মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গ্ৰীষ্মকালি শৰীৰত পানী যোগান ধৰিব পৰা ৰসাল ফল-মূল -
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰীষ্মকালি শৰীৰত পানী যোগান ধৰিব পৰা ৰসাল ফল-মূল -

গ্ৰীষ্মকালি শৰীৰত পানী যোগান ধৰিব পৰা ৰসাল ফল-মূলৰ বিষয়ে লিখা হৈছে ।

 

নেমু টেঙাৰ ৰসৰ সৈতে পদিনা পাতৰ ৰসমিশ্ৰিত পানী -

কেইটোপালমান নেমু টেঙাৰ ৰস আৰু পদিনা পাতৰ ৰস মিশ্ৰিত পানী খোৱাটো এই সময়ছোৱাত শৰীৰৰ বাবে যথেষ্ট উপকাৰী । ই লিভাৰ পৰিষ্কাৰ কৰাৰ লগতে শৰীৰৰ মেটাবলিজম মজবুত কৰে ।

অমিতা:

গৰমত খাব পৰা উৎকৃষ্ট এবিধ ফলৰ ভিতৰত অমিতাও অন্যতম । গ্ৰীষ্মকালি ইয়াক মিল্কশ্বেক হিচাপে প্ৰস্তুত কৰিব পাব পাৰি । অমিতাত নেচাৰেল ফাইবাৰ, কেৰ’টিন, ভিটামিন চি আৰু অত্যাৱশ্যজীয় মিনাৰেলেৰে ভৰপূৰ ।

তিয়ঁহ:-

তিয়ঁহত পেকটিন নামৰ এবিধ ফাইবাৰ থাকে, যিয়ে হৃদযন্ত্ৰ সুস্থ ৰখাৰ লগতে শৰীৰৰ কলেষ্টেৰল হ্ৰাস কৰে ।

তৰমুজ :-

তৰমুজ খোৱাৰ ফলত শৰীৰ শীতল আৰু হাইড্ৰেট হৈ থাকে । প্ৰচুৰ পানীৰে ভৰপূৰ তৰমুজ খোৱাৰ পিচত পেট ভৰি থাকে । উল্লেখ্য যে তৰমুজত লাইক’পিন নামৰ এক পদাৰ্থ থাকে, যি ছালৰ কোশিকাসমূহক সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষা দিয়ে ।

বিলাহী:-

এণ্টিঅক্সিডেণ্ট বিলাহী ভিটামিন চিৰে ভৰপূৰ । ই লাইক’পিন নামৰ উপকাৰী ফাইট’কেমিকেলছেৰে সমৃদ্ধ । যিয়ে পুৰণি বেমাৰ উপশম কৰাত সহায় কৰে ।

দৈ:

প্ৰ’টিনেৰে ভৰপূৰ দৈ গৰমকালি খাব পাৰিলে স্বাস্থ্যৰ বাবে যথেষ্ট ফলদায়ক । ইয়াত নিহিত থকা প্ৰ’টিনে ভোক নিবাৰণ কৰে । লগতে আপোনাৰ পাচনতন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে।

উৎস: দেওবৰীয়া সম্ভাৰ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top