মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গ্লুটেন, আমাৰ আহাৰ আৰু স্বাস্থ্যঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্লুটেন, আমাৰ আহাৰ আৰু স্বাস্থ্যঃ

গ্লুটেন মুক্ত আহাৰৰ জনপ্ৰিয়তা সমগ্ৰ বিশ্বতে ক্ৰমবৰ্ধমান হৈছে যদিও শেহতীয়া এক সমীক্ষাৰ জৰিয়তে প্ৰাপ্ত তথ্য অনুযায়ী মানুহে স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত এই বিধি-নিয়ম মানি চলাতকৈ ফেশ্বন বা ষ্টাইলৰ

বিৱৰণ

গ্লুটেন মুক্ত আহাৰৰ জনপ্ৰিয়তা সমগ্ৰ বিশ্বতে ক্ৰমবৰ্ধমান হৈছে যদিও শেহতীয়া এক সমীক্ষাৰ জৰিয়তে প্ৰাপ্ত তথ্য অনুযায়ী মানুহে স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত এই বিধি-নিয়ম মানি চলাতকৈ ফেশ্বন বা ষ্টাইলৰ শৈলীৰ খাতিৰতহে এনে কৰে বুলি জনা গৈছে। ভিক্টোৰিয়া বেকহাম বা গোৱানেথ পেলট্ৰৰ দৰে চেলিব্ৰেটীসকল আজিৰ তাৰিখত এনে আহাৰৰ ভক্ত। পেটৰ এটা বিশেষ ৰোগৰ নাম হৈছে চিলিয়াক আৰু গৱেষকসকলে বিগত ছটা বছৰত চলোৱা সমীক্ষাৰ ফলত দেখা গৈছে যে গ্লুটেন-বিহীন/মুক্ত আহাৰ নিয়মীয়াভাৱে গ্ৰহণ কৰা স্বত্ত্বেও (এনেধৰণৰ খাদ্য ভক্ষণকাৰীৰ সংখ্যা তিনি গুণে বাঢ়িছে) চিলিয়াক ৰোগাক্ৰান্ত ব্যক্তিৰ সংখ্যা মুঠেই বঢ়া নাই।

গ্লুটেনমুক্ত আহাৰ ভক্ষণ যদিও এতিয়া ফেশ্বনৰূপে পৰিগণিত হৈছে তথাপি এগৰাকী গেষ্ট্ৰোএণ্টেৰোলজিষ্টে ৰচনা কৰা এখন গ্ৰন্থত উল্লেখ কৰা অনুযায়ী শৰীৰত গ্লুটেনৰ ভাৰসাম্যতা এতিয়া এক ডাঙৰ সমস্যাৰূপে পৰিগণিত হৈছে।

আমাৰ দৈনন্দিন আহাৰৰ এক অপৰিহাৰ্য অংশস্বৰূপ হৈছে আৰু ইয়াৰ প্ৰতি সহনশীলতাবিহীন অৱস্থাৰ বাবেই চিলিয়াক ৰোগৰ সৃষ্টি হয়। পিছে এই তথ্যটিৰ সৰলীকৃত কৰি বহুতেই গ্লুটেনবিহীন আহাৰ গ্ৰহণৰ জৰিয়তে এই ৰোগৰ আক্ৰমণৰ পৰা নিস্তাৰ লভিব বুলি ধাৰণা পোষণ কৰে। “আৰ ইউ গ্লুটেন ফ্ৰি” শীৰ্ষক অংকিত টি-ছাৰ্ট বজাৰত ইতিমধ্যে সহজলভ্য হৈছিল যদিও স্বাস্থ্য সচেতন ব্যক্তিসকলৰ মাজৰ ৫০,০০০ জনে এনে ছাৰ্ট প্ৰচলনৰ বিপক্ষে কৰা স্বাক্ষৰ অভিযানত চহী কৰিছে।

