অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গুৱাপাণ আৰু দাঁত

গুৱাপাণ আৰু দাঁত

অত্যন্ত দাঁতৰ পীড়াত ভুগি থকা এজন ৰোগীৰ মুখমণ্ডল যে কিমান অসুস্থ সেয়া সহজে অনুধাৱণ কৰিব পাৰি। এনে ভুক্তভোগীয়ে দাঁতৰ পীড়া সহিব নোৱাৰি শীঘ্ৰে নিৰ্মূলৰ অৰ্থে সততে উপলব্ধ ঘৰুৱা উপায় অৱলম্বন কৰিব খোজে । এনে উপায় সমূহৰ প্ৰায় সংখ্যকেই পীড়া নিৰ্মূলকৰণত সফল হোৱা দেখা নাযায়। এনে এক অযুক্তিকৰ আৰু অসফল উপায় হৈছে চুণ ধপাতৰ সৈতে গুৱাপাণ সেৱন। ইয়াৰ দ্বাৰা পীড়া নিৰ্মূলকৰণৰ প্ৰচেষ্টা হাস্যকৰ আৰু ইয়াক জ্বলা জুইত ঘিউ দিয়াৰ সৈতে তুলনা কৰিব পাৰি । ইয়াৰ ব্যৱহাৰিক ফলটো যে অতি ভয়ংকৰ সেই কথা অনুধাবন কৰাটো আৱশ্যক। আমাৰ সমাজত তামোল পাণৰ স্থান সম্পৰ্কে সকলোৰে জ্ঞাত।কিন্তু ইয়াৰ বিৰূপ প্ৰভাৱৰ কথা বহুতে নাজানে।

গুৱা পাণৰ প্ৰভাৱত হোৱা মুখৰ বেমাৰ আমাৰ সমাজৰ প্ৰতি ঘৰতে বিদ্যমান। বৰজনৰ পাক উঠা ৰঙীণ মুখখন দেখি সৰুজনেও ইয়াৰ আৰম্ভণি কৰে। সেই আৰম্ভণি নিচালৈ পৰিবৰ্তিত হ’বলৈ বেছি পৰ নালাগে। ফলস্বৰূপে ব্যক্তি সাপেক্ষে দৈনিক দহ-পোন্ধৰ খন তামোল খোৱাত আচৰিত হ’ব লগীয়া একো নাথাকে। এনে বদ অভ্যাসৰ ফলত মুখমণ্ডলৰ লগতে শৰীৰৰ আন অংগটো যে কেনে বেয়া প্ৰভাৱ পৰে সেয়াহে অনুধাৱণ কৰাটো জৰুৰী। দিনৰ প্ৰথমখন তামোলৰ পৰা ৰাতিলৈ এই সংখ্যা বাঢ়ি দহ পোন্ধৰখন হোৱাৰ কাৰণটো এনে ধৰণৰ। প্ৰথমখন তামোল শেষ কৰি উঠাৰ ঘন্টাচেৰেক পাছতে মুখৰ পৰা দুৰ্গন্ধ ওলাব ধৰে। সেই দুৰ্গন্ধক তামোল সেৱন কৰা ব্যক্তিজনে মুখখন বৰ বেয়া লাগিছে ধৰণৰ বাক্যৰে বুজাব বিচাৰে। এই দুৰ্গন্ধ সৃষ্টিৰ কাৰণ হ’ল মুখৰ ভিতৰত থকা বেক্টেৰীয়া,যিবোৰে অতি কম সময়ৰ ভিতৰতে তামোলৰ কনাবোৰ পচাই তোলে। ফলস্বৰূপে ব্যক্তিজনে সেই দূৰ্গন্ধ ঢাকিবলৈ আন এখন তামোল সেৱনৰ প্ৰতি ব্যগ্ৰ হৈ পৰে। এই প্ৰক্ৰিয়া নিৰন্তৰে চলি থাকে আৰু তামোলৰ সংখ্যাও বাঢ়ি গৈ থাকে।

এনে বদ অভ্যাসৰ লগতে যদি লোকজনে ব্ৰাছকৰাটোও জৰুৰী জ্ঞান নকৰে তেন্তে দাঁতৰ গুড়িত মলি জমা হৈ এবিধ কঠিন পদাৰ্থৰ সৃষ্টি কৰে। পিছলৈ এই কঠিন পদাৰ্থক ব্ৰাছৰ দ্বাৰা পৰিস্কাৰ কৰাও সম্ভৱপৰ হৈ নাথাকে কিয়নো এই পদাৰ্থসমূহ অতি লেকেতীয়া। এইদৰে দাঁতৰ গুড়িত জমা হোৱা মলি বীজানুৰ বাসস্থান হৈ পৰে আৰু আলুক ৰুগ্ন কৰি তোলে। সেই ৰোগৰ লক্ষণ হ’ল আলুফুলা,আলুৰপৰা তেজ ওলোৱা,মুখৰ পৰা দুৰ্গন্ধ ওলোৱা,আলুৰ লগতে দাঁতবোৰত বিষ হোৱা ইত্যাদি । বিনা চিকিত্সাৰে ৰাখিলে এই ৰোগৰ সংক্ৰমন হাঁড়ৰ ফালে গতি কৰে । ফলত দাঁতৰ চাৰিওফালে থকা হাড়সমূহ তললৈ নামি যায় অৰ্থাৎ ইয়াৰ উচ্চতা হ্ৰাস পায় আৰু দাঁতবোৰ লৰিবলৈ ধৰে। এনেদৰে লৰিবলৈ ধৰা দাঁতবোৰ পুনৰাই মজবুত নহৈ সৰি পৰে। ইয়াৰ উপৰি সঘনাই দেখাপোৱা ৰোগ হৈছে মুখত হোৱা কৰ্কট ৰোগ দুৰাৰোগ্য।

গতিকে এনে বদ অভ্যাস ত্যাগৰ দ্ধাৰা নিজক আৰু সমাজক সুস্হ আৰু সবল কৰি তোলাহে সকলোৱে নিজৰ দ্বায়িত্ব বুলি জ্ঞান কৰিব লাগে।

লিখক: ডা: দিব্যজ্যোতি পাঠক।

2.74418604651
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top