মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গৰমত হোৱা ছালৰ খজুৱতি সমাধান :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰমত হোৱা ছালৰ খজুৱতি সমাধান :

গৰমত হোৱা ছালৰ খজুৱতি সমাধানৰ বিষয়ে লিখা হৈছে ।

 

গৰমত ৰ’দে সবাতোকৈ ক্ষতি কৰে মানুহৰ ছালৰ । গৰমত ঘাম আৰু ৰ’দে খজুৱতিৰ সমস্যাৰ সৃষ্টি কৰে আৰু ছালত ৰঙা পৰি কিছুমান মানুহৰ ছালত জোলা বন্ধা সমস্যাৰ সৃষ্টি হয়। সেয়েহে এই সমস্যাৰ পৰা আৰাম পাবলৈ নিম্ন উল্লিখিত সামগ্ৰীসমূহ প্ৰয়োগ কৰিব পাৰে ।

চন্দন পাউদাৰ :-

এচামুচ চন্দন পাউদাৰ, এচিকুট হালধি আৰু গোলাপজল মিহলাই অক্ৰান্ত অংশসমূহত লগাই শুকুৱাৰ পাছত ঠাণ্ডা পানীৰে ধুই পেলাব । ইয়াৰ ফলত ছালৰ খজুৱতি সমস্যা নোহোৱা হ’ব আৰু জোলা বন্ধা সমস্যাৰ পৰাও আপুনি ৰেহাই পাব ।

তেঁতেলি :-

ৰ’দ আৰু প্ৰদূষণৰ কাৰণে ছালত জোলা বান্ধিলে তেঁতেলি ব্যৱহাৰ কৰিব পাৰে । ১০০ মিলিমিটাৰ পানেত ৩০ গ্ৰাম তেঁতেলি গৰম কৰিব, তাৰ পাছত আধা চামুচ হালধি মিহলাই লগাব আৰু আধা ঘণ্টাৰ পাছত ঠাণ্ডা পানীৰে ধুই পেলাব ।এই প্ৰক্ৰিয়া সপ্তাহত তিনিবাৰকৈ কৰিব ।

বেকিং চোডা:-

ছালত জোলা বন্ধা সমস্যা দূৰ কৰিবলৈ বেকিং চোডা ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ বাবে বেকিং চোডা এক কাপ অ’টমিল মিহলাব । তাৰ পাছত আক্ৰান্ত আক্ৰান্ত অংশবোৰত এই মিশ্ৰণ লগাব । ১০ মিনিটৰ পাছত ঠাণ্ডা পানীৰ ধুব ।

কৰ্পূৰ :-

ৰাতি শোৱাৰ পূৰ্বে এটুকুৰ কৰ্পূৰ পিহি নাৰিকল তেলত মিহলাব আৰু আক্ৰান্ত অঞ্চলত লগাই ৰাখি পুৱা ঠাণ্ডা পানীৰে পৰিষ্কাৰ কৰিব । নিয়মীয়াকৈ এই মিশ্ৰণ লগালে জোলা বন্ধাৰ সমস্যা নোহোৱা হ’ব ।

উৎস: - দেওবৰীয়া সুকন্যা

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top