‘গ্লুটেন’ৰ ওপৰত চলোৱা বিভিন্ন গৱেষণাৰ

ইংলেণ্ডৰ শ্বেফিল্ডৰ ৰয়েল হালামশ্বায়াৰ হস্পিতালৰ অধ্যাপক ছেণ্ডাৰ্ছে এই সন্দৰ্ভত ২০ বছৰ জুৰি গ্লুটেনৰ মানৱ স্বাস্থ্যৰ ওপৰত থকা প্ৰভাৱৰ বিষয়ে গৱেষণা চলাইছে। তেওঁৰ ভাষ্যত ‘গ্লুটেন বিস্ফোৰণ’ৰ ওপৰত চলোৱা গৱেষণাৰ জৰিয়তে লব্ধ তথ্য যুগুতাই এখন গ্ৰন্থ সংকলন কৰিছে। বিভিন্ন দেশৰ জনসাধাৰণৰ মাজত তেওঁ সমীক্ষা চলাই অনুধাৱন কৰিছে যে বৰ্ধিতসংখ্যক মানুহে এই ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত গ্লুটেনমুক্ত আহাৰৰ পোষকতা কৰে। আন কিছুমান মানুহৰ দেহত আকৌ চিলিয়াক ৰোগৰ উপস্থিতি ধৰা নপৰিলেও গ্লুটেন সংবেদনশীলতাৰ উপসৰ্গবোৰ দেখা দিয়ে। এইবোৰ উপসৰ্গ হৈছে- ডায়েৰীয়া বা পেট চলা, পেট ফুলা আৰু কোষ্ঠকাঠিন্যতা। তদুপৰি মুখৰ ঘা, অৱসাদ আৰু হতাশাত ৰোগীজন আক্ৰান্ত হ’ব পাৰে।

আন কিছুমান মানুহে আকৌ ফেশ্বনৰ বাবেই গ্লুকেনযুক্ত খাদ্য খাবলৈ বন্ধ কৰিছে। অৰ্থাৎ কোনো ধৰণৰ কাৰণ বা উপসৰ্গ অবিহনে এনেবোৰ মানুহে গ্লকেনযুক্ত খাদ্য খোৱাৰ পৰা নিজকে বঞ্চিত কৰে। মাইকেল ডগলাছ, মিলি ছাইৰাছৰ দৰে চেলিব্ৰেটীৰ জীৱনশৈলীৰ অন্ধ অনুকৰণৰ ফলতে এনে ধৰণে নিজৰ আহাৰত বাধা নিষেধ আৰোপ কৰে এইসকল ব্যক্তিয়ে।

এগৰাকী গৱেষকৰ মতে চিলিয়াক ৰোগ আৰু গ্লুটেনৰ প্ৰতি অতি সংবেদনশীলতা হৈছে এক বাস্তৱিক স্বাস্থ্যজনিত সমস্যা। পিছে আমি এই বিষয়টি সম্পৰ্কে প্ৰচলিত ভ্ৰান্ত বিশ্বাস আৰু প্ৰকৃত বিজ্ঞানভিত্তিক সত্যবোৰ পৃথক কৰি ফঁহিয়াই চাব জানিব লাগিব।

চিলিয়াক ৰোগাক্ৰান্ত ব্যক্তিসকলৰ দৈহিক সুৰক্ষা ব্যৱস্থাই গ্লুটেন চিনিবলৈ সক্ষম হয় আৰু এই গ্লুটেনৰ বিপক্ষে শৰীৰত এণ্টিবডীৰ সৃষ্টি কৰে। স্বাভাৱিক অৱস্থাত অন্ত্ৰৰ বেৰত ভিলাই নামৰ কেতবোৰ গাঁথনি থাকে যিবোৰে নেকি পুষ্টিকৰ দ্ৰব্য শোষণত সহায় কৰে। বায়’স্পি পৰীক্ষাৰ জৰিয়তে দেখা গৈছে যে চিলিয়াক ৰোগত এনেবোৰ ভিলাই ধ্বংসপ্ৰাপ্ত হোৱা হেতুকে বেৰবোৰৰ আকৃতিৰ পৰিৱৰ্তন ঘটে।

অধ্যাপক ছেণ্ডাৰ্ছৰ নেতৃত্বাধীন গৱেষকৰ দলটোৱে এনে কিছুমান সস্থ অৱস্থাত থকা বুলি নিৰ্ণয় কৰিছে (ঘাইকৈ তেজৰ এটা নিৰ্দিষ্ট পৰীক্ষা আৰু গেষ্ট্ৰোস্ক’পিৰ জৰিয়তে)- যিসকলে গ্লুটেনযুক্ত খাদ্য ভক্ষণ কৰাৰ পাছত নানা উপসৰ্গ দেখা দিয়ে। এনে ব্যক্তিৰ সংখ্যা প্ৰায় ১৩ শতাংশ হ’ব। এই অৱস্থাটিক এন চি জি এছ (নন চিলিয়াক গ্লুটেন ছেনচিটিভিটী) বোলে আৰু এনে কোনো জৈৱ সূচক (বায় মাৰ্কাৰ) নাই, যাৰ সহায়ত শৰীৰত এই অৱস্থাটিৰ উপস্থিতি ধৰা পেলাব পাৰি। অন্যান্য সকলো ৰোগৰ উপস্থিতিৰ সম্ভাৱনীয়তা নুই কৰাৰ পাছত এই ৰোগৰ আক্ৰমণৰ দিশটো চিন্তা কৰা হয়। চিলিয়াক ৰোগাক্ৰান্ত ব্যক্তিসকলৰ বংশ পৰিয়ালত এই ৰোগৰ উপস্থিতিৰ শংকা ১০ শতাংশ আছে আৰু সেয়েহে পৰিয়ালৰ অন্য মানুহৰো তেজ পৰীক্ষা কৰিব লাগিব।

