মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / খোৱাৰ লগত মনৰ সম্পৰ্ক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খোৱাৰ লগত মনৰ সম্পৰ্ক :

খোৱাৰ লগত মনৰ সম্পৰ্কৰ বিষয়ে লিখা হৈছে ।

 

আপুনি দৈনন্দিন যি আহাৰ গ্ৰহণ কৰে,তাৰ লগত মনৰ সম্পৰ্ক আছে নেকি? কিছুমান আহাৰে আপোনাৰ মনৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰে।নিজক পৰ্যবেক্ষণ কৰি চাবচোন? কেতিয়াবা খ্ং উঠি থকা  অৱস্থাত নিজৰ মনৰ পচন্দৰ আহাৰ সন্মুখত দেখিলে নিমিষতে খ্ং কমি যায়। খাদ্য আৰু পৰিপুষ্টি বিজ্ঞানে এনে কিছুমান আহাৰৰ উপাদান চিনাক্ত কৰিছে- যিবোৰে খ্ং প্ৰশ্ৰমিত কৰাত সহায় কৰে। ইয়াৰ ভিতৰত চেনি অন্যতম।যেতিয়া আমাৰ শৰীৰত শৰ্কৰাৰ পৰিমাণ কমি যায়,অৰ্থাৎ শৰ্কৰাৰ স্তৰ তলৰ ফালে নামি আহে,তেতিয়া আমাৰ আপোনা-আপুনি মুৰ গৰম হয়।অৰ্থাৎ খ্ং বাঢ়ি যায়।এইখিনি সময়ত আমি খিংখিঙীয়া আচৰণ কৰিব পাৰো।অযথা তৰ্কত লিপ্ত হোৱাৰ লগতে কেতিয়াবা মাৰপিটো কৰা দেখা যায়।এনে শাৰীৰিক অৱস্থাত চেনিযুক্ত আহাৰ গ্ৰহণ কৰিলে শৰীৰত বহুখিনি ইনছুলিন উৎপন্ন হয়।ফলত শৰীৰে চেনি শোষণ আৰু ব্যৱহাৰ কৰাত সহজ হয়।এই ইনছুলিনৰ প্ৰভাৱতে আমাৰ মনৰ অনুভুতিবোৰৰ বহি:প্ৰকাশ হয়।সেই কাৰণে আমি এনেধৰণৰ শৰ্কৰা গ্ৰহণ কৰা উচিত-যাৰ পৰা শৰীৰে দ্ৰুতভাৱে শৰ্কৰা লাভ কৰে।চেনিযুক্ত পানীয়,কোমল পানীয়,ফলৰ ৰস আদি খালে অতিৰিক্ত ইনছুলিন তৈয়াৰ হয় আৰু খঙৰ পৰিমাণ হ্ৰাস কৰে।অৱশ্যে খ্ং কমোৱাৰ অজুহাতত বেছিকৈ চেনি খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

খ্ং প্ৰশমিত কৰাৰ আৰু এটা উপাদান হৈছে ওমেগা-৩। ওমেগা-৩ চৰ্বিযুক্ত আহাৰে আমাৰ মন-মগজু নিয়ন্ত্ৰণ কৰাৰ লগতে মনৰ উদ্বেগ কমোৱাতো সহায় কৰে। মস্তিষ্কৰ কিছু নিউৰ’ট্ৰেন্সমিটাৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।এই ওমেগা-৩ ত আছে সামুদ্ৰিক মাছ,বাদাম আদি।

তদুপৰি শিশুৰ ক্ষেত্ৰত বাৰে বাৰে হৈ থকা প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণৰ পলমকৈ কৰা তথা ক্ৰুটিপুৰ্ণ চিকিৎসা ব্যৱস্থা বিকশিত বৃক্কৰ পুনৰুদ্ধাৰ কৰিব নোৱাৰা অনিষ্টৰ কাৰণ হ’ব পাৰে। এই অনিষ্টই জীৱনৰ পৰৱৰ্তী কালত বৃক্কৰ কাম-কাজ হ্ৰাস কৰা আৰু উচ্চ ৰক্তচাপৰ পৰ্যায়লৈ লৈ যাব পাৰে।গতিকে প্ৰাপ্তবয়স্ক লোকৰ তুলনাত শিশুৰ ক্ষেত্ৰত প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণৰ সমস্যা অধিক জটিল।

