গৰমৰ দিনত কমকৈ আহাৰ খোৱা উচিত নেকি? গৰমৰ দিনত সহজে হজম নোহোৱা আহাৰ বেছিকৈ খাব নালাগে । কিন্তু আপুনি যদি গৰমত ঘাম ওলাই যোৱাকৈ ব্যায়াম কৰে , অথবা জুইৰ ওচৰত বহু সময় ধৰি থাকে তেতিয়াহ’লে এই নিয়ম পালন কৰিব নালাগে । গৰমৰ দিনত মানুহৰ ভাগৰ বেছিকৈ লাগে । খুব ভাগৰ লাগি থকাৰ সময়ত বেছিকৈ খাব নালাগে । কিয়নো ভাগৰুৱা অৱস্থাত বেছি আহাৰ খালে সি শক্তি দিয়াৰ সলনি আহাৰ পেটত হজম হোৱাত ব্যাঘাত জন্মে । মনত ৰাখিব স্বাভাৱিক ওজনৰ মানুহতকৈ শকত অৰ্থাৎ বেছি ওজনৰ মানুহৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা তিনি চাৰিগুণ বেছি হয় । আনহাতে, ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনা পাঁচ-ছয় গুণ বেছি হয় । শৰীৰত বেছিকৈ চৰ্বি থাকিলে হৃদপিণ্ডই বেছিকৈ কাম কৰিব লগা হয় । সেয়ে হৃদৰোগৰ সম্ভাৱনাও বেছি । কিছুমান মানুহৰ শৰীৰৰ ওজন বঢ়াৰ এটা প্ৰৱণতা থাকে । তেওঁলোকে অহৰহভাৱে ওজন নিয়ন্ত্ৰণ কৰি থাকিবলৈ চেষ্টা কৰিব লাগে ।
উৎস :- জি এনআৰচি স্বাস্থ্য
শেহতীয়া উন্নীতকৰণ: : 3/9/2020