ওপৰত বৰ্ণনা কৰা এন চি জি এছ নামৰ অৱস্থাটি নিৰ্ণয়ৰ বাবে কোনোধৰণৰ পৰীক্ষা এতিয়ালৈকে আৱিষ্কৃত হোৱা নাই যদিও উপসৰ্গবোৰ প্ৰকৃতাৰ্থত দেখা দিয়ে। বিশেষজ্ঞসকলৰ মতে এনেবোৰ উপসৰ্গ ভিন্নধৰ্মী হ’ব পাৰে। ইয়াৰে ভিতৰত উল্লেখনীয় হৈছে- উদ্বিগ্নতা, ওকালি অহা, মূৰ ঘূৰণি, ছালৰ নানা বিধৰ অসুস্থতা (খজুৱতি)। এনেবোৰ উপসৰ্গৰ কাৰক হিচাপে ফঁহিয়াই চালে এটা ত্ৰুটিলৈ আঙুলিয়াব পাৰি আৰু সেয়া হৈছে গ্লুটেনৰ প্ৰতি সংবেদনশীলতা। বিজ্ঞানীসকলৰ মতে ই হৈছে এক অস্বস্তিদায়ক অভিজ্ঞতা এইবাবেই যে আজি কুৰি বছৰৰ পূৰ্বে এইবিধ ৰোগৰ প্ৰাদুৰ্ভাৱ বৰ বেছি নাছিল আৰু মানুহে ৰোগবিধৰ নাম বৰকৈ শুনা নাছিল। এন চি জি এছ নামৰ অৱস্থাটিক কিছুমান বিশেষজ্ঞই চিলিয়াক লাইট বুলি এইবাবেই উল্লেখ কৰে যে দুয়োটা অৱস্থাৰে কাৰক তথা লক্ষণবোৰৰ ভালেখিনি সাদৃশ্য আছে। এন চি জি এছৰ বিষয়ে সবিস্তাৰিত তথ্য চিকিৎসা বিজ্ঞানীসকলে এতিয়ালৈকে লভিবলৈ সক্ষম হোৱা নাই যদিও অৱস্থাটিৰ অস্তিত্ব কেৱে নুই কৰিব নোৱাৰে। চিলিয়াক ৰোগৰ উপসৰ্গবোৰ হৈছে- কোষ্ঠকাঠিন্য, পেট চলা আৰু পেট ফুলা। আমেৰিকাৰ বিখ্যাত নিউৰ’ল’জিষ্ট ডাঃ ডেভিড পৰ্টমাটাৰে লিখা ‘গ্ৰেইন ব্ৰেইন’ নামৰ গ্ৰন্থখনত মানুহৰ মানসিকতাৰ ওপৰত গ্লুটেনৰ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰা হৈছে। অধ্যাপক ছেণ্ডাৰ্ছে অৱশ্যে এই শেষোক্ত ধাৰণাটি সম্পূৰ্ণভাৱে নস্যাৎ কৰি শিহৰণ সৃষ্টিৰ বাবে কৰা এক প্ৰয়াস বুলিহে আখ্যায়িত কৰিছে। পিছে মগজু আৰু ছালকে ধৰি শৰীৰৰ বিভিন্ন অংশত গ্লুটেনৰ প্ৰভাৱৰ বিষয়ে তেওঁ একমত।

