মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গ্ৰীষ্মকালৰ ৰোগ আৰু লবলগীয়া সতৰ্কতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰীষ্মকালৰ ৰোগ আৰু লবলগীয়া সতৰ্কতা

গ্ৰীষ্মকালৰ ৰোগ আৰু লবলগীয়া সতৰ্কতা

সাধাৰণতে এপ্ৰিল মাহ সোমোৱাৰ লগে লগে গ্ৰীষ্মকাল আৰম্ভ হয় আৰু এনে জহৰ দিন কমেও ৪টা মাহ থাকে৷ জাৰকালিৰ তুলনাত গ্ৰীষ্মকালত ৰোগৰ প্ৰাদূৰ্ভাৱ বেছি৷ জহকালৰ ৰোগসমূহক নিম্নলিখিত ভাগত  ভগাব পাৰোঁ৷

(১) পানীৰ যোগেদি বিয়পা ৰোগসমূহ – ডিচেন্ট্ৰি, ডায়েৰিয়া, টাইফয়েড, জণ্ডিচ (হেপাটাইটিচ),শ্বিগেলা, জিয়াৰডিয়া,কৃমি আদি

(২) মহৰ যোগেদি বিয়পা ৰোগসমূহ – মেলেৰিয়া, ডেংগু, চিকেনগুনিয়া

(৩) গৰমৰ ফলত হোৱা ৰোগসমূহ – ডিহাইড্ৰেচন, হিট-ষ্ট্ৰোক, মূৰৰ বিষ, নাকৰ ৰক্তক্ষৰণ

(৪) চকুৰ অসুখ – কনজাংটভাইটিচ, কেটেৰেক্ট, ৰেটিনাৰ ক্ষতিসাধণ

(৫)গ্ৰীষ্মকালৰ চৰ্মৰোগ – যেনে বসন্ত, মিজলচ্, এলাৰ্জি আদি

(৬) সান মিহলি – প্ৰসাৱৰ সংক্ৰমণ হোৱা ৰোগ, কুকুৰে কামোৰা আদি

প্ৰদূষিত পানী গ্ৰহণ কৰাৰ ফলত মানুহৰ দেহত বেক্টৰিয়া, ভাইৰাচ বা আন পৰাশ্ৰয়ী জীৱৰ প্ৰবেশ ঘটে যাৰ  ফলত ব্যক্তিজন ৰোগক্ৰান্ত হয় ৷ ভালকৈ উতলোৱা, পৰিস্কাৰ পাত্ৰত  ভালদৰে ৰখা, ফিল্টাৰ কৰা পানী সেৱন কৰি এই ৰোগসমূহৰ পৰা বহু পৰিমাণে হাত সাৰিব পাৰি৷  লগতে খোৱা বস্তু মাখিয়ে যাতে স্পৰ্শ কৰিব নোৱাৰে তালৈকো চকু দিয়াটো বাঞ্চনীয় ৷ গৰমকালত বাহী খাদ্য পৰাপক্ষত গ্ৰহণ নকৰাই মংগলজনক৷ কৃমি, জিয়াৰদিয়া, টাইফয়েড আদি ৰোগ আকৌ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভাৱটো বিয়পে ৷ ৰোগাকান্ত এজন ব্যক্তিয়ে শৌচ কৰি ভালদৰে চাবোনেৰে হাত-মূখ-ভৰি নুধুই আনৰ খোৱা জল বা খাদ্য স্পৰ্শ কৰিলে তেওঁৰ ৰোগ আনলৈ বিয়পাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিয়ে ৷ মহৰ যোগেদি বিয়পা ৰোগসমূহো বিপদজনক ৷ ডেংগু জ্বৰৰ ভাইৰাচ এডিচ ইজিপ্তি মহে বিয়পায় আৰু সময়মতে উচিত চিকিৎসা নাপালে এইৰোগ অতি বিপদজনক হৈ পৰিব পাৰে ৷ এডিচ মহে  চিকেনগুনিয়া ভাইৰাচ সুস্থ মানুহৰ শৰীৰলৈ বিয়পাই চিকেনগুনিয়া ৰোগো কৰে ৷ এই ৰোগত জ্বৰৰ ওপৰিও, ভীষণ গাঠিৰ বিষ, ছালত বসন্তৰ দৰে সৰু সৰু ৰঙীন পানীজ্বলা  উঠা, মূৰ বিষ-বমি আদি লক্ষণে দেখা দিয়ে ৷  