মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গৰমত ছালখন ক’লা নপৰাকৈ ৰখাৰ উপায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰমত ছালখন ক’লা নপৰাকৈ ৰখাৰ উপায় :

গৰমত ছালখন ক’লা নপৰাকৈ ৰখাৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

 

সুন্দৰ, বগা, কোমল ছাল এখনৰ অধিকাৰী হ’বলৈ সকলো মহিলাই ইচ্ছা কৰে। কিন্তু সলনি হৈ থকা ঋতু আৰু প্ৰদূষিত পৰিৱেশত নিজৰ ছালৰ সৌন্দৰ্য একেদৰে ৰখাটো সহজসাধ্য নহয়। বিশেষভাৱে গ্ৰীষ্মকালত। কাৰণ এই ঋতুত ছালখন গৰমৰ বাবে তাম বৰণীয়া হোৱা আৰু ছাল ক’লা পৰাৰ সমস্যা বৰ বেছিকৈ দেখা যায়। গৰমৰ দিনত সমগ্ৰ পৰিৱেশটোৱেই গৰম আৰু গৰম বতাহৰ ফলত শুকান হৈ পৰে। তাৰোপৰি এই সময়ছোৱাত সূৰ্যৰ প্ৰখৰ ৰ’দে ছালখনৰ ওপৰত প্ৰভাৱ পেলাই একেবাৰে তাম বৰণীয়া কৰি পেলায়। আপুনি সম্ভৱ মন কৰিছে যে গৰমৰ দিনত ছালখনৰ যিটো অংশ কাপোৰেৰে ঢাক খাই আছে, সেই অংশটোৰ ৰং অলপ হ’লেও ডাঠ হৈছে বা ক’লা পৰিছে। ৰ’দ পৰি থকা অংশটো দেখাত যথেষ্ট বেয়া দেখায়। এই সমস্যাটোৰ পৰা হাত সৰাৰ উপায় প্ৰায় নাই বুলিয়েই ক’ব পাৰি। তথাপি আমি আজি এই প্ৰবন্ধটিত কেইটিমান সহজ উপায় দিছো, যিবিলাক মানি চলিলে গৰমৰ দিনত বা প্ৰখৰ ৰ’দৰ মাজতো আপুনি ছালখন বিবৰ্ণ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।

গৰম পৰিৱেশ আৰু প্ৰদূষণৰ পৰা ছালখনক ৰক্ষা কৰিবলৈ আপুনি সময়মতে ছালখনৰ যত্ন ল’বলৈ আৰম্ভ কৰি দিয়ক, যাতে গৰমৰ দিনতো ছালখন সুন্দৰ আৰু সমগ্ৰ শৰীৰতে ছালখন একে ৰঙৰ আৰু একে উজ্জ্বলতা, একে মসৃণতা অটুট ৰাখিব পাৰে। এই বাবে আপুনি কেইটিমান কথাৰ প্ৰতি বিশেষভাৱে মনোযোগ দিব লাগিব। এই দিহাকেইটা মানি চলিলে ৰ’দত ছালখনৰ ৰং তাম বৰণীয়া বা ক’লা হোৱাৰ পৰা বচাই ৰাখিব পাৰিব। তাৰোপৰি যদি ৰ’দত আপোনাৰ ছালখন ক’লা পৰি গৈছেই তাৰ পৰা উদ্ধাৰ পোৱাৰো দুটিমান উপায় এই প্ৰবন্ধটিত দিয়া হৈছে।

গৰমৰ দিনত ছালখন ক’লা পৰাৰ পৰা কেনেকৈ বচাব?

গৰমৰ দিনত বাহিৰলৈ ওলালে বা গাত ৰ’দ লগালে লাহে লাহে ছালখন ক’লা পৰিবলৈ আৰম্ভ কৰি আৰু তাৰ পিছত ছালখনৰ ৰং সলনি হৈ ক্ৰমে তাম বৰণীয়া হ’বলৈ ধৰে। ছালখনৰ ৰঙৰ এই পৰিৱৰ্তনকে ছালৰ ‘টেনিং’ বুলি কোৱা হয়। এই প্ৰক্ৰিয়াৰে ছালখনৰ পূৰ্বৰ উজ্জ্বলতালৈ ঘূৰাই নিয়াৰ কেইটিমান উপায়ো ইয়াত দিয়া হৈছে যিবিলাক উপায় অৱলম্বন কৰিলে ‘স্কিন টেনিং’ নাইকিয়া কৰিব পৰা যাব।

