মানুহৰ শৰীৰৰ এক গুৰুত্বপুৰ্ণ অংশ হ’ল ছালখন। শৰীৰৰ সকলো অংশ আৱৰি ৰখা এই ছালখনে অকল শীতাতপ নিয়ন্ত্ৰণ কৰাই নহয়, আমাৰ সৌন্দৰ্যতো যথেষ্ট অৰিহণা যোগায়। ইয়াৰ কেইবাটাও তৰপ থাকে। একেবাৰে ওপৰত থকা এপিডাৰমিছ তৰপটো মৃত চৰ্মকোষৰ দ্বাৰা গঠিত। এই তৰপটো বেছি ৰ’দ পৰিলে, বেছি তাপ পালে, বেছি বতাহ পালে জ্বলি এঙাৰৰ দৰে হয়। তেতিয়া চালখনে পানী, পুষ্টি আৰু তেলভাগ ধৰি ৰাখিব নোৱাৰে। এনে হ’লে ছালত ক’লা চোম পৰিবলৈ ধৰে। খাদ্যপ্ৰাণৰ অভাৱত, টোপনি খতি হ’লে, প্ৰসুতি ৰোগ, পাচন তন্ত্ৰৰ ক্ৰিয়া ভাল নহ’লে , মধুমেহ ৰোগ, থাইৰয়ড আদি সমস্যা থাকিলে ক’লা চোমবোৰ বাঢ়ি যায়। ছালত বলিৰেখা পৰে, শুকান হৈ কৰ্কশ হৈ পৰে, বয়সতকৈ আগত বৃদ্ধাবস্থাৰ ছাপ দেখা যায়। এইবোৰৰ পৰা বাছিবলৈ বিশেষকৈ গ্ৰীষ্মকালি কেৱল ছান প্ৰ’টেকছন ফেক্টৰ লগাই থাকিলেই নহ’ব, প্ৰয়োজন হ’ব আৰু কিছু সজাগতাৰ। আৰু ছালখন ভিতৰৰ পৰা ৰক্ষা কৰিব লাগিব। লগতে ভিতৰ-বাহিৰ দুয়োফালৰ পৰা সুন্দৰ কৰি আনিব লাগিব। ভিতৰৰ পৰা ভাল কৰি আনিবলৈ আটাইতকৈ ভাল উপায় হৈছে সুষম –সুপৰিকল্পিত খাদ্য সময়ত গ্ৰহণ কৰাটো। মানুহৰ ব্যস্ততা এনেদৰে বাঢ়িছে যে যিমান পাৰে কম সময়ত তৈয়াৰী, সস্তাত পোৱা খাদ্য খাব লৈছে। তাৰ ফলত শৰীৰৰ লগতে ছালখনেও পুষ্টি নোপোৱা হৈছে। পুষ্টিহীনতাত ভুগি ছাল বেয়া হোৱাৰ অন্যতম কাৰণ। খাদ্যৰ ওপৰত সেয়ে গুৰুত্ব দিয়া উচিত। শাক তথা থলুৱা ফল-মুল, ঋতু অনুযায়ী লাভ কৰা শাক খাব লাগে। গ্ৰীষ্মকালত ভেদাইলতা, নৰসিংহ, খুতৰা, দ্ৰোণশাক, ঢেঁকীয়া, কচু, খৰিচা, পুই শাক, চজিনা পাত, লাওৰ আগ আদি সহজলভ্য। আমলখি, আম, পনিয়ল, অমৰা, থেকেৰা, ঔটেঙা, কৰ্দৈ আদি এই সময়ছোৱাৰ বাবে যথেষ্ট উপকাৰী। দিনটোত সময় অনুযায়ী পৰিষ্কাৰ আৰু ঠাণ্ডা পানীত সঠিক মাত্ৰাত গ্ৰহণ কৰিব লাগে।
তদুপৰি ব্যায়াম আৰু শাৰীৰিক পৰিশ্ৰম কৰাটো প্ৰয়োজন। গ্ৰীষ্মকালত এটা কথা ভাল যে ঘাম বহুত ওলায়। ঘামৰ জৰিয়তে শৰীৰৰ পৰা টক্সিন বা বিষাক্ত দ্ৰব্যসমুহ বাহিৰলৈ ওলাই যায়। ব্যায়াম কৰাৰ ফলত শৰীৰত অক্সিজেনৰ সৰবৰাহ বাঢ়ে, মাংসপেশীৰ লগতে ছালৰ তৰপবোৰত তেজ আৰু অক্সিজেনৰ চলাচল বাঢ়ে। অলপ ব্যায়াম কৰিলেই ছালখন উজ্জ্বল তথা ৰঙা- বগা হৈ পৰে, পিচে খোৱা অৰু ব্যায়াম নিয়মিত কৰি থাকিলে শৌচ-প্ৰস্ৰাৱ সুচাৰুৰপে হৈ থাকে। টোপনি ভাল হয়, স্বাস্থ্য ভালে থাকে। আয়ুৰ্বেদ মতে গ্ৰীষ্মকালত হৈ থাকে। টোপনি ভাল হয়, স্বাস্থ্য ভালে থাকে। আয়ুৰ্বেদ মতে গ্ৰীষ্মকালত প্ৰচুৰ গৰমৰ বাবে টোপনি কম হোৱাটো স্বাভাৱিক। ই বৰ বেছি হানিকাৰক নহয়। এই সময়ছোৱাত পাঁচ ঘণ্টাকৈ ভাল টোপনি হ’লেও ছাল ভালে থাকে।
লেখিকা: মধুমিতা শইকীয়া (দেওবৰীয়া সম্ভাৰ)
শেহতীয়া উন্নীতকৰণ: : 1/18/2023