অসমত চিকেনগুনিয়া ৰোগী দেখা পোৱা হোৱা নাই- কিন্তু আজিৰ জেট যুগত ৰোগ ইঠাইৰ পৰা সিঠাইলৈ বিয়পিব সময় নালাগে ৷ মালদ্বীপত কৰ্মৰত অৱস্থাত এই লিখকৰো এবাৰ  চিকেনগুনিয়া, এবাৰ ডেংগু ৰোগত ভোগাৰ অভিজ্ঞতা হৈছিল ৷ ডেংগুহৈ মোৰ তেজত বিপদজনকভাবে  প্লেটলেট কমি যোৱাত সহকৰ্মী পাকিস্তানী ডাক্তৰ ইমৰাণ হাচানে ৰক্তদান কৰি মোৰ জীৱন ৰক্ষা কৰিছিল ৷ সুসম্পৰ্ক বৰ্তাই ৰখা ডা০ ইমৰাণ এতিয়াও মালদ্বীপৰ চৰকাৰী চিকিৎসালয়ত কৰ্মৰত ৷ মহৰ যোগেদি বিয়পা ৰোগসমূহত  সময়মতে সঠিক চিকিৎসা নাপালে ৰোগী মৃত্যুমুখীও হব পাৰে ৷ অসমতো আজিকালি ডেংগুৰোগৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ চৰকাৰী জনস্বাস্থ্য সুৰক্ষা আঁচনিৰ ব্যৰ্থতা,  নগৰপালিকাৰ নলা-নৰ্দমা পৰিস্কাৰ কৰি ৰক্ষাত ব্যৰ্থতা আদি মূল কাৰণতেই এনে হৈছে ৷ লগতে যিকোনো ৰোগ নিৰ্মূল কৰিবলৈ স্বাস্থ্যশিক্ষাৰো অতীৱ প্ৰয়োজনীয়তা আছে ৷ মেলেৰিয়া আৰু ডেংগুৰ ওপৰত আগতে অকবত লিখামেলা হোৱা হেতুকে সদ্যহতে তাৰ বিতং চৰ্চা বাদ দিলোঁ ৷  গ্ৰীষ্মকালৰ চকুৰ অসুখ জয়বাংলা অতি কমন, একেলগে পৰিয়ালৰ বা চুবুৰীৰ কেইবাজনকো আক্ৰান্ত হোৱা দেখা যায় ৷ চকুৰ অসুখ নিবিয়পিবলৈ  একেবাৰে সহজ উপায় হ’ল – হাতখন ভালকৈ ধুই পৰিস্কাৰ নকৰাকৈ কোনো কাৰণতে নিজৰ চকু স্পৰ্শ নকৰিব ৷ চকুৰ অসুখ হোৱা ৰোগীৰ কাপোৰ, কিতাপ, চচমা বা আন কোনো বস্তৱেই নুচুব ৷

মানব দেহৰ ৭২শতাংশ পানীৰে গঠিত৷ দিনটোৰ ২৪ঘন্টাৰ ভিতৰত পুৰুষে তিনি লিটাৰ আৰু মহিলাই আঢ়ৈ লিটাৰ পানী খোৱাটো আৱশ্যকীয়৷ আমাৰ শৰীৰৰ পৰা পানী সচৰাচৰ নিৰ্গত হয় মল-মূত্ৰ,ঘাম আৰু চৰ্মৰ মাধ্যমেৰে ৷ কিন্তু বহুত সময় গৰমকালৰ ৰ’দত শ্ৰম কৰিলে ডিহাইড্ৰেচন হব পাৰে৷

ডিহাইড্ৰেচনৰ মূল কাৰণসমূহ হ’ল

ডায়েৰিয়া বা হাগনি,বমি, বেচিকৈ ঘমা, বহুমূত্ৰ বা ডায়েবেটিজ, জুইত দগ্দ্ধ হোৱা, পৰিস্থিতিবশত: পানী কমকৈ খোৱা৷

ডিহাইড্ৰেচনৰ ঘাই লক্ষণসমূহ হ’ল

পিয়াহ বেচিকৈ লগা, প্ৰসাৱ কমকৈ হোৱা আৰু ছাল-মুখ শুকাই যোৱা৷

ডিহাইড্ৰেচনৰ চিকিৎসা হ’ল বিশুদ্ধ পানী আৰু অৰেল ৰিহাইড্ৰেচন পাউদাৰ (ORS)৷ মদ বা কেফেইনযুক্ত পদাৰ্থ (চাহ,কফি) কেতিয়াও ইয়াৰ বিকল্প হব নোৱাৰে৷  ডাবৰ পানী, চেনি-নিমখ মিহলোৱা নেমু-কমলাৰ ৰস  অৰেল ৰিহাইড্ৰেচন পাউদাৰৰ বিকল্প হব পাৰে৷