নিবন্ধটিৰ আৰম্ভণিতে বৰ্ণনা কৰাৰ দৰে দৈহিক সুৰক্ষা ব্যৱস্থাটিয়ে যেতিয়া গ্লুটেনক এক আক্ৰমণকাৰীৰ ৰূপত চিনাক্ত কতৰিবলৈ সক্ষম হয়, তেতিয়া সেই আক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যে টিছ্যু ট্ৰেন্সগ্লুটামিনেজ নামৰ এক দ্ৰব্যৰ সৃষ্টি কৰে। ছালৰ নানা ৰোগৰ উপৰি মগজুৰ বিকৃতি আৰু ইৰিটেবল বাৱেল ছিনড্ৰম নামৰ আন্ত্ৰিক ৰোগবিধৰ ফলত সৃষ্টি হ’ব পাৰে। প্ৰতিজন আক্ৰান্ত ব্যক্তিৰে দৈহিক সুৰক্ষা ব্যৱস্থাৰ সঁহাৰিৰ ভিন্নতা থাকিব পাৰে। গ্লুটেনমুক্ত আহাৰ গ্ৰহণৰ জৰিয়তে শৰীৰত সৃষ্টি হোৱা নানা ক্ষয়ক্ষতি সময়ৰ সোঁতত নিশ্চিহ্ন হয়। ইউৰোপৰ ডেনমাৰ্কত চলোৱা সমীক্ষাৰ ফলত দেখা গৈছে যে ছৰিয়াছিছ নামৰ ছালৰ ৰোগাক্ৰান্ত ব্যক্তিসকলৰ শৰীৰত গ্লাইকান নামৰ গ্লুটেনৰোধক এণ্টিবডীৰ সৃষ্টি হয়। এইসকল ছালৰ ৰোগীক গৱেষকসকলে গ্লুটেনমুক্ত আহাৰ খাবলৈ দিয়াৰ পাছত অৱস্থাৰ মানসিক উন্নতি ঘটিছিল। স্মৃতিভ্ৰংশ বা একজিমা আদি ৰোগ সৃষ্টিত গ্লুটেনৰ ভূমিকা আছে বুলি জনা গৈছে যদিও এই বিষয়ে গৱেষণা চলি আছে। গ্লুটেন হৈছে এনে এবিধ প্ৰ’টিন যিটো নেকি গম, বাৰ্লি আৰু ৰাই শস্যত বেছিকৈ পোৱা যায়। ঘাইকৈ গ্লাইডিন আৰু গ্লুটানিন নামৰ দুটা প্ৰ’টিনৰ অণুৰ দ্বাৰা ই গঠিত। আমি সতকাই খোৱা পাউৰুটী কোমল কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। তদুপৰি বিস্কুট, কেক, চকলেট, বিয়েৰ আৰু ছয়া চচ আদি খাদ্যতো ই পৰ্যাপ্ত মাত্ৰাত থাকে। চীনদেশ আৰু ভাৰতীয় উপ-মহাদেশত চিলিয়াক ৰোগৰ প্ৰাদুৰ্ভাৱ বঢ়া বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে। পৰম্পৰাগত থলুৱা আহাৰৰ পৰিৱৰ্তে পাশ্চাত্যৰ খাদ্যৰ (পিজ্জা, পেষ্টা আৰু ব্ৰেড আদি) বৰ্ধিত জনপ্ৰিয়তা হৈছে ইয়াৰ কাৰণ। তেজৰ এটা বিশেষ পৰীক্ষাৰ জৰিয়তে শৰীৰত এই ৰোগৰ উপস্থিতিৰ বিষয়ে ঠিৰাং সিদ্ধান্ত লোৱা হয়। সেয়েহে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কেতিয়াও গ্লুটেন কমাই খাব নালাগে।

সুবিখ্যাত ‘জাৰ্ণেল অব্ আমেৰিকান মেডিকেল এছ’চিয়েচন’ত প্ৰকাশিত এক তথ্য অনুযায়ী নিজেই নিজকে ‘গ্লুটেন অতি সংবেদনশীলতাত’ আক্ৰান্ত বুলি নিৰ্ণয় কৰা ব্যক্তিৰ সংখ্যা বাঢ়িছে। গ্লুটেনমুক্ত আহাৰ গ্ৰহণৰ ফলত এইসকল ব্যক্তিৰ তথাকথিত উপসৰ্গবোৰ প্ৰশমিত হয় যদিও প্ৰকৃততে এনেবোৰ মানুহৰ চিলিয়াক ৰোগ হোৱা নাই। আমেৰিকা আৰু ইংলেণ্ডত চলোৱা সমীক্ষাৰ ফলত দেখা গৈছে গ্লুটেনমুক্ত আহাৰ ক্ৰমান্বয়ে দুয়োখন দেশতে বেছি জনপ্ৰিয় হৈ পৰিছে। ২০১৫ চনত এনে আহাৰৰ বিক্ৰীৰ পৰিমাণ আছিল ১৬৪ নিযুত পাউণ্ড, যিটো নেকি ২০১৪ চনৰ তুলনাত ১৫ শতাংশ বেছি।

লেখক: ডাঃ মিহিৰ কুমাৰ গোস্বামী

উৎসঃ অসমীয়া খবৰ

3.03333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top