মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / খালী পেটত এইবোৰ কেতিয়াও নাখাব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খালী পেটত এইবোৰ কেতিয়াও নাখাব

খালী পেটত এইবোৰ কেতিয়াও নাখাব, ৰ বিষয়ে লিখা হৈছে ।

কিছুমান খাদ্য খালী পেটত কেতিয়াও নাখাব -

সুস্থ দেহতহে এটা সুস্থ মনে বাস কৰে। সুস্থ শীৰীৰৰ বাবে সঠিক আহাৰ খোৱাটো অতি জৰুৰী। আমি যেনেকুৱা আহাৰ গ্ৰহন কৰো ঠিক তেনে ফলেই লাভ কৰো।

কিন্তু আমাৰ শীৰৰত খালী পেটত খোৱা খাদ্যৰ প্ৰভাৱ অত্যাধিক হয় বুলি কঠিত আছে। ৰাতিপূৱা শুই উঠাৰ সময়ত আমাৰ পেট খালী হয় আৰু লগতে দিনত- দুপৰীয়া আৰু ৰাতি খাদ্য খোৱাৰ আগতে আৰু যেতিয়া আমাৰ ভোগ লাগে তেতিয়া আমাৰ পেট খালী হয়।

যেতিয়া আমাৰ ভোগ লাগে তেতিয়া আমাহৰ শৰীৰে দূৰ্ব্বল অনুভৱ কৰে আৰু শৰীৰ শক্তি যোগানৰ বাবে খাদ্যৰ প্ৰয়োজন হয়।

কিছুমান খাদ্য যেতিয়া আমি খালী পেটত খাওঁ আমাৰ বাবে বহু লাভ দায়ক হয়। কিন্তু কিছুমান বস্তু আছে যিবোৰ খালী পেটত খালে আমাৰ বাবে ক্ষতি কাৰক হব পাৰে।

এই বোৰৰ পৰা হব পৰা ক্ষতি আমাৰ দেহত দীৰ্ঘদীনিয়াও হব পাৰে। আমি দৈনিক গ্ৰহন কৰা ফল মূল বা শাক পাচলী আদি আমাৰ শৰীৰৰ বাবে বহু উপকাৰী হয়, কিন্তু এই বোৰৰে কিছুমান যদি আমি খালী পেটত খাওঁ ইয়াৰ বেয়া প্ৰভাৱও পৰিব পাৰে।

এনেবোৰ বস্তুৰ ক্ষতিকাৰক প্ৰভাৱৰ কথা নজনাৰ বাবেই আমি দৈনিক খালী পেটত খোৱাৰ বাবেই আমাৰ শৰীত সৰু পৰা আৰম্ভ কৰি গুৰুতৰ কিছুমান সমস্যা সন্মুখীন হব লগাত পৰে। আৰু এনে সমস্যা কাৰনো আমি জানিবলৈ সক্ষম নহওঁ।

আহক আমি জানো খালী পেটত কি কি খাব লাগে আৰু কি কি বস্তু খাব নালাগে।

টেঙা ফল -

যেনে-মৌচুমি, আনাৰস, বিলাহী, আদি আমাৰ শৰীৰৰ বাবে উপকৰা হয় আৰু আমি দৈনন্দিন এই সমূহ নিশ্চিত ভাৱে খোৱা প্ৰয়োজন।

যি সকল লোকে শৰীৰ ওজন কম কৰিবৰ বাবে প্ৰয়াস কৰে তেওঁ লোকে বিলাহী চালাদ হিচাপে খায়।

আৰু বহু ব্যক্তিয়ে স্বাস্থ্য ভালে ৰাখিবৰ বাবে পূৱা খলী পেটত কমলা আৰু মৌচুমীৰ ৰস খায়। কিন্তু বিলাহীত টেট্ৰিন এচিড আৰু টেঙা ফলত চাইট্ৰিক এচিড থকাৰ বাবে খালী পেটত এই বোৰ খালে গেছ, এচিডিটি আৰু পেপট্ৰিক আলচাৰ হোৱাৰ সম্ভাৱনা থাকে।