ডিহাইড্ৰেচনৰ ফলত হব পৰা জটিলতাসমূহ হ’ল

কিডনি বিকল হোৱা, ক’মা বা শ্বক, হিট-ষ্ট্ৰোক, ইলেকট্ৰলাইটৰ অনিয়ম হোৱা৷ গৰমত পৰ্যাপ্ত সতৰ্কতামূলক ব্যৱস্থা নোলোৱাকৈ কাম কৰিলে পোনতে মাংসপেশীৰ বিষ (Heat-cramp) হব৷ ইয়াৰ পৰবৰ্তী পৰ্য্যায়ত  হিট  এস্কাষ্টচন (Heat Exhaustion ) আৰু হিট-ষ্ট্ৰোক (Heat Stroke )  হব পাৰে৷ হিট  এস্কাষ্টচনৰ লক্ষণ হ’ল শৰীৰৰ তাপমাত্ৰা ৪০ ডিগ্ৰী চেন্টিগ্ৰেড (১০৪ ডিগ্ৰী ফাৰেনহাইট)লৈ বৃদ্ধি পোৱা, হৃদগতি ক্ষিপ্ৰ হোৱা, উশাহ-নিশাহত কষ্ট হোৱা, ঘাম শুকাই যোৱা বা নোলোৱা, অস্বাভাবিক ব্যৱহাৰ (যেনে ভ্ৰম, ৰাগ হোৱা, হেল্যুচিনেচন হোৱা আদি), ফিট হোৱা বা মূৰ্চ্ছা যোৱা৷ চৰম অৱস্থাত হিট-ষ্ট্ৰোক হোৱাৰ সময়ত দেখা যাব শৰীৰৰ তাপমান ১০৫  ডিগ্ৰী ফাৰেনহাইট হোৱা সত্বেও ঘাম নোলায়, অতিপাত মূৰৰ বিষ, মূৰঘূৰণি, ওকালি আৰু বমি, কষ্টকৰ নিশ্বাস আৰু সংজ্ঞা হেৰোৱা৷ হিট-ষ্ট্ৰোক হ’ল এক অতি জৰুৰীকালিন অৱস্থা৷

ডিহাইড্ৰেচনলৈ দীঘলীয়া সময়ৰ বাবে গৰম  বতৰত কৰ্মৰত হলে মস্তিষ্কই  কাম নকৰা হৈ পৰে, শৰীৰৰ শীত-তাপ নিয়ন্ত্ৰণ কৰা ব্যৱস্থাটো বিকল হৈ পৰে আৰু খৰতকীয়াকৈ উপযুক্ত চিকিৎসা নাপালে ৰোগী মৃত্যুমুখত পৰে৷ এম্বুলেঞ্চ নহালৈকে ৰোগীৰ লবলগীয়া ব্যৱস্থাসমূহ হ’ল – ৰোগীজনক ভৰি ওখ কৰি ৰাখি শুৱাই দিয়ক, ফেন বা বিচনিৰে বতাহ দিয়ক, চেঁচা-তিতা কাপোৰেৰে গা মচি থাকক, সম্ভৱপৰ হলে কাষলটি-ডিঙি-কৰঙণ আদিত বৰফৰ পেক দিয়ক ৷

