মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গছৰ চোকা ৰ’দ প্ৰতিৰোধী কৌশল :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গছৰ চোকা ৰ’দ প্ৰতিৰোধী কৌশল :

গছৰ চোকা ৰ’দ প্ৰতিৰোধী কৌশলৰ বিষয়ে লিখা হৈছে ।

 

বেলিয়ে পোহৰৰ লগতে তাপো বিলায় যিবোৰৰ সমগ্ৰতাই ৰ’দ। পুৱাৰ কাঁচিয়লি ৰ’দত তাপৰ পৰিমাণ সামান্য অথচ লাহে লাহে ই বাঢ়ি গৈ দুপৰীয়া তীব্ৰ হৈ পৰে। তীব্ৰ হৈ পৰে। তীব্ৰ ৰ’দত চলা-ফুৰা কৰা মানুহে দেহক বচাবলৈ ছাতি ব্যৱহাৰ কৰে, আন কেতবোৰে শৰীৰত ৰাসায়নিক পদাৰ্থ সানি লয় আৰু বহুতে পৰাপক্ষত ঘৰৰ বাহিৰ নোলায়। গছে ৰ’দৰপৰা শক্তি আহৰণ কৰি সালোক সংশ্লেষণ প্ৰক্ৰিয়া সুসম্পন্ন কৰে য’ত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মিলন ঘটাই শৰ্কৰা তথা অক্সিজেন উৎপাদন কৰে। শক্তি আহৰণ কৰিবলৈ সেউজীয়া পাত তথা কাণ্ডত পত্ৰহৰিৎ নামৰ এবিধ জৈৱ পদাৰ্থ থাকে যি পদাৰ্থ ধাৰণ কৰা হৰিৎকণা নামৰ কণিকাই সালোক সংশ্লেষণত অনন্য ভূমিকা পালন কৰে আৰু এই কণিকাবোৰ কোষৰ ভিতৰত থাকে। বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ অত্যধিক নহয় যদিও প্ৰাণী তথা মানুহৰ নিশাহত বাহিৰ হোৱা এই গেছ তথা কাঠ-কয়লাকে ধৰি বিভিন্ন ইন্ধনৰ দহনৰ ফলত উদ্ভৱ হোৱা কাৰ্বন ডাই অক্সাইডে বায়ুত ইয়াৰ পৰিমাণ বৃদ্ধি কৰাত অৰিহণা যোগাইছে। এই গেছে ৰ’দৰপৰা তাপ শোষণ কৰে বাবে ইয়াৰ পৰিমাণ বাঢ়িলে বায়ুৰ উত্তাপ বৃদ্ধি পায় যাৰ ফলত নানা অঘটন ঘটিব পাৰে। মেৰু অঞ্চল অথা গিৰি শিখৰত ঠাহ খাই থকা বৰফ গোলকীয় উত্তাপনে গলাব পাৰে। আটাইখিনি বৰফ গলিবলৈ হ’লে মহাপ্লাৱন ঘটি গিৰি শিখৰো পানীত বুৰ যোৱাটো অৱধাৰিত। এনে চৰম বিপৰ্যয় ৰোধ কৰিবলৈ গছে সালোক সংশ্লেষণ ক্ৰিয়া সংঘটিত কৰি কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে যদিও সেই পৰিমাণ নগণ্য বুলিব পাৰি। জীৱশ্ৰেষ্ঠ মানৱে মহাকাশ বিজ্ঞানৰ প্ৰভূত উন্নতি সাধন কৰি আকাশত চাং পতাৰ দৰে অসম্ভৱকো সম্ভৱ কৰি তুলিছে যাৰ পৰিণতিত মহাকাশত পাম পাতি মানুহৰ বাসোপযোগী কৰি তুলিছে কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে দূৰদৰ্শনৰ কাৰ্যসূচী প্ৰচাৰ তথা যোগাযোগ ব্যৱস্থাত যুগান্তৰ আনিবলৈ সক্ষম হৈছে অথচ গছৰ পাতে নিয়াৰিকৈ সম্পাদন কৰা সংশ্লেষণৰ কৌশল ভালদৰে আয়ত্ত কৰিবলৈ সমৰ্থ হোৱা নাই যি কৌশলৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি শৰ্কৰা প্ৰস্তুত কৰিবলৈ সক্ষম হোৱাহেঁতেন কাৰ্বন ডাই অক্সাইডে ঘটাব পৰা বিপদ সমূলি ৰোধ কৰাটো সম্ভৱ হ’লহেতেন।