গতিকে খালী পেটত এই বোৰ খাব নালাগে। ইয়াৰ ঠাইত আপোনালোকে খালী পেটত আপেল আৰু তৰমোজ খাব পাৰে। খালী পেটত আপেল আৰু তৰমোজ খোৱা লাভ দায়ক বুলি গন্য কৰা হয়।

লগতে যদি ৰাতি পূৱা আপোনাৰ ভাল দৰে পেট চাফা নহয় আৰু কুষ্ঠি কাঠিন্যৰ সমস্যা আছে তেনেহলে ৰাতি পূৱা পকা অমিতা খালে এই সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰে।

কেক -

সৰ্ব্বসাধাৰনতে দেখা যায় যে কেক সদায় ৰাতি ভাগতে কটা হয়। আৰু বাকী থাকি যোৱা কেক ৰাতি পূৱা খোৱা দেখা যায়। কেকৰ ভিতৰত ব্ৰেড থাকে আৰু বহুত বেছি পৰিমানে চেনি থাকে।

সেই বাবেই ইয়াক খালী পেটত কেতিয়াও খাব নালাগে। লগতে ব্ৰেড, কেক আদি যিবোৰ বস্তু মইডাৰ লগত বনোৱা হয় সইবোৰো খালী পেটত খোৱাৰ পৰা বিৰত থাকিব লাগে।

কিয়নো মইডাৰ দ্বাৰা বনোৱা বস্তু হজম কৰিবৰ বাবে আমাৰ পাচন তন্ত্ৰই যখেষ্ট কষ্ট কৰিব লগা হয়। গতিকে পূৱা খালী পেটত এইবোৰ খালে দিনটোলৈ এলাহ টোপণি আৰু কামত ভালদৰে মন দিব নোৱাৰা সমস্যা হ’ব পাৰে।

খালী পেটত খাবৰ বাবে ঘেঁহুৰ ব্ৰেড লব পাৰে। কাৰণ ইয়াক হজম কৰা সহজ হয়। আৰু ই আমাৰ স্বাস্থ্যৰ বাবেও লাভ দায়ক হয়।

চাহ, কফি -

ৰাতিপূৱা শুই উঠাৰ পাছতেই চাহ বা কফিৰে আমি দিনটো আৰম্ভ কৰো। আৰু কিছুমান মানুহৰ চাহ বা কফি সেৱন কৰাতো এক দৈনন্দন কাৰ্যতেই পৰিনত হৈছে। কিন্তু আমি যেতিয়া চাহ বা কফি খালী পেটত সেৱন কৰো ইয়াত থকা কেফেইনৰ পোনপতীয়া প্ৰভাৱ আমাৰ মগজুত পৰে।

যাৰ ফলত লাহে লাহে ই এক অভ্যাসত পৰিনত হবলৈ ধৰে আৰু চাহ বা কফি খাবলৈ নোপোৱা দিনা আমাৰ মূৰৰ বিষ হবৈল ধৰে যেতিয়া আমি বহু সময় ধৰি খালী পেটে থাকো তেতিয়া আমাৰ পেটত এচিড হবৈল ধৰে।

যাৰ বাবে আমাৰ ভোক লাগে, যদি আমি এই এচিড নিয়ন্ত্ৰণ কৰাৰ পৰিৱতে চাহ আৰু কফিৰ দৰে গৰম আৰু মিঠা বস্তু খাওঁ তেতিয়া এচিড আমাৰ পেটত আত্যাধিক বৃদ্ধি হৈ যায়। এচিড বৃদ্ধি হোৱাৰ বাবে হাইপাৰ এচিডিটি, চালত দাগ হোৱা বা ইনফেকচন, মাইগ্ৰেনৰ দৰে কষ্টকৰ মূৰৰ বিষ আৰু দ্ৰুতগতিত চুলি সৰা আদি সমস্যা সৃষ্টি হয়।

যিসকলে নিয়মিত চাহ আৰু কফি খায় তেওঁলোকৰ অন্ত লাহা লাহে কমযোৰী হবলৈ ধৰে যাৰ বাবে বহু লোকৰ হৰ্থাতে বহু গুৰুত্বৰ ৰোগ হবলৈ ধৰে। সেইয়ে খালী পেটত চাহ খাব নালাগে।