প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ আৰু ইয়াৰ জটিলতা নিশ্চিত কৰিবলৈ বহুতো পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰা হয়।

জটিল বা বাৰে বাৰে প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ হৈ থকা এজন লোকৰ আগতীয়াকৈ প্ৰভাৱিত কৰা বা বিপদ কাৰকসমুহ নিশ্চিত কৰিবলৈ তলত বিভিন্ন ধৰণৰ পৰীক্ষা সম্পন্ন কৰা হয় -

১/  UTI ৰ বাবে অতি গুৰুত্বপুৰ্ণ স্ক্ৰীনিং টেষ্টটো হৈছে ৰুটিন ইউৰিনেলিছিছ। এই পৰীক্ষাৰ বাবে ধলপুৱাৰ প্ৰস্ৰাৱৰ নমুনাক অগ্ৰাধিকাৰ দিয়া হয়। প্ৰস্ৰাৱৰ অণুবীক্ষণিক পৰীক্ষাত নিৰ্দিষ্ট শ্বেতৰক্ত কণিকাৰ উপস্থিতিয়ে UTI ৰ ইংগিত বহন কৰে।প্ৰস্ৰাৱত শ্বেতৰক্ত কণিকাৰ উপস্থিতিয়ে প্ৰস্ৰাৱতন্ত্ৰৰ জ্ব্লা-পোৰাৰ ইংগিত বহন কৰে,কিন্তু ইয়াৰ অনুপস্থিতিয়ে  UTI নথকাৰ কথা নুবুজায়।

স্পেচিয়েল ইউৰিন ডিপষ্টিক (লিউক’চাইট ইষ্টেৰেজ আৰু নাইট্ৰাইট) পৰীক্ষাসমুহ UTI  ৰ বাবে উপযোগী স্ক্ৰীনিং টেষ্ট,যাক কৰ্মক্ষেত্ৰ বা ঘৰ দুয়ো ঠাইতে কৰিব পাৰি।ইউৰিন ডিপষ্টিক টেষ্টৰ ফলাফল ধনাত্মক হ’লে UTI থকা বুলি বুজায় আৰু তেনে ৰোগীক অতিৰিক্ত মুল্যায়নৰ প্ৰয়োজন হয়।প্ৰস্ৰাৱৰ ৰ্ং সলনি হোৱাৰ প্ৰৱণতা হৈছে প্ৰস্তাৱত বেক্টেৰিয়াৰ পৰিমাণৰ সমানুপাতিক। UTI ৰ বাবে ইউৰিন ডিপষ্টিক টেষ্ট ভাৰতবৰ্ষত ব্যাপকভাৱে উপলব্ধ নহয়।

২/ UTI ৰ ৰোগ নিৰ্ণয়ৰ বাবে অতি উত্তম মান হৈছে ইউৰিন কালচাৰ টেষ্ট আৰু ইয়াক এণ্টিবায়’টিক চিকিৎসা কৰিবলৈ আৰম্ভ কৰাৰ আগেয়েই সম্পন্ন কৰা উচিত।প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণৰ নিদানিক ৰোগ নিৰ্ণয়ৰ নিশ্চয়তাৰ বাবে জটিল বা প্ৰতিৰোধী UTI  আৰু কিছুমান ক্ষেত্ৰতহে এটা ইউৰিন কালচাৰ পৰীক্ষা কৰাবৰ বাবে অনুমোদন দিয়া হয়।

ইউৰিন কালচাৰ টেষ্টে প্ৰায় ৪৮-৭২ ঘণ্টা পৰ্যন্ত সময় লয়।নমুনা সংগ্ৰহ আৰু প্ৰতিবেদনৰ উপলব্ধতাৰ মাজৰ নিৰ্দিষ্ট বিলম্বিত সময় হৈছে এই পৰীক্ষাৰ ডাঙৰ দুৰ্বলতা।

ইউৰিন কালচাৰত অৰ্গেনিজমৰ বিকাশৰ প্ৰ্কৃতিৰ ওপৰত ভিত্তি কৰি সংক্ৰমণৰ জটিলতাৰ লগতে ইয়াৰ উপস্থিতি আৰু দায়ীৰ অৰ্গেনিজমবোৰৰ প্ৰকাৰ নিৰুপণ কৰা হৈছে।

