মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গেষ্ট্ৰাইটিছ ৰোগ নিৰাময়ৰ কেইটামান কিটিপ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গেষ্ট্ৰাইটিছ ৰোগ নিৰাময়ৰ কেইটামান কিটিপ :

গেষ্ট্ৰাইটিছ ৰোগ নিৰাময়ৰ কেইটামান কিটিপৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ ওপৰ পেটৰ বাওঁফালে নাভি আৰু মধ্যচ্ছাৰ মাজত পাকস্থলী বা আমাশয় অৱস্থিত। চাৰিটা তৰপেৰে পাকস্থলী গঠিত, বাহিৰৰ পৰা ভিতৰলৈ ক্ৰমে-

ক) কোষ্ঠধৰা কলা।

খ) মাংস কলা

গ) উপশ্লেষ্ম কলা

ঘ)শ্লেষ্মাকলা।

খোৱা আহাৰৰ ধাৰণ ক্ষমতা অনুসৰি পাকস্থলী সহজে শিথিল হ’ব পাৰে। আমি চাৰি প্ৰকাৰ আহাৰ (অসিত, খাদিত শীত আৰু লেহ্য) খোৱাৰ পাছত আমাশয় বা পাকস্থলীত প্ৰথমে জমা হৈ অম্লৰসৰ (হাইড্ৰ’ক্লৰিক এচিড আৰু পেপচিন) সহায়ত গলিত আহাৰলৈ ৰুপান্তৰিত হয়। বৰ্তমান সময়ত অম্লপিত্ত নোহোৱা ব্যক্তি বহুত কম। আমাৰ পাকস্থলীৰ শ্লেষ্মিক কলাত প্ৰদাহ উৎপন্ন হোৱা ৰোগবিধেই হৈছে অম্লপিত্ত বা গেষ্ট্ৰাইটিছ । অমাশয় বা পাকস্থলীত অতিৰিক্তভাৱে হাইড্ৰ’ক্লৰিক এচিড আৰু পেপচিন (অম্লৰস) নি:সৰিত হোৱাৰ ফলত অম্লপিত্ত হয়। অম্লপিত্তৰ বাবে পেট ফুলে, বিষায়, বুকু আৰু গলা জ্বলে, টেঙা পানী আহে আৰু কেতিয়াবা ওকালি বা বমি হয়। ৰোগ পুৰণি হ’লে পাকস্থলী আৰু ডিঅ’ডেনামত ঘা উৎপত্তি হয় আৰু ইয়াক পেপটিক আলচাৰ বোলা হয়। পাকস্থলীত হোৱা ঘাক গেষ্ট্ৰিক আলচাৰ আৰু ডিঅ’ডেনামত হোৱা ঘাক ডিঅ’ডেনেল আলচাৰ বোলা হয়।

ৰোগৰ কাৰণ -

অত্যধিক পৰিমাণে জলা, টেঙা, ভজা-পোৰা, মচলাযুক্ত আহাৰ, অপুষ্টিকৰ আহাৰ, গেলা- পচা, ফাষ্ট ফুড, চালানী মাছ, ভেজাল খাদ্যৰ উপৰি অসময়ত আহাৰ খোৱা, মদ্যপান, ধূমপান, গুটখা, খৈনী, জৰ্দাপাণ, চাহ, কফি বেছিকৈ খোৱা, বিষনাশক ঔষধ, আইৰন টনিক ব্যৱহাৰ, প্ৰচুৰ পৰিমাণে পানী নোখোৱা, মানসিক চিন্তা, অনিদ্ৰা, ভয়-সংকোচ, বদহজম, গ্ৰহণী, অতিসাৰ, যকৃতৰোগ আদিৰ কাৰণে অম্লপিত্ত হয়।

উল্লিখিত কাৰণত পাকস্থলীত থকা শ্লেষ্মিক কলা সঘনাই উত্তেজিত হোৱাৰ বাবেই অতিৰিক্ত পৰিমাণে হাইড্ৰ’ক্লৰিক এচিড আৰু পেপচিন (অম্লৰস) নি:সৰণ হয়। এইদৰে অতিৰিক্ত পৰিমাণে নি:সৰিত হোৱা অম্লৰসৰ কাৰণে অম্লপিত্ত ৰোগ উৎপন্ন হয়। অম্লপিত্ত ৰোগ দুই প্ৰকাৰৰ-

