অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গমাৰী গছ

গমাৰী গছৰ উপকাৰিতা লিখা হৈছে

 

ই গুড়চ্যাদি বৰ্গৰ নিৰ্গুণ্ডী কুলৰ বনৌষধি বিশেষ।

সংস্কৃতত ইয়াক- ভদ্রপৰ্ণী, মুধুপর্ণিকা, হীৰা, পীতৰোহিনী, কৃষ্ণবৃন্তা, মধুৰসা, গম্ভাৰী, শ্ৰীপৰ্ণী, কাশ্মীৰী, হিন্দীত— গম্ভাৰী, গম্ভাৰ, কুম্ভেৱ, কাসমৰ, খম্ভাৰী, বেংগলীত- গামাৰ গছ, গম্ভাৰ, অসমত— গমাৰী গছ বোলে।

পৰিচয়-

 

এই গছ ৫০/৬০ ফুট পৰ্য্যন্ত ওখ হয়। গছৰ গুৰিৰ বেৰ ৭/৮ ফুটমান হোৱা দেখা যায়। এই গছ ঠাল-ঠেঙুলিৰে চৌদিশ আগুৰি থকা দেখা যায়। এই গছ ধোঁৱা বৰণীয়া বগা হয়। চাল দাঠ, কাঠ বগা। এই কাঠ অতি মূল্যৱান, ফাৰ্ণিচাৰ আৰু ঘৰৰ দৰ্জা আদিত ইয়াৰ কাঠ ব্যৱহাৰ হয়। ইয়াৰ চাল আৰু ফল ঔষধ তৈয়াৰ কৰিবলৈ আৱশ্যক হয়। ইয়াৰ পাত ভেলক বা মদাৰ গছৰ আংশিক পাতৰ দৰে দেখা যায় যদিও ইয়াৰ পাত মিহি আৰু বেছি সেউজীয়া পাতবোৰ ৭ ইঞ্চিৰ পৰা ১০ ইঞ্চি মান দীঘল, ৫ ইঞ্চিৰ পৰা ৭ ইঞ্চি মান বহল আগ জোঙা হয়। ইয়াৰ পাত বটি বা চোবাই চালে বিজলুৱা পদার্থ থকা যেন লাগে। বসন্ত কালত এডাল পুষ্পমঞ্জৰীত বহুতো হালধীয়া ৰঙচুৱা পাঁচ পহীয়া ফুল হয়। সন্মুখৰ পাহি দুটা চুটি আৰু সৰু, বাকী তিনিটা দীঘল আৰু ডাঙৰ হয়। ইয়াৰ ফল গ্রীষ্ম কালত হয়। ফলবোৰ লেটেকু ফুলৰ ফলৰ দৰে হয়। কেঁচাতে ফলবোৰ সেউজীয়া আৰু মসৃণ, পকিলে হালধীয়া হয়। ফলবোৰৰ ওপৰত বগা ফুট ফুটিয়া চিন দেখা যায়। ইয়াৰ ফল পকিলে মিঠা হয়। দ্ৰাক্ষৰ অভাৱত ইয়াৰ ফল ব্যৱহাৰ কৰিবলৈ শাস্ত্ৰত নির্দেশ আছে। ফলবোৰৰ ওপৰৰ নৰম অংশ গুচালে ভিতৰত এটা টান গুটি পোৱা যায়। এই গুটিবোৰৰ পৰা পুলি হৈ ইয়াৰ বংশ বৃদ্ধি হয়।

গুণ

 

গুৰু, তিক্ত, কষায়, মধুৰ, কটুবিপাক, উষ্ণবীৰ্য্য, ত্রিদোষ নাশক, দীপন, অনুলোমক, গৰ্ভস্থাপক, স্তন্যজনক, দাহপ্রশমক, বেদনাস্থাপক, তৃষ্ণা, জ্বৰ, ভ্ৰম, মক্তিস্কদৌৰ্ব্বল্য, বাতবিকাৰ আদি নিবাৰক। ইয়াৰ চাল, মূল, পাত, ফুল, ফলে সকলো ঔষধত ব্যৱহাৰ কৰা হয়। ইয়াৰ মূল আৰু চাল কটু পৌষ্টিক, বৃংহন, শোথহৰ, ৰসায়ণ, বিষনাশক, বিবন্ধ নাশক, অগ্নিবৰ্দ্ধক, কৃমি, অৰ্শ, জ্বৰ, মূত্র সম্পৰ্কীয় বিকাৰ নাশক। মাত্রা ৪ গ্রাম।

  • সুতিকা ৰোগত ইয়াৰ চাল ২০ গ্রাম থেতেলিয়াই ৩৫০ মিলিলিটাৰ পানীত সিজাই ৮০ মিলিলিটাৰ থকাত নমাই চোক দুভাগ কৰি পুৱা আৰু আবেলি দিনে দুবাৰকৈ খালে গৰ্ভাশয় শোথ দূৰ হৈ জ্বৰাদি উপদ্রব নাইকিয়া হ'ব। লগে লগে বলবৃদ্ধি হয়।
  • গৰ্ভস্রাব নিবাৰণৰ কাৰণে গমাৰীৰ চাল, ক’লাতিল আৰু মঞ্জিষ্ঠা সমানে লৈ গুড়ি কৰি ৰাখিব। এই গুড়িৰ পাঁচ গ্রাম গাখীৰৰ লগত ২/৩ ঘন্টাৰ মূৰে মূৰে খালে উপকাৰ পাব।
  • স্তনশৈথিল্য নিবাৰণৰ বাবে শ্ৰীপণী তেল ব্যৱহাৰ কৰিলে স্তন দৃঢ় হয়। উক্ত তেল তৈয়াৰ কৰিবলৈ ৫০০ মিলিমিটাৰ তিলতেল মূৰ্চ্ছাপাক কৰি ৰাখিব। পিছত ১ কিলো গমাৰীৰ চাল ৮ লিটাৰ পানীত সিজাই ২ লিটাৰ থকাত নমাই চেকি ল’ব। তেলত পাক কৰিব আৰু লগে লগে গমাৰীৰ চাল ৫০ গ্রাম বটি তেলত দি পগাৰ। তেলত পানী নোহোৱা হ’লে নমাই চেকি ভালকৈ ৰাখিব। এই তেলত কপাহ তিয়াই স্তনত বান্ধি ৰাখিব। এনেকৈ এমাহ মান উক্ত তেল ব্যৱহাৰ কৰিলে স্তন শৈথিল্যে নিবাৰণ হ’ৰা। গমাৰী দর্শমূলৰ এবিধ দ্রব্য। দশমূলাৰিষ্ট, দশমূল পাচন, চ্যবণপ্রাশ আদি ঔষধৰ অপৰিহার্য উপাদান।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

 

 

2.8
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top