মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গ্ৰহণী ৰোগৰ ঘৰুৱা চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰহণী ৰোগৰ ঘৰুৱা চিকিৎসা

গ্ৰহণী ৰোগৰ ঘৰুৱা চিকিৎসাৰ বিষয়ে লিখা হৈছে

খোৱা-বোৱাত অনিয়মীয়া হ’লে, গধুৰ ভোজন আৰু হজম নোহোৱা খাদ্য খালে গ্রহণী ৰোগ হ’ব পাৰে। খাদ্য খাওঁতে দুশ্চিন্তা, উদ্বেগ, ক্ৰোধ, মানসিক চাপ আদি থাকিলেও গ্রহণী ৰোগ হ’ব পাৰে। ডাক্তৰী শাস্ত্ৰমতে এমিবিক আৰু বেছিলেৰী নামৰ দুই প্রকাৰৰ গ্ৰহণী ৰোগ আছে। এই ৰোগ হ’লে শাওঁ পৰে আৰু সঘনাই কম কমকৈ পায়খানা হয়। পেটৰ বিষো হ’ব পাৰে।

এই ৰোগ চলি থাকিলে তৎক্ষণাত পায়খানা বন্ধ হোৱা ঔষধ কেতিয়াও নাখাব। হঠাৎ পায়খানা বন্ধ হ’লে পেট ফুলি উঠিব পাৰে।

ঘৰুৱা দিহা

 

  • কেঁচা বেল টুকুৰা-টুকুৰকৈ কাটি ৰ’দত শুকুৱাই গুৰি কৰি লওক। তাৰ লগত গুড় আৰু পৰিমাণত খালে গ্ৰহণী ৰোগ ভাল হয়।
  • কোমলকৈ ৰন্ধা ভাত ঠাণ্ডা কৰি তাৰ লগত দৈ মিহলাই দিনটোত কেইবাবাৰো ৰোগীক খাবলৈ দিব লাগে। মগু দাইল আৰু মিহি চাউলৰ খিচিৰি এই ৰোগত ভাল পথ্য। নেমু, আমলখি, তেতেলি, ডালিম, কেঁচা আৰু পকা কল এই ৰোগত উপকাৰী।
  • বটি লোৱা মেথি গুটি দৈৰ লগত মিহলাই খালে শাওঁ পৰা গ্ৰহণী ৰোগ ভাল হয়। এবাটি দৈৰ লগত আধা চাহ চামুচ মেথি গুটিৰ গুৰি মিহলাব।
  • নিমখ, পদিনা, ভজা জিৰা গুৰি মিহলি নিমখীয়া দৈৰ ঘোল এই ৰোগত উপকাৰী।
  • শুকান ধনিয়া গুৰি আৰু বেলৰ গুৰি সমমাত্ৰাত লৈ, সম পৰিমাণত মিচিৰি মিহলাই দিনে দুবাৰকৈ চাহ চামুচেৰে এচামুচ পৰিমাণত ঠাণ্ডা পানীত গুলি খুৱালে গ্ৰহণী বন্ধ হয়। তেজ পৰা গ্ৰহণীও এই ঔষধ খালে ভাল হয়।
  • বীটৰ ৰসৰ লগত এচামুচ নেমুৰ ৰস মিহলাই খালেও গ্ৰহণী বন্ধ হয়।
  • পকা আম নিমখ বা মৌ মিহলাই খুৱালে গৰমৰ দিনত হোৱা গ্ৰহণী ৰোগ নিৰাময় হয়।
  • শুকান আমলখিৰ গুৰি পানীৰ লগত মিহলাই চেকি লওক। সেই পানীত নেমুৰ ৰস আৰু মিচিৰি মিহলাই খাওক।
  • চজিনা সিজাই তাৰ ৰসৰ লগত অকণমান মৌ আৰু এগিলাচ নাৰিকলৰ পানী মিহলাই দিনত দুবাৰ বা তিনিবাৰ খাব লাগে। এই মিশ্রণে গ্ৰহণী নিয়ন্ত্রণ কৰে।
  • আপেলৰ শাহ খুব ভালদৰে মথি লওক। গুটি আৰু মাজৰ টান অংশ পেলাই দি দিনে চাৰিৰ পৰা ছবাৰ পর্যন্ত কম মাত্ৰাত খালে ভয়ংকৰ গ্ৰহণীও সোনকালে আৰোগ্য হয়।
  • তেজ গ্রহণী হ’লে ডালিমৰ গুটিৰ ৰস কম কমকৈ দিনত আঠ-দহবাৰ খাই থাকিলে নিয়ন্ত্রণ হয়।
  • পকা কল এটা ভালদৰে কাটি লৈ তাৰ লগত সামান্য নিমখ মিহলাই খালেও গ্ৰহণী নিয়ন্ত্রণ হয়।
  • আপেল এটা ভাপত দি সিজাই তাৰ শাহখিনি খালেও গ্রহণী নিয়ন্ত্ৰণত থাকে।
  • জামুগুটিৰ গুড়ি ৫ ৰ পৰা ১০ গ্রাম পৰিমাণত বেছিকৈ সৰ তোলা গাখীৰ বা দৈৰ ঘোলৰ লগত খালেও গ্রহণী ভাল হয়।
  • আমলখিৰ পাত এমুঠি ভালদৰে ধুই মিহিকৈ বটি লওক। তাৰ লগত এচামুচ মৌ মিহলাই চেলেকি খালেও গ্রহণী নিৰাময় হয়।
  • ২:১ অনুপাতত সৰু জাতৰ শিলিখা আৰু পিপাৰমেন্ট মিহলাই গুৰি কৰি লওক। আহাৰৰ পিচত এই চূর্ণ এক বা ডেৰ গ্ৰাম লৈ পানীৰ লগত মিহলাই খালেও গ্রহণী ভাল গ্ৰহণী হয়।
  • জামুপাত এমুঠি ভালদৰে ধুই এক লিটাৰ পানীত সিজাই ডাঠকৈ ৰস উলিয়াই লওক। এই ৰস দিনটোত দুবাৰ বা তিনিবাৰ খালে গ্রহণী নিৰাময় হয়।
  • গ্ৰহণী ৰোগত ৰবাব টেঙাৰ ৰস উপকাৰী।
  • ইচবগুল (ভুচি) ৬ গ্রাম মাত্রীত দিনটোত তিনিবাৰ সেৱন কৰালে শৌচ কঠিন হয় আৰু গ্ৰহণী লাহে লাহে নিয়ন্ত্রণ হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top