ক) তীব্ৰ অম্লপিত্ত আৰু

খ) সঞ্চিত অম্লপিত্ত

তীব্ৰ অম্লপিত্ত -

তীব্ৰ অম্লপিত্তৰ লক্ষণবোৰ দ্ৰুতগতিত প্ৰকাশ পায়। ওকালি আৰু বমি হয়, পেটত খামুচীয়া বিষ আৰু পোৰণি হয়, বুকু আৰু গলা জ্বলে, মুখেৰে টেঙাপানী ওলায়, মূৰ বিষায়, পাকস্থলীত অহৰহ ভৰতা অনুভৱ হয়, খাবলৈ মন নাযায়, অজীৰ্ণতাৰ কাৰণে প্ৰায়েই পেট ফুলে, জিভাৰ বৰণ হালধীয়া হয়, পিয়াহ লাগে, কেতিয়াবা ৰক্ত বমি আৰু ক’লা শৌচ হয়, শৰীৰ দুৰ্বল আৰু অৱশ হয়।

সঞ্চিত অম্লপিত্ত -

সঞ্চিত অম্লপিত্ত ৰোগত তীব্ৰ অম্লপিত্তৰ লক্ষণ দেখা পোৱা যায়। কিন্তু এই ক্ষেত্ৰত লক্ষণসমূহ ধীৰ গতিত প্ৰকাশ পায়। সচৰাচৰ আদহীয়া অথবা বয়সিয়াল ব্যক্তিৰ সঞ্চিত অম্লপিত্ত ৰোগত আক্ৰান্ত হৈ থকা অৱস্থাত হেলিকবেক্টাৰ নামৰ এবিধ বেক্টেৰিয়াৰ সংক্ৰমণৰ কাৰণে পাকস্থলীৰ শ্লেষ্মিক কলা ক্ষত হ’লে অন্নদ্ৰৱ শুল বা গেষ্ট্ৰিক আলচাৰ তথা পৰিণাম শুল বা ডিঅ’ডেনেল আলচাৰ হয়।

সাধাৰণ লক্ষণসমূহ -

আহাৰ খোৱাৰ প্ৰতি অনিচ্ছা, অজীৰ্ণতা, ওকালি, বমি আদি লক্ষণসমূহ দিনৰ সকলো সময়তে হয় যদিও পুৱাবেলা অধিক প্ৰৱণতা দেখা যায়। পাকস্থলীত অহৰহ ভৰতা অনুভৱ হয়, ওপৰ পেটৰ বিষ সদায় থাকে যদিও কেতিয়াবা হঠাতে বেছি হয়। সঘনাই পিয়াহ লাগে। হাত- ভৰিত পোৰণি উঠে। একেৰাহে বহুত দিন ৰোগাক্ৰান্ত হৈ থাকিলে পুষ্টিহীনতা আৰু ৰক্তহীনতাৰ কাৰণে শৰীৰ দুৰ্বল আৰু অৱশ হয়। সঠিক সময়ত চিকিৎসা নকৰিলে ৰোগীৰ অন্নদ্ৰৱ শুলৰ (গেষ্ট্ৰিক আলচাৰ) উপৰি আনুষংগিক উপসৰ্গ হোৱাৰ সম্ভাৱনা থাকে।

অম্লপিত্ত ৰোগৰ আহাৰ-বিহাৰ -

তলত উল্লেখ কৰাৰ নীতি- নিয়ম ভালদৰে পালন কৰিলে অম্লপিত্ত হোৱাৰ সম্ভাৱনা নাথাকে। কোনোবা ব্যক্তি ৰোগত আক্ৰান্ত হ’লে সোনকালে আৰোগ্য হয়।

১) সদায় ৰাতিপুৱা উঠি ভালদৰে হাত-মুখ ধুই এক লিটাৰ কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। কুহুমীয়া গৰম পানী খালে পাকস্থলীত সঞ্চিত হৈ থকা অতিৰিক্ত অম্লৰস আৰু বদহজম আহাৰ অন্ত্ৰলৈ সঞ্চালন হৈ শৌচৰ লগত বাহিৰ হয়। সেয়েহে কুহুমীয়া গৰম পানী খোৱাৰ ফলত পাকস্থলী আৰু অন্ত্ৰ পৰিষ্কাৰ হয় বাবে গেষ্ট্ৰাইটিছ হোৱাৰ সম্ভাৱনা নাথাকে। কেৱল কুহুমীয়া গৰম পানী খাই অম্লপিত্ত সম্পূৰ্ণ নিৰাময় কৰিব পাৰে। তদুপৰি কুহুমীয়া গৰম পানী খাই অম্লপিত্ত সম্পূৰ্ণ নিৰাময় কৰিব পাৰে। তদুপৰি কুহুমীয়া গৰম পানী খালে যকৃত, কিডনী, অম্লাশয় , থাইৰয়ড আদি গ্ৰন্থি অধিক সক্ৰিয় হয়। হজম শক্তি বৃদ্ধি পায় আৰু বিপাক ভালদৰে হয়। শৌচ- পেচাব নিয়মীয়া হোৱাৰ উপৰি শৰীৰ শোধন হয়। সেয়েহে নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ দীৰ্ঘায়ু প্ৰাপ্তিৰ বাবে সদায় ৰাতিপুৱা কুহুমীয়া গৰম পানী কমেও এক লিটাৰ খাওক।

