মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গৰমত কেনেদৰে ল’ব আপোনাৰ ছালৰ যতন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰমত কেনেদৰে ল’ব আপোনাৰ ছালৰ যতন :

গৰমত কেনেদৰে ল’ব আপোনাৰ ছালৰ যতন, তাৰ বিষয়ে লিখা হৈছে ।

 

শীতকালৰ অন্ত পৰাৰ লগে লগে গ্ৰীষ্মৰ প্ৰখৰ তাপত আমাৰ শৰীৰৰ ছাললৈ যথেষ্ট পৰিৱৰ্তন আহে। ৰ’দে পুৰি ছালত দাগ বহুওৱাৰ লগতে বহুতৰে ছালত ফোঁহা, শালমন আদি হোৱা দেখা যায়। সেয়েহে কিছু কষ্ট কৰি নিজৰ ছালখনৰ যত্ন লোৱাটো অত্যন্ত দৰকাৰী।

১)সুৰক্ষিত আৰু উচ্চ এছ পি এফযুক্ত ছানস্ক্ৰীন লোচন লগাবলৈ নাপাহৰিব। প্ৰতিদিনে গা ধুই উঠিয়েই ছানস্ক্ৰীন লগাব। অন্ততঃ ৩০ শতাংশ এছ পি এফ থকা ছানস্ক্ৰীনহে ব্যৱহাৰ কৰিব। আনকি ডাৱৰীয়া বতৰতো ছানস্ক্ৰীন লগাব। প্ৰতি ৯০ মিনিটৰ পাছত মুখমণ্ডল ধুই ছানস্ক্ৰীন লগাব।

২)সূৰ্যৰ প্ৰখৰ তাপে পোৰাৰ ফলত আপোনাৰ ছালত কেন্সাৰ হ’ব পাৰে। সেয়েহে ফুল শ্লীভৰ কপাহী কাপোৰ পিন্ধিহে বাহিৰলৈ ওলাব।

৩)ভালদৰে নিদ্ৰা যোৱাটোও ছালৰ স্বাস্থ্যৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। নিদ্ৰাহীনতাই ষ্ট্ৰেছ হৰম’ন বৃদ্ধি কৰিব পাৰে আৰু লাহে লাহে ছালত কলাজেনৰ সৃষ্টি হ’বলৈ ধৰে। কলাজেনৰ উৎপাদন কমিলে ছালৰ স্থিতিস্থাপকতা হ্ৰাস হয় আৰু দেখাত ভাগৰুৱা যেন লাগে।

৪)যথেষ্ট পৰিমাণৰ পানী খোৱাটো দৰকাৰ। ছালখন আৰ্দ্ৰ হৈ থাকিলে শৰীৰত উৎপন্ন হোৱা বিষাক্ত পদাৰ্থই ছালৰ কোনো ক্ষতি কৰিব নোৱাৰে। একেলগে সৰহকৈ পানী কগাব নোৱাৰিলেও লাহে লাহে মাজে মাজে খাই থাকিব লাগে। ইয়াৰ বাবে হাততে পোৱাকৈ পানীৰ বটল লগত ৰাখিব।

উৎস: দেওবৰীয়া সুকন্যা

3.36842105263
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top