মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গাৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়

গাৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

 

টোপনি কম হলে, মানসিক অস্থিৰতা, ৰক্ত হীনতা, এলেহুৱা জীৱন শৈলী, কেতবোৰ ৰোগ যেনে rheumatoid arthitis, osteoarthritis, fibromyelgia, rheumatic arthritis,chronic fatigue syndrome, জল অল্পতা, কেতবোৰ সংক্ৰমণ জন্য ৰোগ, ভিটামিন D ৰ অভাব, কেলচিয়াম, মেগনেছিয়াম আৰু অন্য ভিতামিনৰ অভাৱত শৰীৰত বিষ অনুভৱ কৰিব পাৰে। সেয়েহে শৰীৰত বিষ অনুভৱ কৰিলে ওপৰোক্ত কোনটো কাৰণত বিষ হৈছে তাক বিচাৰ কৰি চোৱা দৰকাৰ। তথাপিও আমাৰ কেতবোৰ সাৱধানতাই এনে অশান্তিৰ পৰা দূৰত ৰাখিব পাৰে।

আপোনাৰ কৰ্তব্য -

১)নিতৌ আপুনি ৬-৮ ঘণ্টা টোপনি মৰা দৰকাৰ। অত্যাধিক পৰিশ্ৰম হলে ৮ ঘণ্টা, আৰু কম পৰিশ্ৰমী সকলে ৬ঘণ্টা টোপনি মাৰিব লাগে।

২)এলেহুৱা জীৱন পৰিত্যাগ কৰক। সদায় ৰাতিপুৱা ৩০ মিনিটৰ পৰা এঘণ্টা বেগাই খোজ কাৰক। খোজ কাঢ়িলে আমাৰ তেজ চলাচল ভাল হয়, আৰু বিষ উৎপাদনকাৰী তত্ত্ব সমূহৰ বিলুপ্ত হয়।

৩)দৈনিক পৰ্য্যাপ্ত পৰিমানে পানী খাওক।

৪)কেতবোৰ যোগাসন কৰক। অন্তত প্ৰাণয়ম ২০ মিনিতকৈ কৰক। প্রানায়ামে শৰীৰত পৰ্য্যাপ্ত পৰিমাণত অক্সিজেন যোগানত সহায় কৰে, যি আমাৰ কোষৰ চালিকা শক্তি।

৫)গাখীৰ, সেউজীয়া শাক পাঁচালী, ফল-ফকৰ, বাদাম ইত্যাদি খাওক।

৬)আটাইতকৈ দৰকাৰী কাথাটোৱেই হৈছে বিষ বিষ অনুভৱবোৰ মনৰ পৰা আঁতৰাই দিয়ক। ভাবিব বিষ আমাৰ অপৰিহাৰ্য্য অনুভূতি। এয়া অতি প্ৰয়োজন। বিষক শত্ৰু জ্ঞান নকৰি মিত্ৰ বুলি ভাৱক, আপোনাৰ বিষ বহু পৰিমানে কমি যাব। কেন্সাৰ বেমাৰৰ বিষ আটাইতকৈ ভয়ংকৰ। বহুতো কেন্সাৰ ৰোগীয়ে হাঁহি মুখেই জীৱন কটাই দিয়াৰ উদাহৰণ বহু আছে।সেয়েহে হাঁহি থাকক সদায়।

কেতবোৰ ঘৰুৱা দিহা -

১)ডেৰ লিটাৰ পানীত তিনি আঙুলিমান দীঘল আদা এটুকুৰা থেতেলাই উটলাওক। যেতিয়া এক লিটাৰ বাকী থাকিব চেকি থৈ দিয়ক। দিনটোত অলপ অলপ কৈ খাই থাকিব।

২)এলোভেৰাৰ সতেজ পাতৰ ৰস চাৰি চামুচ কৈ নিতৌ খাব পাৰে।

৩)হালধি আৰু শুকান আদা আধা চামুচকৈ মিহলাই গৰম পানীৰে খাব।

৪)শুকান পচতীয়া পাতৰ গুৰি এচামুচকৈ দিনত দুবাৰ খাব পাৰে।

৫)অৰ্জুন গছৰ ছাল, এৰা গছৰ শিপা, ছজিনা গছৰ পাত বা ছাল সম পৰিমাণত মিহলাই চাহৰ দৰে বনাই খালে উপকৃত হব।

৬)oliv তেল, eukeliptus তেল মালিচ কৰিলে আৰাম পোৱা যায়।

আয়ুৰ্বেদিক চিকিৎসাত প্ৰায় ২০০ বিধমান শাস্ত্ৰীয় ঔষধি যোগ আছে। প্ৰতিবিধ ঔষধৰ ক্ৰিয়া প্ৰতিক্ৰিয়া ভিন্ন ভিন্ন। এজন অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামর্শ ই আপোনাৰ সমস্যা সমাধানটো নিশ্চয় সহায়ক হব। যধে মধে বিষ নাশক ঔষধ সেৱন নকৰিব। মাৰাত্মক হব পাৰে।
কেতবোৰ ঔষধি আয়ুৰ্বেদিক ঔষধ বুলি বজাৰত উপলব্ধ যেনে বাত নাশক, বাত বতী, pain nill ইত্যাদি। এইবোৰত steroid জাতীয় ঔষধ থকা যেন লাগে। কোনো ৰোগীয়ে এনে ঔষধ যদি খাই আছে তেন্তে সোনকালে বন্ধ কৰক। এনেবোৰ ঔষধ শৰীৰৰ কাৰণেও অপকাৰী।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোনং নং-8638211711

3.11111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top