অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খোৱাপানীত আৰ্ছেনিক

 

পানীক ‘জীৱন-সুধা’আখ্যা দিয়া হয়-

 

কিয়নো পানীৰ অবৰ্তমানত কোনো জীৱই বৰ্তি থকাটো সম্ভৱ নহয়।অন্য কামৰ কথা বাদ,কিন্তু যোৱাৰ বাবেই আমাক প্ৰতিদিনে কমেও ১-১.৫ লিটাৰমান পানীৰ প্ৰয়োজন হয়।এইখিনি পানী অৱশ্যে পৰিষ্কাৰ আৰু বিশুদ্ধ হোৱাটো অপৰিহাৰ্য।পানীক পৰিষ্কাৰ কৰাটো সিমান কঠিন নহয়-সাধাৰণভাৱে ছেকি নতুবা ফিল্টাৰৰ সহায়ত তেনে কৰাটো সম্ভৱ।কিন্তু বিশুদ্ধ পানী পোৱাটো সিমান সহজ নহয়।সুক্ষ্ম জীৱাণুৰদ্বাৰা প্ৰদুষিত হোৱা জল বেছি সময় ধৰি উতলাই বিশুদ্ধ কৰাটো সম্ভৱ।তাৰ বিপৰীতে,ৰাসায়নিক দ্ৰব্য কিছুমানৰদ্বাৰা প্ৰদুষিত জল উতলাই অথবা সাধাৰণ ফিল্টাৰৰ জৰিয়তে ফিল্টাৰ কৰি দুৰ কৰাটো সম্ভৱ নহয়।তেনে এবিধ ৰাসায়নিক প্ৰদুষক হৈছে আৰ্ছেনিক।অৱশ্যে এইবিধ দ্ৰব্য পৃষ্ঠীয় জলত অতি নগণ্য ম্পৰিমাণে,তাকো ঠাই বিশেষতহে পোৱাৰ হেতুকে সমস্যাৰ সৃষ্টি নকৰে।সমস্যাৰ সৃষ্টি কৰে ভু- জলত মাত্ৰাধিক পৰিমাণে পোৱাটোৱেহে।ভুজললৈ এনে দ্ৰব্যৰ আগমন ঘটে জলবাহী স্তৰ কোনো আৰ্ছেনিকযুক্ত মণিক থকা শিলৰ লগত সংযোজিত হৈ থাকিলে অথবা জলবাহকত থকা গেদীয় কণাৰ মাজত আবদ্ধ হৈ থকা আৰ্ছেনিকৰ উপাদানৰ পৰা।

