মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গাড়ী চালকৰ ৰূপত আপুনি লব লগা সাৱধানতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাড়ী চালকৰ ৰূপত আপুনি লব লগা সাৱধানতা

গাড়ী চালকৰ ৰূপত আপুনি লব লগা সাৱধানতাৰ বিষয়ে লিখা হৈছে ।

 

১. মাৰুতি, হুণ্ডাই আদি কোম্পানীৰ সৰু যিবোৰ গাড়ী আমি ব্যক্তিগত বাহনৰূপে চলাও সেইবোৰ গাড়ীৰ আগ চকাযোৰে গাড়ীখন টানি নিয়ে (Front Wheel driven) ৷ ইঞ্জিনটো আগফালে থকা বাবে আগ চকাযোৰে গাড়ীখন আগলৈ টানি নিয়ে ৷ সেয়ে ঠেক ঠাইত গাড়ীখন ঘূৰাব মেলিব লগা হলে সদায় আগচকাযোৰ নিপিচলা ঠাইৰ পৰা যাতে কিঞ্চিতমানো আঁতৰিব নোৱাৰে তাৰবাবে সচেতন হব লাগে ৷ বৰষুণীয়া বতৰত সৰু পথত গাড়ী ঘূৰাব লগা হলে আগচকাযোৰ পথৰ পীটচ বা শিলগুটি দিয়া অংশৰ পৰা যাতে বননি নাপাইগৈ তাৰ বাবে সচেতন হোৱা প্ৰয়োজন ৷ কাৰণ পীটচ বা শিলগুটি দিয়া অংশতহে চকাযোৰে ভালদৰে খোপনি লব পাৰে ৷ বৰষুণীয়া বতৰত বননিত গাড়ীৰ চকা পিচলি যোৱাৰ আশংকা অধিক আৰু তেনে সময়ত ব্ৰেক মাৰিলেও গাড়ীৰ ওজনে গাড়ীখন দ ফাললৈ টানি নিয়ে ৷

২. বনভোজলৈ গলে নদীৰ পাৰৰ বলুকাত গাড়ী ফচি যোৱাটো এক সাধাৰণ ঘটনা ৷ এনে সময়ত যিমানেই গাড়ীখন আগুৱাই উলিয়াবলৈ যত্ন কৰা যায়, সিমানেই আগ চকাযোৰ বালিত সোমাই গৈ থাকে ৷ ফলত একেঠাইতে চকা ঘূৰি থাকিলেও গাড়ী অকণো আগ নাবাঢ়ে ৷ এনে সময়ত আগুওৱাৰ চিন্তা পৰিহাৰ কৰি গাড়ী পিছুৱাই উলিয়াই আনিব পাৰি ৷ তেনে কৰিলে ইঞ্জিনটোৱে গাড়ীখন নাটানে, পিছৰ পৰা থেলেহে ৷ টনাত যিমান জোৰ লাগে তাতকৈ ইঞ্জিনে থেলিবলৈ ভাল পায় ৷ তাৰ আগতে আগ চকাযোৰ যাতে সুকলমে পিছুৱাব পাৰে তাৰ বাবে চকাৰ জোখত হাতেৰে বালি আঁতৰাই লীক দুটা বনাই লব লাগে ৷

৩. গাড়ীৰ চাৰিওখন খিৰিকি আজিকালি বুটাম টিপি উঠোৱা নমোৱা (Power windows) কৰিব পাৰি ৷ কিন্তু বিপদৰ সময়ত এই কথাটো পাহৰি যাব পাৰে বা বুটামে কাম নকৰিব পাৰে ৷ কাৰণ ষ্টাৰ্ট বন্ধ হৈ গলে বুটামে কাম নকৰে ৷ সেয়ে পৰাপক্ষত পিছৰ দুখন খিৰিকি হাতেৰে ঘূৰাই উঠোৱা নমোৱা ব্যৱস্থা কৰি লব লাগে ৷ আচম্বিতে গাড়ী পানীত পৰিলে দুৱাৰ খোলাৰ বৃথা চেষ্টা নকৰাই ভাল ৷ কাৰণ পানীৰ হেঁচাত দুৱাৰ খুলিব নোৱাৰি ৷ তেনে সময়ত পিছৰ খিৰিকিৰ হেণ্ডেল ঘূৰাই নমাই খিৰিকিৰে বাহিৰ ওলাব পাৰি ৷ অথবা গাড়ীৰ ছীটৰ ওপৰত থকা হেড ৰেষ্ট খুলি ললে তাত দুডাল ৰড থাকে ৷ সেই ৰডৰ আগটো জোঙা ৷ সেই ৰডেৰে খিৰিকীত আঘাত কৰি আইনা ভাঙিব পাৰি ৷ কিছুমান গাড়ীত কিন্তু হেড ৰেষ্ট নাথাকে ৷ মনত ৰখা ভাল যে খিৰিকিৰ কিছুমান আইনা প্ৰকৃততে গ্লাছৰ নহয় ৷ প্লাষ্টিক জাতীয় সামগ্ৰীৰ ৷ তেনে প্লাষ্টিকৰ আইনা যথেষ্ট বল প্ৰয়োগ কৰিলেও ভাঙিব পৰা নাযায় ৷ সেয়ে নিজৰ গাড়ীৰ খিৰিকি গ্লাছৰ নে প্লাষ্টিকৰ সেইটো সকলোৱে জানি থব লাগে ৷

