গৰমৰ দিনত ঘামৰ পৰা অশান্তি আৰু ঘামৰ বাবে সৌন্দৰ্য্য নাশ হয়| তাৰ ফলত ছালখনত ক্ষতি হয়| আমাৰ শৰীৰৰ পৰা ঘাম ওলোৱাটো এটা প্ৰাকৃতিক ঘটনা| কিছুমানৰ ঘাম কম পৰিমাণে ওলায়| কিছুমানৰ ইমান বেছিকৈ ওলায় যে দেখাতো বেয়া লাগে| আমাৰ ছালত অধিচৰ্মৰ তলতে চৰ্ম নামৰ এটা তৰপ থাকে| ইয়াক ইংৰাজীত ‘ডাৰমিছ’ বুলি কোৱা হয়| এই তৰপটোত পাক খোৱা নলীৰ আকৃতিৰ ঘৰ্মগ্ৰন্থি থাকে| এইবোৰ কিছুমান কোষৰ দ্বাৰা গঠিত| এই কোষবোৰৰ কাম হ’ল কোষৰ ওচৰে-পাঁজৰে থকা ঠাইৰ পৰা পানী আৰু অন্যান্য দূষিত পদাৰ্থ আহৰণ কৰা| এই পানী আৰু দূষিত পদাৰ্থ যেতিয়া ‘ডাৰমিছ’ৰ পৰা বাহিৰ ওলাই আহে, তাকে আমি ঘাম বুলি কওঁ| মানুহৰ ছালত প্ৰায় দুই নিযুত ঘৰ্মগ্ৰন্থী থাকে| মানুহৰ হাত আৰু ভৰিৰ তলুৱাত এই ঘৰ্মগ্ৰন্থীৰ সংখ্যা আটাইতকৈ বেছি| মানুহভেদে ‘ঘৰ্মগ্ৰন্থী’ কম-বেছি হোৱাৰ কাৰণেও ঘাম ওলোৱাৰ পৰিমাণ কম-বেছি হ’ব পাৰে| দেহৰ পৰা ঘাম ওলোৱাটো ভাল| আমাৰ দেহত ঘাম ওলোৱা কাৰ্য নিয়ন্ত্ৰণ কৰা ঘৰ্মগ্ৰন্থীবিলাকে শৰীৰত পানীৰ সমতা ৰক্ষা কৰাত সহায় কৰে| আমাৰ শৰীৰটোক সুস্থতা আৰু আৰাম দিয়ে| আমাৰ শৰীৰত উৎপন্ন হোৱা দূষিত পদাৰ্থ ঘামৰ যোগেদি দেহৰ পৰা বাহিৰ ওলাই যায়|
উৎস:-সম্ভাৰ
শেহতীয়া উন্নীতকৰণ: : 4/27/2020