২) আহাৰ খোৱাৰ আধা ঘণ্টাৰ আগতে আৰু এঘণ্টাৰ পাছত পানী খালে আহাৰ ভালদৰে হজম হয় বাবে গেষ্ট্ৰাইটিছ ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। কোনোবা ব্যক্তি ৰোগাক্ৰান্ত হৈ থাকিলেও সোনকালে আৰোগ্য হয়। আহাৰ খোৱাৰ পাছত পিত্তৰস আহাৰৰ সৈতে ভালদৰে মিহলি হ’লেহে সহজেই হজম হয়। কিন্তু আহাৰ খাই লগে লগেই পানী খালে পিত্তৰসৰ গাঢ়তা কমি যায় বাবে সঠিকভাৱে আহাৰ পৰিপাক হ’ব নোৱাৰে। ইয়াৰ ফলত বদহজম হৈ এচিডিটি হয়।

৩) আমি আহাৰ খোৱাৰ পাছত কমেও এঘণ্টা বাওঁ কাতি হৈ শুব লাগে। বাওঁ কাতি হৈ শুব লাগে। বাওঁ কাতি হৈ শুলে পাকস্থলীত থকা খাদ্যৰ লগত অম্লৰস (হাইড্ৰ’ক্লৰিক এচিড আৰু পেপচিন) ভালকৈ মিহলি হয়। তদুপৰি পাকস্থলীৰ পৰা নি:সৰণ হোৱা অম্লৰস খাদ্যনলীত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে আমি খোৱা খাদ্য সহজেই হজম হয় বাবে বদহজম, টেঙাপানী, বুকু জ্বলা-পোৰা হ’ব নোৱাৰে। গেষ্ট্ৰাইটিছ থকা ব্যক্তিয়ে সদায় বাওঁ কাতিকৈ শুব লাগে।

৪) অম্লপিত্তত আক্ৰান্ত ব্যক্তিয়ে সপ্তাহত এদিন উপবাস কৰিব। উপবাস কৰিলে পাচন প্ৰক্ৰিয়াকে আদি কৰি শৰীৰ শোধন হয় বাবে সকলো অংগ-প্ৰত্যংগ অধিক সক্ৰিয় হৈ উঠে। উপবাস কৰিলে যিকোনো ৰোগ সহজে হ’ব নোৱাৰে।

৫) অম্লপিত্তৰ কাৰণে পদিনা বৰ উপকাৰী। পদিনা খালে বদহজম, বুকু জ্বলা-পোৰা কৰা, পেট ফুলা আৰু টেঙাপানী অহা নিমিষতে নাইকিয়া হয়। পদিনা পাতৰ ৰস এচামুচকৈ দিনে তিনিবাৰ খাব পাৰি। তাৰোপৰি পদিনাৰ পাত ৮-১০ টামান এগিলাচ পানীত সিজাই চেকি লৈ দিলে তিনিবাৰ খালে অম্লপিত্ত ভাল হয়। এল’পেথিক গেষ্ট্ৰিকৰ PPI  ঔষধ পেণ্ট’প্ৰাজল , ৰবিপ্ৰাজল আদি খালে কিডনি ফেইলাৰ আৰু পাকস্থলীৰ কেনছাৰ হয়। কিন্তু পদিনা অম্লপিত্ত আৰু কেনছাৰ নাশক। উল্লেখযোগ্য যে PPI  গেষ্ট্ৰিকৰ ঔষধ পেণ্ট’প্ৰাজল , ৰবিপ্ৰাজল জধে-মধে খোৱাৰ ফলত সমগ্ৰ অসমত কিডনি ফেইলাৰ ৰোগীৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে।

৬) অম্লপিত্তৰ বাবে মানিমুনি বৰ উপকাৰী। ৰাতিপুৱা সদায় মানিমুনি পাত ৮-১০ টা মান চোবাই খালে অম্লপিত্ত ভাল হয়। তাৰোপৰি মানিমুনি খালে স্মৃতিশক্তি বৃদ্ধি হোৱাৰ উপৰি ভাল টোপনি হয় বাবে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ নিয়ন্ত্ৰণ হয়।