৪. ঘৰত শিশু থাকিলে, গাড়ী লৈ ওলোৱা সোমোৱা কৰা সময়ত শিশুটি যাতে ডাঙৰ মানুহৰ কব্জাত/নিয়ন্ত্ৰণত থাকে সেইটো নিশ্চিত হৈ লব লাগে ৷ নহলে পিতৃ মাতৃক গাড়ীত দেখিলে শিশুৱে সাউৎকৈ চোতাললৈ আহি যাব পাৰে ৷

৫. পথত আগে আগে গৈ থকা গাড়ীখনলৈ যিদৰে নজৰ দিয়ে, ঠিক একেদৰে পিছে পিছে আহি থকা বাহনৰ 'মটিভ' বুজিবলৈ চেষ্টা কৰিব লাগে ৷

৬. হাইৱেত ঘনে ঘনে গাড়ীৰ পিছলৈ চোৱা আইনাত চাই পিছৰ পৰা কিবা আহিছে নেকি বুজ লৈ থাকিব লাগে ৷

৭. সন্মুখৰ পৰা যদি বাণিজ্যিক বাহন যেনে বাছ, ট্ৰাক, ট্ৰেভেলাৰ, ডাম্পাৰ আদি আহে তেন্তে তেওঁলোকক সন্মান সহকাৰে পথৰ বেছি অংশ এৰি দিয়া ভাল ৷ প্ৰয়োজনত নিজৰ গাড়ীৰ বাওঁ চকা পীটছৰ পৰা নমাই দিয়াটো আৰু ভাল ৷

৮. বাণিজ্যিক বাহনক অতিক্ৰম কৰি যাব লগীয়া হলে পোন পথত অতিক্ৰম কৰিব লাগে আৰু এনে সময়ত সন্মুখৰ পৰা অহা গাড়ী যথেষ্ট দূৰত থাকিলেহে অতিক্ৰম কৰা উচিৎ ৷

৯. চিনাকী ঠাই বা নগৰত মূল পথেৰে গাড়ী চলাই গলে উপপথ পোৱাৰ সময়ত সোভৰি ব্ৰেকত ৰখা ভাল ৷ কেতিয়াবা উপপথে কোনোবা ভুটুংকৈ সন্মুখত ওলাই দিয়ে ৷ একে পন্থা অৱলম্বন কৰিব লাগে উপপথেৰে আহি মূল পথ পোৱাৰ সময়তো ৷

১০. দূৰ যাত্ৰাত যোৱাৰ আগেয়ে সদায় গাড়ী চেক কৰি লব লাগে ৷ বিশেষকৈ ইঞ্জিনৰ কাষত থকা কুলেন্ট (Coolant) নামৰ সেউজীয়া জুলীয়া পদাৰ্থবিধ পৰ্যাপ্ত নাথাকিলে আদবাটত গাড়ীৰ ষ্টাৰ্ট হঠাতে বন্ধ হৈ যাব পাৰে ৷

১১. পথত যদি একাঁঠুমান পানী থকা অংশ দেখে তেন্তে গাড়ী চিধাই পানীত নমাই দিব নালাগে। উত্তপ্ত ইঞ্জিনত হঠাত পানী লাগিলে ইঞ্জিন ফাটি যোৱাৰ আশংকা থাকে ৷

১২. গাড়ী চলাই গৈ থকাৰ সময়ত যদি সন্মুখত স্কুল বাছ বা ভান ৰখোৱা দেখে তেন্তে নিজৰ গাড়ীৰ স্পীড কমাই ব্ৰেকত ভৰি থব লাগে ৷ কাৰণ স্কুল বাছ পথৰ যিফালেই নাৰাখক কিয় বাছ বা ভানৰ পৰা নমা কিশোৰ ছাত্ৰই দৌৰ মাৰি পথ পাৰ হব বিচাৰে ৷ ঘৰ গৈ পোৱাৰ উলাহত কিশোৰ বয়সৰ ছাত্ৰৰ এয়া মনস্তত্ব ৷