তীব্ৰ ৰ’দে গছৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া ৰোধ কৰে আৰু ইয়াৰ পৰা হ’ব পৰা ক্ষতি সম্পূৰ্ণ এৰাই চলিবলৈ গছ-গছনিয়ে বিশেষ ধৰণৰ কাৰ্য সম্পাদন কৰে। দেহ ডেই নিয়া প্ৰখৰ ৰ’দৰপৰা নিজকে বচাবলৈ গছে দৌৰি পলাব নোৱাৰে যদিও কেতবোৰ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে ক্ষতি ৰোধ কৰিব পাৰে। এই ক্ষেত্ৰত গছ-গছনিক বিপদৰপৰা ৰক্ষা কৰিবলৈ দুটা প্ৰণালীয়ে সমান্তৰালভাৱে ক্ৰিয়া কৰে যিবোৰ হ’ল পোহৰ শোষণ হ্ৰাস তথা তাপৰ সাৰ্থক সিঁচৰতিকৰণ। তীব্ৰ ৰ’দত সালোক সংশ্লেষণ ক্ৰিয়া সমূলি বন্ধ হৈ পৰে যেতিয়া গছে আত্মৰক্ষাৰ বাবে একাণপতীয়াকৈ যৎপৰোনাস্তি কাৰ্য সম্পাদন কৰে। ক্ৰমোন্নতিৰ জৰিয়তে গছ-গছনিয়ে পোহৰ শোষণ নিয়ন্ত্ৰণ কৰিবলৈ কেতবোৰ যিবোৰ স্বাভাৱিক বৃদ্ধিৰ বাবে অনুকূল। উদাহৰণস্বৰূপে নেষ্টিকচলন, হৰিৎকণাৰ চলন, গছৰ আলোকানুৱৰ্তী চলন আদিৰ উল্লেখ কৰিব পাৰি। এইবোৰৰ ভিতৰত পোহৰৰ প্ৰভাৱত হৰিৎকণাৰ চলন ঘটি বিভিন্ন স্থিতি গ্ৰহণকে পোহৰ শোষণ নিয়ন্ত্ৰণৰ বেলিকা মুখ্য আৰু সাৰ্থক কৌশল বুলি পৰিগণিত কৰিব পাৰি যি প্ৰক্ৰিয়া অদ্বিতীয়, নিৰ্ণায়ক, ক্ষিপ্ৰ তথা নমনীয় ধৰণ যাৰ জৰিয়তে গছক তীব্ৰ ৰ’দৰপৰা সুৰক্ষা প্ৰদান কৰিব পাৰে। পোহৰৰ প্ৰৱলতা সামান্য হ’লে হৰিৎকণাবোৰ সিঁচৰতি হৈ পোহৰাই তোলা সকলো পিঠি আবৰি পেলায় যাতে পোহৰ পূৰ্ণমাত্ৰাই শোষণ কৰি কামত লগাব পাৰে। এই প্ৰক্ৰিয়াকে হৰিৎকণা পুঞ্জীভৱন চলন বুলি কোৱা হয়। আনহাতে হৰিৎকণা পোহৰৰপৰা আতৰাই ৰখা চলনে পোহৰৰ অতিমাত্ৰা শোষণত বাধা প্ৰদান কৰে যেতিয়া হৰিৎকণাবোৰ কোষৰ দাঁতিত থূপ খায় যাতে পোহৰ শোষণৰ পিঠি হ্ৰাস পাই ন্যূনতম হয় যেতিয়া কোষৰ পৰা পোহৰ শোষণ অবিহনে সৰকি যায়, সাধাৰণতে সকলো ধৰণৰ উদ্ভিদৰ ক্ষেত্ৰত হৰিৎকণা পোহৰৰপৰা নিলগাই ৰখা চলনৰ বাবে নীলা পোহৰ দায়বদ্ধ। প্ৰকৃততে হৰিৎকণাৰ চলন এক্টিনফিলামেন্টৰ ওপৰত নিৰ্ভৰ কৰে যিবোৰে এটা কোষৰপৰা আন এটা কোষলৈ অংগানুৰ চলনত বিশেষ ধৰণৰ ভূমিকা পালন কৰে। সাম্প্ৰতিক কালৰ অধ্যয়নে বিশেষ ধৰণৰ চুটি এক্টন ফিলামেন্ট চিনাক্ত কৰিছে যিবোৰৰ পৰিমাণ নীলা পোহৰৰ পৰ্যাপ্ততাৰ ওপৰত নিৰ্ভৰ কৰে।