যদি অভ্যাসত পৰিনত হয় তেতিয়া খালী পেটত খোৱা চাহ বা কফি পাতল কৈ বনাই লওঁক। আৰু গাখীৰৰ মাত্ৰা অধিক দিয়ক।

কল -

কল বহু লোকে ভোক লগা সময়ত লঘু আহাৰৰ দৰেই ব্যৱহাৰ কৰে। কাৰন ইয়াক ধুব আৰু কাটিব প্ৰয়োজন নহয় আৰু অতি সহজতে গ্ৰহন কৰিব পাৰি। যাৰ বাবে বহু ব্যক্তিয়ে ৰাতি পূৱা ব্ৰেকফাষ্ট বা প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যোৱাৰ আগতে কল খায়।

কলত মেগনেচিয়ামৰ পৰিমান অত্যাধিক হোৱাৰ বাবে খালী পেটত কল খোৱাটো আমাৰ হৃদপিণ্ডৰ বাবে ক্ষতিকাৰক হব পাৰে। আৰু যদি শৰীৰিক কচৰৎ কৰাৰ আগতে কল খায়।

তেনেহলে দৌৰা সময়ত পেটৰ বিষো হব পাৰে সেইয়ে খালী পেটত অকল কল নাখাব। কলৰ লগতে বেলেগ কিবা বস্তু খাব লাগে। ডালিয়া আৰু অটচৰ লগত কল খোৱাটো আমাৰ শৰীৰ বাবে উপকাৰী হয়।

গুৰুপাকী খাদ্য -

খালী পেটত গুৰুপাকী খাদ্য খোৱাটো পৰীপাক আৰু পেটৰ বাবেও বহুত হানিকাৰক হয়। অত্যাধিক মচলা যুক্ত বা ভজা, অত্যাধিক জ্বলা পোৰা খাদ্যই আমাৰ পেটত এচিডৰ মাত্ৰা বৃদ্ধি কৰে।

যাৰ বাবে পেটত জ্বলা পোৰা আৰু পাচন ক্ৰীয়া সমন্ধীয় বিভিন্ন ধৰনৰ সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। পেট সম্পৰ্কীয় যিকোনো সমস্যৈা য়েতিয়া আৰম্ভ হয় তেতিয়া দীৰ্ঘ সময় ধৰি ইয়াৰ পৰা পৰিত্ৰান পাবলৈ সক্ষম নহয়।

সেইয়ে খালী পেটত জ্বলা-পোৰা, মচলা যুক্ত খাদ্য অধিক ভোজন কৰিব নালাগে। খালী পেটত খাবৰ বাবে বাউন ৰাইচ লাভ দায়ক হয়। বেছি ভোক লগা সময়ত এই বোৰ খালে আমাৰ শক্তি বৃদ্ধি হয় আৰু দীৰ্ঘ সময় ধৰি আমাৰ পেট ভৰি থাকে।

চুইংগাম -

বহু মানুহে দিনত কামকৰা সময়ত বা খেলা ধূলাৰ সময়ত চুইংগাম ছোবাই থকাৰ অভ্যাস থকে। চুইংগাম চোবোৱাটো আমাৰ স্বাস্থৰ বাবেটো হানিকাৰক নহয়।

কিন্তু যি সময়ত আমাৰ পেট খলী থাকে সেই সময়ত যদি আমি চুইংগাম চোবাও তেতিয়া আমাৰ মগজুক অনুমান হয় যে আমি কিবা খাই আছো আৰু লগে লগে মগজুৱে আমাৰ পেটক খাদ্য হজম কৰিব বাবে সংকেত প্ৰেৰন কৰি দিয়ে।

যাৰ বাবে আমাৰ পেটত পাচক ৰসৰ মাত্ৰা বাঢ়িবলৈ ধৰে। পেট খালী হোৱাৰ বাবে ই আমাৰ পেট আৰু অন্তক কমযোৰ কৰিবলৈ ধৰে।