১৩. গাড়ীৰ চালকৰ আসনত বহি আপুনি GPS চাই গাড়ী চলাই নেকি৷ যদি আপুনি অভিজ্ঞ নহয়, GPS ব্যৱহাৰ নকৰিব পাৰে বা সন্মুখৰ ছীটত বহা আনজনক GPS চাই নিৰ্দেশনা মুখেৰে দিবলৈ কওক৷ GPS চাই চাই গাড়ী চলালে হয় আপোনাৰ গাড়ী কব নোৱাৰাকৈ পথৰ মাজলৈ আহি যাব পাৰে, নহয় গাড়ী পথৰ পৰা কাষলৈ নামি যাব পাৰে ৷

১৪. বৰষুণীয়া বতৰত সন্মুখৰ আইনাৰ ধোঁৱা- কোৱা আঁতৰাবলৈ এ চি ব্যৱহাৰ কৰিব পাৰে, নতুবা আগফালৰ দুয়োখন খিৰিকি ১ ছেণ্টিমিটাৰ মানকৈ খুলি ৰাখিব পাৰে ৷

১৫. দূৰ যাত্ৰা কৰিবলৈ হলে ভাত খোৱাৰ এঘণ্টা মানৰ পিছতহে যাত্ৰা কৰা উচিৎ ৷ ভাত খোৱাৰ পিছতে গাড়ী চলালে, গাত বতাহ লাগিলে বহুতৰে টোপনি আহি যায় ৷

১৬. পথত গাহৰি আৰু হাঁহ দেখিলে গাড়ী ৰখাই দিয়াৰ সিদ্ধান্তই উত্তম৷ সন্মুখত কুকুৰ দেখি খুন্দিয়াম বুলি ভাবিলেও কুকুৰ বাচি যায়, ঠাইতে ঘূৰিব পৰা জন্তু বাবে ৷ কিন্তু হাঁহ আৰু গাহৰিয়ে নিজা গতি পৰিৱৰ্তন কৰিব নোৱাৰে বা এই দুই জীৱৰ নিজৰে ব্ৰেক নাই ৷
অন্ততঃ এই কেইটা দিশত চালকৰ আসনত বহি সাৱধানতা অৱলম্বন কৰিলে, বহুতো দুৰ্ঘটনাৰ সম্ভাৱনাৰ পৰা বাচিব পৰা যাব বুলি আমাৰ দৃঢ় বিশ্বাস।

লেখক :- শৈলেন বৰুৱা

উৎস :- অসমীয়াৰ সুখ দুখ

উচ্চ ৰক্তচাপ আৰু নিম্ন ৰক্তচাপৰ তাৎক্ষণিক ঘৰুৱা বিধান -


উচ্চ ৰক্তচাপ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ গৈ আছে। চিকিৎসক সকলোৰো যেন কৰিবলগীয়া একো নাই। কেৱল নিয়ন্ত্ৰণহে কৰিছে, সম্পূৰ্ণ নিৰাময় হোৱা ৰোগীৰ সংখ্যা অতি নগন্য। কেইটামান পৰীক্ষা কৰোৱাইছে, বিশেষকৈ Cholestorel, ESR, Tsh, ECG, Urine protein, Creatinine ইত্যাদি। ইয়াৰ পিছত অনিৰ্দিষ্টকাল নিয়মীয়াকৈ ঔষধ সেৱনৰ পৰামৰ্শ। মই বেছিভাগ উচ্চ ৰক্তচাপ ৰোগীৰ ক্ষেত্ৰত সাধাৰণতে হোৱা চিকিৎসাৰ কথাহে কৈছো। ৰোগীভেদে বেলেগ চিকিৎসাও হব পাৰে।
এতিয়া কথাটো হল নিয়মীয়াকৈ সকলো পৰীক্ষা-নিৰীক্ষা আৰু ঔষধ সেৱন কৰি থকাৰ পিছতো কিছুমান লোকৰ বিভিন্ন কাৰণত ৰক্তচাপ হঠাৎ মাজে মাজে বা অকস্মাৎ অস্বাভাৱিকভাৱে বৃদ্ধি হৈ যোৱা দেখা যায়। মই নিজে বহুতৰে ক্ষেত্ৰত তেনেকুৱা হোৱা দেখিছো। ইয়াৰ ফলস্বৰূপে বহুতো মানুহে মৃত্যুকো আকোৱালি লবলগীয়াও হৈছে। পিছত কোৱা শুনা যায়-“মানুহজনৰ সকলো ঠিক আছিল, ঔষধো নিয়মীয়াকৈ সেৱন কৰি আছিল, কিন্তু হঠাৎ সন্ধিয়া গাতো বেয়া লগা বুলি কলে আৰু তাৰ পিছত আজিকালি এনেকুৱা ঘটনা প্ৰায়েই শুনা পাওঁ‌ । এনে ক্ষেত্ৰত ৰাতিপুৱা সেৱন কৰা উচ্চ ৰক্তচাপৰ ঔষধে প্ৰায়েই কাম কৰা দেখা নাযায়। তাতে আকৌ ভিতৰুৱা অঞ্চলত বাস কৰা মানুহখিনিৰ ফাৰ্মাচি বা চিকিৎসকৰ ওচৰ পোৱালৈও বহুত দেৰি হৈ যায়।