বেচন আৰু দৈৰ প্ৰয়োগ -

বেচন আৰু দৈ দুয়োবিধ দ্ৰব্যতে থকা উপাদানে ছালৰ ৰং পৰিষ্কাৰ কৰি ছালখনক সুন্দৰ, কোমল আৰু উজ্জ্বল কৰি তোলাত সহায় কৰে। কেৱল ইমানেই নহয়, এই দুয়োবিধ দ্ৰব্যৰ মিশ্ৰণে ছালৰ মৃতকোষ আৰু ৰ’দে ক’লা কৰি তোলা ছালৰ কোষবোৰো আঁতৰাই দিব পাৰে। এই মিশ্ৰণে ছালখনৰ ওপৰৰ খহটা আৱৰণ গুচাই মৃত ছাল পৰিষ্কাৰ কৰি নতুন কোষবোৰ বাহিৰলৈ উলিয়াই অনাত সহায় কৰে।

ৰ’দে পোৰা ছালৰ কাৰণে -

এচামুচ বেচন আৰু এচামুচ দৈ লওক। এতিয়া এই দুয়োবিধ দ্ৰব্য ভালদৰে মিহলাই এটা পেষ্ট বনাই লওক। ভালদৰে মিহলাই লোৱাৰ পিছত মুখমণ্ডল আৰু ডিঙি তথা গলধনত এই মিশ্ৰণৰ প্ৰলেপ এটা লগাওক। ১০ মিনিটলৈ স্ক্ৰাব কৰক। তাৰ পিছত আৰু ১০ মিনিটলৈ এই পেকটো মুখমণ্ডলত লাগি থাকিবলৈ দিয়ক। তাৰ পিছত পানীৰে ধুই পেলাওক। প্ৰতিদিনে এবাৰকৈ এই উপায় পৰিষ্কাৰ হৈ পৰিব আৰু ছালখন অধিক উজ্জ্বল, মিহি আৰু কোমল হৈ থাকিব।

হালধি, দৈ আৰু মৌৰে প্ৰস্তুত কৰা ফেচ পেক -

ছাল আৰু ইয়াৰ লগত জড়িত সমস্যাবোৰৰ কাৰণে হালধিৰ ব্যৱহাৰ বহুত পুৰণি কালৰে পৰা চলি আহিছে। হালধিৰ মাজত নিহিত ৰাসায়নিক উপাদানবিলাকৰ পৰিচয় আৰু এইবিলাকৰ গুণাগুণ সম্পৰ্কে আগৰ দিনৰ মানুহে নেজানিছিল যদিও হালধি সৌন্দৰ্যচৰ্চাত ব্যৱহাৰ কৰি বহু বেছি উপকাৰ পাইছিল। পিছলৈ অৱশ্যে হালধিত থকা এই উপাদানবিলাকৰ বৈজ্ঞানিক বিশ্লেষণ বিস্তৃতভাৱে হ’লগৈ আৰু এইবিলাকৰ গুণাগুণো মানুহে বিতংভাৱে জানিব পাৰিলে। হালধিত এন্টি অক্সিডেন্ট, এন্টিবেক্টেৰিয়েল আৰু এন্টিচেপ্টিক আদি গুণ পোৱা গ’ল আৰু এইবিলাকে ছালৰ সমস্যা দূৰ কৰাত সহায় কৰে বুলি জানিব পৰা গ’ল। তেনেদৰে দৈয়ে ছালখনক মাইশ্চাৰাইজ কৰি ছালৰ আৰ্দ্ৰতা ৰক্ষা কৰে। লগত মিহলাই লোৱা মৌৱে যিবিলাক উপকাৰ সাধন কৰে, সেইবিলাকৰ বিষয়ে সকলোৱে ভালদৰে জানে। মৌৱে ছালৰ কাৰণে প্ৰাকৃতিক ময়শ্চাৰাইজাৰৰ কাম কৰে আৰু ঢিলা হৈ পৰা ছালখন ঠিক কৰি যুৱাৱস্থাৰ দৰে কৰি তোলাত সহায় কৰে।

