অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰমত খাওক বতৰৰ ফল :

গৰমত খাওক বতৰৰ ফলৰ বিষয়ে লিখা হৈছে ।

 

প্ৰকৃতিৰ অনুপম অৱদান ফল। আমাৰ শৰীৰৰ বাবে ফল অত্যন্ত উপকাৰী। কিন্তু সকলো ফলেই যে সকলোৰে কাৰণে উপকাৰী, তেনে নহয়। এজমা বা শ্বাস ৰোগীৰ বাবে কলজাতীয় ফল একেবাৰে বেয়া। সেইদৰে বহুমূত্ৰ ৰোগীৰ কাৰণে-

*আম,

*আঙুৰ,

*কল,

*চেৰী, আদি অত্যন্ত অপকাৰী। ইয়াক গ্ৰহণ কৰিলেও সীমিত মাত্ৰাতহে গ্ৰহণ কৰা উচিত। কিছুমান ফল যিমান সোনকালে পকে, সিমান সোনকালে বেয়াও হয়। সেইবোৰ ফল হ’ল-

*কল,

*অমিতা,

*আম,

*লিচু,

*তৰমুজ ইত্যাদি।

যিটো ঋতুত যি ফল উৎপন্ন হয়, সেই ঋতুতে তাক ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ বতৰৰ ফল বতৰতে খোৱা উচিত। মানুহৰ আৱশ্যকতা অনুসৰি প্ৰকৃতিয়ে ফলমূল উৎপন্ন কৰে। ফলমূল স্বাস্থ্য, স্থান, কাল, ঋতু আৰু নিজৰ প্ৰকৃতিঅনুসৰি গ্ৰহণ কৰিব লাগে। কাৰণ ফলমূল গ্ৰহণ নকৰাটো সিমান ক্ষতিকাৰক নহয়, যিমান ক্ষতিকাৰক ইয়াক প্ৰয়োজনতকৈ বেছি গ্ৰহণ কৰাটো। সেইবাবে সদায় নিজৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিহে ফল খাব লাগে। ইয়াৰ ফলত আমাৰ শৰীৰটোৰ উপকাৰ হোৱাৰ লগতে সোনকালে হজম হৈ দেহৰ শক্তি বঢ়ায়। ফলেই হ’ল ভিটামিনৰ মূল উৎস। যিবিলাক ফলত ভিটামিন ‘এ’ আৰু ‘চি’ থাকে, সেইবোৰ ফল আমি নিয়মিতভাৱে খাব লাগে। শাক-পাচলি যিহেতু আমি ৰান্ধি বা সিজাই খাওঁ, তাৰ পৰা সেই বাবে আমি সম্পূৰ্ণৰূপে ভিটামিন আহৰণ কৰিব নোৱাৰোঁ। কিন্তু কেঁচা ফলফুলৰ পৰা আমাৰ শৰীৰে যিবোৰ ভিটামিন প্ৰত্যক্ষভাৱে পায়, সেয়া এশ শতাংশই পৰিশুদ্ধ। আমি খোৱা ফলবোৰত যদিও প্ৰ’টিনৰ পৰিমাণ কম থাকে। তথাপি ইয়াত থকা কাৰ্ব’হাইড্ৰেটে আমাৰ শৰীৰত পৰিপুষ্টি যোগানত বিশেষ ধৰণৰ ভূমিকা গ্ৰহণ কৰে। এনেবোৰ ফলত আঁহজাতীয় দ্ৰব্য থাকে, যি কোষ্ঠকাঠিন্য আঁতৰ কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে।

নেমুটেঙা, মৌচুমী, ক’লাজামু, আনাৰস, আম আদি গৰমৰ দিনত পৰ্যাপ্ত পৰিমাণে পোৱা ফলবোৰ দেখাত যেনে সহজ আৰু আটিল, তেনে ফলবোৰ আৰু তাৰ ৰসেৰে আমাৰ শৰীৰকো আটিল কৰি তুলিব পাৰি। ফল খোৱাৰ আগতে ভালদৰে ধুই ল’ব লাগে। ফল তাজা বা সতেজ হোৱা উচিত। দাগ লগা বা প্ৰয়োজনতকৈ অধিক পকা ফল খাব নালাগে।

ফল কোমল হৈ যোৱা বা বেছিকৈ পকি যোৱা মানে ইয়াৰ ভিটামিনো নষ্ট হৈ যোৱা আৰু ফলত বেক্টেৰিয়াৰ সৃষ্টি হোৱা। ফলৰ ৰস উলিয়াই লগে লগে খাব লাগে। ফলৰ ৰস উলিয়াই বহু সময় থৈ দিলে উপকাৰী গুণ হ্ৰাস পায়। একেধৰণৰ ফলৰ ৰস মিহলায়ো খাব পাৰি। যেনে- কমলা আৰু মৌচুমী ৰস।

ফল প্ৰকৃতিয়ে যেনেদৰে দিছে তেনেদৰেই খাব লাগে। জ্বলা, মচলা, নিমখ আদি সানিলে ইয়াৰ উপকাৰিতা হ্ৰাস পায়। কল আৰু আপেলৰ বাকলিৰ তলত পুষ্টিকৰ দ্ৰব্য থাকে। সেইবাবে আপেলৰ বাকলি নুগুচোৱাকৈ খালে ভাল। ফল বা ফলৰ ৰস অন্য আহাৰ খোৱাৰ দুই-তিনি ঘন্টাৰ আগতেই খাব লাগে। ফল অন্য খাদ্যৰ তুলনাত সোনকালে হজম হয়।

ভালদৰে নপকা ফল কেতিয়াও খাব নালাগে। ইয়াৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। সপ্তাহত এদিন বা দুদিন কেৱল ফলাহাৰ গ্ৰহণে শৰীৰটো সুস্থ কৰি ৰখাত সহায় কৰে। বেলজাতীয় বাকলি টান ফলবোৰ দুই-তিন দিনলৈ সুৰক্ষিত কৰি ৰাখিব পাৰি। ফলৰ সহায়ত অন্য আহাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে।

কাৰণ ফল ৰসযুক্ত হোৱাৰ বাবে ই সহজতে হজম হৈ আৰু সোনকালে ভোক লগায়। প্ৰয়োজনীতকৈ অধিক ফলৰ ৰসে শৰীৰৰৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি কেনেধৰণৰ কি ফল কি পৰিমাণত খোৱা উচিত, সেই বিষয়ে খাদ্য বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। তেনেহ’লে আহক, অসহ্যকৰ গৰমৰ দিনকেইটাত বতৰৰ ফল খাওঁ আৰু শৰীৰ শীতল কৰি তোলো।

লেখক: দিব্যজ্যোতি ভূঞা(নিয়মীয়া বাৰ্তা)

3.125
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top