ইউৰিন কালচাৰে সংক্ৰমণৰ কাৰণস্বৰুপ নিৰ্দিষ্ট বেক্টেৰিয়াবিধ চিনাক্ত কৰে আৰু ইয়াৰ চিকিৎসাৰ বাবে কেনেধৰণৰ এণ্টিবায়’টিক ব্যৱহাৰ কৰা উচিত তাক নিৰ্ণয় কৰে।

এই প্ৰস্ৰাৱৰ নমুনা প্ৰদুষিত নহ’বলৈ ৰোগীৰ জননেন্দ্ৰিয়ৰ এলেকাটো পৰিষ্কাৰ কৰি এটা বীজাণুমুক্ত কণ্টেনাৰত প্ৰস্ৰাৱৰ মাজৰখিনি সংগ্ৰহ কৰিবলৈ পৰামৰ্শ দিয়া হয়।ইউৰিন কালচাৰৰ অৰ্থে নমুনা সংগ্ৰহৰ বাবে ব্যৱহৃত অন্যান্য পদ্ধতিসমুহ হৈছে ছুপাৰ-পিউবিক এছপিৰেচন,কেথেটাৰ স্পেচিমেন ইউৰিন আৰু বেগ স্পেচিমেন ইউৰিন আৰু বেগ স্পেচিমেন ইউৰিন।

৩/ UTI ত সাধাৰণতে সম্পন্ন কৰা তেজ পৰীক্ষাসমুহ হৈছে হিম’গ্লবিন, মুঠ তথা ব্যৱধানিক শ্বেতৰক্ত কণিকাৰ হিচাপ,ব্লাড ইউৰিয়া,ছিৰাম ট্ৰিয়েটিনিন,ব্লাড ছুগাৰ  আৰু C ৰিয়েক্টিভ প্ৰ’টিন।

যদিহে চিকিৎসাৰ ফলত সংক্ৰমণ ভাল নহয় বা সংক্ৰমণ পুনৰ হয়,তেন্তে গোপন হৈ থকা আগতীয়াকৈ প্ৰভাৱিত কৰা বিষয় বা বিপদ কাৰকসমুহ নিৰ্ণয় কৰিবলৈ তলত উল্লেখ কৰা অতিৰিক্ত পৰীক্ষা-নিৰীক্ষাসমুহৰ প্ৰয়োজন হয়:

১/ পেটৰ আল্ট্ৰাছাউণ্ড বা এক্স-ৰে’।

২/পেটৰ চিটি স্কেন বা এম আৰ আই।

৩/ভইডিং চিষ্ট’ৰেথ্ৰ’গ্ৰাম - VCUG (মাইক’ছিউৰেটিং চিষ্ট’ৰেথ্ৰ’গ্ৰাম-MCU)।

৪/ ইণ্ট্ৰাভেনাছ ইউৰ’গ্ৰাফী(IVU)।

৫/ যক্ষ্মা ৰোগৰ বাবে প্ৰস্ৰাৱৰ অণুবীক্ষণিক পৰীক্ষা।

৬/ চিষ্ট’স্ক’পী: ই হৈছে চিষ্ট’স্ক’প বুলি কোৱা এটা বিশেষ সঁজুলিৰ সহায়ত ইউৰ’লজিষ্টে ব্লাডাৰৰ ভিতৰখন চোৱাৰ এক প্ৰক্ৰিয়া।সঁজুলিৰ সহায়ত ইউৰ’লজিষ্টে ব্লাডাৰৰ ভিতৰখন চোৱাৰ এক প্ৰক্ৰিয়া।

৭/ স্ত্ৰীৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা।

৮/ ইউৰ’ডাই নেমিৰকছ।

৯/ ব্লাড কালচাৰছ

১/ প্ৰতিদিনে যথেষ্ট পৰিমাণৰ (৩-৪ মিটাৰ)পানীয় পান কৰক।ইয়ে প্ৰস্ৰাৱৰ গাঢ়তা হ্ৰাস কৰে আৰু ব্লাডাৰ তথা প্ৰস্ৰাৱতন্ত্ৰৰ পৰা বেক্টেৰিয়া প্ৰক্ষালিত কৰাত সহায় কৰে।