খোৱাপানী দুষিত কৰিব পৰা এইবিধ অতি ক্ষতিকাৰক উপাদানৰ গ্ৰহণীয় পৰিমাণ অতি কম,মাত্ৰ ০.০৫ মিলিগ্ৰাম প্ৰতি লিটাৰ,অথবা ৫০ পি পি বিহে।তথাপি ভাৰতীয় লোকৰ স্বাস্থ্যৰ মানৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ণয় কৰা ইয়াৰ পৰিমাণ হৈছে আৰু কম,লিটাৰত ০.০১ মি:গ্ৰাম অথবা ১০ পি পি বি,অৰ্থাৎ ১০ মাইক্ৰ’গ্ৰামহে মাত্ৰ।এই পৰিনাণতকৈ বেছি আৰ্ছেনিক থকা পানী দীৰ্ঘদিনলৈ সেৱন কৰি থাকিলে মানৱ দেহত ‘আৰ্ছেনিক ছিছ’(Arsenicosis) নামৰ ৰোগে দেখা দিব পাৰে বুলি পোহৰলৈ আহিছে।এইবিধ ৰোগ দেখাত চৰ্মৰোগ যেন লাগিলেও ছালত দেখা দিয়া তেনে অৱস্থা দেহৰ অভ্যন্তৰত চলা বিৰুপ ক্ৰিয়াৰ বৰ্হিপ্ৰকাশ বুলিহে কোৱা হৈছে।এই দ্ৰব্যৰ প্ৰভাৱত পেটৰ বিষ,বমি বা ডায়েৰীয়া আদিৰ উদ্ভৱ হোৱাৰ উপৰি তেজৰ লোহিত আৰু শ্বেত কণিকাৰ পৰিমাণ কমি যোৱাৰ ফলত হৃদপিণ্ডৰ অস্বাভাৱিকতা,হাত-ভৰিত বেজীয়ে বিন্ধাৰ দৰে অনুভৱ হোৱা আৰু শৰীৰ দুৰ্বল লগাৰ অনুভৱ হয়।ইবিলাকৰ উপৰি ইয়াৰ আৰ্ছেনেট যৌগই মানৱ দেহৰ ডি এন এ শৃংখলত থকা শক্তিৰ ভঁৰালস্বৰুপ এ টি পি গঠনতো প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।ফলত দেহত শক্তি উৎপাদন ব্যাহত হয়।তাতকৈ ডাঙৰ কথা যে ৫ ৰ পৰা ১০ বছৰলৈ শৰীৰত আৰ্ছেনিকৰ বিষক্ৰিয়া চলি থাকিলে হাঁওফাওঁ ,যকৃৎ আৰু ছালৰ কৰ্কট ৰোগ পৰ্যন্ত হোৱাৰ আশংকা থাকে বুলিও তথ্য পোৱা গৈছে।তেনেকৈ দীঘলীয়া বিষক্ৰিয়াৰ ফলত হাত-ভৰিৰ তলুৱা আৰু গোৰোহাত ক’লা চকলা সদৃশ দাগৰ সৃষ্টি হোৱাও সম্ভৱ বুলি উল্লেখ পোৱা গৈছে।উল্লেখ্য,উচ্চ মাত্ৰাত আৰ্ছেনিকযুক্ত জল কিছু বছৰৰ বাবে সেৱন কৰি থকা হেতুকে যোৱা কেইবছৰমানৰ আগলৈ আমাৰ প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশ আৰু তেনেকৈ প্ৰতিৱেশী ৰাজ্য পশ্চিমবংগৰ কেইবাখনো জিলাৰ বহু লোক আৰ্ছেনিক’ছিছ ৰোগৰ বলি হোৱাৰ খবৰ পোৱা গৈছিল।সম্প্ৰতি অৱশ্যে বিশ্ব বেংকৰ সহযোগ আৰু দেশ তথা ৰাজ্য বিশেষ চৰকাৰৰ পৰিস্থিতি সাপেক্ষ কাৰ্য ৰুপায়ণৰ পৰিপ্ৰেক্ষিতত তেনে সমস্যা ভালেখিনি দুৰ হৈছে।কাৰ্যব্যৱস্থা হিচাপে অভিযোগ পোৱা এলেকাসমুহৰ জলৰ উৎস,যেনে-কুঁৱা,অগভীৰ নলী-নাদসমুহৰ ব্যৱহাৰ নিষিদ্ধকৰণৰ লগতে আৰ্ছেনিক দুৰীকৰণ বিশেষ ফিল্টাৰ ৰাজহুৱা স্থানত প্ৰতিষ্ঠাকৰণ আৰু সম্ভৱ সাপেক্ষে আৰ্ছেনিকমুক্ত জল যোগান আঁচনি প্ৰৱৰ্তন কৰা হৈছে।

লক্ষণীয় বিষয় যে আমাৰ ৰাজ্যৰো তিনিখন জিলা-মৰিগাওঁ,উত্তৰ কাছাৰ (বৰ্তমান ডিমা হাছাও)আৰু কাৰ্বি আংলঙৰগ্বাহিৰে বাকী সকলো জিলাৰে ভুজলত উচ্চ মাত্ৰাৰ আৰ্ছেনিক পোৱাৰ বতৰা যোৱা এটা দশকৰ আগেয়েই পোৱা গৈছিল।দুখৰ বিষয়,বৰ্তমানে বহু জিলাতে অতি উচ্চ মাত্ৰাৰ আৰ্ছেনিক পোৱাৰ অভিযোগো পোৱা গৈছে।তাৰ ভিতৰৰে তিতাবৰ,মাজুলী আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য।সেয়েহে আমাৰ ৰাজ্যৰ ভুজল আহৰণকাৰী উৎসসমুহৰ বিত্ং জৰীপ চলাই জলৰ ব্যৱহাৰযোগ্যতা নিৰ্ণয়ৰ লগতে সম্ভাব্য দুৰ্যোগৰপৰা ৰক্ষা পোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰাসংগিকতা আছে।

লেখক:অৰ্পণ দত্ত (দৈনিক অসম)

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top