মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গৰম পানীৰে গা ধোৱা ভালনে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰম পানীৰে গা ধোৱা ভালনে :

গৰম পানীৰে গা ধোৱা ভালনে, সেই বিষয়ে লিখা হৈছে ।



ঠান্ডাৰ দিনকেইটাত বহুতো লোকৰ বাবে গা ধোৱাতো বৰ সমস্যাৰ বিষয় ,নহয়নে বাৰু
? গৰম পানী হলে যেনবা ধুব পাৰি । যদিহে ৰাতিপুৱাই বাহি ঠান্ডা পানীৰে ধুব লগা হয় তেতিয়াহলেতো আৰু ডাঙৰ সমস্যা । কিছুমানেতো বহুদিনলৈ সেইফেৰা নকৰেই ।অৱশ্যে সকলোকে কোৱা নাই দেই ।
যাহক শীতকালত যিসকলৰ নিয়মিত ঠান্ডা পানীৰে (বিশেষকৈ ৰাতিপুৱা)গা ধোৱা অভ্যাস সেইটো খুবেই উত্তম । কিন্তু যিসকলৰ গৰম পানীৰে গাধোৱা অভ্যাস তেওলোকৰ বাবেহে দুআষাৰ লোখিবলৈ ওলাইছো ।
আমি শীত বা গ্ৰীষ্ম সকলো সময়তে কুহুমীয়া গৰম পানী খোৱাতো দেহৰ বাবে হিতকাৰক যদিও সুস্থ্য ব্যক্তিৰ বাবে গৰম পানীৰে গাধোৱাতো ক্ষতি কাৰক । পাৰিলে ঠান্ডা পানী বা অতি শীতত সাধাৰন কুহুমীয়া গৰম পানী বা ৰ'দত তপতোৱা পানী বেয়া নহয় । অবশ্যে ৰুগীয়া বা বয়সিয়াল ব্যক্তিৰ ক্ষেত্ৰত সুকীয়া ।
মনত ৰাখিব :-

শিশু, ডেকা বুঢ়া যিকোনো বয়সৰ লোকেই নহওক গৰম পানীৰে গা ধুলে কেতিয়াও মুৰত আৰু চকুত গৰম পানী নাঢালিব । এনে কৰিলে মানসিক তথা কফজনীত বিভিন্ন ৰোগ হব পাৰে । শিশুৰ মুৰ আৰু চকুত কোনোপধ্যে গৰম পানী নলগাব ।
গা ধোৱোতে প্ৰথমে আঠুৰ তল অংশত পানী ঢলাতো আৰু ক্ৰমান্বয়ে বাহু পেট মুৰত ঢলাতো স্বাস্থ্যসন্মত । সেয়ে প্ৰথমে মুৰত কেতিয়াও পানী নাঢালিব ।
বহুতে ঠান্ডা লাগিব, চৰ্দি জ্বৰ হব বুলি ৰাতিপুৱা গাধোৱাত অৱহেলা কৰে । কিন্তু সেইতো ভ্ৰান্ত ধাৰনা । বৰং ঠান্ডা গৰম সকলো সময়তে সুস্থ্য বা ৰুগীয়া লোকেও ৰাতিপুৱা গাধোৱাতো দেহ মনৰ সুৰক্ষাৰ বাবে অতি হিতকাৰক । চৰ্দি, জ্বৰ কফ,  বাতবিষ  জনীত ৰোগীয়ে  কুহুমীয়া গৰম পানীৰে ধুব
তেনেকৈ নিৰোগী শিশুক সদায় ৰাতিপুৱা গা মালিচ কৰাই ৰদত তপতোৱা পানীৰে গা ধুউৱাতো অতিকে উত্তম ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top