২/ প্ৰতি দুইৰ পৰা তিনি ঘণ্টাৰ মুৰে মুৰে প্ৰ্স্ৰাৱ কৰক।প্ৰস্ৰাৱগাৰলৈ যোৱাটো বাতিল নকৰিব।ব্লাডাৰত দীৰ্ঘ সময় ধৰি প্ৰস্ৰাৱ ধৰি ৰখাটোৱে বেক্টেৰিয়া বিকশিত হৈ উঠাত সুবিধা প্ৰদান কৰে।

৩/ প্ৰস্ৰাৱ অম্লীয় কৰি তুলিবলৈ খাদ্যপ্ৰাণ C ,এছকৰ্বিক এচিড বা কেনবেৰীৰ ৰস খাওক,যিয়ে বেক্টেৰিয়াজনিত বিকাশ হ্ৰাস কৰে।

৪/ কোষ্ঠকাঠিন্য হ’বলৈ নিদিব বা ইয়াৰ ততালিকে চিকিৎসা কৰক।

৫/ মহিলা আৰু ছোৱালীবোৰে প্ৰস্ৰাৱাগাৰলৈ যোৱাৰ পিছত সন্মুখৰ পৰা পিছফাললৈ (পিছৰ পৰা আগলৈ নহয়)মোহাৰি পেলাওক।এই অভ্যাসে গুহ্যদ্বাৰৰ আশে-পাশে থকা বেক্টেৰিয়াবোৰ যোনি বা ইউৰেথ্ৰালৈ বিয়পি যোৱাটো প্ৰতিৰোধ কৰে।

৬/যৌন সংগমৰ আগত আৰু পিছত জননেন্দ্ৰিয় আৰু গুহ্যদ্বাৰৰ এলেকাটো পৰিষ্কাৰ কৰি থওক।যৌ সংগমৰ আগত আৰু পিছত প্ৰস্ৰাৱ কৰক আৰু সংগমৰ ঠিক পিছতেই এগিলাচ পানী খাওক।

৭/ মহিলাসকলে কেৱল কপাহী অৰ্ন্তবাসহে পৰিধান কৰা উচিত,যাৰ মাজেৰে বায়ু চলাচল কৰিব পাৰে।টাইট-ফিটিং পেণ্ট আৰু নাইলনৰ অন্তৰ্বাস পৰিধান কৰাটো পৰিহাৰ কৰক।

৮/ মহিলাৰ ক্ষেত্ৰত যৌনকৰ্মৰ পিছত বাৰে বাৰে প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ হোৱাসকলে যৌন সম্পৰ্কৰ পিছত এপালি এণ্টিবায়’টিক ঔষধ সেৱন কৰি ইয়াক সাৰ্থকভাৱে প্ৰতিৰোধ কৰিব পাৰে।

যথেষ্ট পৰিমাণে পানী খাওক। যদিহে এজন মানুহ অতি অসুস্থ হয়,ডিহাইড্ৰেটেড হয় বা বমিৰ বাবে পৰ্যাপ্ত পৰিমাণৰ জুলীয়া খাদ্য খাব নোৱাৰে,তেন্তে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা উচিত আৰু IV ফ্লুইড প্ৰয়োগ কৰা উচিত।

জ্বৰ বা বিষ কমাবৰ বাবে ঔষধ সেৱন কৰক।তপত পেডৰ ব্যৱহাৰে বিষ কমায়।কফি,মাদক দ্ৰব্য,ধুমপান আৰু মচলাযুক্ত আহাৰ পৰিহাৰ কৰক,এই সকলোবোৰে ব্লাডাৰক বিৰক্ত কৰে।প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণৰ সকলোবোৰ প্ৰতিৰোধী মান অৱলম্বন কৰক।

এগৰাকী কম বয়সীয়া মহিলাৰ ক্ষেত্ৰত সাধাৰণতে তিনি দিনৰ বাবে হ্ৰস্বকালীন এণ্টিবায়’টিকেই যথেষ্ট।কিছুমান চিকিৎসকে এটা সাদিনীয়া ক’ৰ্ছক অগ্ৰাধিকাৰ দিয়ে। নিয়ম মতে এণ্টিবায়’টিকৰ এটা পালিয়েই ব্যৱহাৰ কৰা হয়। UTI থকা প্ৰাপ্তবয়স্ক লোকৰ ৭ ৰ পৰা ১৪ দিনৰ বাবে এণ্টিবায়’টিকৰ প্ৰয়োজন হয়।সাধাৰণতে ব্যৱহৃত মুখেৰে সেৱন কৰা এণ্টিবায়’টিকসমুহ হৈছে ট্ৰাইমেথ্ৰ’প্ৰিম, চেফাল’ছপ’ৰিনছ, নাইট্ৰ’ফিউৰেনটইন বা ফ্ল’ৰ’কুইন’লনছ।