ৰ’দত ক’লা পৰা ছালৰ কাৰণে -

এচিকুট গুড়ি হালধি, এচামুচ দৈ আৰু এচামুচ মৌ একেলগেৱ লৈ ভালদৰে মিহলাই এটা পেষ্ট বনাই লওক। এতিয়া এই পেষ্ট নিজৰ মুখমণ্ডল আৰু গলধনত লগাওক। শুকাবৰ কাৰণে ২০ মিনিট সময় ৰওক।তাৰ পিছত কুহুমীয়া গৰম পানীৰে মুখখন ধুই পেলাওক। শেষত গোলাপজল মুখত সানক। কেইদিনমান একেৰাহে এই মিশ্ৰণ প্ৰয়োগ কৰিলে মুখখনৰ পৰা ৰ’দে পোৰা ক’লা ৰং উঠি গৈ মুখখনলৈ পুনৰ আগৰ উজ্জ্বল বগা ৰং ঘূৰি অহা দেখা পাব।

চন্দন আৰু গোলাপজলৰ প্ৰয়োগ -

চন্দন ছালৰ কাৰণে বৰ উপকাৰী। খহটা ছালৰ পৰা ব্ৰণৰ সমস্যালৈকে ইয়াৰ প্ৰয়োগ অতি ফলপ্ৰসূ। ইয়াৰ উপৰি বৰ্ধিত বয়সৰ চাপ মুখৰ পৰা আঁতৰ কৰাতো চন্দনে সহায় কৰে আৰু মুখখন মসৃণ কৰাৰ বাবে চন্দন ব্যৱহাৰ কৰা হয়। তাৰোপৰি গোলাপজনে ছালখন সতেজ আৰু উজ্জ্বল দেখাত সহায় কৰে। লগতে আৰু উজ্জ্বল দেখাত সহায় কৰে। লগতে ৰ’দত বিবৰ্ণ হৈ পৰা ছালখনৰ ৰং পাতল কৰাত গোলাপজলে সহায় কৰে।

সতেজ ছালৰ কাৰণ -

এচামুচ চন্দনৰ গুড়ি আৰু দুই-তিনি চামুচ গোলাপজল ভালদৰে মিহলাই এটা পেষ্ট বনাই লওক। এতিয়া এই পেকটো নিজৰ মুখমণ্ডল আৰু গলধনত সানক। ১৫ মিনিট সময় লগাই ৰাখক। যেতিয়া ছালখন টানি ধৰা যেন অনুভৱ কৰিব, তেতিয়া হাতেৰে মোহাৰি মোহাৰি গুটি বনাইব মাছাজ(মালিচ) কৰি পেকটো উঠাই পেলাওক। ২-৩ মিনিট মাছাজ কৰাৰ পিছত পানীৰে ধুই পেলাওক।

এই মিশ্ৰণটোৱে ছালৰ কাৰণে প্ৰাকৃতিক ব্লিচৰ দৰে কাম কৰে। ই ছালখন টেনিং কৰি ৰং সলনি কৰা, ব্ৰণ ওলাই ছালখনত দাগ পৰা আৰু সৰু সৰু ফুটফুটীয়া দাগবোৰ নাইকিয়া কৰি ছালখন উজ্জ্বল আৰু মিহি কৰি তোলে। ইয়াত থকা ভিটামিন ‘চি’য়ে ছালখন পৰিষ্কাৰ কৰি পূৰ্বৰ দৰে উজ্জ্বল ৰং ঘূৰাই অনাতো সহায় কৰে।

প্ৰয়োগৰ কাৰণে -

এফাল গোল নেমুৰ ৰস আৰু এচামুচ এলোভেৰাৰ জেল লওক। দুয়োবিধ ভালদৰে মিহলাই এটা পেষ্ট বনাই লওক। এতিয়া এই পেকটো নিজৰ মুখমণ্ডল, গলধন আৰু বাউসীৰ ওপৰত লগাওক। ১৫ৰ পৰা ২০ মিনিট সময়ৰ বাবে তেনেদৰে ৰাখি থওক। তাৰ পিছত পানীৰে ভালদৰে ধুই পেলাওক। প্ৰ্থম বাৰ এই উপায় ব্যৱহাৰ কৰাৰ পিছত ছালখনত খজুৱতি হ’ব পাৰে। যদি খজুৱতি বেছি হয়, তেনেহ’লে পেকটো তৎক্ষণাত ধুই পেলাওক। অৱশ্যে মুখত লগোৱাৰ আগতে পেষ্টটোৰ পৰা অকণমান উঠাই আনি আপোনাৰ হাতত সৰু এডোখৰ ঠাইত সানি পৰীক্ষা কৰি চাওক।

