অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমৰ দিনত ভ্ৰমণলৈ ওলাওঁতে

গ্ৰীষ্মকালীন অৱসৰৰ মুহূৰ্তত অন্য কোনো ভাল লগা ঠাইলৈ যাব বিচাৰি অথবা অত্যধিক গৰমৰ প্ৰকোপৰ পৰা ৰেহাই বিচাৰি ভ্ৰমণলৈ ওলোৱাৰ সমায়ত আপুনি নিশ্চয় দোধোৰ-মোধোৰত পৰিব লগা হয় এই ভাবি যে কোনবোৰ বস্ত্ত লগত নিয়া উচিত হ’ব আৰু কোনবোৰ লৈ যোৱাৰ প্ৰয়োজন নাই। সাধাৰণতে ভ্ৰমণ কৰাৰ আনন্দত জধে-মধে অসোপামান বস্ত্ত পেকিং কৰি লোৱা হয় আৰু মনে বিচৰা ঠাই খনলৈ গৈ পোৱাৰ পিছত অনুভৱ হয় যে কিছুমান অতি দৰকাৰী বস্ত্ত লগত অনাই নহ’ল। তেতিয়া নিজৰ ওপৰতে খং উঠি যায়। আপোনাৰ ক্ষেত্ৰত এনে নহওক, ইয়াৰ ভ্ৰমণ কৰাৰ কথা ভবাৰ দিনৰে পৰাই তলৰ টিপ্‌ছ সমূহলৈ ধ্যান দিলে উপকৃত হ’ব পাৰিব।

সামগ্ৰীৰ বিশেষ সূচী

গ্ৰীষ্মৰ উৎকট গৰম তথা অস্বস্তিকৰ পৰিবেশৰ পৰা সকাহ বিচাৰি যেতিয়া কোনো এখন নতুন ঠাইলৈ যোৱাৰ চিন্তা কৰা হয়, তেতিয়া উৎসাহিত হোৱা যায় যদিও বস্ত্তৰ পেকিং কৰাৰ প্ৰাক মুহূৰ্তত প্ৰতিবিধি অত্যাৱশ্যকীয় সামগ্ৰীৰ সূচী এখন তৈয়াৰ কৰি লওক। এই বিশেষ সূচী খনৰ যোগেদি আপুনি সময়ত বিভিন্ন জঞ্জালৰ পৰা মুক্তি পাব পাৰিব আৰু কেৱল দৰকাৰী বস্ত্তহে লগত লৈ যোৱাৰ প্ৰতি আপোনাৰ ধ্যান কেন্দ্ৰিত হ’ব।

টিকট – পাছপ’ৰ্ট

ভ্ৰমণলৈ যোৱাৰ হেতু টিকট ‘বুক’ কৰোৱাৰ পিছত এনে এটা ঠাইত টিকটটো ৰাখিব, য’ত ভ্ৰমণৰ বাবে নিৰ্দ্ধাৰিত সূচীমতে প্ৰয়োজনীয় সামগ্ৰী সমূহ ৰখা হৈছে। আপুনি যদি টিকটটোৱে লৈ যাবলৈ পাহৰে, তেতিয়া ভীষণ সমস্যাত পৰি যাব। অন্যহাতে যদি বিদেশলৈ যোৱাৰ কথা ভাবিছে, তেন্তে লগত নিজৰ পাছপ’ৰ্ট নিবলৈ নাপাহৰিব। এনে বস্ত্তবোৰে আপোনাৰ বিশেষ সূচী খনত আগস্থান পোৱা দৰকাৰ।

ফাৰ্ষ্ট এইড বক্স

সদায় ফাৰ্ষ্ট এইড বক্স লগত ৰাখিব। যদি বাটে-পথে সৰু-সুৰা কিবা অঘটন ঘটে বা অকস্মাতে দূৰ্ঘটনা হয়, তেতিয়া আপুনি তৎক্ষণাৎ প্ৰাথমিক চিকিৎসাৰ বাবে তাৰে পৰা বিষ নিবাৰক দৰব বা এণ্টিছেপটিক ক্ৰীম ব্যৱহাৰ কৰিব পাৰিব। এই বক্সটোত বেণ্ড-এইড, বেণ্ডজ, সৰু কেঁচি, ডেটল, মলম, দৰকাৰী ঔষধ তথা চিকিৎসকে দিয়া বিশেষ ঔষধ খিনি ৰাখিব। তদুপৰি ভ্ৰমণৰ সময়ত লগত লৈ যাব লগীয়া অন্যান্য টেবলেট ইত্যাদি নিজৰ চিকিৎসক জনৰ পৰামৰ্শ অনুসাৰে অৱশ্যেই ল’ব।