৭) ভাত খোৱাৰ আগমুহহুৰ্তত এটুকুৰা আদা ক’লা নিমখৰ সৈতে খালে হজম শক্তি বৃদ্ধি হয় বাবে অম্লপিত্ত হোৱাৰ সম্ভাৱনা নাথাকে। আয়ুৰ্বেদিক সংহিতাত উল্লেখ আছে যে ‘ভোজনাগ্ৰে লৱণাদ্ৰক’, অৰ্থাৎ আহাৰ আগতে আদা আৰু ক’লা নিমখ খাব লাগে।

৮) অম্লপিত্ত ৰোগীয়ে টোপনি খতি নকৰিব। খং, ৰাগ, মানসিক চিন্তা আদিৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব।

৯) মদ, ভাং, ধঁপাত বৰ্জন কৰিব।

১০) বেছি ভজা-পোৰা, মছলা, জলা, টেঙা, চাহ আৰু কফি নাখাব বা কমকৈ খাব।

১১) গাখীৰ, মাখন, গৰুৰ ঘিউ, সিজোৱা তৰকাৰী, মগুদাইল খাব।

১২) শুকন বা কেঁচা আমলখি ৩-৪ সদায় খালে অম্লপিত্ত ভাল হয়।

১৩) ৰোগ হৈ থকা সময়ত আটা আৰু ময়দাৰ পৰা বনোৱা খাদ্য নাখাব।

১৪) অম্লপিত্ত ৰোগীয়ে কল খোৱাটো অতি প্ৰয়োজনীয়। কলত ভিটামিন –বি কমপ্লেক্স থকা বাবে পাকস্থলীৰ শ্লেষ্মিক কলা শক্তিশালী হোৱাৰ পৰিপ্ৰেক্ষিতত গেষ্ট্ৰিক আলচাৰ হোৱাৰ সম্ভাৱনা কমি যায়।

১৫) অসমীয়া মানুহৰ খাৰখোৱা বুলি এক পৰিচয় আছে। মাজে-সময়ে কলাখাৰ খালে অম্লপিত্ত সহজে নহয়।

১৬) কেতিয়াও সম্পূৰ্ণ পেট ভৰাই আহাৰ নাখাব। এইদৰে আহাৰ খালে হজম ভালদৰে নহয় আৰু অম্লপিত্ৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

১৭) আমি দিনটোত আহাৰ পাছ-ছবাৰ খালে গেষ্ট্ৰাইটিছ ৰোগৰ উপৰি উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু তেজত কলেষ্টেৰল বঢ়াৰ সম্ভাৱনা নাথাকে। দুপৰীয়া ১২ বজাৰ ভিতৰত আৰু ৰাতি ৯ বজাৰ ভিতৰত ভাত খাব লাগে। পুৱা ৬ আৰু ৯ বজাত নামমাত্ৰ লঘু আহাৰ খাব। সেইদৰে আবেলি আৰু সন্ধিয়া নামমাত্ৰ লঘু আহাৰ খাব। এই নিয়ম পালন কৰিলে সহজে গেষ্ট্ৰাইটিছ ৰোগ হ’বই নোৱাৰে। সকলোতকৈ ডাঙৰ কথা, আমি লোভ নিয়ন্ত্ৰণ কৰিব লাগিব।

চিকিৎসা -

১) আয়ুৰ্বেদিক শাস্ত্ৰীয় ঔষধ Amlapittantak ras    Dhatri lauha নাইবা দুটাকৈ দুমাহ খালে ন-পুৰণি গেষ্ট্ৰাইটিছ ৰোগ সম্পূৰ্ণ ভাল হয়।

২) Amalaki Rasayan চাৰি চামুচকৈ দিনে তিনিবাৰ খালে গেষ্ট্ৰাইটিছ ভাল হয়।

৩) Lavan Bhaskar Churns  এচামুচকৈ দিনে দুবাৰ ভাত খোৱাৰ পাছত খালে আহাৰ হজম হয়, পেটৰ গেছ কমে, খোৱাৰ ৰুচি বাঢ়ে, শৌচ খোলোচা হয়।

৪) আয়ুৰ্বেদিক পেটেণ্ট ঔষধ Gasex table, Ulsacid tablet, Himcocid gel, Acidnok  আদি চিকিৎসকৰ পৰামৰ্শমতে খালে এই ৰোগ সম্পূৰ্ণ ভাল হয়।

লেখক: ডা: মনোজ কুমাৰ শইকীয়া (দৈনিক জনমভূমি)

 

3.05555555556
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top