সকলো জীৱদেহ কোষ নামৰ এককোষে গঠিত আৰু গছ-গছনিয়ে ইয়াৰ ব্যতিক্ৰম মুঠেই নহয়। প্ৰতিটো কোষতে জীৱন ধাৰণৰ বাবে আৱশ্যক হোৱা অংগানুবোৰ থাকে যদিও হৰিৎকণা নামৰ অংগানু প্ৰাণী অথবা মানুহৰ কোষত সমূলি অন্তৰ্হিত। পোহৰৰ শক্তি আহৰণ কৰাৰ ক্ষেত্ৰত এই হৰিৎকণাৰ সামৰ্থ অনন্য যি শক্তিৰ জৰিয়তে প্ৰাণী আৰু কাৰ্বন ডাই অক্সাইডৰ মিলন ঘটাই গছে শৰ্কৰা বা খাদ্য প্ৰস্তুত কৰিব পাৰে। এই কাৰ্য সম্পাদনৰ বাবে বেলিৰ পোহৰ অপৰিহাৰ্য অথচ ই প্ৰৱল হ’লে গছৰ ক্ষতিসাধন হয়। এই কাৰ্য সম্পাদনৰ বাবে বেলিৰ পোহৰ অপৰিহাৰ্য অথচ ই প্ৰৱল হ’লে গছৰ ক্ষতিসাধন হয়। তীব্ৰ ৰ’দে গছত তাপৰ মাত্ৰা বৃদ্ধি কৰি সুবিধাজনক অৱস্থা অতিক্ৰম কৰাৰ উপৰি ৰিয়েক্টিভ অক্সিজেন স্পেচিছ উৎপাদন কৰে যিবোৰ অক্সিজেনৰ পৰা স্বতন্তৰীয়াকৈ বৰ্তি থাকিব পাৰে। উদ্ভিদৰ বেলিকা এই ৰিয়েক্টিভ অক্সিজেন স্পেচিছৰ গুৰুত্বপূৰ্ণ উৎস হৰিৎকণা হোৱা হেতুকে হৰিৎকণা পুঞ্জীভৱন চলন আৰু পোহৰৰপৰা হৰিৎকণা নিলগাই ৰখা চলনৰ মাজত উত্তম শ্ৰেণীৰ কাৰ্যকৰী ভাৰসাম্য অব্যাহত ৰাখিবলৈ ৰিয়েক্টিভ অক্সিজেন স্পেচিছৰ সুবিধাজনক গাঢ়তা থকা আৱশ্যক আৰু তেনে অৱস্থা বাহাল থাকিলে কাৰ্যকৰী ভাৰসাম্য সহজে নিয়ন্ত্ৰণত ৰাখিব পাৰি। আলোচনাৰপৰা এইটো স্পষ্ট হয় যে হৰিৎকণাৰ চলন বহু অংশ বিশিষ্ট সংকেতবোৰৰ একত্ৰিকৰণ আৰু পৰিণতি স্বৰূপ ভাষান্তকৰণৰ পৰিণতি। আনকি পোহৰৰ প্ৰৱলতাৰ সামান্য পৰিৱৰ্তনে ইন্দ্ৰিয়গ্ৰাহ্য হয় আৰু জটিল তথা উচ্চ নিয়ন্ত্ৰণত পথ স্থাপিত কৰে হৰিৎকণাই। এই বিকাশে গছক অতিশয় যন্ত্ৰণাদায়ক স্বাভাৱিক অৱস্থা যেনে মাত্ৰাধিক্য পোহৰৰ বিপক্ষে যুঁজিবলৈ সমৰ্থ কৰে আৰু ইয়েই গছৰ ক্ষেত্ৰত তীব্ৰ ৰ’দ প্ৰতিৰোধ কৌশল হিচাপে পৰিগণিত হয়। অৱশ্যে সংকেতৰ নেটৱৰ্কৰ সম্পূৰ্ণ আঁচনি যুগুত কৰিবলৈ এতিয়াও বাকী।

লেখক: আনন্দ দেৱ গোস্বামী (দৈনিক অসম)

2.88888888889
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top