গ্ৰীষ্মকালত  পৰাপক্ষত  গাত লিপিত খাই  নধৰা পাতল ৰঙৰ পাতল  কপাহী কাপোৰ পিন্ধিব৷ ছাতি, টুপি, ছানগ্লাচ আদি পৰাপক্ষত ব্যৱহাৰ কৰিব৷ বাহিৰলৈ ওলোৱাৰ আধা ঘন্টাৰ আগতে শৰীৰৰ  উন্মুক্ত অংশত চান স্ক্ৰিন লোচন ঘঁহিলে ছালখনে যথেষ্ট পৰিমাণে সকাহ পাব৷ গ্ৰীষ্মকালৰ খাদ্য পৰাপক্ষত কিছু লঘু আহাৰ স্বাস্থ্যৰ বাবে উপযোগী৷ তাপ উৎপন্ন কৰা খাদ্য মাংস,কণী, গৰম-মছলা ব্যৱহাৰ কমাব ৷ আমিষ ভোজীসকলে এই সময়ছোৱাত মাছক (বিশেষকৈ সৰু কমতেলী মাছ) নিজৰ খাদ্য তালিকাভুক্ত কৰিব পাৰিলে ভাল৷  দৈ,লচ্চী, মত্থা, চৰবত আদি বতৰৰ উপযোগী খাদ্য৷ ৰসাল ফল তৰমুজ, চিৰাল, তিঁয়হ, আম, অমিতা,কমলা, মাটিকঁঠাল আদি ডিহাইড্ৰেচন ৰোধ কৰাত সহায়ক হয়৷ প্ৰকৃতিয়ে দিয়া বতৰৰ ফল লেতেকু, পনিয়ল, বগৰী, আমলখি,  মধুৰী,ডালিম, নাচপতি  আদিয়ে শৰীৰ শীতল ৰাখে৷ এই সময়ত ধৰিত্ৰীত মৰীচা, খুতৰা, মানিমুনি, জিলমিল, মাটিকান্দুৰী, টেঙেচী, ঢেঁকীয়া আাদি শাক প্ৰচুৰ পৰিমাণে উপলব্দ্ধ হয় ৷ বতৰৰ বতৰা বুজি প্ৰকৃতিৰ এই অমূল্য অৱদানসমূহ গ্ৰীষ্মকালৰ নিয়মীয়া  খাদ্যৰ তালিকাৰ অন্তৰ্ভূক্ত কৰিব লাগে ৷ এই শাক সমূহত প্ৰচুৰ ভিটামিন, লাগতিয়াল ট্ৰেচ এলিমেন্ট,এন্টি অক্সিডেন্ট,লৌহ পদাৰ্থ আদি থাকে ৷ শৰীৰৰ ইমিউনিটি (ৰোগ প্ৰতিৰোধ ক্ষমতা)  বঢ়োৱাত এইদৰে বতৰৰ শাক-পাচলিসমূহ সহায়ক হয় ৷

পৰিবেশ শুদ্ধ কৰি ৰাখিবলৈ ঘৰৰ  পৰিষদৰ ভিতৰত অন্তত: এজোপা  মহানিম গছ থাকিলে ভাল৷  এনেয়ো বাতাবৰণৰ শীতলতা  বজাই ৰাখিবলৈ ঘৰৰ আশে-পাশে  গছ-গছনিৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য৷ নিমপাত উতলোৱা পানীৰে  বসন্ত বা আন গ্ৰীষ্মকালীন  চৰ্মৰোগত ভোগাসকলে গা  ধোৱাটো বেচ উপকাৰী৷ এইখিনিতে বিনম্ৰভাবে  জনাওঁ  যে বসন্ত ৰোগৰ বিষয়ে, নানা ধৰণৰ জণ্ডিচৰ বিষয়ে মোৰ প্ৰৱন্ধ সাহিত্য ডট অৰ্গৰ পূৰণি সংখ্যাত আগ্ৰহী পাঠকসকলে পঢ়িব পাৰিব৷

গ্ৰীষ্মকালৰ এলাৰ্জিত চিকিৎসকে প্ৰয়োজন সাপেক্ষে এন্টি-এলাৰ্জিক দৰব দিয়ে৷ গ্ৰীষ্মকালত নাকৰ অগ্ৰভাগৰ পৰা হোৱা ৰক্তক্ষৰণ  প্ৰায়  প্ৰতিজন ব্যক্তিৰ জীৱনত এবাৰ হলেও ঘটে৷ ই সাধাৰণতে বিপদজনক নহয়৷ প্ৰায় নিজে-নিজেই ৰক্তক্ষৰণ বন্ধ হয়৷ তেজ ওলাব ধৰিলে শুই নিদিব, শুলে পেটৰ ভিতৰলৈ তেজ গুচি যাব৷ প্ৰাথমিক চিকিৎসা হিচাবে বৰফ পানীৰ পেক তেজ বন্ধ কৰাত সহায়ক হয়৷ কাৰোবাক  চেলাইনযুক্ত বা আন নাকত দিয়া ড্ৰপৰ কেতিয়াবা প্ৰয়োজন হয়৷

চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধেই নিজে সেৱন কৰা অনুচিত ৷ একেদৰে  প্ৰসাৱৰ  সংক্ৰমণ হলে পানী বেচিকৈ খাবলৈ পৰামৰ্শ দিয়াৰ ওপৰিও এন্টিবায়টিকৰ আৱশ্যকতা হব পাৰে ৷ আকৌ গৰমৰ দিনত বাট পথত ঘূৰি ফুৰা গিৰিহঁত নোহোৱা কুকুৰে যি কোনো ব্যক্তিকেই কামুৰিব পাৰে ৷ কুকুৰে কামুৰিলে ৰেবিজ বা জলাতংকৰ পৰা বাচিবলৈ ভেকছিন লবলৈ কোনেও যেন হেলা  নকৰে -কাৰণ জলাতংকৰ কোনো  চিকিৎসা নাই ৷

লিখক: ডা০ভূপেন শইকীয়া।

2.81395348837
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top