব লাগিব-এই সকলো বিষয় বিশদভাৱে জানি লওঁ আহক।

কাৰণ -

বাচন-বৰ্তনবোৰ যদি ভালদৰে চাফা কৰা নহয় অথবা ময়লা, তেল ছিটিকনি আদি  যদি লাগে থাকে,তেতিয়া তেনে বাচনত ৰখা যিকোনো খাদ্য বিষাক্ত হয়।বেছি পুৰণি ননষ্টিক ব্যৱহাৰ কৰিলে আৰু বাচনটো যদি উৱলি যোৱা হয়,তেন্তে তাত সিজোৱা খাদ্য খালেও শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে।অন্যহাতে আকৌ প্ৰায় পৰিয়ালতে হাত দুখনৰ চাফ-চিকুণতাৰ প্ৰতি বিশেষভাৱে লক্ষ্য কৰা দেখা নাযায়।মলিন নখেৰে আটা মৰা বা খাদ্য ৰন্ধা যদি হয়,তেতিয়াও খাদ্য বিষাক্ত হ’ব পাৰে।

উপৰিউক্ত কাৰণসমুহৰ উপৰি অন্যান্য কিছুমান কাৰণতো খাদ্যৰ বিষক্ৰিয়া হয়।উদাহৰণ স্বৰুপে শাক-পাচলি কটা কটাৰী বা ছুৰীখন পৰিষ্কাৰ নহ’লে,ফ্ৰীজৰ ভিতৰ অংশ পৰিষ্কাৰ কৰি নাৰাখিলে অথবা তাপমাত্ৰাৰ অভাৱ হ’লে,গেলা-পচা-ফল-মুল ইত্যাদি।দুষিত পানী,গাখীৰ,আধা সিজা মুৰ্গীৰ মাংস আদিৰ সেৱনেও খাদ্যৰ বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।আকৌ এনে ব্যক্তি,যিয়ে এণ্টাচিড টেবলেট চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ খায়,তেওঁৰো খাদ্যত বিষক্ৰিয়া হ’ব পাৰে।চিকিৎসকৰ মতে সপ্তাহত তিনিবাৰতকৈ অধিক তেনে টেবলেট খোৱাসকলৰ দৈহিক শক্তিৰ অৱক্ষয়তো হয়েই,খাদ্যৰ বিষক্ৰিয়াৰ মুখ্য কাৰণো হৈ পৰে,কিয়নো এণ্টাচিড টেবলেট খোৱাৰ ফলত পেটৰ কাৰণে উপকাৰী বেক্টেৰিয়াৰ ৰক্ষণাবেক্ষণ কৰা এচিডৰ পৰিমাণ কমি আহে।আচলতে এনে টেবলেটে পেটৰ এচিডক অকামিলা কৰি দিয়ে,যি কাৰণত খাদ্যৰ বিষক্ৰিয়াৰ শংকা প্ৰবল হৈ উঠে।

এইখিনিতে এষাৰ কথা উচিত যে খাদ্যৰ বিষক্ৰিয়াৰ প্ৰভাৱ প্ৰতিজনৰ ক্ষেত্ৰত ভিন্ন ধৰণৰ হয়।ই সম্পুৰ্ণৰুপে নিৰ্ভৰ কৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত।

লক্ষণ -

*খাদ্যৰ বিষক্ৰিয়াৰ লক্ষণ এঘণ্টাৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰতে স্পষ্ট হয়।

কেতবোৰ লক্ষণ এনে ধৰণৰ-

*বমি হোৱা,মুৰ ঘুৰণি আৰু ডায়েৰীয়া হোৱা,পনীয়া শৌচ অথবা বমি বা দুয়োটাই একেলগে হ’ব পাৰে।

*ডিছেণ্ট্ৰী,অৰ্থাৎ তেজ-সাঁও পৰা।

*অতিমাত্ৰা পেটৰ বিষ।

*অন্যান্য লক্ষণৰ লগতে ২৪ ঘণ্টাতকৈ অধিক সময়লৈ জ্বৰ ভাব থকা।

*ৰোগী অচেতন হোৱা,শ্বাস-প্ৰশ্বাসৰ গতি ক্ষিপ্ৰ হোৱা।

*দুৰ্বল অনুভৱ কৰা,হাত-ভৰি আৰু মুখ শুকাই যোৱা বা বিষ অনুভৱ কৰা।

*মন কৰিব-খাদ্যত বিষক্ৰিয়াৰ সমস্যাটো যদি গম্ভীৰ হৈ পৰে,তৎমুহুৰ্ততে চিকিৎসাৰ সুবিধা নাপালে কিন্তু ৰোগী ‘পেৰালাইছিছ’ত আক্ৰান্ত হ’ব পাৰে।আৰু কিডনীও নষ্ট হ’ব পাৰে।গতিকে বিষক্ৰিয়া হোৱা মাত্ৰকে চিকিৎসকৰ পৰামৰ্শ লওক।

চিকিৎসা -

চিকিৎসকৰ পৰামৰ্শ অনুসৰি খাদ্যৰ বিষক্ৰিয়া আৰম্ভ হ’লে ৰোগীক ডিহাইড্ৰেচন পাউদাৰ পানীত গুলি খুৱাওক।যদি অ’আৰ এছ নাপায়,তেন্তে ঘৰতে এগিলাচ কুহুমীয়া পানীত দুই চামুচ চেনি,এচিকুট নিমখ আৰু নেমুৰস মিহলাই মিশ্ৰণটো খুৱাব।বিষক্ৰিয়াৰ ফলত যদি জ্বৰ উঠে তেনেহ’লে পেৰাচিটামল টেবলেট খুৱাওক।চিকিৎসকে ৰোগীৰ স্বাস্থ্যৰ বুজ লৈ এণ্টিবায়’টিক ঔষধ দিয়ে।

সাৱধানতা -

পানী উতলাই ঠাণ্ডা কৰি খাওক।ফল-মুল,পাচলি,মাংস আদি ভালদৰে ধুই-পখালি ল’ব।পেকেটত ৰখা যিকোনো খাদ্য কমকৈ খাব।যিটো বাচনত আহাৰ ৰন্ধা বা খোৱা হয় সেইটো ঠিক মতে পৰিষ্কাৰ কৰি ল’ব।খাদ্য ভালদৰে সিজাব।হাত দুখন ধুব আৰু নখকেইটা চুটিকৈ কাটি পৰিষ্কাৰকৈ ৰাখিব।

নিষেধাজ্ঞা

*খাদ্য খোৱাৰ আগেয়ে পায়খানা কৰি উঠাৰ পিছত হাত দুখন চাবোন লগাই কুহুমীয়া পানীৰে ধুই শুকুৱাই ল’ব।

*খাদ্য ঠিক মতে সিজিছে নে নাই (বিশেষকৈ মুৰ্গীৰ মাংস)নিৰীক্ষণ কৰক।খাদ্যবস্তু যদি দ্বিতীয়বাৰ গৰম কৰি খাব বিচাৰে,তেন্তে ভালদৰে পুনৰবাৰ উতলাই ল’ব।

*পেকেটত থকা খাদ্য পদাৰ্থবিধ ব্যৱহাৰৰ তাৰিখ তথা ম্যাদ উকলি যোৱাৰ তাৰিখ চাই ল’ব।ম্যাদ উকলি যোৱা খাদ্য ভুলতো নাখাব।

লেখিকা: ডা: ৰীণা দেৱী (জি এনআৰচি স্বাস্থ্য )

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top