মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গেছৰ প্ৰকৃত কাৰণ আৰু বাচি থকাৰ উপায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গেছৰ প্ৰকৃত কাৰণ আৰু বাচি থকাৰ উপায় :

গেছৰ প্ৰকৃত কাৰণ আৰু বাচি থকাৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

 

বহু মানুহেই গেছৰ সমস্যাত ভোগে। কিন্তু বহুতেই এইটো সাধাৰণ সমস্যা বুলি আওকাণ কৰে বা এই বিষয়ে আলোচনা কৰিবও নিবিচাৰে, কিন্তু বাস্তৱত এই সমস্যাৰ বাবেই ভোক কমে, বুকু বিষ, উশাহ লোৱাত কষ্ট বা পেট ফুলাৰ দৰে সমস্যাও উদ্ভৱ হয়।

গেছৰ কাৰণ জানিব পাৰিলে, ইয়াৰ পৰা মুক্ত পোৱাৰ উপায়ৰ বিষয়ে আলোচনা আগবঢ়োৱা হৈছে -

বেক্টেৰিয়া:  পেটত ভাল আৰু বেয়া বেক্টেৰিয়াৰ সন্তুলন নোহোৱা হ’লে গেছ হয়। বহুবাৰ এই অসন্তুলন কোনো বেমাৰৰ ছাইড এফেক্টো হ’ব পাৰে। তদুপৰি নহৰু, পিঁয়াজ, বিনৰ দৰে পাচলিয়েও ভাল আৰু বেয়া বেক্টেৰিয়াৰ সন্তুলন নষ্ট কৰে। আপোনাৰ গেছৰ সমস্যা হোৱা সেই পাচলিবোৰ খোৱাৰ পৰা বিৰত থাকিব।

গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য: বয়স বঢ়াৰ লগে লগে খাদ্য হজমৰ শক্তি কমে। সেয়ে গাখীৰ আৰু গাখীৰৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী (দৈৰ) বাহিৰে ভালদৰে হজম নহয় আৰু গেছ হয়। ৪৫ বছৰতকৈ অধিক বয়সৰ ব্যক্তিৰ খাদ্যত যথেষ্ট দৈ অন্তৰ্ভুক্ত কৰিব লাগে। আন গাখীৰৰ সামগ্ৰীৰ সেৱন সীমিত পৰিমাণে কৰিলে পেটৰ বাবে ভাল হয়।

কোষ্ঠকাঠিন্য:

কোষ্ঠকাঠিন্যৰ সমস্যা হ’লে শৰীৰৰ বিষাক্ত পদাৰ্থ ভালদৰে বাহিৰ নহয়। আৰু ফলত গেছ হয়। ইয়াৰ পৰা বাচিবলৈ ৮-১০ গিলাছ পানী খাব আৰু আঁহজাতীয় খাদ্য বেছি খাব।

এণ্টিবায়’টিক:

কিছুমান এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াৰ ফলত পেটত ভাল বেক্টেৰীয়া কমি যায়, ফলত হজমত প্ৰভাৱ পৰে আৰু গেছ হয়। যদি এণ্টিবায়’টিক খোৱাৰ পিছত গেছৰ সমস্যা হয়, তেতিয়া চিকিৎসকৰ পৰামৰ্শ লৈ গেছ প্ৰতিৰোধী ঔষধ সেৱন কৰক।

খৰধৰকৈ আহাৰ গ্ৰহণ:

সময়ৰ অভাৱত বহুতেই খৰধৰকৈ আহাৰ গ্ৰহণ কৰে। ফলত গেছৰ সমস্যা হয়। ইয়াৰ পৰা বাচিবলৈ খাদ্য আৰামেৰে চোবাই খাব যাতে সহজে হজম হয় আৰু খোৱাৰ সময়ত কথা নাপাতিব।

ফাষ্ট ফুড:

আজিকালি শিশুৰ মাজত গেছৰ সমস্যা দেখা যায়। বাৰ্গাৰ, পীজ্জা, ছেণ্ডউইছ আদি অত্যধিক গ্ৰহণ কৰিলে শিশুৰ হজম শক্তি বেয়া হয়। সেয়ে শিশুৰ ৰুটিন খেলিমেলি হয় আৰু পেট পৰিষ্কাৰ নোহোৱাৰ বাবে গেছ হয়। সময় থাকোতে গুৰুত্ব আৰোপ নকৰিলে সমস্যা গভীৰ হয়।

হৰ’মনত পৰিৱৰ্তন:

মহিলাৰ মেন’পজৰ পিছত আৰু পুৰুষৰ ৫০ বছৰ বয়সৰ পিছত হৰ্ম’নৰ পৰিৱৰ্তন আৰম্ভ হয়। ফলত হজমত প্ৰভাৱ পৰে। এই সময়ত সন্তুলিত ভোজন কৰিব লাগে। এনেকুৱা খাদ্য নাখাব, যাৰ দ্বাৰা আপোনাৰ হজম শক্তি বেয়া হয়। প্ৰতিদিনে ৩০ মিনিট ব্যায়াম কৰিব। যদি ইচ্ছা কৰে জগিং কৰিব।

ফুড এলাৰ্জী:

কিছুমানৰ ব্ৰেড আৰু পীজ্জাৰ দৰে খাদ্য হজম কৰোঁতে কষ্ট হয়। ফলত এলাৰ্জীৰ বাবে গেছ হয়। তেনে হ’লে ময়দাৰে প্ৰস্তুত কৰা সামগ্ৰী, জাংক ফুড আৰু বাহিৰত ৰন্ধা খাদ্য নাখাব।

আমিষ আহাৰ:

যদি গেছৰ সমস্যা বেছি হয়, তেতিয়া আমিষ আহাৰ খোৱা বন্ধ কৰিব। কাৰণ এনে আহাৰ হজম হওঁতে সময় লাগে। বিশেষকৈ ছাগলীৰ মাংস ৰাতি খাব নালাগে। আমিষ আহাৰ যদি এৰিব নোৱাৰে তেন্তে ৰাতিৰ পৰিৱৰ্তে দিনত খাব।

লেখিকা: শিল্পী শৰ্মা (দেওবৰীয়া সুকন্যা)

 

2.90476190476
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top