মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গ্ৰীষ্মকালি ঘৰুৱা উপায়েৰে লওক চুলিৰ যতন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰীষ্মকালি ঘৰুৱা উপায়েৰে লওক চুলিৰ যতন :

গ্ৰীষ্মকালি ঘৰুৱা উপায়েৰে লওক চুলিৰ যতনৰ বিষয়ে লিখা হৈছে ।

 

১) সৰিয়হৰ তেলত কেইখিলামান জেতুকা পাত পেলাই ৰাখিব । এই তেলেৰে মাজে-সময়ে আপোনাৰ চুলি মালিচ কৰিব । এনে উপায় অৱলম্বন কৰিলে চুলিৰ ৰক্ত সঞ্চালন সঠিকভাৱে হয়।

২) একাপ দৈত এক চামুচ নেমু টেঙাৰ ৰস মিহলাই এটা পেষ্ট প্ৰস্তুত কৰি ল’ব । এই পেষ্ট চুলি আৰু মূৰৰ ছালত লগাব পাৰে । প্ৰায় এঘণ্টাৰ পিচত চুলি ধুই পেলাব ।

৩) গ্ৰীষ্মকালি চুলিকোছা প্ৰত্যক্ষ ৰ’দৰ ৰশ্মিৰ পৰা বচাই ৰাখিব । ধূলি-বালি লাগিবলৈ দিব নালাগে । এইসমূহ কাৰকে চুলি অনিষ্ট কৰে ।

৪) চুলিত সাধাৰণতে হেয়াৰ স্প্ৰে, হেয়াৰ জেল, ষ্টাইলিং ক্ৰীম প্ৰয়োগ নকৰাই ভাল ।

৫) একোছা স্বাস্থ্যসন্মত চুলি লাভ কৰিবলৈ সঠিক খাদ্য তালিকাৰ যথেষ্ট গুৰুত্ব আছে । চুলি সুন্দৰ আৰু স্বাস্থ্যৱান হৈ থকাৰ বাবে আপোনাৰ খাদ্য তালিকাত প্ৰ’টিন, ভিটামিন, অধিক মিনাৰেলযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজন ।

৬) এটা পকা কল পিটিকি লৈ ইয়াৰ সৈতে দুই চামুচ গাখীৰ, এক চামুচ অলিভ অইল ভালদৰে মিহলাই এটা পেষ্ট প্ৰস্তুত কৰি ল’ব । এই পেষ্ট এতিয়া লাহে লাহে চুলিত লগাব । প্ৰায় আধা ঘণ্টামানৰ পিচত চুলি ভালদৰে ধুব । এই পেষ্ট সপ্তাহত এবাৰ বা দুবাৰকৈ কৰিব পাৰে।

৭) নাৰিকল ৰুকি ইয়াক চেপি নাৰিকল গাখীৰ উলিয়াই ল’ব । ইয়াৰ পিচত দুই-তিনি টোপাল নেমুৰ ৰস আৰু অলপ পৰিমাণ ৰ লেভেণ্ডাৰ অইল মিহলাই ল’ব । এই মিশ্ৰণ আপুনি ছাল-চুলি উভয়তে লগাব পাৰে । দুই ঘণ্টামানৰ পিচত ভালদৰে ছাল-চুলি ধুব।

৮) দুই চামুচ মুলতানী মাটিত দুই চামুচ বেছন আৰু আধা কাপ ভিনেগাৰ ভালদৰে মিহলাই লওক । এই পেষ্ট কিছু সময় চুলিত লগাই ৰাখক । যদি আপোনাৰ চুলি খুব ৰুক্ষ, তেন্তে এই পেষ্ট লগোৱাৰ পূৰ্বে সামান্য পৰিমাণৰ তেল চুলিত লগাই ল’ব ।

উৎস:- দেওবৰীয়া সম্ভাৰ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top