ইয়াৰ উপৰিও খালী পেটত চুইংগাম ছোবালে স্বাস্থ সন্মত খাদ্যৰ বাহিৰে অত্যাধিক মিঠা, জ্বলা, ভজা-পোৰা আদি বাহিৰৰ জাংফোড খোৱাৰ অভ্যাস বৃদ্ধি হয়।

দৈ -

দৈত লেক্টিক এচিড থাকে।লেক্টিক এচিড আমাৰ স্বাস্থৰ বাবে উপকৰী হয়। যেতিয়া আমাৰ পেট খালী হয় তেতিয়া হাইড্ৰক্লৰিক এচিডৰ মাত্ৰা বৃদ্ধি হৈ যায় আৰু দৈৰ লগত থকা লেক্টিক এচিডৰ লগত সংযুক্ত হলে আমাৰ স্বাস্থৰ বাবে ক্ষতি কাৰক হৈ পৰে।

সেইয়ে খালী পেটত দৈ সেৱন কৰিব নালাগে। খালী পেটত খোৱাৰ বাবে, গাখীৰ ডালীয়া, কনিৰ বগা অংশ এক উপযুক্ত খাদ্যবুলি গন্য কৰা হয়।

মিঠা -

আমাৰ স্বাস্হ্যৰ বাবে অধিক মিঠা বস্তু খোৱাটো ক্ষতি কাৰক কিন্তু আমাৰ পেট খালী থকাৰ সময়ত যদি মিঠা বস্তু খোৱা হয় তেতিয়া আমাৰ শৰীৰত অত্যাধিক বেয়া প্ৰভাৱ পৰে।

বিশেষকৈ ৰাতিপূৱাৰ সময়ত বহু বেছি মিঠা বস্তু খোৱাৰ ফলত আমাৰ শৰীৰত গ্লুকজৰ মাত্ৰা অতি দ্ৰুত গতিত বৃদ্ধি হৈ যায়। যাৰ বাবে এই বৃদ্ধি হোৱা গ্লুকজ হজম কৰিবৰ বাবে আমাৰ শৰীৰক অত্যাধিক ইনচুলিনৰ প্ৰয়োজন হয়।

ইয়াৰ ফলত আমাৰ পেংকিয়াচত অত্যাধিক হেচাঁ পৰে। যাৰ বাবে এনে অৱস্থাই ডাইবেটিছৰ বিপদ বৃদ্ধি কৰি দিয়ে। ইয়াৰ উপৰিও মেদবহুলতা আৰু পেটৰ ছৰ্বি বৃদ্ধিৰ সমস্যা খালী পেটত মিঠা বস্তু খোৱাৰ বাবেও হব পাৰে।

খালী পেটত মিঠা বস্তু-মৌ খোৱাটো ভাল বুলি গণ্য কৰা হয়। ৰাতিপূৱাৰ সময়ত মৌ খালে আমাৰ শৰীৰত শক্তি বৃদ্ধি হয় আৰু লগতে ই আমাৰ মগজুৰ বাবেও লাভ দায়ক হয়।

মদ -

মদ খোৱাৰ মানুহে সদায় খাদ্য খোৱাৰ আগতে মদ খোৱাটো পচন্দ কৰে। কাৰণ এনে কৰিলে মদৰ নিচা বেছি হয় আৰু পেটো সোনকালে নভৰে। কিন্তু খালী পেটত মদ খালে আমাৰ দেহত পৰিব পৰা বেয়া প্ৰভাৱ দহ গুন বৃদ্ধি হৈ যায়।

যাৰ পোনপটীয়া প্ৰভাৱ আমাৰ কিডনী লিভাৰ আৰু হাৰ্টত পৰে। ইয়াৰ উপৰিও খালী পেটত মদ খালে পূৱা মূৰৰ বিষ, দূৰ্ব্বলতা আৰু পেট বেয়া হোৱা আদি সমস্যা অত্যাধিক বৃদ্ধি হৈ যায়। সেইয়ে মদ খোৱাৰ আগতে কিবা নহয় কিবা নিশ্চিত ভাৱে খাওঁক আৰু অপৰ্যপ্ত পৰিমানৰ পানী খাবলৈ নাপাহৰিব।

লেখক: ডাঃ হৰিকান্ত দাস

ফোন নং: 9954340102

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top