কেঁচা গাখীৰেৰে ছালৰ সোন্দৰ্য ৰক্ষা -

আপুনি হয়তো নেজানিব পাৰে, কেঁচা গাখীৰো ছালত ব্যৱহাৰ কৰি ছালখনৰ ৰং আৰু সৌন্দৰ্য ঘূৰাই আনিব পাৰি। বহুতো সমাজত কেঁচা গাখীৰেৰে শিশুক গা-ধুওৱাৰ পৰম্পৰা প্ৰচলিত আছে। শিশুৰ গাৰ ছালৰ কোমলতা অটুট ৰখাৰ কাৰণে এইদৰে কেঁচা গাখীৰেৰে শিশুৰ গা-ধুওৱা হয়। কেৱল সেয়াই নহয়, কেঁচা গাখীৰে ৰ’দে পোৰা ছালএ দাগো উঠাই পেলাব পাৰি। প্ৰতিদিনে ৰাতি শুবলৈ যোৱাৰ আগতে মুখত কেঁচা গাখীৰ সানি থওক। এসপ্তাহলৈকে এই উপায় প্ৰয়োগ কৰিলে আপুনি আপোনাৰ চেহেৰাৰ পৰিৱৰ্তন নিজে দেখা পাব। এই উপায় আপুনি পুৱা গা-ধূবলৈ লোৱাৰ আধা ঘন্টা আগতেও কৰিব পাৰি। গা-ধোৱা আধা ঘন্টাৰ আগতে সৰ্ব শৰীৰত কেঁচা গাখীৰ সানি পিছত গা ধুই পেলাওক।

ছানস্ক্ৰীণ -

ছালখন ৰ’দৰ পৰা বচাবৰ কাৰণে আপুনি ছান স্ক্ৰীণৰ ব্যৱহাৰ কৰিব পাৰে। এই স্ক্ৰীণে ৰ’দৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা বচাই ৰখাত সহায় কৰিব। ইয়াৰ কাৰণে অতি কমেও ১৫ SPF যুক্ত ছান স্ক্ৰীণ সানিব লাগিব। এইবিধ প্ৰসাধনৰ দৰে সামগ্ৰীয়ে ছালখনক ৰ’দৰ উত্তাপ আৰু প্ৰদূষণ দুয়োটাৰ পৰাই বচাই ৰখাত সহায় কৰিব।

*ছালখন ক’লা হোৱাৰ পৰা বচাই ৰখাৰ অন্য উপায়

*যিমান পাৰে সিমান পানী খাওক যাতে আপোনাৰ ছাল আৰু শৰীৰৰ আৰ্দ্ৰতা ৰক্ষা পৰি থাকে।

*গৰমৰ দিনত ক’ৰবালৈ বাহিৰলৈ যাব লগা হ’লে, যিমান পাৰি সিমান ছালখন ঢাকি লওক। পৰাপক্ষত ফুলশ্লীভ(হাত দীঘল) কপাহী কাপোৰ পিন্ধক।

*চকুকেইটা সুৰক্ষিত কৰি ৰাখিবলৈ ছানগ্লাছ পিন্ধক।

*বাহিৰৰ পৰা অহাৰ পিছত তৎক্ষণাত ‘ফেচ ৱাশ্ব’ কৰক আৰু মুখমণ্ডল ধোৱাৰ পিছত পৰিষ্কাৰ শুকান কাপোৰেৰে মুখমণ্ডল মচি পেলাওক।

*ভাল আৰু ভাল মানদণ্ডৰ ‘ফেচ ৱাশ্ব’ ব্যৱহাৰ কৰক।

*তৈলাক্ত ছালৰ গৰাকীয়ে নিজৰ মুখমণ্ডল কেতিয়াও বেছিকৈ শুকাবলৈ নিদিব। সামান্যভাৱে আৰ্দ্ৰ কৰি ৰাখিব।

ৰ’দত ক’লা হৈ পৰা ছাল কেনেদৰে ঠিক কৰি ৰাখিব পাৰি, তাৰে কেইটিমান উপায় ইয়াত দিয়া হ’ল। লগতে ৰ’দত ছালখন ক’লা নপৰাকৈ বচাই ৰখাৰ উপায় সম্পৰ্কেও কেইটিমান টিপচ দিয়া হ’ল। আপুনি এই উপায়বিলাক নিজে ঘৰতে প্ৰয়োগ কৰি চাব পাৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(অলকানন্দা)

 

 

3.04545454545
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top