এনেকুৱা অস্বাভাৱিক ৰক্তচাপ বৃদ্ধিৰ সময়ত হাতত কোনো ঔষধ নথকা অৱস্থাত আমি চিকিৎসক বা হস্পিতলৰ ওচৰ নোপোৱালৈকে এই সময়খিনিৰ সৎব্যৱহাৰ হিচাপে এবিধ ঘৰুৱা ঔষধ ব্যৱহাৰ কৰিব পাৰো। ই আপোনাৰ ৰক্তচাপ কিছু হলেও কমাবলৈ সক্ষম। এই ঔষধবিধ কেৱল চিকিৎসালয় বা ফাৰ্মাচিৰ ওচৰ চপা সময়খিনিত হাতত কোনো অন্য ঔষধ নথকা অৱস্থাতহে ব্যৱহাৰ কৰিব দিয়া হৈছে। অন্য কোনো ঔষধ বা চিকিৎসাৰ বিকল্প হিচাপে ব্যৱহাৰ নকৰিব। তলত ঔষধ বিধৰ বিৱৰণ দিয়া হল।

ডালচেনি -

উচ্চৰক্তচাপ বৃদ্ধিৰ সময়ত আপোনাৰ হাতত অন্য কোনো ঔষধ নাথাকিলে ডালচেনি ব্যৱহাৰ কৰিব পাৰে। ই উচ্চ ৰক্তচাপত অতি লাভদায়ক। আধা চামুচ ডালচেনিৰ গুড়ি (ডালচেনি কিনি আনি নিজে গুড়ি কৰি লব, বজাৰত পোৱা ডালচেনিৰ গুড়ি ব্যৱহাৰ নকৰিব) অলপ গুৰৰ লগত ভালদৰে মিলাই লৈ এক কাপ কুহুমীয়া গৰম পানীৰ সৈতে খাব লাগে। গুৰ নাথাকিলে কেৱল এক কাপ কুহুমীয়া গৰম পানীৰ সৈতে খাব। ২০-৩০ মিনিটৰ ভিতৰতেই ৰক্তচাপ কিছু হলেও কমিব।

নিম্ন ৰক্তচাপৰ ঘৰুৱা চিকিৎসা -

সাধাৰণভাৱে হোৱা নিম্নৰক্তচাপত এক গিলাচ কুহুমীয়া পানীত অলপ নেমুৰ ৰস, অলপ গুৰ আৰু আধা চামুচ সন্ধ্যালোন (দোখোৰা কিনি আনি নিজে গুড়ি কৰি লব) মিহলাই খাব লাগে আৰু ইয়াৰ পিছত গুড় এদোখৰ লাহে লাহে খাব দিব লাগে। ই অতি সোনকালে ৰক্তচাপ কিছু হলেও নিয়ন্ত্ৰণ কৰিব। ORS তকৈ ই বেছি ফলদায়ক।

উচ্চৰক্তচাপ বা নিম্নৰক্তচাপ বৃদ্ধি হলে অতি সোনকালে চিকিৎসকৰ ওচৰ চাপক। ওপৰোক্ত উপায় দুটা হাতত অন্য কোনো ঔষধ নথকা অৱস্থাত আৰু চিকিৎসকৰ ওচৰ চপা সময়খিনিৰ সৎব্যৱহাৰ হিচাপেহে প্ৰয়োগ কৰাৰ কথা কোৱা হৈছে।।

লেখক :- হেমন্ত গোস্বামী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top