অলপীয়াৰ পৰা গুৰুতৰ পৰ্যায়ৰ জতিল বৃক্ক সংক্ৰমিত ৰোগী, যিসকলৰ লক্ষণবোৰ গুৰুতৰ বা অসুস্থ ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা প্ৰয়োজন।ইয়াৰ কাৰণস্বৰুপ বেক্টেৰিয়াবিধক চিনাক্ত কৰিবলৈ আৰু এণ্টিবায়’টিকৰ সঠিক বাছনিৰ বাবে চিকিৎসা কৰাৰ আগেয়ে প্ৰস্ৰাৱ আৰু ব্লাড কালচাৰ সম্পন্ন কৰা হয়।কেইবা দিনৰ বাবে IV  ফ্লুইড আৰু ইণ্ট্ৰাভেনাছ এণ্টিবায়’টিকেৰে চিকিৎসা কৰা ৰোগীসকলক লগতে ১-১৪ দিনৰ মুৰে মুৰে সেৱন কৰা এণ্টিবায়’টিকো প্ৰদান কৰা হয়।যদিহে IV  এণ্টিবায়’টিকে অতি দুৰ্বল সঁহাৰি আগবঢ়ায় (লক্ষণবোৰ আৰু জ্বৰ যদি ধাৰাবাহিকভাৱে বাহাল থাকে, বৃক্কৰ কাম-কাজৰ অধিক অৱনতি ঘটে)তেন্তে ইমেজিঙৰ প্ৰয়োজন হ’ব পাৰে। চিকিৎসা ব্যৱস্থাৰ ফলাফল জানিবৰ বাবে ফল’-আপ ইউৰিন টেষ্ট অপৰিহাৰ্য।

বাৰে বাৰে  UTI হোৱা ৰোগীৰ ক্ষেত্ৰত,ইয়াৰ অন্তৰ্নিহিত কাৰণটোৰ সঠিক চিনাক্তকৰণ অপৰিহাৰ্য। ইয়াৰ অন্তৰ্নিহিত কাৰণ অনুসৰি নিৰ্দিষ্ট ঔষধীয় বা অস্ত্ৰোপচাৰজনিত চিকিৎসাৰ আঁচনি যুগুত কৰা হয়।এই ৰোগীসকলে ফল’-আপ, প্ৰতিৰোধী মানসমুহৰ প্ৰতি কঠোৰ আনুগত্য আৰু দীৰ্ঘকালীন প্ৰতিৰোধী এণ্টিবায়’টিক চিকিৎসাৰ প্ৰয়োজন।

এজন UTI ৰোগীয়ে ততালিকে চিকিৎসকৰ লগত যোগাযোগ কৰা উচিত যদিহে-

প্ৰস্ৰাৱৰ পৰিমাণ কমি যায় বা প্ৰস্ৰাৱ সম্পুৰ্ণৰুপে বন্ধ হৈ পৰে।

একেৰাহে ডাঙৰ জ্বৰ,ঠাণ্ডা লাগে,পিঠিৰ বিষ হয় আৰু প্ৰস্ৰাৱ ঘোলা হয় বা প্ৰস্ৰাৱত তেজ পৰে।

গুৰুতৰভাৱে বমি হোৱা সকলো ৰোগী,গুৰুতৰভাৱে দুৰ্বল হ’লে নাইবা ৰক্তচাপ কমি গ’লে।

UTI হোৱা সকলো শিশুৱে।

এটা বৃক্কবিশিষ্ট সকলো ৰোগী আৰু পাথৰজনিত ৰোগৰ পুৰ্বৰ ইতিহাস থাকিলে।

চিকিৎসাৰ ২ ৰ পৰা ৩ দিন পৰ্যন্ত এণ্টিবায়’টিকৰ প্ৰতি কোনো সঁহাৰি নজনালে।

উৎস: জি এনআৰচি স্বাস্থ্য

 

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top