ডেবিট কাৰ্ড-ক্ৰেডিট কাৰ্ড

ভ্ৰমণৰ সময় ছোৱাত নগদ ধন কমকৈ খৰচ কৰিব পাৰিলে ভাল। আজিকলি ইণ্টাৰনেচনেল ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডেৰে জীৱন পৰিক্ৰমা সহজ হৈ পৰিছে। এতিয়া মানুহে ভ্ৰমণ কালত যথেষ্ট নগদ ধন লগত লৈ যোৱাৰ চিন্তা কৰিব নালাগে। ভ্ৰমণৰত মুহূৰ্তত নগদ ধন কমকৈ ৰাখিব; নহ’লে অনবৰতে সতৰ্ক হৈ থাকিব লগাৰ চিন্তা এটাই মগজুত ক্ৰিয়া কৰি থাকিব।

কাপোৰ – জোত – ছেণ্ডেল

যিকোনো বস্ত ভাল বুলিয়েই লগত লৈ নাযাব। সদায় কম ওজন কঢ়িয়াই ভ্ৰমণলৈওলোৱাৰ চেষ্টা কৰিব। এই কাৰণতে নিজৰ কাপোৰ-কানি আৰু জোতা-চেণ্ডেলৰ নিৰ্বাচন সেই অনুসাৰে কৰিব। সকলোবোৰ পছন্দৰ পোছাক লগত লৈ যোৱাৰ হেঁপাহ নকৰিব। একেদৰে পোছাকৰ ৰঙৰ লগত মিলাই বহু কেইযোৰ জোতা-চেণ্ডেলো নিনিব। কিয়নো এনে হ’লে আপোনাৰ বেগৰ ওজন বাঢ়িব। এযোৰ বা দুযোৰ চেণ্ডেলেই যথেষ্ট।

প্ৰসাধন সামগ্ৰী

ছানস্ক্ৰীণ ল’বলৈ নাপাহৰিব। আপুনি যদিওবা পাহাৰীয়া ঠাই বা সমুদ্ৰৰ পাৰলৈ যাবলৈ ওলাইছে, তথাপি সূৰ্যৰ ৰশ্মিয়ে আপোনাৰ ত্বকৰ অনিষ্ট কৰিব পাৰে। সেয়েহে ছানস্ক্ৰীণ লোচন লগত ৰখাটো অতি দৰকাৰ। তদুপৰি ডিওডৰেণ্ট, চাবোন, টেলকম পাউডাৰ, মইশ্চৰাইজাৰ, টুথপেষ্ট, ব্ৰাছ, ৰেজৰ, ছেভিং ক্ৰীম, ছেম্পু, কণ্ডিছ’নাৰ, ফণি, আইনা, টাৱেল ইত্যাদি লগত নিব।

চিলাইৰ সামগ্ৰী

চিলাইৰ সামগ্ৰী খিনি আপুনি কোনো কাৰণতে নাপাহৰিব। বেজি, সূতা আৰু বুটাম তথা কেঁচি আদিৰ বাবে সদায় নিজৰ বেগটোত ঠাই অলপমান ৰাখিব। এনেবোৰ বস্ত্তৰ প্ৰয়োজন যিকোনো সময়তে হ’ব পাৰে।

অন্যান্য অপৰিহাৰ্য সামগ্ৰী

টৰ্চ-বেটাৰী, ফোন-চাৰ্জাৰ, লেপটপ আদিও লগত ৰাখিব। প্লাষ্টিক বেগ আৰু ৰাবাৰ বেণ্ডেও আপোনাক সময়ত সহায় কৰিব পাৰে।

এখন সৰু ছুৰী আৰু এটা সৰু তলা নিজৰ লগত অৱশ্যেই ৰাখিব। ভ্ৰমণ কালত এই দুবিধ বস্ত্ত বৰ কামত আহে।

আজিকালি সকলোবোৰ পৰ্যটন স্থলীতে খোৱা-বোৱাৰ ব্যৱস্থা পৰ্যাপ্ত যদিও নিজৰ লগত লঘু আহাৰ হিচাপে কিছুমান বস্তুও ৰাখিব।

নিজৰ লগত অনাৱশ্যক আৰু গধুৰ বস্ত ভূলতো নাৰাখিব। সৰু সৰু পেকিং কৰিব, যিবোৰ পৰিয়ালৰ সদস্য সকলে নিজেই কঢ়িয়াবলৈ সমৰ্থ হয় আৰু ভ্ৰমণ সহজ সাধ্য তথা শান্তিপূৰ্ণ হয়।

লেখিকা: ৰীণা দেৱী।

শেহতীয়া উন্নীতকৰণ: : 1/30/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate