মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গেষ্ট্ৰাইটিছৰ বাবে ঘৰুৱা খাদ্যৰ দিহা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গেষ্ট্ৰাইটিছৰ বাবে ঘৰুৱা খাদ্যৰ দিহা :

গেষ্ট্ৰাইটিছৰ ঘৰুৱা খাদ্যৰ দিহাৰ বিষয়ে লিখা হৈছে ।

 

আজিকালি মানুহে ভুগি থকা বহুতো বেমাৰৰ ভিতৰত গেষ্ট্ৰাইটিছ এটা। খোৱা-বোৱা অনিয়মীয়া, বেছি পৰ ভোকত থকা, স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ নকৰা বাবেই এসময়ত গৈ এজন লোক গেষ্ট্ৰাইটিছ ৰোগৰ চিকাৰ হয়গৈ। ভালদৰে যতন নল’লে এই ৰোগে মানুহক যথেষ্ট কষ্ট ভোগায়। ঘৰুৱাভাৱে যতন লৈ কিদৰে উপশম পাই থাকিব পাৰি তাৰেই দুটামান দিহা লওক-

*প্ৰধান আহাৰ খোৱাৰ আগেয়ে আধাকাপ কেঁচা আলুৰ ৰস খাওক। হজম হোৱাত সহায় কৰিব।

*দৈত ক’লা নিমখ মিহলাই খাব।

*আহাৰ খোৱাৰ আগেয়ে অকণমান আদা চোবাই খাব। আহাৰ খোৱাৰ পাছত আদা দিয়া ৰঙা চাহ খালেও হজত সহায় কৰে।

*মৌ খালেও এই ৰোগৰ পৰা উপশম পাই থাকিব পাৰি।

*বেছিকৈ সিজোৱা পনীয়া ধৰণৰ ভাত দিনটোত দুই-তিনিবাৰ খাই থাকিব লাগে। উপশম পাব পাৰি।

*আহাৰৰ পৰিমাণ বেছি হ’লে অৰ্থাৎ পেট গধুৰ ভাব হ’লে আধা গিলাছ পানীত সামান্য নেমু চেপি খাব লাগে।

*এগিলাছ কুহুমীয়া পানীত অলপ নিমখ আৰু এচামুচ চেনি মিহলাই খাওক।

*দিনে দুবাৰকৈ নাৰিকলৰ পানী খোৱা ভাল হ’ব।

*২০০ মিঃ লিঃ পালেং শাকৰ ৰসৰ লগত ৩০০ মিঃ লিঃ গাজৰৰ ৰস মিহলাই দিনে এবাৰকৈ খালে উপশম পাব।

*অসুখে উক দিলে খালী পেটত গৰম পানীৰ বেগেৰে সেক দিব।

*জলা, মা-মছলা ভুলতেও খোৱা উচিত নহয়।

*চিঙৰা-কচুৰি আদি খোৱা উচিত নহয়।

*পোনে পোনে চাহ খাই নিদিব। আধা গিলাছ পানী খোৱাৰ পাছতহে চাহ খাব।  চাহৰ লগত এখন হ’লেও বিস্কুট খাব।

*ভজা খাদ্যতকৈ সিদ্ধ খাদ্য খালে বহুখিনি উপশম অনুভৱ কৰিব। দেহাটো চাইহে খোৱা-বোৱা কৰিব লাগে। তেতিয়া দেহাটোৱে আপোনাক বিৰক্ত নকৰে।

লেখিকা: সীমা চক্ৰৱৰ্তী(অসম বাণী)

3.125
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top